পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
লোধী গাৰ্ডেনত শক্তিশালীৰ খোজঃ দেশৰ প্ৰতিৰক্ষা ও বিত্তমন্ত্ৰীৰ সৈতে
 পুৱাৰ চাহ নৱনিযুক্ত চলিচিটৰ জেনেৰেল আৰু এটৰ্নী জেনেৰেলৰ ৷
১. অসমীয়া সাহিত্য সন্মিলনীৰ অনাগত তেজপুৰ অধিৱেশনৰ বাবে সভানেত্ৰী ৰূপে মনোনীত কৰা হৈছে সুৰকাৰ-গীতিকাৰ-গায়িকা ডঃ লক্ষ্যহীৰা দাসৰ নাম৷ তেখেত পৰবৰ্তী কাৰ্যকালৰ বাবে অসমীয়া সাহিত্য সন্মিলনীক সভাপতি পদত থাকি নেতৃত্ব দিব বুলিও প্ৰকাশ পাইছে সুখবৰ৷

২. অসমত চলি থকা বিসম্বাদী ক্ৰিয়া-কলাপৰ ওৰ পেলাবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হৈ সাধাৰণ সম্পাদক ভূপেন বৰাই এক আলোচনাত বহাৰ কথা সূত্ৰত প্ৰকাশ পাইছে৷ অসমত চলি থকা ১৮খনকৈ উন্নয়ন পৰিষদেও মুখ্যমন্ত্ৰীৰ গগৈৰ পক্ষতহে সমৰ্থন প্ৰকাশ কৰা বুলিও বাতৰি প্ৰকাশ পাইছে৷

৩. অসম কৃষি বিশ্ববিদ্যালয়ৰ হৃত গৌৰৱ উদ্ধাৰ কৰি সাফল্যৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানলৈ উন্নীত কৰাৰ বাবে কৃষি বিজ্ঞানী ডঃ কমলমল্ল বুজৰবৰুৱাৰ উপাচাৰ্য ৰূপে পাঁচ বছৰৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সুখবৰ প্ৰকাশিত হৈছে৷ ইয়াৰ বাবে ১৬জুলাইত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে অসম কৃষি বিশ্ববিদ্যালয় আইনৰ সংশোধন কৰি উপাৰ্চাযৰ অৱসৰৰ সীমা ৭০বছৰলৈ বৃদ্ধি কৰাৰ বাবে এক অধ্যাদেশ জাৰি কৰিছে৷

৪. ৰাজ্যৰ সকলো আঞ্চলিক শক্তি, জাতীয় স্বাৰ্থৰ সৈতে জড়িত ব্যক্তি, প্ৰগতিশীল চিন্তাৰ দল সংগঠনক একত্ৰিত কৰি এটা উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠনৰ যো-জা চলিছে৷ কংগ্ৰেছী অপশাসনৰ অন্ত পেলোৱা, জনগোষ্ঠী সমূহৰ আত্মপ্ৰতিষ্ঠা, দুৰ্নীতিমুক্ত তথা শোষণমুক্ত সমাজৰ বাবে কৰ্মসূচী লৈ আগবঢ়াকৈ এই জাতীয়তাবাদী দলটো গঠন কৰা হব বুলি সমাজকৰ্মী দেৱেন দত্ত, ডঃ দিলীপ বৰা, মনজিত মহন্ত, হাইদৰ হুছেই আৰু লক্ষ্মীনাথ তামুলীয়ে এক সংবাদমেলত গুৱাহাটীত সদৰী কৰিছে৷

৫. আজি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু তিথি৷ এই উপলক্ষে তেজপুৰৰ নন্দন কানন সংগীত বিদ্যালয়ে টুলুকীত আয়োজন কৰিছে স্মৃতি দিৱসৰ অনুষ্ঠান৷ এই অনুষ্ঠানতে এইবাৰৰ পৰা প্ৰবৰ্তন কৰা "কৰ্মবীৰ চন্দ্ৰনাথ বঁটা" বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰা হৈছে বুলি আয়োজকে প্ৰকাশ কৰিছে৷

৬. গুৱাহাটীৰ বিল, জলাশয় সমূহত কোনে অবৈধ ভাৱে মাটি আবণ্টন দিছিল তাৰ তদন্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ গুৱাহাটী প্ৰাধিকৰণক তদন্তত সহায় কৰিবলৈ নিৰ্দেশ দি ইয়াৰ বাবে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাস্কৰ বৰুৱাক দ্বায়িত্ব দিবলৈকো মুখ্যসচিব নিৰ্দেশ দিয়াৰ খবৰ প্ৰকাশিত হৈছে৷

৭. উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্ত সৰ্বভাৰতীয় ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ সুখবৰ৷ শ্ৰমিক নেতাজনে এই দ্বায়িত্ব লাভ কৰি নতুন দিল্লীৰ পৰা বঙাইগাঁৱত উপস্থিত হোৱাত কৰ্মীসকলে ব্যাপক আদৰণি জনোৱা বুলি জানিব পৰা গৈছে৷

৮. গুজৰাটৰ আৰ্হিত গঠন কৰা হ'ব প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য নিধি৷ শিশু, দৰিদ্ৰ লোকৰ লগতে অতি মাৰাত্মক ৰোগত আক্ৰান্ত ৰোগীক পুঁজিৰ সুবিধা দিয়াত অগ্ৰাধিকাৰ দিয়া হব আৰু প্ৰকৃত হিতাধিকাৰীয়ে যাতে সহায় পাব পাৰে তাকো নিশ্চিত কৰা হব বুলি এক পুনৰীক্ষণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে৷

৯. অনুপ্ৰৱেশকাৰীলৈ ৰঙা দলিচা, মূল্যবৃদ্ধিৰ প্ৰকোপ নিয়ন্ত্ৰণ আদি বিষয়ত ৰাজ্য চৰকাৰৰ পদক্ষেপত সন্তুষ্ট নহৈ অগপই বিষয়কেইটাত ৰাজ্যপালৰ পৰা হস্তক্ষেপ বিচৰা বুলিও জানিব পৰা গৈছে৷

১০. আজিৰে পৰা আৰম্ভ হৈছে ধিং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণী অনুষ্ঠান৷

No comments:

Post a Comment