পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
প্ৰশংসনীয়ঃ এইবাৰ কাবাডী খেলকো তুলি ধৰিবলৈ
আহিল ভাৰতীয় চেলিব্ৰিটী।
১. ৰাজ্যৰ কৃষক তথা উদ্যোগীক কৃষিজাত সামগ্ৰীৰ ব্যৱসায়েৰে লাভান্বিত কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংক আৰু কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ অধীনস্থ ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় সংঘই এক বুজাবুজিৰ চুক্তিত কালি স্বাক্ষৰ কৰিছে। ভেঞ্চাৰ কেপিটেল আঁচনিৰ জৰিয়তে সুত বিহীন ভাৱে ১৫লাখ টকাৰ পৰা ৫কোটি টকালৈকে ঋণ লাভ কৰিবলৈ কৃষক, যুৱ উদ্যোগী সকল আৰু আত্মসহায়ক গোট আদি সক্ষম হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. আমেৰিকাৰ প্ৰসিদ্ধ জাফ্ৰী ডি ব্ৰাউনে নেপালৰ লক্ষ্মী নামৰ কিশোৰীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা "ছল্ড" শীৰ্ষক ছবিত মূল ভূমিকাত অভিনয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ ১৩বছৰীয়া কিশোৰী নিয়ৰ শইকীয়াই। গীতানগৰৰ সাংস্কৃতিক কৰ্মী প্ৰবীণ শইকীয়া আৰু ৰশ্মিৰেখা শইকীয়াৰ কণ্যাৰ অভিনয়সমৃদ্ধ ছবিখনে লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ ফিছাৰ ফিল্ম শিতানত শ্ৰেষ্ঠ ছবিৰূপে বিবেচিত হৈছে। ছবিখনত সীমা বিশ্বাস, জেলিয়ান এণ্ডাৰছন আৰু ডেভিদ আৰ্কিটেও অভিনয় কৰিছে।



৩. ভাৰতীয় শ্বুটাৰ সকলে প্ৰদৰ্শন কৰা উজ্জীৱিত সফলতাৰে গ্লাছগোত চলি থকা ২০সংখ্যক কমনৱেলথ গেমচত জয়যাত্ৰা অব্যাহত ৰাখিছে। তৃতীয় দিনাৰ খেলৰ অন্তত ভাৰতে চাৰিটা সোণ, ছটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে মুঠ তেৰটা পদকৰ সৈতে প্ৰতিযোগিতাখনিত পঞ্চম স্থান দখল কৰি আছে।

৪. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৰ্থ সাহাৰ্যত বৰপেটা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বজালী প্ৰগতি সংঘই দহ দিনীয়াকৈ আয়োজন কৰা গোৱালপৰীয়া লোকনৃত্যৰ কৰ্মশালাখনিৰ সফল ভাৱে পৰিসমাপ্তি ঘটিছে। শিল্পী পেঞ্চনাৰ ভুৱন চন্দ্ৰ ৰয় আৰু ধনঞ্জয় ৰায়ৰ পৰিচালনাত প্ৰশিক্ষাৰ্থী সকলে কুশান নৃত্য, বাশ নৃত্য আৰু গোৱালিনী নৃত্যৰে সামৰণি অনুষ্ঠান মনোমোহা কৰি তোলাৰ সুখবৰ পোৱা গৈছে।

৫. শোণিতপুৰীয়া শিল্পী শোণিত কোঁৱৰ গজেন বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে শিল্পীগৰাকীৰ জন্মস্থান জামুগুৰিহাটৰ ৰাইজে। চলিত বৰ্ষৰ ১৬আগষ্টৰ পৰা জন্ম শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বাবে বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতীক সভাপতি ৰূপে লৈ ৫১জনীয়া উদযাপন সমিতিও গঠন কৰা হৈছে।

৬. অষ্টম বেটেলিয়ন এন চি চি, নগাঁৱৰ উদ্যোগত অনুষ্ঠিত হয় যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচীৰ। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা ৫০জনৰো অধিক শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰে। নগাঁৱৰ আৰক্ষী অধীক্ষক অৰবিন্দ কলিতাই এই আয়োজনত অংশ লৈ উচ্চ প্ৰশংসা কৰাৰো খবৰ প্ৰকাশিত হৈছে।

৭. ওদালগুৰি জিলা স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছে যাতে সংহাৰ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবে সৰ্তকতামূলক ব্যৱস্থা ৰূপে প্ৰতিষেধক ছিটা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৩জুলাইৰ পৰা প্ৰায় তিনিশৰো অধিক লোকে এই ছীটা গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি হোৱাৰ সুখবৰ পোৱা গৈছে।

৮. ৰোগ নিৰাময়ৰ বাবে সংগীত, গৱেষণাৰ ভিত্তিত সংগীত প্ৰস্তুতৰ আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পৰে সংবাদ শিৰোনামাত স্থান পালে জন্মসূত্ৰে যোৰহাটৰ তথা বৰ্তমান আমেৰিকাৰ কেলিফৰ্নিয়া নিবাসী অসমীয়া ৰূপম শৰ্মাই। গৱেষণামূলক প্ৰকল্পটোৰ সফলতাৰ বাবে তেখেতলৈ অসমীয়া ৰাইজে জনাইছে আন্তৰিক অভিনন্দন।

৯. নৰেন্দ্ৰ মোডী চৰকাৰৰ দুমাহ পূৰ হোৱাৰ উপলক্ষত কালি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰিলে mygov.nic.in নামেৰে এটা ৱেবচাইট। নাগৰিকৰ সৈতে এই বেৱচাইটে চৰকাৰৰ দূৰত্ব নাইকীয়া কৰিবৰ বাবে কাম কৰিব বুলিও প্ৰধানমন্ত্ৰীজনে আশা প্ৰকাশ কৰিছে।

১০. ৰাষ্ট্ৰপতি ৰূপে দুবছৰ পূৰ্ণ কৰিলে প্ৰণৱ মুখাৰ্জীয়ে। এই দ্বিতীয় বৰ্ষপুতিৰ উপলক্ষত ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়টো পৰহি দেশৰ জনতাৰ বাবে তেখেতে উচৰ্গা কৰে। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ শীৰ্ষ নেতৃত্বই অংশ লয়।

১১. অল ইণ্ডিয়া পেট্ৰিয়টিক ফ'ৰামৰ অসম শাখাৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱটো কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ সকলক সুঁৱৰি ১৫সংখ্যক বিজয় দিৱস উদযাপন কৰা হয়। ইফালে দিল্লীত অমৰ জোৱানত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অৰুণ জেটলীয়ে যুদ্ধৰ স্মাৰক নিৰ্মাণৰ স্থান অতি সোনকালেই চৰকাৰখনে চূড়ান্ত কৰিব বুলি ঘোষণা কৰে।

১২. ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যাপক জনমত গঠন হোৱাৰ সুখবৰ। মাজুলীৰ সাতোখন উদাসীন সত্ৰই এখন মঞ্চ গঠন কৰাৰ লগতে এই মঞ্চৰ প্ৰতিনিধিৰ দলে মাজুলীৰ সমস্যাৰাজিৰ লগতে দলংৰ বিষয়টো আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ যাব বুলিও সু-সংবাদ প্ৰকাশ পাইছে।

১৩. চলমান খান, জেকুলীন ফাৰ্ণাণ্ডেজ, নৱাজোদ্দিন চিদ্দিকী অভিনীত "কিক" কথাছবিখনে প্ৰথম দুদিনতে ৫৩কোটিৰ ব্যৱসায় কৰি বছৰতোত মুকলিৰ দুদিনতে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নতুন অভিলেখ স্থাপন কৰাৰ বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment