হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম 
১. কালি মহানগৰীত অনুষ্ঠিত "বিসম্বাদীৰ পৃষ্ঠভংগ" নামৰ ভাওনাখনত কৰা প্ৰদৰ্শনৰ বাবে হিমু শৰ্মালৈ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে। কইনাধৰা প্ৰডাকচনে মিছা সংলাপেৰে সহানুভূতি সৃষ্টিৰ অপৰিসীম ক্ষমতাৰ বাবেই এই পুৰস্কাৰ ঘোষণা কৰা বুলিও জানিব পৰা গৈছে।

২. মহা-সোমবাৰটো "মহা ব'ৰ" কৰি পেলোৱাৰ বাবে নিউজ ফালি দিয়া টিভি চেনেলক সদৌ অসম দৰ্শক সন্থাই গৰিহণা দিছে। গৰম খবৰ দিব বুলি বিজ্ঞাপন দি দি  অৱশেষত ঠাণ্ডা কৰ্কৰা, পইঁতা পালমৰাৰ দৰে চেঁচা খবৰহে যোগান ধৰা বাবেই দৰ্শক সকলে চেনেলটোক সমালোচনা কৰিছে। এনেকৈ থাকিলে টিআৰপিৰ পাহাৰো অতি সোনকালেই খহিব বুলি জানিব পৰা গৈছে।

৩. গুঞ্জন দত্তই নতুনকৈ পাখি কটা যোৱা হিমু শৰ্মালৈ সহানুভূতি প্ৰকাশ কৰিছে। এতিয়া নিজৰ দলকে ইতিবাচক সমালোচনা কৰি প্ৰশংসা বোটলাৰ বাবে তেওঁৰ বাটকে বুলিবলৈকে জ্যেষ্ঠজন হিচাবে তেখেত আহ্বান জনাইছে।


৪. বিদ্যুত ৰজা বৰদলৈয়ে কালি টিভিত দেখা দিয়াত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে। অন্ততঃ তেওঁ ওলাব বুলিয়ে কালি বহুদিনৰ মূৰত সন্ধিয়া টিভি চাব পৰাকৈ ৰাইজে বিজুলীকন পালে বুলিও ধন্যবাদ জনাইছে। প্ৰতিদিনেই তেওঁ এনেকৈ নিজে ওলাবৰ বাবেই সন্ধিয়া বিজুলীকন দিয়াৰ ব্যৱস্থা কৰি দিলে তেওঁক চিএমৰ গাদী উপহাৰ দিব বুলিও সচেতন ৰাইজে প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।

৫. তিতাবৰত নগালেণ্ডে তেল বিচাৰি অভিযান চলোৱাৰ বাতৰিত ৰসাল গগৈ ফেন ক্লাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া সদ্যহতে কইনাধৰা বচাই লব পাৰিলে, পাছত তিতাবৰো বচাই লব পাৰিব, পিছে এতিয়া দুৰ্গ এৰি গাঁও বচাবলৈ গ'লে গগৈ চাৰ বিপদতহে পৰিব বুলিও ক্লাৱে উপদেশ প্ৰকাশ কৰিছে।

৬. ক্ৰন্দন চৰকাৰ আৰু দুজন মানক মন্ত্ৰী সভাৰ পৰা আজি খেদি দিয়া হৈছে বুলি জানিব পৰা গৈছে। জ্যোতিষ শৰ্মাই সেয়ে আগতীয়াকৈ গণনা কৰি কালি পদত্যাগৰ নাটক ৰচি নিজৰ নাক বচালে বুলিও টুটকীয়া সমাজে মত প্ৰকাশ কৰিছে।

৭. আটক ধুনীয়াকৈ অসম লালটুপি সংঘৰ মুখ্য কাৰ্যালয়ৰ তোৰণ সজাৰ বিপৰীতে দুটা কোঠাত চলিছে ভঙাগড় থানা. পানবজাৰ থানাৰ খিড়িকীত গছ গজিছে, লক আপ নোহোৱাকৈ চলিছে ফাঁচী বজাৰ আদি মজাৰ খবৰো প্ৰকাশ পোৱাত ৰজাঘৰৰ স্থিতিক লৈ হাস্যৰসৰ সৃষ্টি হৈছে। লালটুপি সন্থাৰ সদস্য সকলে ইয়াৰ প্ৰতিবাদ কৰিব লাগে বুলিও পৰামৰ্শ সচেতন মহলে প্ৰকাশ কৰিছে।

৮. অসমত ৰাজনৈতিক পৰিস্থিতি গৰম হৈ থকা স্বত্বেও গৰম তাৱাত ৰুটি সেকিবলৈ ভাবুকি গগৈ ওলাই নহাত টিভি চেনেল সমূহে ক্ষোভ প্ৰকাশ কৰিছে। গগৈয়ে গগৈৰ বাবে, নে শৰ্মাৰ বাবে, তাকে লৈও এতিয়া ৰহস্যৰ গোন্ধ পাই সংবাদসেৱী সকল মতলীয়া হৈ পৰাৰো গুজৱ ওলাইছে।

৯. এতিয়া অসমৰ লিখা-পঢ়া বিভাগটো চাবৰ বাবে প্ৰতিভাবান মানুহৰ প্ৰয়োজন হৈছে। ইয়াৰ বাবে আৰক্ষী অধীক্ষক, পুলিচ সকলোকে শিক্ষা দিবলৈ সক্ষম পুৰুষ গুণজ্যোতি কুৰ্মীৰ নামটো বহুতো অনুৰাগীয়ে আগবঢ়াই দিছে। এইবিষয়ে টুইটাৰত এক আন্দোলন গঢ়ি তোলা বুলিও গুজৱ ওলাইছে।

১০. অৱশেষত কইনাধৰা কাপত একমাত্ৰ গ'লেৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা ৰসাল গগৈ ছাৰলৈ সকলো গুণগ্ৰাহী ৰাইজে অভিনন্দন জনাইছে। তেখেতে লেঙ মৰাৰ পৰা গ'ল দিয়ালৈ সকলোতে শ্ৰেষ্ঠ বুলিও একেমুখে স্বীকাৰ কৰিছে। অসমত ছাৰৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল কালি পিছবেলাৰ পৰা আলু-পিয়াঁজৰ দামৰ দৰেই উৰ্ধগামী হোৱা বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment