হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. গৌতমবুদ্ধ ৰয়ে লিখি উলিয়ালে এখন চাচপেঞ্চধৰ্মী হাস্যকৰ নাটক । "লুটিবাগৰ" নামৰ নাটকখনি তেখেতে কইনাধৰাৰ মঞ্চত কালি মঞ্চস্থ কৰি ৰজাঘৰীয়াৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

২. "চানাচুৰ বিধায়ক" নামৰ এবিধ নতুন শ্ৰেণীৰ বিধায়ক দিছপুৰত আৱিৰ্ভাৱ হোৱাক লৈ সকলো চিন্তিত হৈ পৰিছে। ৰাস্তাই ঘাটে বাতৰি কাগজত বন্ধা চানাচুৰৰ দৰে নিজকে সহজে বিক্ৰী কৰা বিধায়কসকলক এই নতুন সংজ্ঞাৰে বিসম্বাদী বিধায়ক সংঘই নামাকৰণ কৰা বুলি জানিব পৰা গৈছে।

৩. ক্ৰন্দন চৰকাৰকহে শিক্ষা মন্ত্ৰী পাতিব লাগে বুলি শেহতীয়াকৈ দাবী তুলিছে সদৌ অসম বিসম্বাদী বিধায়ক দলে। তেওঁলোকৰ মতে তেওঁলোকৰ দলকো উচিত শিক্ষা দিয়া ক্ৰন্দন চৰকাৰ শিক্ষামন্ত্ৰী হ'লেহে অসমৰ শিশু সকলেও উন্নত শিক্ষা লাভ কৰিব। এন্ধাৰৰ ৰজাক সেই বিভাগ দি শিশু সকলৰ ভৱিষ্যত পোহৰাব পৰা নাযাব বুলিও তেওঁলোকে শংকা প্ৰকাশ কৰিছে।

৪. পাখি কটা বিশেষজ্ঞ ৰসাল গগৈৰ হাতত এইবাৰ  শেহতীয়াকৈ চিকাৰ হ'ল হোৱা পখীবিধৰ নাম হিমু পখী বুলিচিনাক্ত কৰা হৈছে। এই পখীবিধে বাৰে বাৰে জালুকবাৰীৰ ৰোমাণ্টিক কৃষ্ণচূড়াৰ ডালৰ পৰা কইনাধৰা পাহাৰৰ ফালে উৰিবলৈ চেষ্টা চলোৱাত ক্ষোভিত হৈ পাহাৰৰ অধিপতিজনে পখীবিধৰ পাখি কৰ্তন কৰাৰ খবৰ প্ৰকাশিত হৈছে। এনেকৈ গগৈৰ চিকাৰ হোৱা পাখি কটা পখী সংঘই এতিয়া হিমু পখীৰ বাবেও দুখ প্ৰকাশ কৰিছে বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৫. এতিয়াৰ পৰা অসমৰ স্বাস্থ্য সেৱাৰ দ্বায়িত্ব ইণ্টাৰনেটপ্ৰেমী নহৰুল চাহাবক দিয়াত সদৌ অসম ফেচবুকীয়ান সন্থাই সন্তোষ প্ৰকাশ কৰিছে। অসমৰ ৰাইজে স্বাস্থ্য সেৱা তৎকালে পোৱাকৈ চাৰে প্ৰতিটো পঞ্চায়ততে গুগোল স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰি ইণ্টাৰনেটেৰে বেমাৰ-আজাৰৰ দৰৱ সন্ধান কৰিবলৈ আঁচনি লব বুলিও নহৰুল চাহাবৰ অফিচৰ পৰা সম্ভাৱনা প্ৰকাশ পাইছে।

৬. লখিমপুৰত ৰেল'ৱে ষ্টেচনত নিৰ্মাণকাৰ্য চলি থাকোতেই পকী দেৱাল খহি পৰাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় হালধীয়া সাংবাদিক সন্থাই। এতিয়া কৰ্মৰত ঠিকাদাৰৰ লগত মূল্যবৃদ্ধিৰ হাৰলৈ লক্ষ্য ৰাখিহে দৰ-দাম কৰা হব বুলিও সন্থাই মত প্ৰকাশ কৰিছে। ৰাজহুৱা ধনৰ লুট কৰা এনে ঠিকাদাৰক কম টকাত বাতৰি বন্ধ কৰাৰ বাবে ৰাজী হোৱাৰ প্ৰশ্নই নুঠে বুলিও সন্থাই দৃঢ়তা দৰ্শাইছে।

৭. হোজাইত গৃহস্থক অচেতন কৰি লুট কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন নাগৰিক সন্থাই। আজিকালি সচেতন লোকৰ আগতে ৰাজহুৱা ধনৰ লুটপাত কৰিবলৈ কুণ্ঠাবোধ নকৰা দিনত গৃহস্থক মানসিক ভাৱে চক নিদিবলৈ অচেতন কৰি লুৱাটো সদাশয় ডকাইত সকলৰ মানৱীয়তাৰ পৰিচয়েই বুলিও সন্থাই মত প্ৰকাশ কৰিছে।

৮. বিগত ২৪বছৰতো পূৰ্ণাংগ ৰূপ নাপালে ঢকুৱাখানা মহকুমাই, তথাপিও বিষয়া কৰ্মচাৰী অবিহনে প্ৰশাসন চলাই থাকি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনা। অধিক বিষয়া কৰ্মচাৰী দি এনেই ঘোঁচখোৰৰ সংখ্যা মহকুমাটোত বৃদ্ধি নকৰাত স্থানীয় নাগৰিক সন্থাই সন্তোষ প্ৰকাশ কৰাৰো গোপন খবৰ পোৱা গৈছে।

৯. ৰাজধানী দিল্লীত ৯৯শতাংশ যৌন হাৰাশাস্তিৰ চিকাৰ হয় বুলি স্বেচ্ছাসেৱী সংগঠনে সমীক্ষাৰ ফল প্ৰকাশ কৰাত এতিয়া বাকী এক শতাংশক চিনাক্তকৰণৰ বাবে দিল্লী নিৰ্যাতনকাৰী সন্থাই দাবী তুলিছে। সেইখনি চিনাক্ত কৰিলে ১০০শতাংশ পূৰা কৰি দিবলৈকো সন্থাই প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।

১০. সদৌ অসম টিভি চেনেল সন্থাই আয়োজন কৰিছে ষ্টুডিঅ'ত চিঞৰ বাখৰ প্ৰতিযোগিতাৰ। এতিয়া উচ্চ সীমা ৰূপে কিমান ডেচিবেল ঠিক কৰিলে অসমৰ টিভি চেনেলৰ এংকৰে অংশ গ্ৰহণ কৰিব পাৰিব তাকে লৈহে এতিয়া সিদ্ধান্ত লব নোৱাৰাত চিন্তাৰ কাৰণ হৈ উঠিছে।

No comments:

Post a Comment