প্ৰাসংগিক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰাসংগিক

প্ৰাসংগিক

Share This
"ব্যক্তিগত দূৰদৰ্শন চেনেলসমূহে মাৰ্জিত ৰূপত
নিৰপেক্ষভা‌ৱে সত্য বাতৰি প্ৰচাৰ কৰক ”
 
অৰুণজ্যোতি দাস
বৰ্তমান অসমত নতুন নতুন কেইবাটাও ব্যক্তিগত বাতৰি সম্প্ৰসাৰণ কেন্দ্ৰ (নিউজ চেনেল) প্ৰতিষ্ঠা হৈছে। ইয়ে সংযোগ ব্য‌ৱস্থাক অধিক ক্ষীপ্ৰতৰ কৰি সামগ্ৰিক ভা‌ৱে ৰাজ্যখনৰ প্ৰগতিক কিছু পৰিমাণে হ’লেও ত্বৰাণ্বিত কৰিছে সঁচা, কিন্তু মালিকীস্বত্ত্বৰ অধীনত কাৰ্যনিবাহ কৰা কৰ্মকৰ্তাসকলে কোনো নিৰ্দিষ্ট ব্যক্তিৰ খেয়াল-খুছি মতে চলিবলগীয়া হো‌ৱা বাবেই হওঁক অথবা নিজকে জনপ্ৰিয় কৰি তোলাৰ আত্মপ্ৰচেষ্টাৰ কুফলতেই হওঁক; এনে চেনেলবোৰত প্ৰচাৰিত খবৰ তথা অনুষ্ঠান সমূহৰ প্ৰকাশভংগীয়ে অসমৰ জাতীয় জী‌ৱনত যে কিছু কুপ্ৰভা‌ৱ পেলাবলৈ আৰম্ভ কৰিছে, সি ধূৰূপ সত্য।

বহু চেনেলে আকৌ কে‌ৱল সময় পাৰ কৰাবৰ (‘টাইম-পাছ’) বাবেই খবৰৰ ‘সৃষ্টি’ কৰি অত্যন্তই ৰুচীহীন ‘অখবৰ’ প্ৰচাৰ কৰে । উদাহৰণস্বৰূপে সিদিনা শিল্পী খগেন মহন্তদে‌ৱৰ বিয়োগত তেখেতৰ পুত্ৰ অংগৰাগ মহন্তই কিদৰে চুলি-দাঢ়ি খুৰাই ৰীতি-নীতি পালন কৰিলে সেয়া বিস্তৃত ভা‌ৱে দেখু‌ৱালে । একেদৰেই আন এটা চেনেলে আকৌ তেতিয়াৰ কংগ্ৰেছী নেতা আৰু এতিয়াৰ সাংসদ গৌৰ‌ৱ গগৈৰ বিয়াৰ ‘লাইভ টেলিকাষ্ট’ দেখু‌ৱালে । আমাৰ বোধেৰে এনেধৰণৰ অনুষ্ঠান প্ৰচাৰে কোনো মানুহৰে বৌদ্ধিক বা মানসিক উৎকৰ্ষ সাধন কৰাটোতো দূৰৰে কথা, প্ৰকৃত অৰ্থত কোনো বিনোদনৰো সৃষ্টি নকৰে ।

চেনেলসমূহৰ এনে ‘অখবৰ’ প্ৰকাশৰ আগ্ৰহৰ প্ৰতি মন কৰি আমাৰ বন্ধু‌ৱে ৰগৰ কৰিছে বোলে ভাগ্য ভাল যে শচীন তেণ্ডুলকাৰ বা লতা মংগেশকাৰৰ দৰে তাৰকাই আমাৰ ৰাজ্যত জনম নল’লে , নহ’লে এই দূৰদৰ্শনৰ সাংবাদিক সকল গৈ তেওঁলোকৰ বাথৰুম পালেগৈহেঁতেন –“হয়, আপুনি ঠিকেই শুনিছে , আমি আজি আপোনালোকক দেখু‌ৱাম শচীন তেণ্ডলকাৰে কেনেকৈ দাঁত ব্ৰাছ কৰে ।” কোনোবা অত্যুৎসাহী এজনে হয়তো শচীনৰ নিত্য নৈমিতিক কামফেৰাৰ শেষত তেওঁক সুধিয়েই পেলালেহেঁতেন –“আজি আপোনাৰ অনুভ‌ৱ কেনে?- শিথিল নে কঠিন ?”

যি কি নহওঁক , ৰেহ-ৰূপ চাই ক’ব পাৰি যে বৰ্তমান অসমৰ প্ৰতিটো নিউজ চেনেলেই কোনে ৰাইজক বেচি চমক খু‌ৱাব পাৰে , তাৰে এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে । ইয়াৰ বাবেই বহু চেনেলে আকৌ একেটা বাতৰিকে কেতিয়াবা অলপ অন্য ধৰণে,অৰ্থাৎ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰে । ব্য‌ৱসায়িক দৃষ্টিভংগীৰে মানুহক পতিয়ন নিয়াবৰ বাবেই এটা খবৰ প্ৰচাৰৰ নামত চলচ্চিত্ৰৰ দৰে আৱহ-সংগীত, পুৰণা আলোকচিত্ৰ অথবা কাল্পনিক দৃশ্যায়ন আদিৰ সহায় লয় । এই মাধ্যমবোৰৰ যোগেৰে এটা সত্য ঘটনা হুবহু ৰূপত প্ৰচাৰিত হো‌ৱাৰ বিপৰীতে বেছিভাগ ক্ষেত্ৰতে ঘটনাটিৰ সন্দৰ্ভত ঘোষকজন বা স্বত্তাধিকাৰী গৰাকীয়ে পোষণ কৰা নিজাববীয়া মতৰহে প্ৰচাৰ হয় , যিটো মত হয়তো সৰ্বজনস্বীকৃত নহ’বও পাৰে । এনেধৰণে ভ্ৰান্তি সৃষ্টিকাৰী বাতৰি প্ৰচাৰৰ বাবে নিউজ চেনেলসমূহক নিয়মমতে জৰিমণা বিহাৰ ব্য‌ৱস্থা এটা থাকিব লাগিছিল ।

অন্য হাতে নিউজ চেনেল সমূহে অনুষ্ঠান বা বাতৰি প্ৰচাৰ কৰোতে এই কথালৈ গুৰুত্ব দিয়া উচিত যে সেই বাতৰিটো‌ৱে কাৰোবাৰ কিবা উপকাৰ সাধিব পাৰক বা নো‌ৱাৰক, অপকাৰ যাতে কাৰো কৰিব নালাগে । আমাৰ বহু পৰিয়ালৰ ক্ষেত্ৰত লক্ষ্য কৰা যায় যে সৰু ল’ৰা-ছো‌ৱালী,ককা-আইতা সমন্বিতে সকলো‌ৱে একেলগে বহি বাতৰি চো‌ৱাৰ অভ্যাস আছে । দেশ-বিদেশৰ খবৰ-বাতৰিয়ে স্কুলীয়া ল’ৰা-ছো‌ৱালীৰ জ্ঞান বঢ়াব পাৰে বুলি ভা‌ৱি আমি সিহঁতক নাচ-গানৰ সলনি বাতৰি চাবলৈ উৎসাহিত কৰোঁ ।

কিন্তু তেনে স্থলত যদি কিছুমান নিউজ-চেনেলে উগ্ৰপন্থী সংগঠনৰ গোপন প্ৰশিক্ষণৰ ভিডিঅ’, ইন্টাৰনেটৰ পৰা বিচাৰি উলিওৱাক অন্য দেশৰ কিছুমান অমান‌ৱিক শাস্তিৰ ফুটেজ, চূড়ান্ত নাৰী-নিৰ্যাতনৰ ভিডিঅ’ ইত্যাদিৰ বাতৰি প্ৰচাৰ কৰে, তেন্তে সেয়াই কিন্তু আমাৰ উঠি অহা ডেকা-ডেকেৰীৰ মানসিকতাত বেয়া প্ৰভা‌ৱহে বিস্তাৰ কৰে । এই কথাটোত কৰ্মকৰ্তা সকলে যেন অলপ মন দিয়ে তাৰ বাবে অনুৰোধ জনালোঁ ।

সিদিনা এগৰাকী বাতৰি পৰি‌ৱেশকে ঘোষণা কৰিছে –‘এয়া চাওঁক, বিজয়া বাইদে‌ৱে কিদৰে মেখেলা দাঙি বানপানীত খোজ কাঢ়িছে ।’ এই বাক্যশাৰী শুনিবলৈ অশুৱনি হো‌ৱাৰ লগতে ই কওঁতাগৰাকীৰ ৰুচিহীনতাক প্ৰকাশ কৰিছে। তাৰ সলনি তেওঁ যদি ‘কাপোৰ-কানি কোঁচাই খোজ কাঢ়িছে’ বুলিও ক’লেহেঁতেন তেতিয়াও শ্ৰোতাৰ বাবে সি কিছু শু‌ৱলা হ’লহেঁতেন ।

তাৎক্ষনিকভা‌ৱে আনুষ্ঠানিক ভাষাৰে ভা‌ৱ প্ৰকাশ কৰাত যদিও কিছু অসুবিধা আছে, তথাপি ঘোষক-ঘোষিকা,সূত্ৰধাৰ আৰু সাংবাদিকসকল এই ক্ষেত্ৰত অলপ সজাগ হ’বলৈ আমি আহ্বান জনাম । কিয়নো, আজিকালিৰ প্ৰযুক্তিৰ দিনত আমাৰ ল’ৰা-ছো‌ৱালীয়ে এই টিভি-ইন্টাৰনেটৰ ভা‌ৱ-ভাষাবোৰকেই শিকিবলৈ লৈছে ।

দূৰদৰ্শনৰ পৰ্দাত “সুধি”ৰ সলনি “সোধি”, “কাইলৈ”ৰ সলনি “অহা-কালি”, “কালি”ৰ সলনি “যো‌ৱাকালি”, “আবেলি ২ বজাৰ অনুষ্ঠান”ৰ সলনি “আবেলি ২টাৰ অনুস্থান ”, “ওফণ্ডি উঠিছে”ৰ সলনি “উফণ্ডি উঠিছে” ইত্যাদি ভুল শব্দ দেখি দেখি আমাৰ ন-শিকাৰু কণমানিহঁতেও এনেদৰেই শিকিবলৈ লৈছে । ই একপ্ৰকাৰে এটা ডাঙৰ সামাজিক অপৰাধেই ।

গতিকেই বাক্য-গাঁঠনি, উচ্চাৰণ আৰু বানানৰ ওপৰত আমাৰ অসমীয়া নিউজ-চেনেলকেইটাৰ কৰ্মকৰ্তাসকলে অধিক মনোযোগ দিয়াটো অতিকেই জৰুৰী । এওঁলোকক নিয়োগ কৰা স্বত্তাধিকাৰীসকলেও তেওঁলোকৰ ‘অসমীয়া ভাষা-জ্ঞান’ৰ এটি পৰীক্ষা ল’ব পাৰিলে ভাল হয় । চৰকাৰেও নিউজ চেনেলসমূহৰ প্ৰচাৰ তথা কাম-কাজৰ তদাৰক কৰাৰ বাবে কোনো সংস্থান-প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিব পাৰে । ভাষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই এনেধৰণৰ অলপ চো‌ৱা-চিতা কৰাটো তেওঁলোকৰ এক নিজা কৰ্তব্য বুলি ভ‌ৱা উচিত ।

এই লেখাৰ জৰিয়তে সংশ্লিষ্ট সকলো পক্ষৰে দৃষ্টি আকৰ্ষণ কৰিলো । ধন্যবাদ ।


(লেখাটি আজিৰ সংখ্যাৰ "আমাৰ অসম" কাকততো ছপা মাধ্যমত প্ৰকাশিত হৈছে)

No comments:

Post a Comment