পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ চিটিবাছে অচিৰেই লাভ কৰিব মহিলা চালক তথা পৰিচালক। কামৰূপ মহানগৰ জিলা পৰবহণ বিভাগে এই উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰি কালিৰে পৰা দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প প্ৰাংগনত ১২গৰাকী যুৱতীক চালক-পৰিচালিকা আদি কামৰ বাবে প্ৰাথমিক প্ৰশিক্ষণ আৰম্ভ কৰিছে। মহিলা যাত্ৰী সকলক সুৰক্ষিত অনুভৱ কৰোৱাৰ উদ্দেশ্য আগত ৰাখি গ্ৰহণ কৰা এই পদক্ষেপত প্ৰথমে প্ৰশিক্ষাৰ্থী সকলক প্ৰাথমিক চিকি
সা আৰু আত্মৰক্ষাৰ বিভিন্ন কৌশলৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। এই ক্ষেত্ৰত স্ব-ইচ্ছাই আগবাঢ়ি অহা যুৱতী-মহিলাসকলক বিনামূলীয়াকৈ অনুজ্ঞা পত্ৰ প্ৰদানৰো ব্যৱস্থা কৰিব বুলি প্ৰশিক্ষণৰ গুৰি ধৰোতা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰিছে।

২. অসমত আৰম্ভ হ'ল এয়াৰচেলৰ ৪-জি সেৱা। চাৰিটাকৈ চাৰ্কোলত কালিৰে পৰা এই ৪-জি সেৱা আৰম্ভ কৰি তথ্য প্ৰযুক্তি আৰু দূৰ-সংযোগৰ ক্ষেত্ৰত অঞ্চলটোক দ্ৰুততৰ সেৱাৰ প্ৰতিশ্ৰুতি দিলে টেলিকম সংস্থাটোৱে।  অসমৰ উপৰিও বিহাৰ, ওড়িষা আৰু অন্ধ্ৰপ্ৰদেশতো এই সেৱা এয়াৰচেলে কালি শুভাৰম্ভ কৰিছে।

 ৩.অহা ২৫জুলাইৰ পাৰ গুৱাহাটীত আৰম্ভ হব কে'ক, বিস্কুট ইত্যাদি বেকাৰী খাদ্য সামগ্ৰী প্ৰস্তুতকৰণৰ এক ১২৫ঘণ্টীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ। ইউ বি পিজ চেণ্টাৰ ফৰ অল্টাৰনেটিভ ভকেশ্যনে আয়োজন কৰা এই প্ৰশিক্ষণ ভাৰত চৰকাৰৰ এচ.এম.ই মন্ত্ৰালয়ৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্ট্ৰ'প্ৰেনিউশ্বিপে প্ৰদান কৰিব।  ৬০গৰাকী প্ৰশিক্ষাৰ্থী নিৰ্বাচন কৰি এই প্ৰশিক্ষণ প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৪. বিগত বিত্তীয় বৰ্ষত ১লাখ কোটি টকা ক'লা ধনৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে দেশৰ আয়কৰ বিভাগ। কৰফাঁকি দিয়া বুলি  চিনাক্ত কৰা  এইবৰ্ষৰ ক'লাধনৰ পৰিমান আগৰ বছৰতকৈ প্ৰায় দুগুণ বুলিও তথ্য প্ৰকাশিত হৈছে। আযকৰ বিভাগৰ অভিযানৰ ফলতে এই তথ্যবোৰ পোহৰলৈ আহিছে।

৫. উচ্চ মানৰ ব্ৰেণ্ডেড পেট্ৰলৰ দাম প্ৰতি লিটাৰত পাঁচ টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰি ইয়াক জনপ্ৰিয় কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। পূৰ্বতে প্ৰতি লিটাৰত সাধাৰণ পেট্ৰলতকৈ ইয়াৰ দাম প্ৰায় দহ টকা বেছি আছিল।  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এতিয়া ইয়াৰ দাম পাঁচ টকাকৈ কম কৰাৰ বাবে ব্যৱস্থা কৰিছে বুলি সংবাদ প্ৰকাশ পাইছে।

৬. মে' মাহৰ তুলনাত ভাৰতত মূল্যবৃদ্ধিj uej হ্ৰাস পাইছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। মে' মাহটোত সৰ্বোচ্চ ৬.০১ শতাংশ মূল্যবৃদ্ধি হোৱাৰ কথা প্ৰকাশ হোৱাৰ পাছত জুন মাহটোত পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত স্থিৰ কৰা এই হাৰ চাৰি মাহৰ ভিতৰতে সৰ্বনিম্ন ৫.৪৩ শতাংশত উপনীত হোৱা বুলি চৰকাৰে দাবী কৰিছে। পিছে সূচকাংক কমিলেও বজাৰত  অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস নোহোৱাক লৈহে এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে।

৭. কালি ৯৬বছৰত ইহলীলা ত্যাগ কৰিলে উত্তৰ-পূৱৰ ক্ৰীড়াক্ষেত্ৰৰ পিতামহ স্বৰূপ বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠন তথা ক্ৰীড়া সাংবাদিক পুলিন দাসে। তেখেতৰ শেষকৃত্য  আজি গুৱাহাটীত ৰাজ্যিক মৰ্যদাৰে  সম্পন্ন কৰা হৈছে।

৮. বিটিএডিৰ বাক্সা আৰু কোকৰাাৰ জিলাত যোৱা মে' মাহত সংঘটিত কূটঘাতৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুটুম বি কে সিঙক লৈ এজনীয়া তদন্ত আয়োগ গঠন কৰা বুলি ঘোষণা কৰিছে। এই আয়োগে অহা ছমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও জানিব পৰা গৈছে।

৯. মৰিগাঁৱত স্বেচ্ছাসেৱী সংগঠন "সহায়"ৰ সদস্য সকলে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৫০কাৰ্টন অবৈধ সুৰা জব্দ কৰি আৰক্ষীক চমজাই দিয়াৰ প্ৰকাশিত হৈছে। মৰিগাঁও সদৰ থানাৰ এশ মিটাৰ দূৰৈতে সুৰাৰ অবৈধ ব্যৱসায় চলি থকাৰ ঘটনা উদঙাই দিয়া বাতৰিটোৱে পুলিচ প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাকেই উদঙাই দেখুৱালে ।

১০. ৰাছিয়াক ভাৰতৰ শ্ৰেষ্ঠ বন্ধু আখ্যা দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্ৰিকছ শীৰ্ষ সন্মিলনত ব্ৰিকছ ডেভেলপমেণ্ট বেংক স্থাপনৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক হৈ যুঁজাৰ বাবেও সহমতত পাঁচোখন দেশে সহমত প্ৰকাশ কৰে। এই শীৰ্ষ সন্মিলনৰ সামৰণিত ৭২টা বিষয়ক সামৰি "ফৰ্টালেজা ঘোষণা পত্ৰও" প্ৰকাশ কৰা হৈছে।

১১. জীয়াই থকাৰ কোনো আশা নথকা অৱস্থাত যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ অধিকাৰ সন্দৰ্ভত ইচ্ছা মৃত্যুৰ সপক্ষে ৰায়দানৰ বাবে জনোৱা এখন আবেদনৰ ভিত্তিত কালি উচ্চতম ন্যায়ালয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰাও বিষয়টোত মতামত বিচাৰি জাননী জাৰি কৰিছে। বিষয়টো পৰীক্ষা কৰিবলৈ সন্মতি দি মুখ্য ন্যায়াধীশ আৰ এম লোধাৰ নেতৃত্বত পাঁচজনীয়া পীঠখনে কেন্দ্ৰ চৰকাৰে বিৰোধ প্ৰকাশ কৰা বিষয়টোত নৈতিকতা, ধৰ্ম আৰু চিকি
সা বিজ্ঞানৰ কথা জড়িত হৈ থকা দিশবোৰলৈকো আঙুলিয়াই দিছে।

১২. নুমলীগড় শোধনাগাৰে নিকটবৰ্তী অঞ্চলসমূহৰ নিবনুৱা যুৱক-যুৱতী সকলক স্ব-নিয়োজন আৰু স্বাৱলম্বনৰ পথ দেখুৱাবলৈ শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত মমবাতি নিৰ্মাণৰ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰশিক্ষণৰ বাবে প্ৰাৰ্থী বাচনিৰ বাবে কাইলৈ এক বাছনি পৰীক্ষাৰো আয়োজন কৰিছে বুলি জানিব পৰা গৈছে।

১৩. টাই আহোম পৰিষদৰ বিংশতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত প্ৰকাশিত স্মৃতিগ্ৰন্থ "লুক টাই" উন্মোচন কৰিলে আমগুৰিৰ বিধায়ক অঞ্জন দত্তই। জাতীয় বীৰ লাচিত, চ্যুকাফা আদিৰ দিৱসত বন্ধৰ পৰিবৰ্তে শিক্ষানুষ্ঠানত এই সকলৰ জীৱন-আদৰ্শ, দেশপ্ৰেমক লৈ আলোচনাচক্ৰ, ৰছনা প্ৰতিযোগিতা আদি আয়োজনেৰে অনুষ্ঠান উদযাপন কৰিলেহে নতুন প্ৰজন্মৰ মাজত এই সকলক জীয়াই ৰাখিব পৰা যাব বুলি মত প্ৰকাশ কৰে।

১৪. অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত যোৱা ৭জুলাইৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে পাঠশালাত এখন হস্তশিল্প প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। এই প্ৰদৰ্শনীত বজালী মহকুমাৰ ৩০টা আত্ম-সহায়ক গোটে সদস্য সকলে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ সুযোগ লাভ কৰাৰ সুখবৰ।

১৫. অহা ১৯জুলাইত গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ৰায়বাহাদুৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বিশেষ দ্বি-ভাষিক কবিতানুষ্ঠান "কাব্যাঞ্জলি"ৰ।  অনুষ্ঠানটোত কেইবাজনো নবীন-প্ৰবীণ কবিয়ে অসমীয়া আৰু হিন্দী ভাষাত কবিতা পাঠ কৰিব। অনুষ্ঠানটোত কাব্যৰসিক সকলৰ উপস্থিতি কামনা কৰা হৈছে।

১৬. অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান দিলীপ কুমাৰ বৰাই কালি উন্মোচন কৰিলে বিভাগটোৰ এটা বেবচাইট। এই ৱেবচাইটোৰে জনসাধাৰণক বিভাগটোৰ বিভিন্ন কৰ্মৰাজিক অৱগত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হব।

১৭. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় সূৰ্য হাজৰিকাই সম্পাদনা কৰা "শ্ৰীমদ্ভাগৱত(সম্পূৰ্ণ)" নামৰ এখনি গ্ৰন্থ। বিশিষ্ট গৱেষক ডঃ কেশৱানন্দ দেৱ গোস্বামী আৰু সুধীজনে এই গ্ৰন্থ উন্মোচনীত অংশ গ্ৰহণ কৰে।

No comments:

Post a Comment