চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন

চিন্তন

Share This

বাজেট-অন্য দৃষ্টিকোণৰ পৰা
সুশান্ত কুমাৰ কাশ্যপ
বাজেট লৈ ৰাইজে কিয় ইমান হৈ চৈ কৰিছে বুজি নাপাওঁ। আজি সকলোৱে তীব্ৰ আলোচনা, সমালোচনা কৰি আছোঁ, কাইলৈৰ পৰা সকলো পাহৰি যাম। অহাবাৰ আকৌ বাজেট এখন হ'ব, এনেকৈয়ে চলি থাকিব। যোৱাবাৰ বাজেট খনৰ কিমান কাৰ্যকৰী হ'ল সেয়া আজি কোনেও ফঁহিয়াই চোৱা নাই।

বাজেটৰ পৰা প্ৰত্যক্ষ প্ৰভাৱ পৰিব দাম বৃদ্ধি হোৱা সামগ্ৰীৰ ক্ষেত্ৰত আৰু কিছু পৰিমানে আয় কৰৰ ক্ষেত্ৰত। বাকী সাধাৰণ মানুহৰ ওপৰত একো প্ৰভাৱ নপৰে। যি বিলাক সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে সেইবোৰৰ দাম বৃদ্ধি আজিৰ পৰাই কাৰ্যকৰী হ'ব সেয়া নিশ্চিত। কিন্তু কমাবোৰৰ দাম কেতিয়ালৈ কমিব, কিমান কমিব সেয়া কোনোবাই ক'ব পাৰিবনে?

আচলতে দুই এটা সামগ্ৰীৰ বাদে আন বহু সামগ্ৰীৰ দাম নকমে, নবঢ়াকৈ থাকে। কিছুমান সামগ্ৰীৰ দাম সময়ে সময়ে এনেয়ে কমি থাকে। বাজেটৰ বাবে নহয়। তদুপৰি পূৰ্বৰ অভিজ্ঞতাৰ পৰাই কব পাৰি বাজেটত ধাৰ্য কৰা বহুটো প্ৰকল্প, প্ৰস্তাৱ আদি কাৰ্যকৰী নোহোৱাকৈ থাকি যায়। 


আকৌ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলক সদায় মাহী আইৰ দৃষ্টিৰে চোৱা, গুৰুত্ব নিদিয়া আদি বিভিন্ন কথা কৈ থাকো। আচলতে কেন্দ্ৰতকৈ আমাৰ নিজৰ মানুহ বিলাকেহে আমাক সতিনীৰ দৃষ্টিৰে চোৱা যেন ভাৱ হয়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিয়েই হওঁক বা প্ৰকল্পয়েই হওঁক, অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষ সুবিধা দিয়া হয়। অৰ্থাৎ অইন ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চললৈ প্ৰতিখন আঁচনিতেই বেছি শতাংশ অনুদান, কম শতাংশ ঋণ আগবঢ়োৱা হয়। কিন্তু ইয়াত কিমান টকাৰ সদ্-ব্যৱহাৰ হয় ?

দুখীয়া দৰিদ্ৰৰ নামত অহা টকাবোৰে এচাম মন্ত্ৰী, আমোলাক ধণী কৰাৰ বিপৰীতে দুখীয়া দৰিদ্ৰৰ কিবা উন্নয়ন কৰা বুলি মনে নধৰে। আত্মসাৎ কৰাবোৰ অইন ৰাজ্যৰ নহয়, বেছিভাগেই অসমীয়া। এইবাৰ বাজেটতো যদি ভাৰতবৰ্ষৰ বাবে ধাৰ্য কৰা গোটেইবোৰ টকা অকল উত্তৰ পূৱলৈ পঠিয়াই দিলেহেতেন, তথাপিও একো উন্নতি নহ'লহেতেন ! কাৰণ কেন্দ্ৰৰ টকাবোৰ গো-গ্ৰাসে গিলি চুইচ বেংকত থবলৈ আমাৰ নিজৰেই একাংশ ৰৈ থকা নাই জানো !! মই ভাৱো আমাৰ 'আপোন আয়ে' আচলতে আমাৰ বাবে 'মাহী আই'।

(যদিও মাহী আই শব্দটো ইয়াত ব্যৱহাৰ হৈছে, কিন্তু মই ব্যক্তিগত ভাৱে 'মাহী আই' জাতীয় শব্দৰ নঞাৰ্থক ৰূপত ব্যৱহাৰ কৰাৰ বিৰোধ কৰোঁ। কাৰণ আজি কালি বহু মাহী আই আছে যাৰ অন্তৰ অতি কোমল আৰু মৰমিয়াল। )

No comments:

Post a Comment