পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. প্ৰখ্যাত অভিনেতা ৰাহুল বোসক বিশ্বৰ বৃহৎতম স্কুল প্ৰতিযোগিতা "ডিজাইন ফৰ চেঞ্জ"ৰ ব্ৰেণ্ড এম্বেচেদৰ ৰূপে নিযুক্তি দিয়া হৈছে। কিৰণ বীৰ শেঠীয়ে ছয় বছৰ পূৰ্বে স্থাপন কৰা পুৰস্কাৰপ্ৰাপ্ত এই উদ্যমে শিশু সকলক পৰিবেশ আৰু সমাজৰ পৰিবৰ্তনৰ হকে কাম কৰাৰ বাবে প্ৰেৰণা যোগাই আহিছে। এনে ইতিবাচক পৰিবৰ্তনৰ দহ হাজাৰটা কাহিনী সংগ্ৰহ কৰাৰ লগতে ৩০খন দেশৰ অংশগ্ৰহণ কৰা এই অভিযানত ভাৰতৰো ৩০০০খন স্কুলৰ শিশুক সামৰি লোৱা হৈছে বুলি সংস্থাটোৱে জনাইছে।

২. ভাৰতৰ প্ৰথম মংগল অভিযানৰ মহাকাশযানখনে এতিয়া মাত্ৰ ২০শতাংশ দূৰত্ব অতিক্ৰম কৰিবলৈহে বাকী থকা বুলি সুখবৰ প্ৰকাশ পাইছে। আৰু দুমাহ যাত্ৰাৰ অন্ততঃ অহা ২৪ছেপ্তেম্বৰত মহাকাশযানখনক কক্ষপথত অৱস্থান গ্ৰহণ কৰোৱা হব বুলিও জানিব পৰা গৈছে।

৩.
বেংক অৱ বৰোদাৰ শ্বেয়াৰৰ মূল্য তিনি শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগে লগে ৰিজাৰ্ভ বেংকে সতৰ্কতাৰ তালিকাৰ পৰা বেংকটোৰ নাম আঁতৰাই দিয়াৰ সুখবৰ। এতিয়া বেংকটোত বিদেশী বিনিয়োগকাৰীয়েও শ্বেয়াৰৰ যোগে বিনিয়ো কৰাৰ বাট মুকলি হৈ পৰিল বুলি সংবাদ প্ৰকাশ পাইছে।
 
৪. মণিপুৰ লোকসেৱা আয়োগে ৫২টা পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আগ্ৰহী নাগৰিকে অহা ২৫আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰিব বুলি আয়োগে ঘোষণা কৰিছে।

৫. ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল চিলেকচনে অনাগত বৰ্ষত প্ৰবেচনাৰী বিষয়া ৰূপে নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ বিজ্ঞাপন জাৰী কৰিছে। ষ্টেট বেংকৰ গোটক বাদ দি, বাকী সকলো ৰাষ্ট্ৰীয়কৃত বেংকত মেনেজেমেণ্ট ট্ৰেইনী হিচাবে এই পৰীক্ষাত যোগ্যতা প্ৰতিপন্ন কৰা সকলকে নিযুক্তি দিয়া হয়। অনলাইন ৰেজিষ্ট্ৰেচন ২২জুলাইৰ পৰা ১১ আগষ্টলৈ খোলা থাকিব আৰু পৰীক্ষা অক্তোবৰত অনুষ্ঠিত হব বুলিও সংস্থাটোৱে সদৰী কৰিছে। ইয়াৰ বাবে http://www.ibps.in/ বেৱচাইট চাবলৈকো বেংকৰ বিষয়া হব খোজা শিক্ষাৰ্থী সকলক আহ্বান জনাইছে।

৬. কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৈ আৰ্থিক সাহাৰ্য বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। চেক বিতৰণ কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অংশগ্ৰহণ কৰে।

৭. ধেমাজিৰ বিষ্ণুপুৰত মাটি অধিগ্ৰহণৰ পাছতো, মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ তিনিবছৰৰ পাছতো ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ নোহোৱাত অহা ৪আগষ্টত মহাবিদ্যালয়খনৰ প্ৰস্তুতি সমিতিয়ে বিধানসভাৰ সমুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিষয়টো ৰাজহুৱাকৈ দৃষ্টিগোচৰ কৰিব বুলি জানিব পৰা গৈছে।

৮. কালি কাজিৰঙাত পুৱতি নিশা বনৰক্ষীয়ে সংঘৰ্ষত এগৰাকী চোৰাং চিকাৰীক ধৰাশায়ী কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। বন্দুকসহ নিহত চোৰাং চিকাৰীজনক উদ্ধাৰ কৰা বুলি বন বিভাগে সদৰী কৰিছে।

৯. যোৱা ১৮জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত লেখক ৰামকুমাৰ বৰুৱাৰ দুখনকৈ গ্ৰন্থ উন্মোচিত হয়। "মন্দিৰ আৰু আমাৰ ধৰ্ম" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। "মহাকাশৰ পৃথিৱী" নামৰ কবিতাপুথিখন উন্মোচন কৰিলে কবি বেদব্ৰত মিশ্ৰই।

১০. হীৰেন ভট্টাচাৰ্য সোঁৱৰণী সমিতিৰ উদ্যোগত কবিগৰাকীৰ ৮২সংখ্যক জন্ম দিৱস অহা ২৮জুলাইত তেখেতৰ জন্মস্থান যোৰহাটত উদযাপনৰ আয়োজন কৰা হৈছে। দিনত জন্মস্থান কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধীক্ষকৰ পুৰণি বাসভৱনত এক শ্ৰদ্ধা নিবেদনৰ পাছতে এক নাম প্ৰসংগৰো আয়োজন কৰা হৈছে। সন্ধিয়ালৈ বকুলবন প্ৰাংগণত এক স্মৃতিচাৰণ অনুষ্ঠানো সংগীত, গীত আৰু কথাৰে সজাই তোলা হব বুলি প্ৰকাশ পাইছে।

১১. চামগুৰিৰ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী "সৃষ্টি"ৰ ব্যৱস্থাপনাত অহা ২৫-২৯জুলাইলৈ "অসমীয়া চলচ্চিত্ৰৰ চিৰযুগমীয়া গীতক কৰ্মশালা"ৰ আয়োজন কৰা হৈছে। শিল্পী দিগন্ত ভাৰতী,মৃণালকান্তি মেধি, যজ্ঞা বেজবৰুৱাকে ধৰি সুধীজনে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব। ইচ্ছুক সকলে ৯৪০১১৬৯৮৮৬৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।
১২. অসমত বিসম্বাদী ৰাজনীতি কৰাৰ অভিযোগত ডাঃ অৰ্ধেন্দু দে, ছিদ্দিক আহমেদক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ খবৰ প্ৰকাশিত হৈছে। ইফালে পদত্যাগ পত্ৰ দাখিল কৰা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ গৃহীত কৰাৰ খবৰো প্ৰকাশিত হৈছে। আনফালে ছোনিয়া গান্ধীক সাক্ষাতৰ বাবে অঞ্জন দত্ত দিল্লীত বাহৰ পাতি থকাৰ কথাও জানিব পৰা গৈছে।

১৩. দেশলৈ ভাল দিন আনিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে সোতৰ দফীয়া আঁচনি গ্ৰহণ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে। শাসনভাৰ লোৱাৰ এশ দিন পূৰ হোৱালৈ এই কৰ্মসূচীসমূহ ৰূপায়ণ কৰিবলৈ বিচৰা বুলিও জানিব পৰা গৈছে। চৌবিশ ঘণ্টাত দেশৰ যি কোনো স্থানত উপনীত হব পৰাৰ ব্যৱস্থা, সকলো ঘৰলৈ বিজুলী যোগান, শ্ৰম সংস্কাৰ আদি বিষয়কো প্ৰাধান্য দিয়াৰ সুখবৰো প্ৰকাশ পাইছে।

১৪. গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সুখবৰ। এই নিৰ্দেশ জাৰপি কৰাৰ বাবে অসম ৰাজভাষা আৰু মাতৃভাষা প্ৰয়োগ সমিতিয়ে মেয়ৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সমিতিয়ে কালি অসম লোকসেৱা আয়োগৰ সৈতেও ভাষা প্ৰয়োগৰ বিষয়ে এক আলোচনাত মিলিত হয়।

১৫. ডাইনীজনিত ঘটনা ৰোধৰ বাবে খচৰা আইন প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক মহিলা আয়োগে। গুৱাহাটী চিটিবাছৰ ২০শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰা, বাচৰ চালক,পৰিচালক ৰূপে মহিলা নিযুক্তি আদিৰো পোষকতা কৰি মত প্ৰকাশ কৰিছে এই আয়োগে।

১৬. অসম চৰকাৰে গোৰেশ্বৰক নগৰ হিচাবে দিলে স্বীকৃতি। বিটিচি প্ৰশাসনৰ তৎপৰতাত আঠটা বাৰ্ডেৰে সৈতে অচিৰেই গোৰেশ্বৰ নগৰ সমিতি গঠন কৰা হব বুলি সুখবৰ জানিব পৰা গৈছে।

১৭. সাহিত্যিক-গৱেষক পণ্ডিত ডঃ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ স্মৃতিত অহা ২৯ অক্টোবৰত পালিত হব তেখেতৰ ৭৬সংখ্যক জন্মদিন। এই উপলক্ষত স্মাৰক ন্যাস সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰিছে "নাট্যকাৰ বেজবৰুৱাঃ এক মূল্যায়ন" শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ।  অহা ৩১ আগষ্টৰ ভিতৰত ৰছনা জমা দিব পাৰিব, মুঠ দহ হাজাৰ টকাৰ প্ৰাইজমানিও ঘোষিত প্ৰতিযোগিতাখনিৰ বাবে ৯৮৬৪০-১৩৮৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১৮. শিৱসাগৰ ছোৱালী কলেজৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী আয়োজিত হৈছে ২৪ আৰু ২৫জুলাইত। সাংস্কৃতিক শোভাযাত্ৰা, ইমৰাণ শ্বাহ দেৱে উন্মোচন কৰিব লগা স্মৃতিগ্ৰন্থৰ প্ৰকাশ, মুকলি সভাৰে এই সামৰণী অনুষ্ঠানৰ আয়োজন চলাৰ সুখবৰ।

১৯. অসম অভিযান্ত্ৰিক বিদ্যালয়ৰ চৌহদত সৰগম সংগীত বিদ্যালয়ে বিগত ১-৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিলে বিয়ানাম আৰু ডঃ অনিমা চৌধুৰীৰ গীতৰ এক কৰ্মশালাৰ।

২০. আম আদমী পাৰ্টিৰ নেতা তথা বিশিষ্ট কবি কুমাৰ বিশ্বাসলৈ এইবাৰ বিগ বছত অংশ গ্ৰহণৰ বাবে পাঁচ কোটি টকাৰ অফাৰ অহাৰ বাতৰিয়েও পালে সংবাদ শিৰোনামাত স্থান।

No comments:

Post a Comment