পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. সমগ্ৰ দেশৰ লগতে অসমতো
কালি পালিত হ'ল ভাৰতীয় ষ্টেট বেংকৰ প্ৰতিষ্ঠা দিৱস। গুৱাহাটীৰ মাছখোৱাৰ আই টি এ চেণ্টাৰত উদযাপিত অনুষ্ঠানত চাৰিগৰাকী প্ৰসিদ্ধ ব্যক্তি ৰোছেল মেৰু, লিয়ানচনলুৰি, মুকুল গোস্বামী আৰু উদ্ধৱ ভৰালীক বেংক কৰ্তৃপক্ষই সম্বৰ্ধনা জনোৱাৰ লগতে পঞ্চাশ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰাৰ সুখবৰ। অহা বছৰটোত বেংকটোৱে দেশখনত আৰু ৫০০০টা এটিএম স্থাপন কৰিব আৰু অতি সোনকালেই সকলো এটিএমত চি.চি.টিভি কেমেৰা স্থাপন কৰা হব বুলিও প্ৰতিষ্ঠা দিৱসতে সুখবৰ প্ৰকাশ পাইছে।

২. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিশেষজ্ঞই কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে চলোৱা জৰীপ অনুসৰি ১৯খন পাহাৰৰ ৩৬৬টা ভূমি-স্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিছে। সাম্ভাব্য প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেই অঞ্চলকেইটাৰ ৰাইজক বাৰিষা শেষ নোহোৱা পৰ্যন্ত আন সুৰক্ষিত স্থানত আশ্ৰয় গ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। এই বিষয়ে বাসিন্দা সকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ১০টাকৈ বেচৰকাৰী সংগঠনকো প্ৰাধিকৰণে নিয়োগ কৰিছে বুলিও সদৰী কৰিছে।

৩. জি এন আৰ চি মেডিকেলে অলপতে বিশ্ববেংকৰ ইণ্ডিয়া ডেভেলপমেণ্ট মাৰ্কেট প্লেচ ইনিচিয়েটিভৰ জৰিয়তে ডেৰ লক্ষ মাৰ্কিন ডলাৰৰ এক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। কালি উত্তৰ গুৱাহাটীস্থিত জি.এন.আৰ.চিৰ ছমাহ সম্পূৰ্ণ হোৱা উপলক্ষে অহা পাঁচ বছৰত দহখনতকৈ অধিক হস্পিটেল নিৰ্মাণৰ পৰিকল্পনা সদৰী কৰিলে জি এন আৰ চিৰ অধ্যক্ষ ডাঃ নোমল বৰাই। লগতে উত্তৰ-পূৱৰ বিভিন্ন দুৰ্গম অঞ্চলত উন্নত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে এয়াৰ এম্বুলেঞ্চ সেৱাৰো প্ৰবৰ্তন কৰাৰ অভিলাষী পৰিকল্পনাৰ কথা জি.এন.আৰ.চি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

৪. আৱাহন থিয়েটাৰে ২০০৮-০৯ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰ, ২০১৩-১৪ বৰ্ষৰ বাবে বিশিষ্ট সংগীতজ্ঞ তথা বাঁহীবাদক প্ৰভাত শৰ্মাৰ নাম নিৰ্বাচন কৰা হৈছে।  নগদ দহ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু আৱাহন থিয়েটাৰৰ প্ৰতীকপট সহ এই বঁটা অহা ১৯ আগষ্টত ৩৫তম নাট্যবৰ্ষৰ শুভ উদ্বোধনীৰ দিনা শৰ্মাদেৱক প্ৰদান কৰা হব বুলি প্ৰযোজক কৃষ্ণ ৰয়ে সদৰী কৰিছে।

৫. অসম সাহিত্য সভাই গঠন কৰা বিভিন্ন ন্যাসৰ পৰা ২০৩-১৫বৰ্ষত প্ৰদান কৰিবলগীয়া বিভিন্ন বঁটাৰ বাবে লেখক, প্ৰকাশক, সম্পাদক আদিৰ পৰা তিনিখনকৈ পাণ্ডুলিপি/গ্ৰন্থ/গল্প অহা ৩০নৱেম্বৰৰ ভিতৰত সাহিত্য সভাই আহ্বান কৰিছে। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, বাসন্তী বৰদলৈ বঁটা, মহানন্দ বৰুৱা-শশীপ্ৰভা বৰুৱা সোঁৱৰণী বঁটা, সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা, ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আৰু হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটাৰ বাবে আবেদন আহ্বান কৰা হৈছে। লগতে অসম সংঘ আমেৰিকা বঁটা, বনমালী শইকীয়া বঁটা, গিৰিধৰ শৰ্মা বঁটা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতাৰে প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে।

৬. গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এছ'চিয়েশ্যনে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সহযোগত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনৰ দিন পুনৰ নিৰ্ধাৰণ কৰি অহা ২৯-৩০ নৱেম্বৰত অনুষ্ঠিত হব বুলি ঘোষণা কৰিছে। এতিয়া গৱেষণাপত্ৰৰ সংক্ষেপ্তসাৰ ১০ অক্তোবৰলৈকে আৰু সম্পূৰ্ণ গৱেষণাপত্ৰ অহা ১০নৱেম্বৰলৈকে জমা দিব পাৰিব বুলিও প্ৰকাশ কৰিছে। সবিশেষ যোগাযোগৰ বাবে ৯৮৫৪০-৭২০৯৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৭. যোৰহাটত স্থাপন হবলগীয়া অসম মহিলা বিশ্ববিদ্যালয়খনক মুম্বাইৰ এছ.এন.ডি.টি মহিলা বিশ্ববিদ্যালয়তকৈ অধিক উন্নত ৰূপত গঢ়ি তোলা হব বুলি প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। সঠিক স্থানত ইয়াৰ বাবে ভূমি নিৰ্ধাৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবে ১কোটি ১০লাখ টকা অতি সোনকালেই মোকোলাই দিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু ৩.৯০কোটি টকা অহা বাজেটত অন্তৰ্ভুক্ত কৰিব বুলিও প্ৰকাশ কৰিছে।

৮. অসম এছ'চিয়েশ্বন কুৱেইটৰ এটা সমাজকল্যাণমূলক প্ৰকল্প "আশা"ৰ উদ্যোগত গুৱাহাটীৰ ৰিহাবাৰীস্থিত প্ৰতিবন্ধী পুনৰ্বাস কেন্দ্ৰত ষোল্ল গৰাকী প্ৰতিবন্ধীলৈ অৰ্থনৈতিকভাৱে সংস্থাপনৰ বাবে সহায়ক হোৱাকৈ চিলাই মেচিন, কেমেৰা, বেলডিং মেচিন আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ সুখবৰ। দাতা সংস্থাটোৰ হৈ ডঃ ৰণজিত দত্তই এই সামগ্ৰী বিতৰণ কৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

৯. বিভিন্ন চৰকাৰী সেৱা আগবঢ়োৱাৰ বাবে দেশৰ ২.৫লাখ পঞ্চায়তক সংযোগ কৰি এক ব্ৰ'ডবেণ্ড হাইৱে নিৰ্মাণ কৰিব বুলি কালি ঘোষণা কৰিলে দেশৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। বেংগেলুৰুত আজিম প্ৰেমজীকে ধৰি দেশৰ তথ্য প্ৰযুক্তিৰ আগশাৰীৰ লোকসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ পাছত দেশত ই-শিক্ষা, ই-স্বাস্থ্য সেৱা আৰু ই-প্ৰশাসনৰ প্ৰতিষ্ঠা কৰাত সকলোৰে সহযোগিতা মন্ত্ৰীগৰাকীয়ে কামনা কৰিছে।

১০. টিহুত অসম নাট্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় নাট কৰ্মশালা আৰু শিশু নাট কৰ্মশালা কালি উদ্বোধন কৰিলে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰে। অহা ১৬জুলাইত ন-শিকাৰু সকলৰ অভিনয়েৰে  কুমুদ ভট্টাচাৰ্যৰ ৰচনা, পৰিচালনাৰে শিশুনাট "যুগাগ্ৰদূত" মঞ্চস্থ কৰা হব বুলিও জানিব পৰা গৈছে।

১১. গুৱাহাটী মহানগৰীত প্ৰশাসনে চলোৱা বেদখল উচ্ছেদ অভিযান অব্যাহত আছে। ভৰলুত ১৫বিঘা আৰু শিলসাঁকোত ২২বিঘা মাটি বেদখলমুক্ত কৰাৰ তথ্য। উচ্ছেদ অভিযানত শ্ৰেণী বিভাজনৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ এনে অবৈধ  ঘৰ-সম্পত্তিকো প্ৰশাসনে উচ্ছেদ কৰিবলৈকো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছে।

১২. দেশৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে আলু আৰু পিয়াঁজক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনলৈ আনিবলৈ কালি সিদ্ধান্ত গ্ৰহণ কৰিছে।  বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবেই এই দুবিধ সামগ্ৰীৰ বাবে বৈধ মজুতকৰণৰ সীমা নিৰ্ধাৰণ কৰিবলৈকো ৰাজ্য চৰকাৰ সমূহলৈ আহ্বান জনাইছে। লগতে পিঁয়াজৰ ৰপ্তানি ৰোধ কৰিবলৈ পুনৰবাৰ নুন্যতম ৰপ্তানি মূল্যও প্ৰতিটনে পাঁচশ ডলাৰলৈ বৃদ্ধি কৰাৰ খবৰ প্ৰকাশিত হৈছে।

No comments:

Post a Comment