হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ৰাজেশ খান্নাৰ "আৰ্শীবাদ" ৯০কোটি টকাত বিক্ৰী হোৱাৰ খবৰ পোৱাৰ পাছত দিগবিজিত সিং আৰু আস্-মেদ পোটেলৰ আৰ্শীবাদ অসমীয়া বিসম্বাদীৰ হাতত কিমান টকাত বিক্ৰী হৈছিল তাকে লৈ অন্তহীন গুণাগঁথা চলিছে জনপথত। এতিয়া খাটাং হিচাব গগৈ চাৰৰ মায়েঙৰ বেজেই নিৰ্ণয় কৰি দিব বুলিও মেডামক জনোৱাৰ খবৰ শেহতীয়াকৈ পোৱা গৈছে।

২. পদুম পাৰ্টিয়ে কালি জনগোষ্ঠীয় নেতা সকলৰ সৈতে কৰা ভোজমেলত নদী-বান্ধৰ কথাটোত অলপ স্থিতি সোলোক-ঢোলোক কৰিবলৈ দলবোৰক হেনো শপত খুৱাইছে। আচলতে ভোজমেলত অৰ্থনৈতিক সাহাৰ্য কৰা কৰা সকলৰ প্ৰতি কৃতজ্ঞতা নজনালে নিমখ-হাৰাম কৰা হব বুলিও এজন নেতাই বুজনি দিয়া বুলি সৰল নেতা এজনে প্ৰকাশ কৰিছে।

৩. জানিব পৰা মতে, এতিয়া অসমত জাপানী এনকেফেলাইটিছে বেমাৰ আজাৰৰ পুৰণা মন্ত্ৰীক পুৰণি হিচাব নিকাচ ক্লিয়াৰ কৰিবলৈ বিচাৰি ফুৰিছে। হলা গছত বাগী কুঠাৰ মাৰিবলৈ বিচৰা আন ব্যক্তিৰ দৰেই এতিয়া জাপানী এনকেফেলাইটিছেও কইনাধৰাৰ শিবিৰতহে অৱস্থান লোৱা বুলি জানিব পৰা গৈছে।



৪. "ছিণ্ডিকেটৰ ভৱিষ্যত" সন্দৰ্ভত এক বিশেষ চিন্তামূলক গ্ৰন্থ লিখি প্ৰকাশ কৰিছে অসমৰ বিশিষ্ট খেতি বিশেষজ্ঞ চেলবেলমণি ডেকাই। এতিয়া টোলগেট আদিতো ৰসাল গগৈ ছাৰৰ বুলডজাৰে কেতিয়া উচ্ছেদ অভিযান চলাব তাকে লৈও ডেকাছাৰে বিশ্লেষণ আগবঢ়াইছে আৰু ভিতৰুৱা খবৰো তাত লিপিবদ্ধ কৰিছে বুলি জানিব পৰাত এতিয়া কণী, পাণ, মাছ বেপাৰী সকলেও কিতাপখন কিনিবলৈ হেতা-উপৰা লগাইছে বুলি খবৰ পোৱা গৈছে।

৫. তেলৰ পাছত এইবাৰ বোৱাই নিব অসমৰ পানী, কেন্দ্ৰৰ সিদ্ধান্ত নামানে বুলি সদৌ অসমীয়া ছাত্ৰ সন্থাই কৰিলে ঘোষণা।  পিছে "চৰুক সুধি ভাত বহোৱা"টো গুজৰাটী মানুহৰ অভ্যাস নহয় বুলিও এজনে কৰা মন্তব্যই এতিয়া শংকাৰ সৃষ্টি কৰিছে। তেওঁলোকে মাত্ৰ মুনাফাহে চিনি পায়, সন্থা চন্থা নহয় বুলিও আঙুলিয়াই দিয়াতো এতিয়া অসমত অন্য এক জংগী আন্দোলন হোৱাৰ সম্ভাৱনা জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে।

৬. ৰাজ্যৰ ৩৬খন বিদেশী চিনাক্তকৰণ আদালতত ১লাখ ২৩হাজাৰ গোচৰ পৰি থকাত গজালি ওলোৱাৰ উপক্ৰম হৈছে। এতিয়া এনে গজালিয়েই গোজ হৈ পৰিলে, অভিযুক্তক লাখ লাখ টকাৰ ক্ষতিপূৰণ দি মাটি, ভেটি, আধাৰ কাৰ্ডেৰে সংস্থাপন কৰিব লাগিব বুলি সচেতন মহলে শংকা প্ৰকাশ কৰিছে। তাৰ বিপৰীতে এয়া সংখ্যালঘুক মানসিক অত্যাচাৰৰ এয়া লক্ষ লক্ষ উদাহৰণহে বুলি উল্লেখ কৰি, আমাৰ ইয়াত বিদেশী নায়েই বুলি অগৰুদ্দিন চাহাবে দৃঢ়মত প্ৰকাশ কৰি, সকলো গোচৰ হোলচেলত খাৰিজ কৰি দিয়াৰ বাবেও দাবী তুলিছে।

৭. অহা বৰ্ষৰ পৰা মেট্ৰিকত সফল হোৱা সকলক লেপটপৰ ঠাইত ইনভাৰ্টাৰ দিবৰ বাবে শিক্ষাৰ আলোক বিলোৱাৰ দ্বায়িত্ব লোৱা আন্ধাৰৰ ৰজালৈ ৰাইজে  আহ্বান জনাইছে। নহ'লে লেপটপৰ সৈতে কেৰাচিনত চলা জেনেৰেটৰ দিলেও কাম চলিব বুলিও মত প্ৰকাশ কৰি আন্ধাৰৰ ৰজাক "টেবুলজ্যোতি আঁচনি" অনতিপলমে ঘোষণা কৰিবলৈকো আহ্বান জনাইছে।

৮. অশিক্ষিত ডেকাই কে পি এলটিৰ দৰে সাংঘাতিক সংগঠনৰ নেতৃত্ব দিয়া বুলি প্ৰকাশ পোৱা বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন নাগৰিক সংঘই। সমগ্ৰ দেশকে শিক্ষা দিবলৈ দ্বায়িত্ব লোৱা গৰাকীয়েই উচ্চ শিক্ষিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত এনে সৰু সুৰা সংগঠনৰ নেতাৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন কৰাটো গৰিহণাযোগ্য বুলিও সন্থাই প্ৰকাশ কৰিছে।

৯. দেশৰ ভিতৰতে বিশুদ্ধ খোৱাপানীৰ যোগানৰ ক্ষেত্ৰত তলৰ পিনৰ পৰা অসম ফাৰ্ষ্ট হোৱাত একো দুখ কৰিব লগীয়া নাই বুলি প্ৰকাশ কৰিছে ৰাজ্যিক পানীৰ টেপ মন্ত্ৰীয়ে। ইতিবাচক কথা হিচাবে তেওঁৰ বিভাগতেই ঠিকাদাৰ আৰু বিষয়া সকল কোটিপতি হোৱাৰ ক্ষেত্ৰত ৰাজ্য হিচাবে অসম শীৰ্ষত থকাটোহে প্ৰশংসনীয় বুলিও তেখেতে আঙুলিয়াই দিছে।

১০. চুমা খালেও বিজুলী শক্তি উৎপাদন হয় বুলি ফেচবুকত পোৱাৰ পাছত যোৰহটীয়া যুৱকৰ দলে পিঠিত ডবা বজালে বিজুলীশক্তি উৎপন্ন হয়নে নহয় তাক কালি পৰীক্ষা কৰাৰ বাতৰি পোৱা গৈছে। বিজুলী বাতি পৰিষদৰ দুজন কৰ্মীক পৰীক্ষামূলক ভাৱে প্ৰহাৰ কৰি কৰা গৱেষণাৰ ফলত অৱশেষত অপাৰেচন থিয়েটাৰৰ লাইট জ্বলি উঠাৰ বাতৰি প্ৰকাশ পাইছে। যোৰহটীয়া যুৱকৰ গৱেষক দলটোৱে এয়া এক সাফল্য বুলিও দাবী কৰা বুলি খবৰ পোৱা গৈছে।

No comments:

Post a Comment