প্ৰযুক্তিঃ নিষিদ্ধ চাইনিজ এপৰ বিকল্পবোৰ :: দেৱজ্যোতি বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰযুক্তিঃ নিষিদ্ধ চাইনিজ এপৰ বিকল্পবোৰ :: দেৱজ্যোতি বৰা

প্ৰযুক্তিঃ নিষিদ্ধ চাইনিজ এপৰ বিকল্পবোৰ :: দেৱজ্যোতি বৰা

Share This
নিষিদ্ধ চাইনিজ এপৰ বিকল্পবোৰ
দেৱজ্যোতি বৰা
চীনৰ সৈতে এক কূটনৈতিক যুদ্ধৰ অংশস্বৰূপে ভাৰত চৰকাৰে কেইদিনমানৰ পূৰ্বে চীনামূলীয় ৫৯টা এপ নিষিদ্ধ কৰিলে৷ এই এপ নিষিদ্ধকৰণৰ ফলত দুয়োখন দেশৰ কি লাভ বা লোকচান হ’ব সেয়া এক পৃথক প্ৰসংগ৷ কিন্তু এই নিষিদ্ধ কৰা এপসমূহ ভাৰতবৰ্ষৰ বহুসংখ্যক লোকে বিগত কেইবছৰমানৰ পৰা ব্যাপক হাৰত ব্যৱহাৰ কৰি আহিছিল৷ এই এপসমূহৰ কিছুমান আছিল মনোৰঞ্জনমূলক আৰু আন কিছুমান বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিব পৰা৷ সি যি নহওক, ব্যৱহাৰকাৰীভেদে উল্লিখিত দুয়ো ধৰণৰ এপেই ব্যৱহাৰকাৰীসকলৰ প্ৰয়োজন বিভিন্ন ধৰণে পূৰণ কৰি আহিছিল৷ 
আৰু ঘপহকৈ এই এপসমূহ নিষিদ্ধ কৰাৰ ফলত আন কাৰোবাৰ কিবা হওক বা নহওক, ব্যৱহাৰকাৰীসকলৰ যে কিছু লটিঘটি হৈছে সেয়া ধুৰূপ৷ প্ৰসংগক্ৰমে কৈ থোৱা ভাল হ’ব যে এই নিষিদ্ধ কৰা এপসমূহৰ সেইসমূহ এপহে ব্যৱহাৰকাৰীৰ মোবাইলত তৎকালীনভাৱে অকামিলা হৈ পৰিব যিবিলাক ব্যৱহাৰৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ হয়৷ ইণ্টাৰনেট নোহোৱাকৈ ব্যৱহাৰ কৰিব পৰা এপসমূহ আৰু কিছুদিন ব্যৱহাৰকাৰীৰ মোবাইলত সঠিকভাৱে চলি থাকিব; কিন্তু ইবিলাকৰ আপডে’ট পোৱা নাযাব৷ উল্লেখযোগ্য যে সম্প্ৰতি মোবাইলৰ জগতখনত ইমান বেছি পৰিমাণৰ এপ আছে যে ইয়াৰে কোনো এটা বা দুটা এপ নিষিদ্ধ কৰিলেও তাৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰাকৈ ভালেমান এপ দেখা পোৱা যায়৷ যোৱা কেইদিনৰমানৰ পৰা আমালৈয়ো বিভিন্নজনে ফোন কৰি ভাৰতত নিষিদ্ধ কৰা এপসমূহৰ বিকল্প কি হ’ব পাৰে এই সম্পৰ্কে প্ৰশ্ন কৰি আছে৷ এই লেখাত ঘাইকৈ ভাৰত চৰকাৰে শেহতীয়াকৈ নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত কিছুমান অতিকে জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ এপৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কিছুমান এপৰ কথা আলোচনা কৰিবলৈ লোৱা হৈছে৷ 

কেম্স্কেনাৰৰ বিকল্পঃ
গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ মোবাইলৰ কেমেৰাৰে ফটো তোলাতকৈ স্কেনাৰৰ দ্বাৰা স্কেন কৰিলে ফলাফল বহু পৰিমাণে ভাল আহে৷ স্কেন কৰা নথিসমূহ ফটোৰ তুলনাত অধিক স্পষ্ট হয় আৰু বেঁকা-বেঁকিও নহয়৷ কিন্তু থাউকতে স্কেনাৰ এটানো পোৱা যায় ক’ত? এই সমস্যাৰ সমাধান কৰিছিল কেম্স্কেনাৰ নামৰ এপ্বিধে৷ বিশ্বৰ অগণন মোবাইল ব্যৱহাৰকাৰীৰ বাবে কেমস্কেনাৰ হৈ পৰিছে এক অতিকে গুৰুত্বপূৰ্ণ তথা কাৰ্যক্ষম এপ্৷ এইবিধ এপ নিষিদ্ধৰ তালিকাভুক্ত হোৱাত ইয়াৰ ব্যৱহাৰকাৰীসকলৰ মাজত হাহাকাৰ লগাটো স্বাভাৱিক৷ সুখৰ কথা এইবিধ এপ ইতিমধ্যে ইনষ্টল হৈ থকা মোবাইলসমূহত এতিয়াও কাৰ্যক্ষম হৈ আছে৷ সি যি নহওক, কেমস্কেনাৰৰ বিকল্পৰূপে আমাৰ সন্মুখত আছে DOট্ৰ Scanner, Scanner, Microsoft Lens, Adobe Scanner, Kaagaz Scanner আদিবিলাক এপ৷ এইবিলাক এপে কেম্স্কেনাৰৰ উপযুক্ত বিকল্পৰূপে ব্যৱহাৰকাৰীক সন্তুষ্ট কৰিব পাৰিব বুলিয়েই আমাৰ ধাৰণা৷ উল্লেখযোগ্য যে, ইয়াৰে Kaagaz Scanner নামৰ এপটো কেইজনমান IIT স্নাতকে প্ৰস্তুত কৰি উলিয়াইছে৷ 

ইউ চি ব্ৰাউজাৰৰ বিকল্পঃ
UC Browser হৈছে মোবাইল ব্যৱহাৰকাৰীসকলৰ মাজত অতিকে জনপ্ৰিয় এবিধ ব্ৰাউজিং এপ্৷ কিছুমান মোবাইলত এইবিধ এপ্ কোম্পানীৰ ফালৰ পৰাই ইনষ্টল কৰি দিয়ে৷ সহজ ব্যৱহাৰযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবেই এইবিধ এপ্ ব্যৱহাৰকাৰীসকলৰ মাজত বেছ জনপ্ৰিয়৷ ভাৰত চৰকাৰে চীনামূলীয় এইবিধ এপৰ লগতে CM Browser, APUS Browser, DU Browser আদিবিলাক এপো নিষিদ্ধ কৰাৰ পাছত ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান ব্ৰাউজাৰ এপ্ হৈছে - Google Crome, Mozilla Firefox, Epic Browser, Jio Browser, Opera Mini, Quick Browser, XBrowser ইত্যাদি৷ উল্লেখযোগ্য যে, ইয়াৰে Epic Browser আৰু Jio Browser হৈছে ভাৰতত প্ৰস্তুত কৰা এপ্৷ 

বিউটি প্লাছৰ বিকল্পঃ
Beauty Plus, YouCam Makeup, SelfieCity, Meitu, New Video Status, Wonder Camera, Photo Wonder, Sweet Selfie আদিবিলাক হৈছে ঘাইকৈ কিছুমান ফটো সম্পাদনা কৰিব পৰা এপ্৷ মোবাইলৰ কেমেৰাৰে তোলা ফটো এখন এইবিলাক এপৰ দ্বাৰা বিভিন্ন ধৰণে সম্পদনা কৰিব পৰা যায়৷ বেয়া ফটো এখন সুন্দৰ কৰা বা সুন্দৰ ফটো এখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত এইবিলাক এপৰ তুলনা পাবলৈ নাই৷ আৰু সেয়ে, কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ লাখ লাখ ব্যৱহাৰকাৰী আছে৷ এইবিলাক এপ্ ভাৰতবৰ্ষত নিষিদ্ধ কৰাৰ পাছত ইয়াৰ ব্যৱহাৰকাৰী একাংশ যুৱতীৰ মাজত হাহাকাৰ লাগিছিল বুলি চকুচৰহাসকলে কয়৷ সি যি নহওক, উল্লিখিত এপসমূহৰ বিকল্পৰূপে ব্যৱহাৰকাৰীসকলে Indian Selfie Camera নামৰ এপ্বিধ ব্যৱহাৰ কৰিব পাৰে৷ এইবিধ এপৰ দ্বাৰা এইধৰণৰ নিষিদ্ধ এপ্সমূহৰ প্ৰায় সকলোবিলাক কামেই সম্পাদন কৰিব পৰা যায়৷ 

জেণ্ডাৰৰ বিকল্পঃ
Xender, SHAREit, Shareত্তঙ্গ, ShareAll, দ্বapya আদিবিলাক এপৰ দ্বাৰা ডাঙৰ আকাৰৰ ফাইল এটা একাধিক মোবাইলৰ মাজত নিচেই সহজে আদান-প্ৰদান কৰিব পৰা যায়৷ এইবিলাক এপৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা কেইবিধমান এপ্ হৈছে - Jio Share, Share All, দ্ব Share ইত্যাদি৷ এইবিলাক এপৰ দ্বাৰাও নিচেই সহজে সৰু-বৰ যিকোনো আকাৰৰ ফাইল একোটা একাধিক মোবাইলৰ মাজত আদান-প্ৰদান কৰিব পৰা যায়৷ 

এপ্লকৰ বিকল্পঃ
AhpLock, Vault, Smart AhpLock, LOCKit আদিৰ দৰে এপ্সমূহৰ দ্বাৰা মোবাইলত থকা গুৰুত্বপূৰ্ণ এপ্সমূহ এটা পেটাৰ্ন লক্ দি অনাহুত ব্যৱহাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা যায়৷ এইবিলাক এপকো ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ পাছত ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান এপ্ হৈছে - Norton Ahp Lock, AhpLock-Fingerprint, AhpLock Master ইত্যাদি৷ 

কিউ কিউ মিউজিকৰ বিকল্পঃ
QQ Music হৈছে এটা অতিকে জনপ্ৰিয় গান শুনা এপ্৷ চীনামূলীয় QQ Mail, QQ Newsfeed, QQ International, QQ Security Center, QQ Launcher-ৰ সৈতে QQ Music নামৰ এই এপ্বিধকো ভাৰত চৰকাৰে নিষিদ্ধ কৰাত লাখ লাখ মোবাইল ব্যৱহাৰকাৰীয়ে ইয়াৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হৈ পৰিছে৷ এইবিধ এপৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান এপ্ হৈছে - JioSaavn, Gaana Hotshots, Hungama Music, Wynk Music ইত্যাদি৷

উই চাটৰ বিকল্পঃ
WeChat হৈছে চীনামূলীয় এটা জনপ্ৰিয় তথা বহুমুখী এপ৷ ইয়াৰ দ্বাৰা চুটি বাৰ্তা আদান-প্ৰদান কৰিব পৰাৰ লগতে ইয়াক সামাজিক যোগাযোগৰ মাধ্যমৰূপেও ব্যৱহাৰ কৰিব পাৰি৷ চীন দেশত ইয়াক ধন পৰিশোধৰ এপ্ৰূপেও ব্যৱহাৰ কৰা হয়৷ ভাৰতবৰ্ষতো এইবিধ এপৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৰ কম নাছিল৷ কিন্তু চৰকাৰে এইবিধ এপ্ নিষিদ্ধ কৰাৰ ফলস্বৰূপে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰে৷ ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান এপ্ হৈছে - WhatsApp, Hike Messenger, Telegram ইত্যাদি৷ 

ইউ চি নিউজৰ বিকল্পঃ
UC News নামৰ দেশ-বিদেশৰ বাতৰি যোগনীয়াৰ চীনামূলীয় এপ্টোৰ দ্বাৰা ডাঁৰৰ বাতৰি ডাঁৰে পাই থাকিব পৰা যায়৷ ইংৰাজীৰ উপৰি পোন্ধৰটা ভাৰতীয় ভাষাতো এইটো এপৰ দ্বাৰা বা-বাতৰি লাভ কৰিব পৰা যায়; আৰু সেইবাবেই অগণন ভাৰতীয় মোবাইল ব্যৱহাৰকাৰীৰ মাজত এইবিধ এপ বেছ জনপ্ৰিয়৷ ভাৰত চৰকাৰে নিষিদ্ধ কৰা এপৰ তালিকাত UC News-ৰ লগতে Newsdog নামৰ এপ্বিধো আছে৷ ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান এপ্ হৈছে - DailyHunt, InShorts, Google News, NewsPoint, Opera News ইত্যাদি৷ 

ডি ইউ ক্লিনাৰৰ বিকল্পঃ
DU Cleaner, Clean Master, Cache Cleaner DU Ahp Studio আদিবিলাক চীনামূলীয় এপৰ দ্বাৰা মোবাইলত থকা অদৰকাৰী ফাইলসমূহ ডিলিট কৰি মোবাইলটোৰ বহুমূলীয়া ঠাইসমূহ পৰিষ্কাৰ কৰি ৰাখিব পৰা যায়৷ কিন্তু উল্লিখিত দুয়োটা এপ্ ভাৰত চৰকাৰে নিষিদ্ধ কৰাত ইয়াৰ ব্যৱহাৰো ভাৰতবৰ্ষত সম্প্ৰতি সীমাবদ্ধ হৈ পৰিছে৷ এইকেইটা এপৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইটামান এপ হৈছে - Clean Max, Total Cleaner, Phone Cleaner, Speed Booster গু Super Cleaner, Clear Cache, MobiClean, Cool Cleaner ইত্যাদি৷ 

ভাইৰাছ ক্লিনাৰৰ বিকল্পঃ
কম্পিউটাৰৰ দৰেই মোবাইলতো কোনো কোনো সময়ত ভাইৰাছে আমনি কৰা দেখা যায়৷ ইয়াৰ পৰা হাত সাৰিবলৈ বহুতো মোবাইল ব্যৱহাৰকাৰীৰ প্ৰথম পচন্দৰ এপ্ আছিল Virus Cleaner৷ কিন্তু চীনামূলীয় এইবিধ এপকো ভাৰত চৰকাৰে নিষিদ্ধ কৰাত ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইবিধমান সমগোত্ৰীয় এপ হৈছে - Avast Antivirus, AVণ্ড AntiVirus, Nox Security, Super Security, Safe Security, Kaspersky Antivirus, Kজ্জ Mobile Security, Norton Mobile Security and Antivirus, ত্তন্তুAfee Security ইত্যাদি৷ 

ক্লাৱ ফেক্টৰীৰ বিকল্পঃ
কাপোৰ-কানি, জোতা-মোজা আদিকে ধৰি ভালেখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰী বজাৰ দৰতকৈ ভালেখিনি সস্তাত পোৱা যায় বাবে Club Factory নামৰ চীনামূলীয় মোবাইল এপ্বিধ বিশ্বৰ আন আন দেশৰ লগতে ভাৰতবৰ্ষতো অতিকে জনপ্ৰিয়৷ মাজে-সময়ে কিছুমান সামগ্ৰী অভাৱনীয়ভাৱে কম দামত দিয়াৰ বাবেও ক্লাৱ ফেক্টৰীৰ নাম আছে৷ কিন্তু ভাৰত চৰকাৰে এইবিধ এপ্ নিষিদ্ধ কৰাৰ লগে লগে সস্তাত সামগ্ৰী ক্ৰয় কৰাৰ বাটটো বন্ধ হৈ গ’ল৷ ইয়াৰ বিকল্পৰূপে Myntra, Flipkart, SnapDeal, Ajio, Tata Cliq আদিবিলাক এপ্ ব্যৱহাৰ কৰিব পৰা যায় যদিও এটা কথা অতি দুখেৰে ক’ব লাগিব যে কম মূল্যত সামগ্ৰী দিয়াৰ ক্ষেত্ৰত ক্লাৱ ফেক্টৰীৰ সৈতে ইয়াৰ কোনো এটা এপে ফেৰ মাৰিব নোৱাৰে৷ 

টিক্-টক বিকল্পঃ
ভাৰত চৰকাৰে নিষিদ্ধ কৰা আটাইবিলাক এপৰ ভিতৰত যিটো এপে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ চকুপানী উলিওৱাৰ লগতে আটাইতকৈ বেছি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সেইটো হৈছে - TikTok৷ ইয়াৰ সমগোত্ৰীয় আন কেইটামান এপ্ হৈছে - Likee, Helo, Bigo Live, Vigo Video, VMate, Kwai ইত্যাদি৷ এইবিলাক এপৰ দ্বাৰা কিছুমান ছুটি ভিডিঅ’ৰেকৰ্ড কৰি আনে চাব পৰাকৈ এপ্টোলৈ আপ্লোড কৰিব পৰা যায়৷ বিশ্বৰ চুকে-কোণে সোমাই থকা প্ৰতিভাসমূহ বিকশিত কৰি সেয়া এখন বহল সমাজলৈ উলিয়াই আনিবলৈ প্ৰয়াস কৰা এইবিলাক এপৰ জনপ্ৰিয়তা বিশেষকৈ যুৱচামৰ মাজত অতি বেছি৷ কাম-বন নোহোৱা একাংশই অৱশ্যে হোৱাই-নোহোৱাই, হকে-বিহকে, য’তে-ত’তে নাচি-বাগি কিছুমান ভিডিঅ’আপ্লোড কৰি নিজৰ লগতে আনৰো সময় নষ্ট কৰে বুলিও কোনো কোনোৱে অভিযোগ কৰে৷ সি যি নহওক, এইবিলাক এপ্ নিষিদ্ধ হোৱাৰ পাছত ইয়াৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা আন কেইটামান এপ্ হৈছে - Chingari, Roposo, Trell, Bolo Indya, Injoy, Yovo Super Kalakar, Gudgudi, Rizzle, দ্বili ইত্যাদি৷ 

প্ৰিয় পাঠক, ভাৰত চৰকাৰে নিষিদ্ধ কৰা ৫৯টা এপৰ ভিতৰত এই লেখাত কিছুমান অতিকে জনপ্ৰিয় তথা বহুল ব্যৱহৃত এপৰ বিকল্পৰূপে ব্যৱহাৰ কৰিব পৰা এপ্ সম্পৰ্কে আলোচনা কৰা হ’ল৷ বহু বছৰৰ পৰা আমাৰ দেশৰ সীমাত সঘনে তথা হকে-বিহকে উত্তেজনাৰ সৃষ্টি কৰি দেশবাসীক একপ্ৰকাৰ আতংকিত কৰি থকা চীনদেশৰ অন্যান্য সামগ্ৰীৰ লগতে চীনামূলীয় মোবাইল এপ্সমূহ বৰ্জন কৰি চৰকাৰক সহযোগ কৰাৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত নিজৰ যোগদান নিশ্চিত কৰোঁ আহক৷ 
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে।
 লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
প্ৰযুক্তিগত লেখাৰ একত্ৰ লিংকঃ

No comments:

Post a Comment