কুমাৰ নৱজ্যোতি
দেশ বা ৰাজ্য এখনৰ উন্নতি গ্ৰামাঞ্চলৰ উন্নতি অবিহনে সম্ভৱ নহয়৷ স্বাভাৱিকতেই আমাৰ দেশ ভাৰত অথবা আপোন ৰাজ্য অসমৰ ক্ষেত্ৰতো এই কথা খাটে৷ মহাত্মা গান্ধীয়েও কৈ গৈছে, “ভাৰতবর্ষৰ আত্মাই ইয়াৰ গাঁওসমূহত বাস কৰে৷ সেই অনুসৰি, আমি আমাৰ ৰাজ্যখনৰ আত্মাও ইয়াৰ গ্ৰামাঞ্চলতে বাস কৰে বুলিব পাৰোঁ৷ সেয়েহে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ যথাৰ্থ উন্নতি অবিহনে যে ৰাজ্যখনৰ প্ৰগতি অসম্ভৱ, সেয়া সচেতন পাঠক মাত্ৰেই নিশ্চয় বুজি উঠিছে৷
লোকপিয়লৰ পৰিসংখ্যা অনুসৰি অসমৰ ২৬২৪৭ খন ৰাজহ গাঁৱত ৰাজ্যখনৰ মুঠ ছয়াশী শতাংশ লোকে বাস কৰে৷ স্বাভাৱিকতেই ৰাজ্যখনৰ আত্মা বুলিব পৰা এই গাঁওবোৰ সকলো দিশৰ পৰাই পোহৰাই তোলাৰ প্ৰয়াস কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ ৰাজ্যখনৰ ঊনসত্তৰ শতাংশ লোক জড়িত হৈ থকা কৃষি অৰ্থনীতিৰ অন্যতম ভেটিও এই গাঁওসমূহেই৷
কেৱল চৰকাৰৰ মুখলৈকে চাই নাথাকি, সচেতন সকলো নাগৰিকে, গাঁৱৰ পৰা ওলাই আহি জীৱিকাৰ স্বাৰ্থত চহৰবাসী--আন ৰাজ্যবাসী তথা প্ৰৱাসী ভাৰতীয় হোৱাসকলৰ লগতে গাঁওবাসীয়ে নিজেও সংঘবদ্ধভাৱে এই গাঁওবোৰৰ উত্তৰণত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ’ব পাৰিলে ভাল৷ শাৰীৰিক-মানসিক অথবা আৰ্থিকভাৱে--পাৰিলে কেউটা দিশতেই, নোৱাৰিলেও অন্ততঃ এটা দিশত হ’লেও সহায় আগ বঢ়োৱাৰ চিন্তা কৰাটোও জৰুৰী৷ বিশেষকৈ এই দিশত সংশ্লিষ্ট গাঁওসমূহৰ নতুন প্ৰজন্ম আগ বাঢ়ি আহিব লাগিব৷ তেওঁলোক সংঘবদ্ধ প্ৰচেষ্টাৰে আগ বািI.লে, গাঁও উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা সৎ, মংগলময় পদক্ষেপসমূহৰ প্ৰতি সংশ্লিষ্ট গাঁৱৰে জড়িত অথচ বৃত্তিসূত্ৰে গাঁৱৰ বাহিৰৰ বাস কৰা ইচ্চুকসকলৰ বাবেও এনে ধৰণৰ সহায় আগ বঢ়োৱাটো সহজ হৈ পৰিব৷ অৱশ্যে, গাঁৱৰ যথাৰ্থ উন্নয়নৰ বাবে গাঁৱতেই থকা আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত যুৱক-যুৱতীসকলে প্ৰথমেই যুক্তিনিষ্ঠতা তথা বিজ্ঞানমনষ্কতাক আদৰিব লাগিব৷ গাঁৱত আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা বা কম পৰিমাণৰ আনুষ্ঠানিক শিক্ষাহে লাভ কৰা কোনো লোক অথবা বিভিন্ন আনুষ্ঠানিক কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ লোৱা ব্যক্তি থাকিলে কোনো কোনো ক্ষেত্ৰত সংশ্লিষ্টগৰাকীৰ পৰাও যে আমি প্ৰয়োজনীয় জ্ঞান লাভ কৰিব পাৰোঁ, সেই কথাটোও নতুনচাম যুৱক-যুৱতীয়ে মন কৰিলে ভাল হ’ব৷ কাৰণ, বিভিন্ন বিষয়ৰ তথ্য জনা, আনুষ্ঠানিক শিক্ষা লাভ কৰি শিক্ষিত হোৱা আৰু সংশ্লিষ্ট বিষয়ত প্ৰায়োগিকভাৱে জ্ঞান লাভ কৰা --কেউটাৰ মাজত পাৰ্থক্য আছে৷ বিষয় এটাৰ কথাখিনি অধ্যয়ন আৰু হৃদয়ংগম কৰি লাভ কৰা জ্ঞান আৰু জীৱনৰ অভিজ্ঞতাৰ আধাৰত প্ৰাপ্ত জ্ঞানৰ সৈতে বহু ক্ষেত্ৰত কেৱল আনুষ্ঠানিক শিক্ষাৰ প্ৰমাণপত্ৰখনৰ দ্বাৰা পোৱা স্বীকৃতিক তুলনা কৰা নাযায়৷ ইয়াৰ বাদেও, জ্যেষ্ঠ নাগৰিকসকলৰ সকলোৰেই নহ’লেও অন্ততঃ একাংশৰ মাজত থকা প্ৰজ্ঞাৰ পৰিশীলনক আমি গুৰুত্ব দিবই লাগিব৷ বহু ক্ষেত্ৰত নতুন পুৰুষে পুৰণি প্ৰজন্মৰ লোকৰ মন্তব্যক গ্ৰহণ কৰাৰ ক্ষেত্ৰত পোনচাটেই অনীহা প্ৰদৰ্শনৰ বিভিন্ন অভিযোগ উঠাৰ প্ৰেক্ষাপটতে এই কথাষাৰ কৈছোঁ৷ মূল কথাটো হ’ল, গাঁওবোৰক প্ৰগতিৰ ৰঙেৰে জিলিকাবলৈ হ’লে গাঁওবাসী শিক্ষিত নতুনচাম যুৱক-যুৱতী সংঘবদ্ধ হ’বই লাগিব৷ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ’লেও-নহ’লেও, জ্যেষ্ঠ-কণিষ্ঠ-সমনীয়া নিৰ্বিশেষে সকলোৰে কথাবোৰ যুক্তিৰ আধাৰত বিবেচনা কৰিবই লাগিব৷ অৱশ্যে, এই কাম কৰিব লাগিব পৰস্পৰৰ প্ৰতি সন্মান আৰু মৰমৰ মনোভাৱেৰে, অত্যন্ত শালীনতাৰে আৰু সামূহিক মংগলময়তাৰ চিন্তা-চেতনাৰে৷

গাঁওবোৰত সাধাৰণতেই আমি নামঘৰ, মছজিদ আদি ধমীৰ্য় অনুষ্ঠানসমূহ আটকধুনীয়াকৈ নিমাৰ্ণ কৰাত গুৰুত্ব দিয়া দেখা যায়৷ কিন্তু, কেৱল নামঘৰ-মছজিদকেইটা সুন্দৰকৈ নিমাৰ্ণ কৰিলেই হ’বনে? যদিহে আমি সেই অনুষ্ঠানসমূহে দেখুওৱা মানৱতা, সম্প্ৰীতি আৰু যুক্তিনিষ্ঠ পথ কাৰ্যতঃ গ্ৰহণ নকৰোঁ! শংকৰদেৱে দেখুৱাই যোৱা বাটেৰে যথাৰ্থতেই গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অনুষ্ঠান হিচাপে, একেধাৰে ভাওনা-সবাহ--গীত-মাত--বাদ্যৰ চৰ্চা, ৰাজহুৱা বিচাৰ-সভা-সমিতি--আলোচনা সত্ৰ আদিৰো থলী হিচাপে যদি গাঁও এখনক আগুৱাই নিয়াৰ চিন্তাৰ বাহক হিচাপে আমি নামঘৰক গ্ৰহণ কৰোঁ, তেনেহ’লে ইয়াত আপত্তিৰ থল থাকিবই নোৱাৰে৷ কিন্তু, আজিৰ তাৰিখতো গাঁও এখনত যদি জাতি-জনগোষ্ঠীৰ নামত বিভিন্ন ‘খেল’ভেদে বা শংকৰদেৱৰ আদৰ্শৰে বিভিন্ন ‘পন্থা’ভেদে পৃথক পৃথক নামঘৰ নিমাৰ্ণ হয়, তেনেহ’লে আমাৰ যে ক’ৰবাত ভুল হৈছে; তাক বুজাত বিশেষ অসুবিধা নহয়৷ গাঁৱৰ সন্মানৰ চিন স্বৰূপ নামঘৰ একোটাক ভালদৰে গঢ়ি তোলাটো আমাৰ দায়িত্ব ঠিকেই, কিন্তু বছৰৰ মূৰত কেৱল বৰসবাহ বা ভাওনা একোখন পাতিবলৈকে অথবা ভাদ মাহৰ নাম-প্ৰসংগৰ বাবেই আমি নামঘৰটোক ব্যৱহাৰ কৰি থকাটো নিশ্চিতভাৱে সমীচিন নহয়৷ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বয়োজ্যেষ্ঠ তথা পুৰুষ-মহিলা সকলোৰে জীৱন সুন্দৰকৈ সজাব পৰাকৈ নামঘৰৰ মজিয়াখন ব্যৱহাৰ কৰাৰ কথা আমি জানো ভাবিব নোৱাৰোঁ?
কেৱল গাঁও পৰিচালনা সমিতি বা নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই গাঁওখনৰ উন্নতিৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিব নোৱাৰে, যদিহে গাঁৱৰ বাকীসকলে উচিত কথাত উজান নিদিয়ে৷ একাংশ গাঁৱত সক্ষম লোকেও নামঘৰৰ বাবে ধাৰ্য কৰা বাৰ্ষিক বৰঙণিখিনিও নিদিয়াৰ উদাহৰণ থকাৰ বিপৰীতে আন একাংশই ন্যস্ত স্বাৰ্থৰ বাবেই এনে উন্নয়ন সমিতিৰ ভাল কামসমূহৰো বিৰোধিতা কৰা পৰিলক্ষিত হয়৷ এনে ধৰণৰ কামবোৰত আজিকালি ৰাজনৈতিক দলৰ স্বাৰ্থৰে পৰিৱেষ্টিত হৈও এচামে উঠি-পৰি লগা দেখা যায়৷ এনেবোৰ কামত বিধি-পথালি দিয়াটো যে কোনো ধৰণেৰে ভাল কথা নহয়, সেই কথা যুৱচামেই সংশ্লিষ্টসকলক বুজাব পাৰিব লাগিব৷ আজিকালি একাংশ গাঁৱত একাংশ যুৱকেই সংখ্যাগুৰু হৈ কিছুসংখ্যক বিয়োগাত্মক কামত জড়িত হোৱা দেখা যায়৷ এনে পৰিস্থিতিত বিভিন্ন অসামাজিক কাৰকৰ বাবে সংখ্যালঘিষ্ঠ যুক্তিনিষ্ঠ চেতনাৰ যুৱকে মনে বিচৰা ধৰণেৰে গাঁৱৰ প্ৰগতিৰ কামত আগ বাঢ়িব নোৱৰাৰ দৰে ঘটনাও ঘটিছে৷ সেয়ে হ’লেও, আন একো কৰিব নোৱাৰিলেও সংখ্যালঘিষ্ঠভাৱেই গ্ৰহণ কৰিব পৰা প্ৰগতিশীল চেতনাৰ যোগাত্মক পদক্ষেপসমূহ তেওঁলোকে উপযুক্ত জ্যেষ্ঠসকলৰ সহযোগত গ্ৰহণ কৰিলে পলমকৈ হ’লেও আনসকলো তেওঁলোকৰ শুভংকৰ পদক্ষেপসমূহৰ প্ৰতি আকৰ্ষিত হোৱাৰ আশা নিশ্চিতভাৱে কৰিব পাৰি৷

আমাৰ ৰাজ্যৰে একাংশ গাঁৱত মূলতঃ ব্যক্তিগত ঈৰ্ষা-অসূয়াৰ বাবে বিভিন্ন ধমীৰ্য় পন্থাৰ দোহাই দি এচাম লোকৰ, একাংশ নিবনুৱা যুৱকৰ জীৱিকাৰ পথ কুকুৰা-গাহৰি-মাছ আদিৰ স্বাস্থ্যকৰভাৱে পালন তথা এইসমূহৰ বিক্ৰীৰ প্ৰসংগতো একাংশ লোকে বাধা দিয়াৰ ঘটনা ঘটিছে৷ কুকুৰাই হওক বা গাহৰি-মাছেই হওক খাব পাৰি, অথচ পুহিব বা বিক্ৰী কৰিব নোৱাৰি--এই কথা আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত আজিৰ যুৱক-যুৱতীয়ে মানি লোৱাটোৱেই বা মানি ল’বলগীয়া হোৱাটোৱেই অথবা এনে কথাৰ বিৰোধিতা নকৰাটোৱেই চৰম দুভাৰ্গ্যজনক৷ কেইবছৰমান আগেয়ে গুজৰাটৰ পৰা বছৰি পাঁচশ কোটি টকাৰ গাহৰি অসমলৈ আমদানি হয় বুলি জানি সচকিত হৈ পৰিছিলোঁ৷ তেনে পৰিস্থিতিত সামাজিকভাৱে কুকুৰা-গাহৰি-মাছ পোহা তথা বিক্ৰী কৰাৰ সূচল ব্যৱসায় ধমীৰ্য় পন্থাৰ দোহাই দি বন্ধ কৰাৰ প্ৰয়াসৰ যুক্তিনিষ্ঠ বিৰোধিতা আমাৰ শিক্ষিত যুৱক-যুৱতীচামে নকৰিলে অসমত নিবনুৱা সমস্যাৰ প্ৰকোপ কেনেদৰে বাঢ়িব, সেয়া সহজেই অনুমেয়৷
বহিঃৰাজ্যৰ পৰা এইসমূহৰ আমদানি তথা অনা-থলুৱা লোকৰ দ্বাৰা এইসমূহৰ বিক্ৰিৰ দ্বাৰা ৰাজ্যখনৰ পৰা কিমান হাজাৰ কোটি টকা বছৰি বাহিৰলৈ ওলাই যাব; সেই কথা আমাৰ শিক্ষিত যুৱক-যুৱতীচামে ভাবি চোৱা উচিত নহ’বনে? আমাৰ বহুতৰে মানসিকতাত এতিয়াও বৰ্তি থকা ‘খাব পাৰি, কিন্তু পুহিব অথবা বিক্ৰী কৰিব নোৱাৰি’ জাতীয় অযুক্তিকৰ চিন্তা-চেতনা আঁতৰাই পেলোৱাৰ বাবে গাঁৱৰ শিক্ষিত যুৱক-যুৱতীচামেই দায়িত্ব ল’ব লাগিব৷ বিভিন্ন প্ৰাকৃতিক দুযোৰ্গেৰে সদায় সংকটপূৰ্ণ হৈ থকা, নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত অনবৰতে ককবকাই থকাৰ উপৰি ইটোৰ পাছত সিটোকৈ বিভিন্ন জাতীয় সমস্যাই ভাৰাক্ৰান্ত কৰি ৰখা ৰাজ্যখনত এই ক’ভিড-১৯ৰ আতংকময় পৰিৱেশৰ পৰাও যদি আমি একো নিশিকি ‘কি খালে, কি পুহিলে, কি বিক্ৰী কৰিলে জাত যায়’--সেইবোৰ কথাত লাগি থাকোঁ; তেনেহ’লে কেতিয়াবাকৈ আমাৰ ৰাজ্যখন সঁচা অৰ্থত প্ৰগতিশীল হ’বগৈ পাৰিবনে?

একবিংশ শতিকাৰ তৃতীয়টো দশকৰ প্ৰাৰম্ভতো যদি আমি যুক্তিনিষ্ঠ চিন্তা-চেতনাৰ গৰাকী হ’বলৈ নিশিকোঁ, তাতকৈ আমাৰ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে বিয়োগাত্মক কথা আন একো নাই৷ মই আন্তৰিকতাৰে আশা কৰিম, ৰাজ্যখন--সমাজখন যুক্তিনিষ্ঠ, বিজ্ঞানসন্মত চিন্তা-চচাৰ্ৰে প্ৰগতিৰ পথত আগ বঢ়াই নিবলৈ যুৱচাম নিশ্চিতভাৱে আগ বাঢ়ি আহিব৷ এনে যোগাত্মক চিন্তাৰ নতুন প্ৰজন্মৰ পৰিকল্পনাৰ সফল ৰূপায়ণৰ আধাৰতেই জিলিকি উঠিব আমাৰ হেঁপাহৰ, তাহানিৰ সুজলা-সুফলা-শস্য-শ্যামলা গাঁওবোৰ!
(আগলৈ) , (লেখা সম্পৰ্কত মন্তব্য প্ৰেৰণৰ Whatsapp নম্বৰ: ৯৮৫৪৪-৩১৮৬৮)
No comments:
Post a Comment