চিন্তনঃ লকডাউনত অনলাইন শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতাৰ সন্তুলন ::আৰাধনা বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ লকডাউনত অনলাইন শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতাৰ সন্তুলন ::আৰাধনা বৰুৱা

চিন্তনঃ লকডাউনত অনলাইন শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতাৰ সন্তুলন ::আৰাধনা বৰুৱা

Share This
লকডাউনত অনলাইন শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতাৰ সন্তুলন
আৰাধনা বৰুৱা
:বাইদেউ পইচা আৰু কেইটামান পঠিয়াব পাৰিব নেকি? 


ফোনটোৰ সিপাৰে মোৰ ঘৰুৱা কামত সহায়কাৰী মহিলা গৰাকীয়ে ক’লে৷লকডাউনৰ কাৰণে কামলৈ আহিবলৈ দিয়া নাছিলো যদিও সময়মতেই দুদিনমান আগতে মাহিলী পাওনা খিনি আদায় দিছিলোঁহে৷ হঠাৎ আকৌ পইচা লগা হোৱাত মই অলপ আচৰিত হৈ সোধাত তেওঁ জনালে যে এটা স্মাৰ্টফোন কিনিব লগা হোৱাত দৰমহাৰ এপইচাও হাতত বাকী নৰ’ল৷ ক’ভিড ১৯ কাৰণে পাঠদান সমুহ অনলাইন কৰাৰ ব্যৱস্থা হৈছে৷স্বাস্থ্যসন্মত নিৰাপদ দুৰত্ব বজাই ৰাখিবৰ বাবে সহপাঠীৰ ঘৰলৈ গৈ নিতৌ পাঠগ্ৰহণ কৰাতো সম্ভৱপৰ নোহোৱাৰ বাবে ফোনটো কিনিব লগা হ’ল৷ কথাখিনিয়ে মোক কিছু ভৱাই তুলিলে৷

কৰ’নাৰ সংক্ৰমণে দিয়া গৃহবন্দীত্বই সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি,জনজীৱন স্থৱিৰ কৰিছে৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বৰ্ষ অধিক ক্ষতিগ্ৰস্ত নোহোৱাৰ উদ্দেশ্যেৰে অনলাইন পাঠদান ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হৈছে৷ প্লে’গ্ৰুপৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষালৈকে চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডতে এই ব্যৱস্থা আৰম্ভ হৈছে৷ ম’বাইল,কম্পিউটাৰ আদিৰ অধিক সময় ব্যৱহাৰ কৰিব লগা হোৱা কথাই অভিভাৱক সকলকো চিন্তাত পেলাইছে৷ আজি কিছুদিনৰ আগলৈকে আমি সন্তানক যিমান পৰা যায় এনে ইলেক্ট্ৰনিক মাধ্যম সমুহৰ সীমিত ব্যৱহাৰ কৰাৰ কথাই কৈ আছিলোঁ৷কাৰণ এনে মাধ্যমৰ অত্যাধিক ব্যৱহাৰে শৰীৰৰ ক্ষতি কৰাৰ উপৰিও মানসিক জটিলতাও সৃষ্টি কৰে৷মগজুৰ সক্ৰিয়তা আৰু সৃজনশীলতা কমায়৷ 


বৰ্তমান সময়ত প্ৰায়বোৰ অভিভাৱকৰ মুখতে শুনা যায় যে খেলাধুলা বাহিৰা কিতাপত কৈ টিভি বা ইউ টিউবৰ ৰাপ ল’ৰা ছোৱালীহঁতৰ অধিক হৈছে৷ কল্পনা প্ৰৱণতা প্ৰতি ব্যক্তিৰে জন্মগত বৈশিষ্ট্য৷ কল্পনাপ্ৰসূত বা কাল্পনিক পৃথিৱীত বিচৰণ কৰা, খেলাধূলা কৰা শিশুৰ স্বাভাৱিক আচৰণ৷ এনে নহয় যে সময়ৰ লগত কল্পনাপ্ৰৱণতা নোহোৱা হৈছে৷ কিন্তু কল্পনাপ্ৰৱণতাৰে নিজক সৃষ্টিশীল কৰি তোলাৰ মাধ্যমৰ ব্যৱহাৰ কম হৈছে৷ শিশুৱে স্বভাৱসুলভ সৰলতাৰে সাধু বা কাহিনী এতিয়াও ভাল পায়৷ কিন্তু ৰঙবিৰঙৰ কাৰ্টুন বা আন ভিডিঅ’বোৰত এনে সাধুকথাবোৰ সকলো সময়তে সহজলভ্য হোৱাৰ বাবে তেওঁলোক এই মাধ্যমৰ প্ৰতি বেছি আকৃষ্ট হয়৷ সাধুকথাৰ ৰূপহী ৰাজকুমাৰীজনী বা যাদুকৰী ৰথত সোনখটোৱা কাপোৰ পিন্ধি অহা ৰাজকুমাৰক নিজৰ মনৰ দৃষ্টিৰে কল্পনা কৰি লওঁতে হোৱা মগজুৰ ব্যায়াম আৰু প্ৰচেষ্টাই শিশুমনক সজীৱ আৰু উৰ্বৰা কৰি তোলে৷ সেই উৎকৰ্ষ সাধন কিন্তু টিভি আৰু য়ুটিউব চাই থকা ল’ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়। কাৰণ তেওঁলোকে ৰেডিমেডকৈ ৰূপকথাৰ জগতখন চকুৰ পচাৰতে স্ক্ৰীনত দেখা পায়, সেয়ে নিজে কল্পনা কৰাৰ কোনো অৱকাশেই নাথাকে৷ ব্যৱহাৰ নকৰাকৈ থকা কব্জাত মামৰ লগাৰ দৰে মগজুৰ ব্যৱহাৰৰ অনভ্যাসৰ ফলত মানসিক অৱসাদ বৃদ্ধি পায়৷ তাৰোপৰি শিশুসকলক ই ৰিয়েলিটিত কৈ ভাৰ্ছুৱেল পৃথিৱীৰ নাগৰিক কৰি তুলিছে৷ ফলত সামাজিক আচৰণবোৰত বিসংগতি সহজলভ্য দৃশ্য হৈ পৰা দেখা গৈছে৷ 

কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰয়োজনীয়তালৈ চাই অনলাইন মাধ্যমৰ ব্যৱহাৰ যিহেতু অগ্ৰাহ্য কৰিব নোৱাৰি সেয়ে এই গেজেটবোৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ আৰু সন্তানৰ সৃষ্টিশীলতাক সন্তুলিত কৰি বৰ্তাই ৰাখিবৰ বাবে কিছু সচেতনতাৰ প্ৰয়োজন হ’ব৷ 

• যিহেতু পাঠদান সমূহ পূৰ্বে নিৰ্ধাৰিত সময় সূচী মতেহে হয়, সেয়ে তাৰ ওপৰত ভিত্তি কৰি অভিভাৱকে সন্তানৰ লগত মিলি ম’বাইল বা কম্পিউটাৰ ব্যৱহাৰৰ এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা উচিত৷ আৰু কোনো কাৰণে যাতে এই সময়সীমা অতিক্ৰম নহয় তাৰ চেষ্টা কৰিব লাগে৷ সহজলভ্য ক্ষতিকৰ ৱেবছাইট বোৰ যাতে নোখোলে সেয়া অভিভাৱকে মাজে মাজে চোৱা উচিত৷ 

• পাঠদান চলি থকা সময়ৰ বাহিৰে বাকী সময়ত কাম কৰোঁতে ২০/৩০ মিনিটৰ মূৰত বাধ্যতামূলক ভাৱে বিৰতি লোৱা উচিত৷ তাৰ বাবে এলাৰ্ম দি ৰখাৰ ব্যৱস্থা কৰিব পাৰে৷ 

• সুস্থ খাদ্যাভাষ,ব্যায়াম সুস্থ মন আৰু শৰীৰৰ বাবে বৰ জৰুৰী৷ দৈনিক কমেও ২০ মিনিট সময় ঘাম নিৰ্গত হোৱাকৈ ব্যায়াম কৰা দৰকাৰ৷ শাৰীৰিক ব্যায়ামৰ লগে লগে মানসিক প্ৰশান্তিৰ বাবে প্ৰাণায়ম, ধ্যান বা প্ৰাৰ্থনাৰ অভ্যাস গঢ়ি তুলিব পাৰে৷ প্ৰাৰ্থনাৰ অভ্যাসৰ ধৰ্মীয় কাৰণ ক’ব নোখোজোঁ কিন্তু ধূপ আদিৰে সুগন্ধিত শান্ত নিস্তব্ধতাত চকু জপাই মনক প্ৰশান্তি দিয়াৰ ই এক নিৰ্ভৰযোগ্য উপায়৷ 

• ঘৰুৱা কাম কাজত সহায় কৰা, ন ন ৰন্ধন প্ৰকৰণ শিকা, পেলনীয়া আৰু সহজলভ্য বস্তুৰে সজাই থ’ব পৰা সুন্দৰ বস্তু তৈয়াৰ কৰা, টাবত হ’লেও এখন বাগিছা বনোৱা আৰু আপডাল কৰা, ৰাপ অনুসৰি ছবি অঁকা, গান শুণা, গীত-বাদ্যযন্ত্ৰৰ অভ্যাস কৰা, আদি কামত নিজকে নিয়োজিত কৰাৰ বাবে সন্তানক উৎসাহ দিয়া উচিত৷ 

• শিশুৰ কল্পনাপ্ৰৱণ মনটোক ভৱিষ্যতৰ সৃষ্টিশীল সম্পদৰ সৌধ হিচাপে গঢ়ি তোলাত কিতাপতকৈ শক্তিশালী আন একো মাধ্যম হ’ব নোৱাৰে৷ কিতাপৰ বৰ্ণনাক মনটোৱে নিজৰ ধৰণেৰে কল্পনা কৰি ল’ব পাৰে ফলত অনুসন্ধিৎসা আৰু সৃজনশীলতা বৃদ্ধি হয়৷ লিখাৰ কৌশল আয়ত্ত কৰা আৰু শব্দৰ ভঁৰাল চহকী কৰাৰ একমাত্ৰ উপায় হৈছে অধ্যয়ন৷ 

• অভিভাৱকে সদায়ে মনত ৰখা উচিত যে জোৰ কৰি জাপি দিয়া কোনো নিয়মেই সফল হ’ব নোৱাৰে৷ নিয়মানুৱৰ্তিতা সদায় স্ব নিয়ন্ত্ৰণ আৰু প্ৰচেষ্টাৰ ফলতহে সম্ভৱ হয়৷সেয়ে অভিভাৱকে সন্তানৰ লগত বন্ধুত্ব পূৰ্ণ আৰু মৰমেৰে উমাল সম্পৰ্ক গঢ়ি তোলক৷ নিয়ম বনাওঁতে সন্তানৰ লগলাগি বনাওঁক৷ভয় দেখুৱাৰ সলনি ভাল অভ্যাস প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰক৷সন্তানৰ যুক্তিপূৰ্ণ ইচ্ছাক বিবেচনা কৰি চাব লাগে৷ 

• এই নিয়মবোৰ কেৱল সন্তানৰ কাৰণেই নহয়৷ অভিভাৱকেও মানি চলা উচিত৷ অনাহকত টিভি, ম’বাইলৰ অত্যাধিক ব্যৱহাৰ নিজেও পৰিহাৰ কৰক৷ অভিভাৱকে নিজে হাতত এখন কিতাপ তুলি লোৱাৰ অভ্যাস কৰিলেহে সন্তানেও অনুকৰণ কৰিব৷ বহুতৰ ক্ষেত্ৰত দেখা গৈছে লকডাউনৰ সময়চোৱাত দৈনন্দিন সময় তালিকাৰ বহুত সালসলনি হৈছে৷ দেৰিকৈ শোৱা বা ৰাতিপুৱা বহু দেৰিলৈকে শুই থকা, অধিক মুখৰোচক খাদ্য গ্ৰহণ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আদিয়ে ব্যক্তিক শাৰীৰিক আৰু মানসিক ভাৱে ৰোগগ্ৰস্ত কৰি তুলিব পাৰে৷ সন্তানৰ লগত গুণগত সময় পাৰ কৰাত অভিভাৱক সকলে গুৰুত্ব দিয়ক৷ 


কভিড ১৯ ৰ আতংকৰ এই সময়চোৱাত মানসিক অস্থিৰতা বৃদ্ধি পাইছে,এংজাইটি,ডিপ্ৰেছন আদি বৃদ্ধি কৰিছে৷ মহামাৰীৰ আতংকৰ মাজত আমি নিজৰ মনটোক ধনাত্মক ভাৱে পৰিচালিত কৰিবৰ বাবে যোগাত্মক অভ্যাসক আদৰণি জনাওক আৰু নিজৰ লগতে সন্তানক কৰ’নাৰ লগত সহাৱস্থান কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলক৷

লেখিকা নগাঁও চহৰত কাউন্সেলিঙ চাইক’লজিষ্ট ৰূপে কৰ্মৰত
লেখিকাৰ 'সুখ-দুখ LIVE' ৰ আলোচনা 'লক-ডাউন আৰু মানসিক স্বাস্থ্যৰ' লিংকঃ
লেখিকাৰ পূৰ্ব প্ৰকাশিত প্ৰৱন্ধ পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/Aradhana%20Borruah?&max-results=6

No comments:

Post a Comment