মনৰ কথাঃ মৃত্যুৰ ধাৰাবিৱৰণী আৰু আমি মূঢ়মতি :: ৰাজীৱ কমল শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ মৃত্যুৰ ধাৰাবিৱৰণী আৰু আমি মূঢ়মতি :: ৰাজীৱ কমল শইকীয়া

মনৰ কথাঃ মৃত্যুৰ ধাৰাবিৱৰণী আৰু আমি মূঢ়মতি :: ৰাজীৱ কমল শইকীয়া

Share This
মৃত্যুৰ ধাৰাবিৱৰণী আৰু আমি মূঢ়মতি
ৰাজীৱ কমল শইকীয়া
আজি প্ৰায় চাৰিমাহ আমি কেৱল মৃত্যুৰ ধাৰাভাষ্য শুনি আছোঁ।উপায়ো নাই। অনুজীৱৰ ত্ৰাসত নিৰুপায় মানৱ কুল। দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী ব্যস্ত গৱেষণাগাৰত, যিমান পাৰি সোনকালে ৰোগটো নিৰ্মূল কৰি দিব পৰা ভেকচিন উদ্ভাৱনৰ, গৱেষণাত চৰকাৰ-প্ৰশসান নিৰবিচ্ছিন্ন ভাৱে ব্ৰতী দৰৱ নহালৈকে অতি দ্ৰুত সংক্ৰমণক, কি উপায়েৰে ৰোধ কৰিব পৰা যায় তাৰ কামত, তাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত কৰাত। অৰ্থনীতিক গতি দিবলৈ লকডাউন মাজে মাজে, ঠাই বিশেষে শিথিল কৰা হৈছে। বেছিকৈ আক্ৰান্ত ঠাই সমূহত লগডাউন কঠোৰ কৰা হৈছে। দেশো চলিব লাগিব, মানুহো বাচিব লাগিব।
খাটি খোৱা মানুহৰ কষ্ট বাঢ়িছে, চৰকাৰৰ লগতে প্ৰতি দায়িত্ববান প্ৰতিবেশীয়ে চকু দিব লাগিব, তেখেতসকলক যিমান পাৰোঁ সুৰক্ষিত হৈ, স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া নীতি-নিয়ম সমূহ পালন কৰিছোঁ, সহাৱস্থান কৰি, চলি আছোঁ আমি কিন্তু তাৰ মাজতে একাংশ লোক মুখাবৰণ অবিহনে বজাৰলৈ ওলাইছে, বেংক কিম্বা বজাৰত শাৰী পাতোতে শাৰীৰিক দূৰত্বৰ কথা পাহৰি গাত গা লগাই, ছৰী বা বেয়া নাপাব বুলি কৈ মৃদুকৈ কৃত্ৰিম হাঁহি এটি ওঁঠৰ কোণত বিৰিঙাই আতৰি গৈছে| একাংশ লোকে, ভিৰ সৃষ্টি কৰা বিভিন্ন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিয়েই আছে| ইমানৰ পিছতো যদি আমি নুবুজোঁ, কেতিয়া বুজিম ???

এফালে টুইটাৰ, ফেচবুক, বাতৰি-কাকত, ইলেকট্ৰনিক মেডিয়া, ডিজিটেল মেডিয়াত বৰ্দ্ধিত মৃত্যুৰ সংবাদ অথবা ধাৰাবিৱৰণী পঢ়ি আছোঁ, শুনি আছোঁ, চাই আছোঁ। আনফালে তাৰ পৰিপেক্ষিতত ল'ব লগা সাৱধানতা বাদ দিছোঁ। এতিয়া মাথোঁ আমি নিজৰ লগতে, বাচি থকা জীৱনবোৰহে বচাব লাগে। ভিৰ সৃষ্টি কৰি কৰিব লগা কামবোৰ ভেকচিন লোৱাৰ পিছত নিৰ্ভয় হৈ কৰি থাকিব পৰা হ'ব। ভৱিষ্যত দ্ৰষ্ট্ৰা বিশেষজ্ঞ সকলে নিৰ্ধাৰণ কৰি দিয়া নিয়ম-নীতি পালন কৰাটো অতি প্ৰয়োজনীয়, বৰ্তমান নিজৰ স্বাৰ্থ সুৰক্ষিত থাকিলে আমি আনৰ বিপদ যে নিজৰোঁ বিপদ সেয়া পাহৰি থাকোঁ। যেতিয়া আত্মীয় এজনৰ বিপদ দেখোঁ, তেতিয়া হে সম্বিৎ আহে। প্ৰকৃততে হৈ আছে কি... আমি ভাবোঁ!!!

আমি ভাবি চাব লাগিব- আমি য'ত বাস কৰোঁ তাত জনসংখ্যা অনুপাতে হস্পিতালৰ বিচনা বা আই চি ইউৰ সংখ্যা কিমান? ঈশ্বৰে নকৰক, যদি আমাৰ অসাৱধানতাৰ ফলত সৰহ মানুহ আক্ৰান্ত হয়? সকলোৱে সমানে চিকিৎসা পোৱাৰ সম্ভাৱনা থাকিব নে ? আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা? প্ৰসূতি মাতৃৰ পৰিসংখ্যা ? শিশুৰ ? মধুমেহ? ৰক্তচাপ জনিত ? বৃক্কৰ ৰোগ তথা অন্য গুৰতৰ ৰোগত ইতিমধ্যে ভোগী থকা মানুহৰ আনুমানিক সংখ্যা ? ইত্যাদি!

জীৱ-শ্ৰেষ্ঠ আমি, এই অহংকাৰ বাদদি স্বাভিমানেৰে সৈতে পণ লোৱা ভাল যে, এই ধাৰাবিৱৰণী সোনকালে বন্ধ কৰিবলৈ আমি নীতি-নিয়ম পালিম। আনলকত থাকিলেও, প্ৰয়োজনৰ বাদে ওলাই নুফুৰি আমি অনুজীৱ ত্ৰাসৰ প্ৰসাৰতা কমাই আনি নাইকিয়া কৰি দিম। নিজৰ লগতে, অন্য জীৱনকো সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব ল'ম।

খবৰ ওলাইছে- আশা কৰা হৈছে, যে আগষ্ট-ছেপ্টেম্বৰত Covaxin আৰু ZyCoV-D ভেকচিন আমাৰ বাবে সাজুহৈ উঠিব। গতিকে, তেতিয়ালৈকে অন্ততঃ আমি মূঢ়মতি, সমূহ মানৱৰ মংগলাৰ্থে সচেতন হওঁ আহক।
লেখক অসমৰ এগৰাকী সমাজ সচেতন কবি তথা মাজুলী নিবাসী এগৰাকী শিক্ষক ৰূপে সেৱাৰত।

No comments:

Post a Comment