গ্ৰন্থ আলোচনাঃ অসমীয়া ভাষাত এখনি ব্যতিক্রমী গ্রন্থ “শ্বেয়াৰ বজাৰ বুজোঁ আহক” - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ অসমীয়া ভাষাত এখনি ব্যতিক্রমী গ্রন্থ “শ্বেয়াৰ বজাৰ বুজোঁ আহক”

গ্ৰন্থ আলোচনাঃ অসমীয়া ভাষাত এখনি ব্যতিক্রমী গ্রন্থ “শ্বেয়াৰ বজাৰ বুজোঁ আহক”

Share This
অসমীয়া ভাষাত এখনি ব্যতিক্রমী গ্রন্থ 
“শ্বেয়াৰ বজাৰ বুজোঁ আহক” 
বিপুল শর্মা 
লেখক দিগন্ত কুমাৰ কাকতিৰ “শ্বেয়াৰ বজাৰ বুজোঁ আহক”অসমীয়া ভাষাত শ্বেয়াৰ বজাৰক লৈ লিখা এখন ব্যতিক্রমী গ্রন্থ। ২০০৩-০৪ চনত গৌতম প্রসাদ বৰুৱাই “আপুনিও কোটিপতি হ'ব পাৰে” নামেৰে এখন গ্রন্থ প্রকাশ কৰিছিল যদিও এতিয়া গ্ৰন্থখন বজাৰত পাবলৈ নাই। গ্রন্থখনৰ লেখক দিগন্ত কুমাৰ কাকতিয়ে শ্বেয়াৰ বজাৰ সম্পৰ্কীয় প্ৰায়বােৰ ধাৰণাৰ (Terms and Conceptions) বিষয়ে আলােচনা কৰাৰ উপৰিও টেক্স আৰু বিত্তীয় পৰিকল্পনাৰ বিষয়েও আলােচনা কৰিছে। 

অসমৰ অগ্রণী গ্রন্থ প্রকাশন প্রতিষ্ঠান গুৱাহাটীৰ ষ্টুডেন্ট ষ্টোৰচে প্রকাশ কৰা গ্ৰন্থখনৰ পাতনি লেখিছে বিশিষ্ট অর্থনীতিবিদ তথা গুৱাহাটী IIE (Indian Institute of Entrepreneurs) ৰ প্রাক্তন সঞ্চালক ডঃ সুনীল কুমাৰ শইকীয়াই। ডঃ শইকীয়াই লিখিছে“বিশেষকৈ শ্বেয়াৰ মার্কেট, মিউচুৱেল ফাণ্ড আদিৰ জৰিয়তে কেনেকৈ একোজন ব্যক্তি বিশেষভাৱে লাভৱান হ'ব পাৰে, সেই বিষয়ে অধ্যাপক দিগন্ত কুমাৰ কাকতিয়ে অতি সহজ-সৰল ভাষাত “শ্বেয়াৰ বজাৰ বুজো আহক” নামৰ এখন সুন্দৰ কিতাপ অসমীয়া সমাজলৈ আগবঢ়াইছে। এই কিতাপখন প্রতিজন অসমীয়া ব্যক্তিৰ বাবেই, বিশেষকৈ আমাৰ উঠি। অহা প্ৰজন্মৰ বাবে অতি প্রয়ােজনীয় সম্বল হ'ব বুলি ক'ব পাৰি। অধ্যাপক কাকতিয়ে এই কিতাপখনত সকলাে দিশ সামৰি পুংখানুপুংখকৈ অর্থাৎ শ্বেয়াৰ মার্কেট মানেনাে কি? কেনেকৈ ইয়াত টকা বিনিয়ােগ কৰিব লাগে, শেয়াৰ মার্কেটত বিনিয়ােগ কৰি কেনেদৰে লাভৱান হ'ব পাৰি, এই ধৰণৰ কথাবােৰ উদাহৰণ সহকাৰে বৰ সুন্দৰকৈ বুজাই দিছে। আশা কৰোঁ এই কিতাপখনৰ পৰা আমাৰ সমাজৰ চাকৰিয়াল, ব্যৱসায়ী, অৱসৰপ্ৰাপ্তব্যক্তি, যুৱক-যুৱতী আৰু আনকি গৃহিনী, উঠি অহা প্রজন্ম সকলােৱেই লাভান্বিত হ’ব পাৰিব।”
গ্ৰন্থ-আলোচনা 

কিতাপখনত লেখকে প্রথম অধ্যায়ত ধন বিনিয়ােগৰ বিভিন্ন আহিলাবােৰ যেনে বেংকৰ ফিক্সড ডিপজিট, ৰেকাৰিং ডিপজিট, পষ্ট অফিচৰ বিভিন্ন সঞ্চয় আঁচনিবােৰ, নেচনেল ছেভিংচ চার্টিফিকেট, পাব্লিক প্রভিডেণ্ড ফাণ্ড, নেচনেল পেনচন স্কীম, মিউচুৱেল ফাণ্ড, ইউলিপ আদি আঁচনিবােৰৰ বৈশিষ্ট্য আৰু এইবােৰ আঁচনিৰ পৰা পাব পৰা সম্ভাৱ লাভালাভৰ বিষয়ে আলােচনা কৰিছে।

ইয়াৰ পাছৰ অধ্যায়বােৰত লেখকে শ্বেয়াৰ বজাৰ কি আৰু ই কেনেদৰে কাম কৰে, শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফাণ্ডৰ সম্পক, শ্বেয়াৰ বজাৰত বিনিয়ােগৰ প্রথম পদক্ষেপ বা শ্বেয়াৰ বজাৰত কেনেকৈ বিনিয়ােগ কৰিব পাৰি আৰু আমি কি কাৰণে আমাৰ সঞ্চয়ৰ একাংশ ধন শ্বেয়াৰ বজাৰত বিনিয়ােগ কৰিব লাগে, বিনিয়ােগৰ বাবে ভাল শ্বেয়াৰ কেনেদৰে বাচিব পাৰি, শ্বেয়াৰ বজাৰত একাংশ বিনিয়ােগকাৰীৰ কি কাৰণে লােকচান হয় এই দিশবােৰ বিতংভাৱে আলােচনা কৰা হৈছে। ইয়াৰ পাছৰ তিনিটা অধ্যায়ত তিনিটা অতি প্রাসঙ্গিক বিষয় ৰাইজৰ মাজত বিত্তীয় সাক্ষৰতা, জ্ঞান আৰু সচেতনতাৰ প্ৰয়ােজনীয়তা, বিত্তীয় পৰিকল্পনাৰ প্ৰয়ােজনীয়তা, বিনিয়ােগৰ সময়ত সন্মুখীন হােৱা বিভিন্ন সমস্যা বা অভিযােগৰ কেনেদৰে প্রতিকাৰ কৰিব পাৰি এই বিষয়ে আলােচনা কৰা হৈছে। শেষৰ অধ্যায়ত লেখকে কেইজনমান বিশিষ্ট শ্বেয়াৰ মার্কেট বিনিয়ােগকাৰীয়ে কিদৰে সফলতা লাভ কৰিছিল এই বিষয়ে চমুকৈ আলােচনা কৰিছে। 

কিতাপখনত ভাৰতৰ শ্বেয়াৰ বজাৰৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে মন্তব্য কৰি লেখক কাকতিয়ে বিশিষ্ট বিনিয়ােগকাৰী তথা বম্বে ষ্টক এক্সেঞ্জৰ ৰমেশ দামানীৰ উদ্ধৃতি দি কৈছে যে যােৱা বিশ-পঁচিশ বছৰত ভাৰতৰ শ্বেয়াৰ বজাৰ বছৰি গড়ে প্রায় ১৫ শতাংশ লৈ বাঢ়িছিল আৰু দামানীৰ মতে অহা বিশ বছৰমানলৈ ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা আগতকৈ ভাল লাভ হােৱাৰ আশা আছে। 

গ্ৰন্থখনত কাকতিয়ে আজিম প্রেমজী মালিকানাধীন Wipro নামৰ Information Technology কোম্পানীটোৱে ১৯৮০ চনত বিনিয়ােগকাৰীয়ে বিনিয়ােগ কৰা ১০,০০০ টকা কেনেদৰে ৩০-৪০ বছৰৰ ভিতৰত ৬০০-৭০০ কোটি টকা হ'লগৈ তাকে প্রামাণিকভাৱে বৰ্ণনা কৰিছে। 

এনেদৰে শ্বেয়াৰ বজাৰত কৰা বিনিয়ােগৰ পৰা প্ৰচুৰ লাভ হােৱাৰ সম্ভাৱনা থকা আৰু সেই সম্ভাৱনাৰ সুবিধা অসমীয়া ৰাইজে যাতে ল'ব পাৰে সেই বিষয়ে ৰাইজক সচেতন কৰিবৰ বাবে কিতাপখন লেখা বুলি লেখকৰ একাষাৰত লেখকে উল্লেখ কৰিছে আৰু আমাৰ দৰে কিছু জ্যেষ্ঠ বিনিয়ােগকাৰীয়ে শ্বেয়াৰ বজাৰত বিনিয়ােগ কৰিবলৈ আগবাঢ়ি আহিছে সেইসকলে অন্ততঃ শ্বেয়াৰ বজাৰৰ কার্যপ্রণালী, ইয়াৰ পৰা হ'ব পৰা লাভ-লোেকচান সম্পর্কে প্রাথমিক ধাৰণবােৰ এই কিতাপখন পঢ়িলে লাভ কৰিব বুলি আমি আশা কৰোঁ। 

ওপৰৰ আলােচনাৰ পৰা আমি এটা কথাই ক'ব পাৰাে যে, বিত্তীয় বিষয়বােৰত আমাৰ মানুহে কথাবােৰ আমাৰ মাধ্যমৰ বাহিৰত বুলি ভাবিয়েই বিষয়টোত সিমান গুৰুত্ব নিদিয়ে বা টকা-পইচাৰ অভাৱনাে ক’ত আঁতৰিব, সময়ত যি হয় হ’ব বুলি গা এৰা দি থাকে। কিন্তু সময়ত অর্থাৎ ল'ৰা-ছােৱালীৰ বিয়া বাৰু, পৰিয়ালৰ কাৰােবাৰ গুৰুত্বৰ চিকিৎসাৰ সময়ত আমি সদায় বিপদত পৰাে। অথচ মাহে অতি কমকৈ হলেও শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডত জমা হলে এটা সময়ত যে সেই টকাই আমাৰ প্ৰায়বােৰ প্রয়ােজনীয় অভাৱেই পূৰণ কৰিব পৰা যাব সেই কথা গ্ৰন্থখন পঢ়িলে পৰিষ্কাৰকৈ বুজিব পাৰি। 

কিতাপৰ নামঃ “শ্বেয়াৰ বজাৰ বুজো আহক” 
লেখকঃ দিগন্ত কুমাৰ কাকতি ষ্টুডেন্ট ষ্ট'ৰ, গুৱাহাটী।
মূল্যঃ ৮০.০০ টকা। প্রকাশ নবেম্বৰ, ২০১৯
সুখ-দুখত প্ৰকাশিত আন আন গ্ৰন্থ আলোচনা পঢ়াৰ বাবে লিংকঃ https://www.xukhdukh.com/search/label/BOOK-DISCUSSION
প্ৰকাশৰ বাবে গ্ৰন্থৰ খবৰ তথা আলোচনা পঠাবলৈ ই-মেইলঃ xukhdukh@gmail.com

No comments:

Post a Comment