ৰক্তিম শৰ্মা
মিঞা শব্দটোৰ সৈতে আমি এইকাৰণেই সহমত নহও যে এই শব্দটোৰে 'মুছলমান নিৰ্যাতিত’ সূত্ৰৰে এচামে 'মুছলমান ব্ৰাদাৰহুদ' ধৰণৰ পৰিচয়মূলক ৰাজনীতি কৰিব বিচাৰিছে আৰু শত্ৰু হিচাপে চিহ্নিত কৰিছে খিলঞ্জীয়া অসমীয়াক ৷ ইয়াৰ লগে লগে এক বংগীয় জাতীয়তাবাদ তলে তলে শিপাবলৈ লৈছে৷
বংগৰ পৰা আমদানি হোৱা এই কচৰৎ আৰম্ভ কৰিছে গৰ্গ চেটাৰ্জী হ’তৰ দৰে এচাম উগ্ৰ বঙালী জাত্যাভিমানীয়ে ৷ খিলঞ্জীয়া অসমীয়া মানে বৃটিছ শাসনৰ পূৰ্বে অসমত যুগ যুগৰ পৰা ঐতিহাসিকভাৱে বসবাস কৰি অহাসকল যিসকলৰ সামাজিক-সাংস্কৃতিক মিলনেৰে অসমীয়া জাতিৰ সৃষ্টি ৷ বৃটিছ যুগৰ পৰা ধাৰাবাহিকভাৱে প্ৰব্ৰজিত সকলে অসমীয়া ভাষা গ্ৰহণৰ দ্বাৰা এই অসমীয়া পৰিচয় গ্ৰহণ কৰিছে যদিও সামাজিক একীভৱনৰ পৰা এতিয়াও বহু যোজন দূৰত অৱস্থান কৰিছে ৷ কব পাৰি যে বিভিন্ন কাৰকে এই একীভৱনত বাধা দি ৰাখিছে ৷
বংগৰ পৰা আমদানি হোৱা এই কচৰৎ আৰম্ভ কৰিছে গৰ্গ চেটাৰ্জী হ’তৰ দৰে এচাম উগ্ৰ বঙালী জাত্যাভিমানীয়ে ৷ খিলঞ্জীয়া অসমীয়া মানে বৃটিছ শাসনৰ পূৰ্বে অসমত যুগ যুগৰ পৰা ঐতিহাসিকভাৱে বসবাস কৰি অহাসকল যিসকলৰ সামাজিক-সাংস্কৃতিক মিলনেৰে অসমীয়া জাতিৰ সৃষ্টি ৷ বৃটিছ যুগৰ পৰা ধাৰাবাহিকভাৱে প্ৰব্ৰজিত সকলে অসমীয়া ভাষা গ্ৰহণৰ দ্বাৰা এই অসমীয়া পৰিচয় গ্ৰহণ কৰিছে যদিও সামাজিক একীভৱনৰ পৰা এতিয়াও বহু যোজন দূৰত অৱস্থান কৰিছে ৷ কব পাৰি যে বিভিন্ন কাৰকে এই একীভৱনত বাধা দি ৰাখিছে ৷
অসমৰ সমাজখন সামন্তবাদৰ পৰা মুক্ত নহয় আৰু তাৰবাবেই সামান্তযুগীয় ত্ৰুটিবোৰ জীয়াই আছে ৷ এটা সম্প্ৰদায়ৰ সৈতে আনটো সম্প্ৰদায়ৰ সামাজিক দূৰত্ব এতিয়াও আছে ৷ সুবিধা পালেই
সম্প্ৰদায়ৰ নাম লৈ উপলুঙা প্ৰায় প্ৰতিটো জনগোষ্ঠীয়েই ইটোৱে সিটোক কৰি আহিছে ৷ বামুন- কায়স্থই কচাৰীক, কচাৰীয়ে গাৰোক, গাৰোই ৰাভাক, কোচে কচাৰীক, আহোমে চুতীয়াক, মৰাণে আহোমক , সকলোৱে মিলি বামুনক উপলুঙা-বিদ্ৰুপ আদি সমাজত চলি অহা বিষয় ৷ আনকি অমুক চুবুৰীটোক, অমুক জিলাখনক , কামৰূপীখিনিক ঢেকেৰী আদিৰ শেষ নাই ৷ ইজনে সিজনৰ অনুন্নয়নৰ বাবে আনটোক গালি দিছোঁ ৷ কিন্তু আমাৰ মাজত ইমানবোৰ ভিন্নতা থকাৰ পিছতো কিন্তু উমৈহতীয়া বিষয়ত আমি বেছিভাগেই একেলগে আগবাঢ়িছোঁ ৷
শাসকশ্ৰেণীৰ হিন্দুকেন্দ্ৰিক অসমীয়া উগ্ৰ জাত্যাভিমান ৰ বাবে জনগোষ্ঠীয় উত্থান হৈছে ৷ কিন্তু কেৱল এইটো কাৰণেই নে ? জনগোষ্ঠীসকলৰ সংৰক্ষণ আন্দোলন কেৱল এটা কাৰণেই নহয় ৷ ভাৰতৰ দৰে এক ৰাষ্ট্ৰব্যৱস্থাত য’ত সমবিকাশ সম্ভৱ নহয় তাত ক্ষূদ্ৰ ক্ষূদ্ৰ প্ৰান্তীয় শক্তিবোৰে নিজৰৰাজনৈতিক-অৰ্থনৈতিক-সাংস্কৃতিক উন্নতিৰ বাবে চিন্তা কৰাটো স্বাভাৱিক ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰবাদী শক্তিৰ উচটনি আছেই ৷ আন এক মুখ্য কাৰণ ব্যাপক হাৰত বৈধ-অবৈধ প্ৰব্ৰজন ৷ এই কাৰণবোৰ সময়ে সময়ে সলনি হৈছে ৷ পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ অস্বাভাৱিক হাৰৰ বাবেই জনজাতিসকলে আজি অসমীয়া একক পৰিচয়ত থাকিব বিচৰা নাই৷ তেওঁলোকৰ নিজা গোষ্ঠীজ পৰিচয়তে সীমাবদ্ধ থাকি নিজৰ অস্তিত্ব ৰক্ষা কৰিব খুজিছে ৷ জনগোষ্ঠীবোৰৰ মাজত মধ্যশ্ৰেণীৰ সৃষ্টিৰ ফলত তেওঁলোকৰ মাজতো ক্ষমতাকেন্দ্ৰিক ৰাজনীতি চলিছে৷ এইবোৰে আমাৰ মাজত বিভেদ আনি আমাৰ উমৈহতীয়া শত্ৰুবোৰক লাভান্বিত কৰিছে ৷
পূৰ্ববংগীয় মূলৰ মুছলমানৰ মাজতো শিক্ষিত মধ্যশ্ৰেণীৰ আৱিৰ্ভাৱ হৈছে আৰু স্বাভাৱিকতেই ক্ষমতাৰ ৰাজনীতি চলি আহিছে ৷ অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে বহুত নেতৃত্ত সলনি হ’ল আৰু স্বাভাৱিকতেই ’মিঞা-ৰাজনীতি’ ৰে অশিক্ষিত মানুহখিনিৰ ভোট আদায়ৰ কৌশল চলি আহিছে ৷ নতুন নতুন ৰাজনৈতিক কাৰ্ড বজাৰত আহিছে ৷ যেনে, মিঞাই মাতৃভাষা বাংলা লিখিব লাগে, আই এম ডি টি, ডি ভোটাৰ , এন আৰ চি আদি ৷ অসমৰ কোনো তেওঁলোকৰ বিপদৰ সময়ত থিয় হোৱা নাই নে ? কমসংখ্যক হ’লেও নিশ্চয় আছে ৷ কিন্তু বিদেশী খেদা আন্দোলনৰ পৰা আজিলৈ যিবোৰ ৰাজনৈতিক ঘটনাক্ৰম সেইবোৰে এনে এক পৰিবেশ তৈয়াৰ কৰা নাই যে কোনো জাতীয় সংগঠনে ডি-ভোটাৰৰ নামত ভাৰতীয় লোক হাৰাশাস্তিৰ বিৰূদ্ধে ষ্পষ্টকৈ বিৰোধ কৰিব ৷ এইবোৰ সমস্যাক জীয়াই ৰাখিব খোজা হৈছে ৷ কোনে জীয়াই ৰাখিছে অকনমান চিন্তা কৰিলেই উত্তৰটো ওলায় ৷ কিন্তু লাফিকূলৰ হত্যাত যেনেকৈ সকলো অসমীয়াই বিৰোধ কৰিছিল সেয়া এক উল্লেখযোগ্য দিশ আছিল ৷
নেলীৰ হত্যাকাণ্ড ইতিহাসৰ ক’লা দাগ। এইখিনি মানুহ যে প্ৰকৃততে শত্ৰু নহয় সেয়া জাতিটোক উপলব্ধি কৰাবলৈকে পৰাগ কুমাৰ দাসে চৰ চাপৰিলৈ গৈ মানুহখিনিক জাতীয় সংগ্ৰামত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল ৷ এটা কথা জানি থোৱা ভাল যে নেলীৰ হত্যাৰ যেনেকৈ কোনো বিচাৰ নহ’ল পৰাগ দাসৰ হত্যাৰো বিচাৰ নহ’ল। বিচাৰ নহ’ল জাতীয় সংগ্ৰামত ৰাষ্ট্ৰবাহিনীৰ হাতত হোৱা বহু মুক্তহত্যাৰো ৷ অৰ্থাৎ এইবোৰ সংঘাতৰ আঁৰৰ শক্তিবোৰক চিনাক্ত নকৰি অসমীয়াক জেনোফ’বিক বুলি বাহিৰত বৰঢোল বজাই গৰ্গহ’তৰ শিবিৰত অৱস্থান লোৱা নাই নে ? কিছুদিনৰ পৰা এক বিশেষ বাগধাৰাৰ সৃষ্টিৰে অসমৰ সমাজখনত যে বিষ ঢালিবলৈ চেষ্টা চলিছে সেয়া চোছিয়েল মিডীয়াত নজৰ দিলেই পোৱা যায়।
বিভেদৰ মাজতো একতাৰ নিদৰ্শনেৰে অসমীয়াই যুগ যুগ ধৰি জীয়াই আছে ৷ সামাজিক দূৰত্ব অসমীয়া সমাজত আছিল বাবেই আহোম আৰু কোচ প্ৰশাসনত ভিন্ন সম্প্ৰদায়ক ভিন্ন গাঁৱ-চুবুৰীত স্থাপন কৰা হৈছিল ৷ জনগাঁথনি সম্পৰ্কত বৰ বেছি ষ্পৰ্শকাতৰ অসমৰ সমাজ ৷ অসমীয়া সমাজৰ এই?ধমনীক নুবুজি শাসকশ্ৰেণীয়ে বা এচাম দালালে পূৰ্ববংগীয়মূলৰ মুছলমান শ্ৰমিকক আনি য’ত ত’তে বহুৱালে ৷ ৰাতিৰ ভিতৰতে গাঁও সৃষ্টি হ’ল ৷ এইবোৰে অসমীয়াক শংকিত কৰিলে ৷ ফলত জনগাঁথনিৰ পৰিৱৰ্তন হ’ল আৰু এচামৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে সুচল পৰিবেশ তৈয়াৰ হ’ল।
আমাৰ মাজত ভিন্ন নীতি-নিয়ম, জীৱনশৈলীৰ বাবে সামাজিক দূৰত্ববোৰ আছিল ৷ বামুনগাঁও, কোচপাৰা, গৰিয়াপাৰা আদি নাম কিয় ? আহোম-কোচ ৰজাই জানিছিল বাবেই ভিন্ন সম্প্ৰদায়ৰ লোকক ভিন্নকৈ ৰাখিছিল৷ কিন্তু ৰজাৰ কামত সবেই একেলগে যোগ দিছিল ৷ বাঘহাজৰিকা, ৰূপাই দাধৰা আদি প্ৰমাণ ৷ আজিৰ পৰা কিছুবছৰ আগতে মই এঘৰ মুছলমান বন্ধুৰ ঘৰত আশ্ৰয় লৈ আছিলোঁ ৷ বন্ধুৰ মাকে মোক ৰাতি ভাত নিদিয়ে ! বামুনৰ ল’ৰাক ভাত খুৱালে গুনাহ হব হেনো ! মোৰ আইতাই মোক্তাৱত চাকৰি কৰিছিল। নৈস্তিক ব্ৰাহ্মণ বিধৱা ! আইতাক কোনেও একো নাযাচিছিল ৷ অথচ কিমান গভীৰ সম্পৰ্ক আছিল ! আমি চহৰমুখী হ’লো ৷ সাম্প্ৰদায়িক অহমিকা বাঢ়িল ৷ মানুহৰ সেই চৰিত্ৰ কিন্তু সংশোধন নহ’ল। তাৰোপৰি অপৰাধবোৰৰ বাবে মুছলমানসকলক শংকা কৰা হ’ল ৷ প্ৰপাগাণ্ডাবোৰ আছেই ! আজিৰ দিনত বুজাবুজিবোৰো কমিছে ! প্ৰব্ৰজিতসকলৰ ভিন্ন ভাষা-ভিন্ন সংস্কৃতি আৰু জনসংখ্যা বৃদ্ধি , অপৰাধ আৰু ৰাজনৈতিক কথাবোৰত এইবোৰ বাঢ়িছে। সেইবুলি আজিও থলুৱাসকলৰ মাজত ভাতৃত্ববোধ কমা নাই। পূৰ্ববংগীয়মূলৰ মুছলমানসকলক সহজভাবে লব নোৱাৰাটো সঁচা ৷ অৱশ্যে নতুন শিক্ষিত প্ৰজন্মৰ মাজত এইবোৰ সংকীৰ্ণতা কমিছে ৷ আমি আশাবাদী হব লাগিব ৷
আমাৰ সমাজত হেজাৰ বিভিন্নতা থকা স্বত্বেও সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰত আমি কিন্তু ইজনে সিজনক এৰাই চলিব নোৱাৰোঁ ৷ কোনো এটা সম্প্ৰদায়ক এৰাই চলাতো অসম্ভৱ ৷ য’ত আজি বিশ্বত কোনো এখন দেশেই কোনো এখন দেশক এৰাই চলিব নোৱাৰা পৰিস্থিতি ৷ পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ এচাম সম্পূৰ্ণকৈ অসমীয়া সমাজত জাহ গৈছে ৷ গৰিষ্ঠসংখ্যকে এতিয়াও পৰা নাই ৷ কাৰণ মাথো এটা নহয়৷ একমাত্ৰ কাৰণ বুলি মূলসুতিৰ অসমীয়াক সদায় দোষাৰোপ কৰি থকা মানে আন কাৰণবোৰক উপেক্ষা কৰা ৷ সমাজবিজ্ঞানী সকলৰ মতেও প্ৰব্ৰজনকাৰী সম্প্ৰদায় এটাই নিজস্বতা ত্যাগ কৰি সেই ভূমিৰ সংস্কৃতিত জাহ যাবলৈ এশ বছৰ সময় যথেষ্ট নহয় ৷ ঐতিহাসিকভাৱে অসমৰ সমাজ প্ৰব্ৰজিত সমাজ ৷ ই এক একক পৰিচয়ত উপনীত হবলৈ হেজাৰ বছৰ সময় লৈছে ৷ অৱশ্যে গৰিষ্ঠসংখ্যকৰ মাজত অসমীয়া সমাজত বিলীন হোৱাৰ আকাংক্ষা এতিয়াও আছে ৷
পূৰ্ববংগীয় মুছলমান সকল অসমৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ তাত কোনো সন্দেহ নাই ৷ অসমৰ সাধাৰণ মানুহে কৃষি কৰ্ম-উৎপাদন ক্ষেত্ৰত তেওঁলোকক জড়িত কৰিছিল আৰু আজি তেওঁলোক নিজেই কৃষি-স্বাৱলম্বী ৷ অসমীয়া সমাজে তেওঁলোকক মৰ্যাদাও দিছে ৷ জাতীয় সংগঠন অসম সাহিত্য সভাই গঠন কৰা চৰ-চাপৰি সাহিত্য পৰিষদৰ পৰা নানান সামাজিক ক্ষেত্ৰত তেওঁলোকৰ শিক্ষিতই আগভাগ লৈছে ৷ চাকৰি-বাকৰি-ঠিকা-ঠুকুলি-খুচুৰা ব্যৱসায় আদি সকলোতে অসমীয়া সমাজৰ সৈতে একেলগে আগবাঢ়িছে ৷ ’অসমত মিঞাই কিয় চাকৰি পাব ’ বুলি কোনোৱে প্ৰশ্ন কৰিছে জানো ? ৰেলৰ চাকৰি বিহাৰ-ইউপিৰ লোকে কিয় পাব বুলিহে আন্দোলন হৈছে ৷
সময়ে সময়ে বিদেশীৰ সন্দেহত পূৰ্ববংগীয় মুছলমান নিগ্ৰহ হৈছে ৷কিন্তু এনেতো নহয় যে য’তে গৈছে তাতেই প্ৰতিৰোধৰ মুখামুখী হৈছে ? কিন্তু অসমত লাখ লাখ বাংলাদেশী থকাৰ পৰিসংখ্যাবোৰ অসমীয়াৰ মগজুৰ ফচল নে ? কোনে দিছিল পৰিসংখ্যাবোৰ ? দাঢ়ি-টুপী দেখিলেই বিদেশী বুলি আখ্যা দিয়াৰ কাৰণ কি ? চেনেলবোৰে অহৰহ বজাই থকা নিউজবোৰেই নহয়নে ? অসমত বিদেশীৰ কথা ক’লেই পূৰ্ববংগীয় মূলৰ নেতাসকলে গা পাতি লয় আৰু ৰক্ষণাবেক্ষণৰ ভাও জুৰি ৰাজনীতি আৰম্ভ কৰি দিয়ে ৷ ঠিক যেনেদৰে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কিছুমান জাতীয় সংগঠনে সুবিধাজনক অৱস্থান লয় ৷ অসমত যেনেকৈ পূৰ্ববংগীয় মুছলমান নিগ্ৰহ হৈছে তেনেদৰে পূৰ্ববংগীয় মুছলমানৰ হাতত খিলঞ্জীয়া লোক নিগ্ৰিহীত হোৱাৰ উদাহৰণ কম নহয়। সেইবোৰ কিন্তু আলজাজিৰাত বাতৰি হোৱাগৈ নাই ! সকলো সম্প্ৰদায়-গোষ্ঠীৰ মাজত এচাম সংকীৰ্ণ-অবিবেচক লোক থাকেই ৷ ৰাজনৈতিক উচটনিত এচাম লোক সহজেই ভোল যায়৷
এতিয়া কথাটো হ’ল আমি কি কৰা উচিত ? উপৰোক্ত বিশ্লেষণত হয়তো কিছু অনাকাংক্ষিত ত্ৰুটি থাকিব পাৰে কিন্তু আমি কাকো তোষামোদ কৰিব নিবিচাৰি নিৰ্মোহভাৱে চাব খোজো৷ অন্যথা সঠিক সমাধানৰ বাট সদায় ধুসৰ হৈ ৰব ৷ আমি আমাৰ পিছৰ প্ৰজন্মলৈ এইবোৰ সমস্যা এৰি থৈ যোৱাৰ পক্ষপাতি নহয়। তেনেহ’লে বাট ক’ত ? বাট এটা উলিয়াব লাগিব ৷ আনলৈ দোষ ঠেলি, অমুকক বাদ দি তমুকক বাদ দি আমি বাট উলিয়াব নোৱাৰো ৷ আমি আগতেই কৈছো যে পূৰ্ববংগীয় মুছলমান অসমীয়া জাতীয় পৰিচয়ৰ গুৰুত্বপূৰ্ণ অংগ ৷ এইসকলে মাতৃভাষা অসমীয়া বুলি পৰিচয় নিদিয়াহেতেন আমি হয়তো বাংলা মাধ্যমত লিখা পঢ়া কৰিব লাগিলহেতেন ৷ উৎপাদন ক্ষেত্ৰতো তেওঁলোক গুৰুত্বপূৰ্ণ ৷ আকৌ জনসংখ্যাৰ ফালৰ পৰা চালে তেওঁলোকৰ TFR খিলঞ্জীয়া জনগোষ্ঠীৰ তুলনাত প্ৰায় আঢ়ৈগুণ বেছি ৷ ৰাজনৈতিক ক্ষমতা-অধিকাৰ আদি যিহেতু সংখ্যাৰ খেল গতিকে আমি সংখ্যাক অস্বীকাৰ কৰিব নোৱাৰোঁ ৷ অসমৰ খিলঞ্জীয়া লোকে ত্ৰিপুৰীৰ দৰে দশা হবলৈকো ৰাজি নহয় ৷ সেয়ে এক উপায় লাগে ৷ অসমৰ কিছুমান মানুহে ভবাৰ দৰে কথাবোৰ নহয় ৷ পূৰ্ববংগীয় মূলৰ সাধাৰণ মানুহখিনি শান্তিপ্ৰিয় আৰু সকলোকে সন্মান কৰিব জানে ৷ আজিকালি এচাম উদণ্ড লোকৰ সৃষ্টি হৈছে সেয়াও মিছা নহয় ৷
১) পূৰ্ববংগীয়মূলৰ শিক্ষিত মুছলমানসকলক লৈ এখন উমৈহতীয়া প্লেটফৰ্ম ৷ য’ত আমি সমস্যাবোৰ খুলি আলোচনা কৰিব পাৰো।
২) খিলঞ্জীয়া সকলৰ ৰাজনৈতিক-সামাজিক সংৰক্ষণৰদ্বাৰা ভৱিষ্যতে যাতে অসমৰ ভাগ্যনিয়ন্তা হৈ থাকিব পাৰে তাৰ সিদ্ধান্তত উপনীত হোৱা । তাৰবাবে বুজাবুজিৰ মাজেৰে পূৰ্ববংগীয়মূলৰ নেতৃত্বয়ো এৰাধৰা কৰা ৷
৩) পৰষ্পৰৰ প্ৰতি সন্মানেৰে সকলোৱে একেলগে অসম আৰু অসমবাসীৰ উন্নতি-প্ৰগতিৰ বাবে একেলগে কাম কৰি যোৱা ৷
৪) পূৰ্ববংগীয় লোকে নিজৰ অঞ্চলত ৰাভাদিৱস-শিল্পীদিৱস-বিহুমেলা আদিৰ জৰিয়তে এক সামাজিক বাতাবৰণ তৈয়াৰ কৰা ৷ ঘৰত যি ভাষাই নকওক কিয় অসমীয়া সমাজৰ সৈতে জীন যাব পৰাকৈ প্ৰয়োজনত থলুৱা সাংস্কৃতিক জীৱন শৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। জনসংখ্যা বৃদ্ধি হ্ৰাস কৰাত ব্যৱস্থা লোৱা ।
৪) মূলসুঁতিৰ অসমীয়াই নিজকে সংশোধন কৰিবলৈ হেজাৰ কথা আছে যিবোৰ ইয়াত লিখি শেষ নহব ৷ অন্ততঃ সাম্প্ৰদায়িক ঘৃণা আৰু সমাজৰ বিভিন্নতাক শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিবই ৷ নাদৰ ভেকুলীৰ দৰে নাদৰ ওপৰত দেখা আকাশখনেই যে আকাশ নহয় সেয়া বুজিব লাগিব ৷
প্ৰত্যেকেই নিজৰ নিজৰ অহমিকা ত্যাগ কৰি আগবাঢ়ি নাহিলে সময়ে কাকো ক্ষমা নকৰিব ৷ পৰাগ কুমাক দাস জীয়াই থকাহেতেন এয়া হয়তো ইমানদিনে সমাধান হৈ গ’লহেতেন ৷ এতিয়াও অৱশ্যে সিমানো পলম হৈ যোৱা নাই ৷ এক আঞ্চলিক বিকল্প ৰাজনীতিৰ বাবে এই সমাধান অতি জৰুৰী ৷
লেখকৰ আন প্ৰকাশিত লেখাবোৰ পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/RAKTIM%20SARMAH
No comments:
Post a Comment