আনপ্লাগডঃ ক'ৰনাঃ প্ৰচাৰিত ষড়যন্ত্ৰ-তত্ত্ববোৰ বনাম সত্যতা :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আনপ্লাগডঃ ক'ৰনাঃ প্ৰচাৰিত ষড়যন্ত্ৰ-তত্ত্ববোৰ বনাম সত্যতা :: আশ্বিক জামান

আনপ্লাগডঃ ক'ৰনাঃ প্ৰচাৰিত ষড়যন্ত্ৰ-তত্ত্ববোৰ বনাম সত্যতা :: আশ্বিক জামান

Share This
ক'ৰনাঃ প্ৰচাৰিত ষড়যন্ত্ৰ-তত্ত্ববোৰ বনাম সত্যতা
আশ্বিক জামান
অসমত ডাঃ সত্যকাম ফুকনে অলপতে ক'ভিড-১৯ক এটা কাল্পনিক বেমাৰ আৰু কৰনা ভাইৰাছক এটা মস্ত ডাঙৰ ধাপ্পাবাজী/ফাঁকি বুলি দাবী কৰি অসমত এক নতুন বিতর্কৰ পাতনি মেলিছে। এই বিতর্কই সংবাদ মাধ্যমকে ধৰি সামাজিক মাধ্যমতাে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে কৰনাক লৈ। বিতর্ক কোনাে নতুন বিষয় নহয়, পেনডেমিক ঘােষণা কৰাৰ দিনৰে পৰা বিতর্কই কৰনাক পিছ এৰা নাই। 
বিগত কেইমাহত কৰনাক লৈ বিশ্বৰ বিভিন্ন প্রান্তত সৃষ্টি হৈছে বিভিন্ন ষড়যন্ত্র-তত্ত্ব আৰু সেই ষড়যন্ত্র-তত্ত্বক লৈ উত্তপ্ত হৈছে সংবাদ আৰু সামাজিক মাধ্যম। এই ষড়যন্ত্র-তত্ত্ব সমূহৰ আঁত ধৰি আনকি বিভিন্ন দেশত ৰাজহুৱা প্রতিবাদ, বিৰােধাে সাব্যস্ত হৈছে। আমােদজনক কথাটো হ’ল—কৰ’না ভাইৰাছক লৈ প্রথম বিতর্ক সৃষ্টি কৰা মানুহজন স্বয়ং মার্কিন যুক্তৰাজ্যৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প।ট্রাম্পে বহুদিনলৈ কৰ'না ভাইৰাছক ‘চাইনীজ ভাইৰাছ’ বা ‘য়ুহান ভাইৰাছ বুলি উল্লেখ কৰিছিল। এই চাইনীজ বা য়ুহান ভাইৰাছ নামকৰণৰ পিছফালে আছিল এটা ভূৰাজনৈতিক বিতর্ক সৃষ্টি কৰা। বিশ্বজুৰি হােৱা অতিমাৰীজনিত সংকটৰ বাবে চীন চৰকাৰক নৈতিকভাৱে দায়ী কৰি কূটনৈতিক স্তৰত চীনৰ ওপৰত চাপ সৃষ্টি কৰা। কিন্তু ৰাষ্ট্রপতি ট্রাম্প চাইনীজ বা য়ুহান নামকৰণৰ লগে লগে বহুকেইটা ষড়যন্ত্র-তত্ত্ব সংবাদ জগতত ভুমুকি মাৰে।

আটাইতকৈ জনপ্রিয় ষড়যন্ত্র-তত্ত্বটো হ’ল— চীন চৰকাৰে সমগ্র বিশ্বক নিজৰ হাতৰ মুঠিত ল’বলৈ এই ভাইৰাছৰ সৃষ্টি কৰিছে। চীনে কৰনা ভাইৰাছৰ টিকা আৱিষ্কাৰৰ পাছতহে এই ভাইৰাছ এৰি দিছে। সমগ্র বিশ্ব যেতিয়া ইয়াৰ দ্বাৰা আক্রান্ত হ'ব, তেতিয়া চীনে টিকাৰ সলনি সমগ্র বিশ্বক নিজৰ হাতৰ মুঠিত ল’ব। কিন্তু চীনৰ এক বুজন সংখ্যক লােকে টিকাৰ অভাৱত ক’ভিড-১৯ ৰােগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ লগে লগে এই ষড়যন্ত্রতত্ত্বই ৰূপ সলনি কৰে। এইবাৰ প্ৰচাৰ হ’ল যে চীনৰ জৈৱ-অস্ত্ৰ বনােৱা গৱেষণাগাৰৰ পৰা ইচ্ছাকৃতভাৱে অথবা দুর্ঘটনাবশতঃ এই বীজাণু বাহিৰলৈ ওলাই আহিছে। বহুতে দাবী কৰিলে যে কৰ'না মানুহৰ দ্বাৰা তৈয়াৰ কৰা গৱেষণাগাৰৰ ভাইৰাছ। এই অভিযােগ প্রথম আন্তর্জাতিক ক্ষেত্ৰত উত্থাপন কৰে আমেৰিকাৰ ছিনেটৰ টম কটনে। এই তত্ত্ব অধিক জনপ্রিয় হােৱাৰ কাৰণ হ’ল চীনৰ য়ুহান নগৰ, য'ৰপৰা প্রথম কৰনা আক্ৰান্তৰ খবৰ পােৱা গৈছিল, সেই য়ুহানতে আছেচীনৰ সর্বোচ্চ জৈৱ সুৰক্ষাৰ গৱেষণাগাৰ য়ুহান ইনষ্টিটিউট অব ভাইৰ’লজী। ছিনেটৰ কটনৰ অভিযােগ মতে য়ুহান ইনষ্টিটিউট অব ভাইৰ’লজী আচলতে চীনৰ জৈৱঅস্ত্ৰ বনােৱা গােপন গৱেষণাগাৰ আৰু সেই গৱেষণাগাৰৰ পৰা ইচ্ছাকৃত ভাৱে মানৱ-নির্মিত কৰ'না ভাইৰাছ উলিয়াই দিয়া হৈছে অথবা দুর্ঘটনাবশতঃ বাহিৰলৈ আহিছে। আনহাতে, আমেৰিকাৰ ইপােক টাইমছ কাকতে আকৌ ছিনেটৰ কটনৰ অভিযােগত অধিক মচলা সানি এটা তথ্যচিত্ৰৰ যােগেদি আন এটা ষড়যন্ত্র-তত্ত্ব বজাৰলৈ এৰি দিয়ে, য'ত কোৱা হয় যে। কৰনা ভাইৰাছ নামৰ এই বীজাণু চীন চৰকাৰে তৈয়াৰ কৰিছে মূলতঃ চীনত সম্প্রতি জনপ্রিয় হােৱা ফালুন গং নামৰ ধর্মীয় আন্দোলনৰ অনুগামীক হত্যা কৰিবলৈহে। ইউৰোপ টাইমছে এই ভাইৰাছৰ এক নতুন নামাে দিছে— চাইনীজ কমিউনিষ্ট পার্টী ভাইৰাছ, সংক্ষেপে চি চি পি ভাইৰাছ।

ইউৰোপ টাইমছৰ তত্ত্বৰ আঁত ধৰি য়ুহান গৱেষণাগাৰৰ সৈতে জড়িত আন এটা গুজবাে সেই সময়ত জনপ্রিয় হৈছিল। |এই গুজবৰ মতে চীনে ডি-পপুলেশ্বন। অর্থাৎ নিজৰ বধিত জনসংখ্যাক নিয়ন্ত্রণ কৰিবলৈ এই বীজাণুৰ সৃষ্টি কৰিছে। ক'ৰনা আক্ৰান্তৰ ভিতৰত যিহেতু বয়ােজ্যেষ্ঠৰ মৃত্যুৰ হাৰ বেছি, গতিকে এই কথা প্রচাৰ কৰা হ'ল যে এই বীজাণুৰ দ্বাৰা চীনে নিজৰ বৃদ্ধত্বত ভােগা জনসংখ্যাক প্রাকৃতিকভাৱে হ্ৰাস কৰি ডেম’গ্রাফিক ডিভিডেণ্ট’ দীর্ঘস্থায়ী কৰিব বিচাৰিছে। অৱশ্যে পাছত যেতিয়া বিভিন্ন আন্তর্জাতিক সংস্থা আৰু বিভিন্ন দেশৰ গৱেষণাগাৰ তথা বিশেষজ্ঞই জেনেটিক ছিকুৱেঞ্চিঙৰ দ্বাৰা বিজ্ঞানসন্মতভাৱে এই কথা প্রমাণ কৰিলে যে ছাছক’ভ-২ ভাইৰাছ সম্পূৰ্ণৰূপে প্রাকৃতিক উৎসৰ পৰা অহা, তেতিয়াহে উক্ত ষড়যন্ত্র-তত্ত্বৰ অন্ত পৰে। কিন্তু বৈজ্ঞানিক তথ্যৰ দ্বাৰা বলীয়ান হৈ হাস্যকৰভাৱে এইবাৰ চীনে প্রচাৰ কৰিলে আন এক নতুন ষড়যন্ত্র তত্ত্ব কৰ’না ভাইৰাছৰ দ্বাৰা হােৱা| অতিমাৰী আচলতে আমেৰিকা যুক্তৰাজ্যৰ আগ্রাসী বৈদেশিক নীতিৰ অংশ, চীনক ধ্বংস কৰাৰ অভিপ্রায়েৰে মার্কিন যুক্তৰাজ্যই ইচ্ছাকৃতভাৱে আৰু অতি সংগােপনে চীনলৈ এই ভাইৰাছ পঠাইছে।

চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্রই টুইটযােগে অভিযােগ কৰে যে ২০১৯ চনত য়ুহানত অনুষ্ঠিত বিশ্ব মিলিটেৰী গেমছত অংশগ্রহণ কৰা আমেৰিকাৰ সৈন্যই গােপনে য়ুহানত কৰ'না ভাইৰাছ আনি মেলি দিছে। চীনৰ বৈদেশিক মন্ত্রণালয়ে আনকি কৰ’না ভাইৰাছৰ নাম ইউ এছ এ ভাইৰাছ’ কৰাৰাে চেষ্টা কৰে; কিন্তু এই তত্ত্বই চীনৰ বাহিৰে বিশ্বৰ আন দেশত বিশেষ জনপ্রিয়তা লাভত ব্যর্থ হয়। অৱশ্যে কূটনৈতিক পৰিসৰত চীনৰ ওপৰত চাপ বৰ্তাই ৰাখিবলৈ ৰাষ্ট্রপতি ট্রাম্পে এতিয়াও কভিড-১৯ মােৰক কুং ফু (কুং ফুৰ আধাৰত কুং জ্বৰ) বুলি কয়।। 

চীন আৰু আমেৰিকাৰ মাজত বিশ্বগুৰু হােৱাৰ বাবে চলি থকা প্রতিযােগিতাৰ ফলতে যে বিশ্বৰ আন দেশে ক’ভিড-১৯ মহামাৰীৰ সন্মুখীন হ'ব লগাত পৰিছে। এনে এটা ষড়যন্ত্র-তত্ত্ব এতিয়াও বিশ্বত জনপ্রিয়। এই তত্ত্ব মতে,চীন আৰু আমেৰিকাৰ মাজত বিশ্ব বাণিজ্য তথা বিশ্ব ৰাজনীতিক লৈ চলি থকা প্রতিযােগিতাৰ ফল হ’ল কৰনা ভাইৰাছ। কিছুমানৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ ড° টেড্রছ আধানমক লগত লৈ চীনে বিশ্ব বাণিজ্যক দখল কৰিবলৈ এই বেমাৰৰ সৃষ্টিকৰিছে। প্রমাণ হিচাপে তেওঁলােকে এই তথ্য দাঙি ধৰে যে আন দেশৰ তুলনাত চীনত কৰ'না সংক্রমণ প্রায় নাই। আনহাতে, আন এচামৰ মতে চীনৰ ৰপ্তানি বন্ধ কৰিবলৈ মার্কিন যুক্তৰাজ্যই এই সংক্রামক বেমাৰৰ সৃষ্টি কৰিছে। সংক্রমণৰ ভয়ত কোনেও চীনৰ বস্তু ক্রয় নকৰিব, ফলত বিশ্ব বাণিজ্যত থকা চীনৰ আধিপত্য শেষ হ'ব। কিন্তু বৰ্তমানৰ বাণিজ্যিক তথ্যই সম্পূর্ণ পৃথক এটা চিত্ৰহে দাঙি ধৰে। বিশ্বৰ বিভিন্ন দেশত হােৱা লকডাউনৰ কাৰণে চীনৰ ৰপ্তানি সংকুচিত  হৈছেআৰু সামগ্রিকভাৱে চীনৰ অর্থনৈতিক উন্নয়নৰ হাৰ যােৱা বছৰৰ তুলনাত প্রায় ৬.৮ শতাংশ কমিছে। 

আনহাতে, আমেৰিকাত কভিড-১৯ বেমাৰজনিত মৃত্যুৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক, তদুপৰি মার্কিন যুক্তৰাজ্যৰ অর্থনীতিতাে ভীষণ মন্দা সূচনা হােৱাৰ উপক্ৰম হৈছে। গতিকে উক্ত দাবীৰ দ্বাৰা চীন বা মার্কিন যুক্তৰাজ্যৰ বাস্তৱিকতে কি লাভ হ’ল বা হ'ব সেয়া বােধগম্য নহয়। চীন আৰু আমেৰিকাক দায়ী কৰি প্ৰচাৰ কৰা ষড়যন্ত্র-তত্ত্বসমূহ যেতিয়া তথ্যৰ তদন্তত তিস্তিব নােৱাৰিলে, তেতিয়া সৃষ্টি হ’ল আন দুটা গুৰুত্বপূৰ্ণ ষড়যন্ত্র-তত্ত্ব। প্রথমটো তত্ত্ব হ’ল ক’ভিড-১৯ বেমাৰটো ঔষধ নির্মাতা ডাঙৰ কৰ্প'ৰেটেসে সৃষ্টি কৰিছে। এয়া অতি সাধাৰণ জ্বৰ, কিন্তু কৰ্প'ৰেটে চিকিৎসক আৰু সংবাদ মাধ্যমৰ যােগেদি কভিড-১৯ সম্পর্কে আতংকৰ সৃষ্টি কৰিছে, যাতে তেওঁলােকৰ ঔষধৰ বিক্রী ভাল হয়। আমােদজনক কথাটো হ'ল— এই তত্ত্ব প্রচাৰ কৰা সৰহভাগেই বেজ, কবিৰাজ, ওজাজাতীয় লােক। তাৰ ভিতৰত অন্যতম হ’ল ডাঃ মাকোলা নামৰ আমেৰিকাৰ এজন লােক। তেওঁৰ মতে ঔষধ নির্মাতা কৰ্প'ৰেটে আমাক বেমাৰী কৰিবলৈ ক'ভিড-১৯ সৃষ্টিকৰিছে কিন্তু ভয় খাব নালাগে, কাৰণ ডাঃ মার্কোলাই নির্মাণ কৰি উলিয়াইছে এটা মিৰাকল পিল। এই ঔষধ খালেই ক’ভিড বেমাৰ এশ শতাংশ ঠিক হৈযাব। অৱশ্যে তেওঁৰ সেই ‘মিকল পিল’ৰ আকাশচুম্বী দামৰ কথাও ইয়াতে উল্লেখ কৰাটো জৰুৰী। অৱশ্যে ডাঃ মার্কোলা অকলে নহয়, এলে’ জোছনামৰ আন এজন আমেৰিকান বেজেও একে দাবী কৰি ঔষধ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে তেওঁলােকৰ মিথ্যাচাৰ পাছত প্রমাণ হৈছে আৰু গুগলে ডাঃ মার্কোলাক মিছা তথ্য প্রচাৰ কৰাৰ অপৰাধত নিষিদ্ধ কৰিছে। 

দ্বিতীয় ষড়যন্ত্র-তত্ত্বৰ মূলতে আছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছ। আমেৰিকা যুক্তৰাজ্যই বিশ্ব স্বাস্থ্য সংস্থাক পুঁজি যােগান ধৰিব নালাগে বুলি আমেৰিকাৰ সোঁপন্থীৰ মাজত যি দাবী উত্থাপন হৈছিল, বিল গেটছে তাৰ মৃদু সমালােচনা কৰিছিল। লগে লগে ২০১৫ চনত বিল গেটছে দিয়া এটা ‘টেড টক’ৰ ভিডিঅ' বিচাৰি-খুচৰি অনা হ’ল যত গেটছে আফ্রিকাৰ ইবােলা পেনডেমিক বিষয়ে আলােচনা কৰি থাকোঁতে ভৱিষ্যতে আৰু পেনডেমিক হ'ব পাৰে বুলি সাৱধান কৰি দিছিল। তাৰ অর্থ— গেটছে কনা পেনডেমিকৰ কথা ২০১৫ চনতে জানিছিল। সোঁপন্থীৰ সৈতে এইবাৰ যােগ দিলে এন্টি-ভে’ (টিকাকৰণ বিৰােধী) দলসমূহ। তেওঁলােকে প্রায় কল্পবিজ্ঞানৰ উপন্যাসৰ দৰে এটা তত্ত্ব প্রচাৰ কৰিলে যে বিল গেটছ কৰ'না বীজাণুৰ স্ৰষ্টা আৰু তেওঁ ইতিমধ্যে কৰনাৰ ভেকচিনাে আৱিষ্কাৰ কৰিছে। আমেৰিকাৰ এটা জনপ্রিয় বায়’হেকিং ৱেবছাইটত প্রথমে এই দাবী কৰা হ’ল যে বিল গেটছৰ দ্বাৰা তৈয়াৰ কৰা কৰ'না ভেকচিনত একধৰণৰ অতি উন্নতমানৰ বায়'চিপ বা কুৱাণ্টাম ডট আছে, যি ভেকচিনৰ দ্বাৰা মানুহৰ শৰীৰলৈ যাব আৰু বিল গেটছে সমগ্র বিশ্বৰ মানুহক সেই বায়’চিপৰ দ্বাৰা নিয়ন্ত্রণ কৰিব।

আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্প প্রাক্তন উপদেষ্টা ৰজাৰ ষ্টোনে “নিউয়র্ক টাইমছত প্রকাশিত এটা সাক্ষাৎকাৰত এই ষড়যন্ত্র-তত্ত্বক অধিক সাৰ-পানী যােগাই ক'লে যে বিল গেটছে আর্থিক ভাৱে সাহাৰ্য্য কৰা কোনাে ভেকচিন তেওঁ কেতিয়াও গ্রহণ নকৰে। নিউয়র্ক টাইমছৰ এই সাক্ষাৎকাৰ পাছত বিল গেটছ বিৰােধী বতাহ সমগ্র বিশ্বতে সৃষ্টি হ'ল কিছুদিন। বহু লােকে টুইটযােগে তেওঁলােকৰ সন্দেহ প্রকাশ কৰিলে, ইউটিউব, ফেচবুক এই ষড়যন্ত্র-তত্ত্বৰ মুখৰােচক গুজবেৰে ভৰি পৰিল। আই ডি ২০২০'নামৰ এটা স্বেচ্ছাসেৱী প্রকল্প বিগত কিছু বছৰৰ পৰা চলি আছে, তেওঁলােকে মূলতঃ আফ্রিকাৰ দুখীয়া লােকৰ ডিজিটেল আই ডি (পৰিচয়) বনােৱাৰ কাম কৰে। বিল গেটছৰ মাইক্র'ছফ্ট কোম্পানীয়ে আন বহু কোম্পানীৰ দৰে ‘আই ডি ২০২০’ক আর্থিক সাহায্য আগবঢ়ায়। এই আইডি-২০২০ আচলতে বিল গেটছৰ ভেকচিনৰ মূল প্রকল্প, ইতিমধ্যে আফ্রিকাত পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰিছে—এনেকুৱা এটা গুজব আমেৰিকাত ইমানে প্রচাৰ হ'ল যে শেষত এফ বি আয়ে আই ডি-২০২০ সম্পর্কে তদন্ত কলিগীয়া হয়। বিল গেটছে যে পৃথিৱীৰ জনসংখ্যা কমাই অৱশিষ্ট জনসংখ্যাক নিজৰ নিয়ন্ত্রণত ল’ব বিচাৰে, এই তত্ত্বক যুক্তিসংগত বুলি ভাবি ইটালীৰ এজন সাংসদে সংসদত দাবী উত্থাপন কৰিলে যে বিল গেটছক গ্রেপ্তাৰ কৰিব লাগে আৰু মানৱতাৰ বিৰুদ্ধে কৰা অপৰাধৰ বাবে আন্তর্জাতিক ক্রিমিনেল ক'ত তেওঁৰ বিচাৰ হ'ব লাগে। কিন্তু সমগ্র বিশ্বৰ মানুহক নিয়ন্ত্রণ কৰি বিল গেটছে। আচলতে কি কৰিব বিচাৰেবা প্রকৃততে সেই কামৰ দ্বাৰা তেওঁৰ কি লাভ হ'ব, সেই প্রশ্নৰ উত্তৰ কাৰাে হাতত নাই।

ক’ভিড-১৯ অতিমাৰী আৰম্ভ হােৱাৰ সময়তে ইউৰােপৰ বিভিন্ন দেশত ৫-জী টেলি-কমিউনিকেশ্বন প্রযুক্তিও আৰম্ভ হৈছিল। ফলত এক নতুন যড়যন্ত্র-তত্ত্ব ৫-জী মােবাইল টাৱাৰৰ ইলেক্ট’মেগনেটিক ৰেডিয়েশ্বনৰ দ্বাৰা কৰ’না বীজাণুৰ সংক্রমণ হৈ আছে বুলি ধাৰণা হৈছে। বিশেষকৈ ইংলেণ্ডত এই তত্ত্ব বাতুলামীৰ পর্যায় পায়গৈ আৰু ইংলেণ্ডৰ বিভিন্ন ঠাইত মােবাইল টাৱাৰ জ্বলাই দিয়া, টেলিকম কোম্পানীৰ কৰ্মক আক্রমণ কৰাৰ দৰে ঘটনা সংঘটিত হয়।ইউৰােপৰ পৰা প্ৰচাৰ হােৱা আন এটা জনপ্রিয় ষড়যন্ত্রতত্ত্ব হল— জি এম শস্য অর্থাৎ জেনেটিকেলী মডিফাইড শস্যসমূহ কৰনা অতিমাৰীৰ বাবে দায়ী। জি এম বিৰােধীসকলে পৃথিৱীৰ প্রায় সকলাে বেয়া বস্তুৰ কাৰণে জি এম শস্যক দায়ী কৰাৰ অভ্যাস বহু পুৰণা। তেওঁলােকৰ মতে জি এম শস্য খােৱাৰ ফলত আমাৰ দেহত একধৰণৰ জিন প্রদূষণ হৈছে, এই প্ৰদূষণৰ ফলত সৃষ্টি হােৱা পাৰিপাৰ্শ্বিক অসামঞ্জস্যৰ বাবে কৰনা ভাইৰাছ আমাৰ দেহত সােমাবলৈ সক্ষম হৈছে। অৱশ্যে এই দাবীৰ সপক্ষে কোনাে বৈজ্ঞানিক তথ্য-প্রমাণ দাঙি ধৰা হােৱা নাই। জি এমৰ ফলত কৰনা মহামাৰী হােৱা বুলি কৰা দাবীৰ পক্ষে সঠিককৈ একো কোৱা সম্ভৱ নহ'লেও কৰনাৰ ভেকচিন যে জেনেটিক মডিফিকেশ্বনৰ বাবে সম্ভৱ হ'ব, সেয়া প্রায় খাটাং। বর্তমান যি সত্তৰটা মান কৰনাৰােধী ভেকচিন প্রকল্প বিশ্বজুৰি চলি আছে, তাৰ ভিতৰত যিয়েই সফল নহওক কিয়, সেয়া হয় জেনেটিকেলী মডিফাইড কোনাে এটেনুৱেটেড ভাইৰাছ হ’ব অথবা কোনাে জীৱ বা উদ্ভিদৰ জি এম কোষত সৃষ্টি কৰা এন্টিজেন হ'ব। 

কিন্তু ক’ভিড-১৯ সম্পর্কে যিমান যড়যন্ত্র-তত্ত্ব প্রচাৰ হৈছে, তাৰ ভিতৰত আটাইতকৈ স্থায়ী আৰু আটাইতকৈ মাৰাত্মক তত্ত্বটো হৈছে— কৰ’না ভাইৰাছ বিশ্বৰ ক্ষমতাশালী অভিজাতৰ দ্বাৰা সৃষ্টি কৰা এটা মস্ত ফাঁকি। আচলতে কৰনা বুলি একো নাই, এয়া ৰাইজক মূখ সজোৱাৰ ৰাজনৈতিক ষড়যন্ত্র। যদি এই প্রশ্ন কৰা হয় যে এই ফাঁকি কোনে আৰু কিয় সৃষ্টি কৰিছে, তেন্তে তাৰ উত্তৰ দেশ আৰু অঞ্চলভেদে ভিন্ন। আমেৰিকাত এই তত্ত্বৰ প্ৰচাৰক আৰু বিশ্বাসীসকল মূলতঃ ৰাজনৈতিক সেপন্থী আৰু ট্রাম্প সমর্থক। তেওঁলােকৰ মতে। এয়াট্রাম্প চৰকাৰক স্তব্ধ কৰিবলৈ বিৰােধী আৰু বাঁওপন্থীৰ ষড়যন্ত্র। ইউৰােপত আকৌ এয়া ৰাজনৈতিক অভিজাতৰ দ্বাৰা সাধাৰণ লােকৰ অধিকাৰ কাঢ়ি লােৱাৰ এক ষড়যন্ত্র বুলি প্ৰচাৰ হয়। 

উন্নয়নশীল দেশত আকৌ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, ফার্মা কোম্পানী আৰু স্বাস্থ্য ব্যৱসায়ৰ সৈতে জড়িত কৰ্প'ৰেট ইয়াৰ স্রষ্টা বুলি বহুতে বিশ্বাস কৰে। আন কিছুমানৰ মতে আকৌ ইয়াৰ স্ৰষ্টা স্বয়ং বিভিন্ন দেশৰ চৰকাৰ! উদ্দেশ্য বিৰােধীক ঘৰৰ ভিতৰতে বন্দী কৰি ৰাখি বিৰােধী দলক অপ্রাসংগিক কৰি পেলােৱা আৰু বিৰােধহীনভাৱে চৰকাৰ চলাই যােৱা। কিন্তু সূক্ষ্মভাৱে বিচাৰ কৰিলে এই তথ্যহীন প্ৰতিটো দাবীয়ে যে অযুক্তিকৰ, দুর্বল আৰু মনেসজা সেয়া সহজে প্রমাণ হয়। ডাঃ সত্যকাম ফুকনৰ দাবীও যে উক্ত ষড়যন্ত্র-তত্ত্বসমূহৰ দৰেই এটা তথ্যহীন, অবৈজ্ঞানিক, অযুক্তিকৰ, মনেসজা দাবী, সেয়া কোৱাটো বাহুল্য। এইধৰণৰ মনেসজা তত্ত্বসমূহ মাৰাত্মক হ'ব পাৰে। উদাহৰণস্বৰূপে মার্কিন যুক্তৰাজ্যত ৰাষ্ট্রপতি ট্রাম্পে কৰনাক এটা সাধাৰণ পানীলগা জ্বৰ বুলি অভিহিত কৰি আৰু সংবাদমেল পাতি হাইড্রক্সিক্ল’ৰ'কুইন এই মােৰ ঠিক কৰিবলৈ ‘অতি শক্তিশালী ঔষধ বুলি কোনাে তথ্য প্রমাণ নােহােৱাকৈ কৈ দিয়াৰ পাছত আমেৰিকাৰ নাগৰিকে ঘৰৰ ভিতৰত সােমাই থকা বা সামাজিক দূৰত্ব বজাই ৰখা আদি দৰকাৰী বুলি নাভাবিলে। ফলত আমেৰিকাত পৃথিৱীৰ ভিতৰত সর্বাধিক কৰ বেমাৰীৰ সংখ্যা আৰু আমেৰিকাতো এই বেমাৰৰ দ্বাৰা সর্বাধিক মৃত্যু হৈছে।

গতিকে, এই ষড়যন্ত্র-তত্ত্বক লৈ বেছি মূৰ ঘমােৱাৰ প্ৰয়ােজন নাই। কাৰণ সত্যটো হ’ল— সমগ্র বিশ্বতে ১১.৭ নিযুততকৈ অধিক লােক এই বেমাৰৰ দ্বাৰা আক্রান্ত হৈছে আৰু এতিয়ালৈ আধা নিযুততকৈ অধিক লােক এই বেমাৰত মৃত্যুমুখত পৰিছে। আমাৰ দেশতে এতিয়ালৈকে ৭ লাখতকৈ অধিক আক্রান্ত হৈছে আৰু ২০ হাজাৰতকৈ অধিক লােক মৃত্যুমুখত পৰিছে। গতিকে কৰনা কোনাে ফাঁকি নহয়, জীৱনলৈ এক গভীৰ ভাবুকিহে। ইয়াক গুৰুত্বসহকাৰে লওক আৰু চৰকাৰ প্রশাসনে বান্ধি দিয়া নিয়মসমূহ উচিতভাৱে পালন কৰক। 

(প্রকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত।কার্যলয়/ পদবীৰ সৈতে কোনাে সম্পর্ক নাই)। লেখাটি আমাৰ অসমত কাকতত পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ ফোন ৯৯৬৭৫-৪৮৩৫৮। তেখেতেৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত অন্য লেখাবোৰ পঢ়িবৰ বাবে তলৰ সূত্ৰ ক্লিক কৰকঃ 

No comments:

Post a Comment