চিন্তনঃ কোন হোৱা উচিত, অসমৰ 'নতুন নায়ক'? :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ কোন হোৱা উচিত, অসমৰ 'নতুন নায়ক'? :: সঞ্জীত কুমাৰ বৰদলৈ

চিন্তনঃ কোন হোৱা উচিত, অসমৰ 'নতুন নায়ক'? :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
কোন হোৱা উচিত, অসমৰ 'নতুন নায়ক'?
সঞ্জীত কুমাৰ বৰদলৈ
আমাৰ সমাজখনক যুগ যুগ ধৰি প্ৰধানকৈ সাহিত্য -সংস্কৃতিৰ স’তে জড়িত ব্যক্তি সকলে বেছিকৈ প্ৰভাবিত কৰি আহিছে৷ইয়াত আচৰিত হ’ব লগা বৰ বিশেষ একো নাই৷ সৃজনশীল লোক সকলে নিজৰ অসাধাৰণ প্ৰতিভা আৰু কৃচ্ছ্ৰ-সাধনৰ যোগেদি সমাজক সমৃদ্ধ আৰু অনুপ্ৰাণিত কৰে৷সাহিত্য,কলা-সংস্কৃৃতি মানুুহৰ, সমাজৰ অবিচ্ছেদ্য অংগ৷সাহিত্যিক, শিল্পীৰ প্ৰভাৱক স্বীকাৰ কৰিও কাৰোবাৰ বাবে অপ্ৰিয় হ’লেও এই কথা ক’বই লাগিব যে সমাজত শিল্পী-সাহিত্যিক সকলৰ যি অপ্ৰতিৰোধ্য প্ৰভাৱ আৰু কৃৰ্তিত্ব আছিল সি যেন ক্ৰমাৎ সংকুচিত হ’বলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰন এটা বা দুটা নহয়,বহু কাৰক আছে৷
এই বিষয়ে বহু কথাই ক’ব পাৰি যদিও সি মূল প্ৰসংগ নহয়৷ তথাপি থাওকতে মনলৈ অহা চাৰিটা কথা ক’বলৈ মন গৈছে৷ প্ৰথমতে, সৃজনশীলতাৰ বাবে প্ৰয়োজনীয় এটা কাৰক হৈছে-কল্পনা শক্তি৷বিভিন্ন কাৰনত আমাৰ কল্পনা শক্তি হ্ৰাস পাইছে৷ কি কল্পনা কৰিব? কল্পনাৰ দূৰবীণেৰে অদূৰ বা সুদূৰ ভৱিষ্যতৰ কিবা স্পষ্ট ছবি দেখা সম্ভৱনে? দ্বিতীয়তে,নতুন একো নাই৷ সকলো কথা বহুযুগৰ আগতেই কোৱা হৈ গৈছে৷এতিয়া একোবোৰ কথাকে পুনৰাবৃত্তি কৰি থকা হৈছে৷ চৰ্বিত চৰ্বন তথা "repeat and repeat' কৰি থকা বাবে বিৰক্তি আৰু আমনিদায়ক হৈ পৰিছে৷ নতুন কিবা এটা কৰাৰ নামত এচামে আগগুৰি নথকা অদ্ভুত কিবা এটা কৰাৰ অসফল প্ৰয়াসে অধিক আমনিদায়ক হৈপৰিছে৷ তৃতীয়তে,কিছুমান কথা নতুনকৈ ক’ব পৰাকৈ যি ধৰনৰ চিন্তা আৰু কৌশল বা টেকনিকৰ প্ৰয়োজন সেই খিনি আয়ত্ত কৰা লোক তেনেই সীমিত৷ চতুৰ্থতে,আমি বহুজনে ইমানেই আত্মকেন্দ্ৰিক হৈ পৰিছো যে আমি কমবেছি পৰিমাণে একধৰণৰ স্বআৰোপিত বন্দীত্বৰ দশাৰ কবলত পৰিছোঁ,নিজে নিৰ্মাণ কৰি লোৱা কাৰাগাৰত বন্দী হৈ পৰিছোঁ৷ আমি ক্ৰমে তৃণমূল সমাজৰ পৰা বিচ্ছিন্ন হ’বলৈ আৰাম্ভ কৰিছোঁ৷ সি যি হওক,এই সম্পৰ্কত যথাযথ বিচাৰ বিশ্লেষণ কৰাৰ দায়িত্ব মই উপযুক্ত জনক প্ৰদান কৰি মুল প্ৰসংগলৈ আহিব খুজিছোঁ৷

ৰাজনৈতিক বা সামাজিক ভাবেই হওক যুগ যুগ ধৰি উদ্যোগী -এন্ট্ৰপিনৰ,খেতিয়ক তথা শ্ৰমজীৱী সকলক তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা আৰু স্বীকৃতিৰ পৰা বঞ্চিত কৰা হৈছে৷ চৰকাৰে খেতিয়ক সকলক কেবল হিতাধিকাৰী হিচাপে গন্য কৰি আহিছে আৰু সামাজিক ভাবে তেওঁলোকক অৱজ্ঞা আৰু অৱহেলা কৰি অহা হ’ল৷কৃষিকৰ্ম বা ব্যৱসায় সম্পৰ্কত আমাৰ সমাজত নেতিবাচক দৃষ্টিভংগীয়ে সৰহ৷ ভূপেন হাজৰিকা,জয়ন্ত হাজৰিকাই সেই তাহানিতে গোৱা-“মোৰ প্ৰেয়সীয়ে বুজে দাদা দিগনিটি অব লেবাৰ’গীতৰ মৰ্ম বুজাত আমাৰ বহু পলম হ’ল৷জোঁৰ পুৰি হাত পালেহি৷কভিড-১৯ ভাইৰাছে বহু কথা শিকালে৷ এনে সন্ধিক্ষণত উপলব্ধি কৰিছোঁ-শিল্পী,সাহিত্যিক বহুজন আছে৷ এতিয়া আমাক প্ৰয়োজন এচাম এন্ট্ৰপিনৰ আৰু আদৰ্শ খেতিয়কৰ৷মই ভাবো অনাগত কমেও এটা দশক এন্ট্ৰপিনৰ আৰু খেতিয়ক সকলৰ নামত উৎসৰ্গিত হওক৷ কবি,সাহিত্যিক,শিল্পী,বুদ্ধিজীৱীৰ সমান্তৰালভাৱে এন্ট্ৰপিনৰ আৰু খেতিয়ক সকলেও সমাজত দপদপাবলৈ সক্ষম হওক৷আমাৰ দৃঢ় বিশ্বাস এই জটিল আৰু স্পৰ্শকাতৰ সময়ত যি সকলে অভাৱী আৰু নিবনুৱা সকলক দুবেলা-দুসাজ মুকলি কৰিবলৈ পথ নিৰ্দেশনা দিব পাৰিব তেওঁলোকেই আজিৰ সময়ৰ নায়ক তথা হিৰ’ হিচাপে পৰিগণিত হ’ব৷

মাজুলীৰ এগৰাকী সফল উদ্যোগী ইন্দুকল্প ভৰালীৰ কথা আমি জানো৷তেওঁৰ "ভীমভিটা" শক্তিবৰ্ধক খাদ্য আৰু "লুইত মাজুলী" মিঠাতেলৰ ব্ৰেণ্ড বজাৰত এতিয়া সুপ্ৰতিষ্ঠিত৷ তাৰোপৰি তেওঁ এটি আটকধুনীয়া অতিথিশালাও গঢ়ি তুলিছে৷ গোৱালপাৰাৰ দেবব্ৰত ৰাভাই কল খেতি কৰি স্বাৱলম্বী হৈছে৷ পংকজ ৰাভাই মুুুুগাৰ সঁচ উৎপাদন কৰি সফল হৈছে৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধনীৰাম চেতীয়া,নৱনীতা দাস(যোৰহাট), প্ৰাঞ্জল শইকীয়া (শিৱসাগৰ) মৰিগাঁওৰ ৰঞ্জিত নাথ আদিকে ধৰি বহুজনে কৃষি কৰ্ম আৰু বিভিন্ন কুটীৰ শিল্পৰ দ্বাৰা নিজৰ লগতে আনকো সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷উৎপল বৰা(যোৰহাট)ই এক লাখ টকা পিতৃৰ পৰা আৰু ৭০ হাজাৰ টকা বেংকৰ ঋণ লৈ মুঠ ১৩টা পুখুৰীত মীনপালন কৰি নিজৰ লগতে পোন্ধৰজনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷

তলাবদ্ধ সময়চোৱাতে সুবিধা বুজি উদ্যোগী অনন্ত বৰাৰ স’তে মই এনেবোৰ প্ৰসংগত চিন্তা চৰ্চা কৰাৰ লগতে কেইবাগৰাকী উদ্যোগীৰ কাষলৈ গৈছিলোঁ৷ সেইসমূহৰ ভিতৰত আকাশ গগৈ অন্যতম৷ তেওঁ যোৰহাটত বাহুবলী কুকুৰা কণীৰ উৎপাদনৰ প্ৰতিস্থান গঢ়ি তুলিছে য’ত প্ৰতি দিনে ২২-২৫হাজাৰ কণী উৎপাদন হৈ আছে আৰু অতি সোনকালে ৬০হাজাৰলৈ উৎপাদন বৃদ্ধি হ’ব৷ গোলাঘাটৰ এটি পৰিয়ালে এককোটি অধিক টকাৰে উন্নত মানৰ ধানৰ মিল খুলিছে, কাম প্ৰায় সমাপ্ত হৈছে৷ টিয়কৰ মহান বৰাই যিদৰে থলুৱা সঁচৰ ধানৰ বীজৰ সংৰক্ষণ কৰিছে ঠিক সেইদৰে বিশ্বনাথ চাৰিআলিৰ নীলম দত্তই জৈৱিক ভাবে বিভিন্ন পাচলিৰ বীজ প্ৰস্তুুুত কৰি বিভিন্ন ৰাজ্যলৈ পঠিয়াইছে৷ বহল পৰিসৰত কাম কৰি সফল হোৱা উদাহৰণো বহুত আছে৷ ফেব্ৰিক প্লাছ(বকো)আৰু ডিমৌত দহ কোটি টকাৰে গঢ়ি তোলা ’ৰুদ্ৰসাগৰ চিল্ক" প্ৰতিষ্ঠানৰ মুৰব্বী দিলীপ বৰুৱা কেবল অসমৰে নহয় ভাৰতৰে এগৰাকী আগশাৰীৰ উদ্যোগী৷ তেওঁৰ প্ৰতিস্থানৰ সামগ্ৰী (সূতা আৰু কাপোৰ) ২৩খন দেশলৈ ৰপ্তানি হয়৷

দিল্লীৰ আই আই টি,লণ্ডনৰ স্কুল অব ইক’নমিকছত পঢ়া অভিজিৎ বৰুৱা এগৰাকী আগশাৰীৰ উদ্যোগী৷ জুলীয়া অক্সিজেন আৰু নাইট্ৰোজেন প্ৰস্তুত কৰা প্ৰতিস্থানৰ অধিকাৰী অভিজিৎ বৰুৱাৰ উপাৰ্জন ২০কোটি টকা৷ গুৱাহাটীৰ গনেশ গুৰিত আৰম্ভ কৰা অম্বৰীষ হোটেলৰ যোগেদি নগাৱঁৰ পুস্পেন্দ্ৰ বৰা এতিয়া তিনিখন হোটেলৰ মালিক৷ এতিয়া সেই হোটেল ব্যৱসায় চলায় বিদেশত অধ্যয়ন কৰি অহা তেওঁৰ পুত্ৰদ্বয়ে৷ এনে উদাহৰণ বহুত আছে৷বিধায়ক পদ্ম হাজৰিকাই "কণ্যকা’ৰ জৰিয়তে তেওঁৰ সমস্টিত এক বিপ্লৱৰ সুচনা কৰাৰ কথা আমি জানো৷খেতি, মীন,পশুপালন আৰু বয়ন শিল্পৰে তেওঁ স্থানীয় হাজাৰ জনক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ সত্যেন মহন্ত, মনোৰম গগৈ, অনন্ত বৰা, বৰ্ণালী শৰ্মা বৰুৱা, অংগনা বৰদলৈ আদি বহুজনে নিজে নিদৰ্শন দাঙি ধৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সজাগতাৰো সৃষ্টি কৰিছে৷

জ্যেষ্ঠ সাংবাদিক,লেখক মৃনাল তালুকদাৰে অলপতে কোৱা এষাৰ কথাই মোক চিন্তা কৰিবলৈ বাধ্য কৰিছিল৷তেওঁ কৈছিল আমাৰ সমাজখন প্ৰধানকৈ "Socio-cultural,"বিশেষকৈ আজিৰ তাৰিখত আমাৰ সমজখন "Socio-economic" হোৱা উচিত৷উল্লেখযোগ্য যে বেছিভাগেই মৃনাল তালুকদাৰক কেবল সাংবাদিক,লেখক হিচাপেই জানে৷ তালুকদাৰ এগৰাকী খেতিয়কো৷ ক্ষুদ্ৰ চাহবাগিছাৰ লগতে তেওঁৰ খেতি পামো(Farm house) আছে৷ সি যি হওক,মৃনাল তালুকদাৰৰ কথাষাৰৰ সত্যতাক অস্বীকাৰ কৰা টান৷ তেওঁৰ কথাৰেই আৰ্থ-সামাজিক দিশটোৰ প্ৰতি অধিক সজাগ আৰু সচেতন হোৱাটো এই মুহূৰ্তৰ সময়ৰ দাবী৷জাতিটো কৰ্মমূখী হৈ আত্মনিৰ্ভৰশীল হোৱাৰ এক সুন্দৰ সুযোগ তথা অৱকাশ আকৌ আমি পাইছোঁ৷এই সুযোগ আমি গ্ৰহণ কৰা উচিত৷ সুখৰ কথা,বহুজনে হাতে কামে আগবাঢ়ি আহিছে৷হয় ৰঙামাটি, নহয় গুৱাহাটী এনে মানসিক উদ্যমেৰে আগবাঢ়ি অহা সকলেই অনাগত সময়ক নিয়ন্ত্ৰিত কৰিব৷ নিজা সু-কৰ্ম আৰু সফলতাৰে আদৰ্শ দেখুওৱা সকলে অসমক আগুৱাই নিয়াৰ নেতৃত্ব বহন কৰিলেহে অসমৰ ভৱিষ্যত উজ্জ্বলতৰ হব। নিকৃষ্ট ৰাজনীতিত লেটি লোৱা সকলৰ হাতত যে অসমৰ ভৱিষ্যত সন্দিহান, সেই কথাহে কিন্তু নিশ্চিত।
লেখক যোৰহাট নিবাসী এগৰাকী প্ৰগতিশীল নিবন্ধকাৰ। ফোনঃ ৯৮৫৪৬০৪৩৬৬

No comments:

Post a Comment