চিন্তনঃ মানৱতা জগাবলৈ ‘মৃত্যু’ অপৰিহাৰ্য নেকি? :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ মানৱতা জগাবলৈ ‘মৃত্যু’ অপৰিহাৰ্য নেকি? :: অজয় লাল দত্ত

চিন্তনঃ মানৱতা জগাবলৈ ‘মৃত্যু’ অপৰিহাৰ্য নেকি? :: অজয় লাল দত্ত

Share This
মানৱতা জগাবলৈ ‘মৃত্যু’ অপৰিহাৰ্য নেকি?
অজয় লাল দত্ত
আধুনিক মানৱ সভ্যতাৰ কিছুমান ঘটনাক্ৰম দেখি আজিৰ সমাজত মানৱীয় সহানুভূতি, ক্ৰমাত জীৱন মৰুৰ মৰিচীকাৰ ৰূপ লোৱা যেনহে অনুভৱ হয়। এনেক্ষণতেই মহামানৱ মহাত্মা গান্ধীৰ বাণীৰে মনক অভয় দিব লগা হয়। তেওঁ কৈ গৈছে- ‘আপুনি মানৱতাৰ ওপৰত বিশ্বাস হেৰুৱাই নেপেলাব। মানৱতা হৈছে সাগৰ সদৃশ। সাগৰৰ কেইটামান টোপাল মলিন হব পাৰে, গোটেই সাগৰখন কেতিয়াও নহয়’। নৱ-প্ৰজন্মৰ আমেৰিকান তথা ‘ব্লেক-লাইভ মেটাৰচ’ আন্দোলনৰ অগ্ৰণী কৰ্মী এলিচিয়া গাৰজাৰ মতে, মানৱতাৰ বাবে আশাবাদ চিৰদিনেই আছে, কিন্তু সেয়া পাবলৈ কেৱল আইন সলনি কৰাৰ কথা কলেই নহব, মানৱতাক মুখ্য বুলি ভবা এক সংস্কৃতি গঢ়াৰ আৰু তাক ক্ষয়িষ্ণু কৰিব নোৱাৰা আইনৰহে প্ৰয়োজন আছে।
এলিচিয়াই আকৌ কৈছে- ‘শান্তিপূৰ্ণ প্ৰতিবাদী জনতাৰ মাজত পুলিচ সৃষ্ট হিংসা তথা পুলিচী বৰ্বৰতাৰ কাৰণে দায়বদ্ধ কৰাৰ বাবে আজিকালি সিমানকৈ হৈ চৈ নহয়; যিমান কেইখনমান ভঙা খিৰিকি আৰু সম্পত্তি নষ্টৰ কথাৰে প্ৰচাৰ তুংগত উঠে’! এই কথাষাৰ অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ কথাৰ ক্ষেত্ৰত নিশ্চয়কৈ প্ৰযোজ্য হয়। আজিও সেই পাঁচ জনকৈ নিৰস্ত্ৰ প্ৰতিবাদী যুৱক পুলিচৰ গুলীত নিহত হোৱাৰ সন্দেহজনক পৰিস্থিতিৰ বাবে ঘোষিত তদন্তবোৰৰ কোনো ফলাফল ৰাজহুৱাকৈ ঘোষিত নহ’ল। তাৰ পৰিবৰ্তে, কাঁ বুলিলেই ধোঁৱাৰ ফুটেজ আৰু ৰাজননৈতিক স্থুল প্ৰচাৰৰ সু-কৌশলী ব্যৱস্থাপনাত সেই মানৱ-অধিকাৰ হননৰ ঘটনাবোৰ, মুক্ত-হত্যাৰ অপৰাধবোৰ ক্ৰমাত ধূসৰ হৈ যাবলৈ ধৰিছে। আমেৰিকাত এগৰাকী নিৰপৰাধীৰ পুলিচৰ হাতত হোৱা মৃত্যুত, প্ৰতিবাদী জনকণ্ঠত দেশ কঁপি উঠা দেখা গৈছে। বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যু অথবা কাঁৰ পঞ্চ-শ্বহীদৰ ক্ষেত্ৰত এই ঢৌ ক্ষণিকৰ হৈ মাৰ যোৱাহে পৰিলক্ষিত হ’ল। দশক দশক জুৰি আফচাৰ চেঁপা, সেনা-সন্ত্ৰাস, গুপ্ত-হত্যা আদি পৰিক্ৰমাৰে গঢ় লোৱা অসমীয়াৰ সমাজখন, এক স্পৰ্শকাতৰহীন ‘ৰুঢ় মানসিকতা’ৰ সমাজলৈ পৰিবৰ্তিত হৈছে নেকি বুলিও প্ৰশ্ন জাগিছে। সহজ পন্থা হিচাবে শ্বহীদ হ’ল, আন্দোলনলৈ প্ৰাণ আহুতি দিলে ধৰণৰ শব্দৰে এই জঘন্য অপৰাধ সমূহক ক্ৰমাত আমিয়েই সামাজিকভাৱেই প্ৰলেপ দিয়া আৰম্ভ কৰিছো নেকি? এই চিন্তাৰ ধাৰা কিন্তু অসমৰ ভৱিষ্যতৰ বাবে কেতিয়াও শুভংকৰ সংকেত বুলিব নোৱাৰি, সেয়া আমি উপলদ্ধি কৰিব লাগিব।

বাঘজানৰ তৈলখাদৰ ঘটনাৰ পাছত দুমাহেও এই অতিমাৰীৰ কালত আশ্ৰয় শিবিৰতে শৰণাৰ্থী হৈ থাকিব লগা হোৱা এগৰাকী ভুক্তভোগী শুক্লেশ্বৰ নেওগে আত্ম-হননৰ পথ গ্ৰহণ কৰাৰ বাতৰিয়ে অন্তৰাত্মাত কঁপনি তুলিছে। এবাৰ কেৱল কল্পনা কৰি চাওকচোন, নিজকে তেওঁৰ দৰে ভুক্তভোগীৰ স্থানত ৰাখি। আপোন ঘৰ জাহ যোৱাৰ খবৰ, পৰিয়াল-পৰিজনক লৈ অনিশ্চিতভাৱে চৰকাৰী স্কুলঘৰৰ মজিয়াত পৰি থাকিব লগা হোৱা হ’লে আপোনাৰ-মোৰ প্ৰতিক্ৰিয়া কি হ’লহেতেন? কেনে প্ৰতিক্ৰিয়া হ’লহেতেন উদ্যোগৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ পৰিয়াল যদি তেনেকৈ থাকিব লগীয়া হোৱা হ’লে। বাতৰিত দেখিলো ৩০ হাজাৰকৈ এককালীন সাহাৰ্য দিলে অইলে, জিলা প্ৰশাসনৰ যোগেদি। কিন্তু বিগত এই দুমাহত বেছি বিপৰ্যস্ত সকলক প্ৰাৰম্ভিক ৰিপৰ্টৰ ভিত্তিত, কিয় উপযুক্ত ক্ষতিপূৰণৰ একোটা মোটা-আগধন দি আশ্বস্ত কৰা নহ’ল। এতিয়া নেওগৰ আত্ম-হননৰ পাছতহে কিয় গা লৰিল? লগে লগে এঘাৰটা পৰিয়ালক বিশ লাখকৈ ক্ষতি-পূৰণৰ ধন দিবলৈ চেক ওলাল! অনাহূত পৰিস্থিতি সৃষ্টি হ’লেহে তাক মেনেজ কৰাৰ এই লজ্জ্বাজনক মানসিকতাক ধিক্কাৰ দিয়াৰ বাহিৰে জানো এতিয়া কিবা উপায় আছে?

প্ৰশ্ন হয়, এজনে আত্ম-হনন কৰিহে আন কেইটা পৰিয়ালক ন্যায়দানৰ প্ৰাপ্তিৰ পথ মুকলি কৰি গ’ল নেকি? নেওগৰ অপমৃত্যুকো আমি শ্বহীদ আখ্যা দিয়াতেই সীমাবদ্ধ থাকিম নে? নে ৰঙা-ফিটাই এজন মানুহক মানসিকভাৱে কিদৰে বিপযস্ত কৰি এই পথলৈ ঠেলি দিলে, তাৰ বাবে কাৰোবাক দায়বদ্ধ কৰিম?  ৰঙা-ফিটাৰ মেৰপেচ ভাঙিবলৈ এই মৃত্যু কি জৰুৰী আছিলেই নেকি? ই যেন উদঙাই দিলে যে, বাঘজানবাসীৰ বাবে থকা প্ৰয়োজনীয় মানৱীয় সহানুভূতিৰ নিলৰ্জ অভাৱ? ভূমি-পট্টনৰ বাবে আন্দোলনত প্ৰতিবাদ কৰি আত্মজাহ  দিয়া প্ৰণৱ বড়োক উচটনি দিয়াৰ কেচো চলিছিল এইখন অসমতে। প্ৰশ্ন হয়,  বাঘজানৰ এই ঘটনাত এই প্ৰৰোচনা বা এবেটমেণ্ট-টু-চুইচাইদৰ ধাৰাৰ সংজ্ঞান লৈ কোনো পক্ষই কেচ গ্ৰহণ কৰিবনে? পিছে দেশ কাল দেখি, সকলোৱে বুজিছে যে, ইয়াৰ বাবে কোনো জেললৈ নাযায়, কোনো দোষী সাব্যস্ত নহয়। কিন্তু কাঠগড়াত মানৱীয়তাক এইখন সমাজেই নিশ্চয়কৈ তুলি বিচাৰ কৰিব লাগিব, প্ৰশ্নবোৰৰ উত্তৰো বিচাৰিব লাগিব। 

ভাৰতবৰ্ষত পূৰ্বৰ দশকবোৰত মানৱ অধিকাৰ আয়োগ, সংগঠনবোৰৰ কণ্ঠ সৱল আছিল। আজিৰ দিনত সিবোৰো যেন ক্ৰমাত ক্ষীণতৰ হৈ আহিছে। অসমৰে এগৰাকী প্ৰবীণ মানৱ অধিকাৰ কৰ্মীয়ে লিখিছে- বৰপেটা, কামৰূপত দাৰিদ্ৰতাৰ বোজা সহিব নোৱাৰি তিনিজনকৈ পৰিবহন শ্ৰমিকৰ আত্মহত্যাৰ খবৰ৷ কাব্যিকতাৰে তেওঁ কৈছে, আকবৰ নে দীনদয়াল, গদাপানী নে চুকাফা, সিহঁতৰ নামবোৰ নাজানো, জানিবৰ প্ৰয়োজনো নাই৷ মাথো জানো আৰু বুজো, দাৰিদ্ৰতাই পংগু কৰা, সিহঁতো আপোনাৰ মোৰ দৰেই তেজ মঙহৰ মানুহ৷  এই শব্দমালাই যেন ভেঙুচালি কৰিছে, সাম্প্ৰতিক সময়ৰ জাতি-ধৰ্ম-ভাষাৰ ভিত্তিত নিলৰ্জ ৰাজনীতিত ক্ৰমাত পদানত হোৱা মানৱতাক। 

সংবাদ শিৰোনাম দখল কৰিছে গুৱাহাটীত লক-ডাউনত কৰ্ম-সংস্থান হেৰুওৱা ড্ৰাইভাৰৰ আত্মহননৰ বাতৰিয়ে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পাঁচ কেজি চাউলৰ আঁচনিয়ে ঢুকি নোপোৱা, অথচ নকৈ সংস্থাপন হেৰুৱা সকলৰ জীৱনৰ সংকটৰ সমস্যা এই ক্ষণত অতি স্পৰ্শকাতৰ হৈ পৰিছে। এই প্ৰত্যাহ্বানতো, সহানুভূতিশীল মানৱীয় দৃষ্টিভংগীৰে এক বাস্তৱিক চৰকাৰী হস্তক্ষেপ সময়ে দাবী কৰিছে। 

আনফালে মধ্য-প্ৰদেশৰ গুণাৰ পৰা পুলিচী নিৰ্যাতনৰ পাছত বিহপান কৰা দলিত পৰিয়ালৰ খবৰে হৃদয় কঁপাইছে। উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰীৰ ঘৰৰ সমুখত, উন্নাওত ধৰ্ষণৰ বলি হোৱা নাৰীৰ আত্মহননৰ প্ৰচেষ্টাৰ পাছত এইবাৰ ন্যায়হীনতাত ভূগি ভূমি-বিবাদজনিত কাৰণতো একেদৰেই মুখ্যমন্ত্ৰীৰ ঘৰৰ সমুখত আমেথিৰ এহাল মাতৃ-কণ্যাই একেলগে আত্মজাহৰ প্ৰচেষ্টা চলোৱাৰ খবৰ প্ৰকাশ পাইছে। প্ৰশ্ন হৈছে, ন্যায় এতিয়া সঁচাই দুৰ্লভ নেকি, দৰিদ্ৰ, প্ৰান্তীয় আৰু অৱলা নিষ্পেষিতজনৰ বাবে। ধনী হিৰোৰ জামিনৰ বাবে, জঘন্য অপৰাধীৰ ফাঁচী ৰোধাৰ মানৱ অধিকাৰজনিত আবেদনৰ বাবে মাজৰাতিও আদালত বহা এইখন দেশত কিন্তু সাধাৰণজনৰ বাবে আজি 'ন্যায়' যেন ক্ৰমাত দূৰ-আকাশৰ তৰালৈ পৰিবৰ্তিত হৈছে। এই সমূহ আত্ম-হননৰ প্ৰচেষ্টা-ঘটনাই তাকেই প্ৰতিফলিত কৰিছে নেকি? মানুহে ধৰি লৈছে নেকি যে, আৰ্তজনৰ মৃত্যুয়েহে এই দেশত মানৱীয় সহানুভূতি জগাবৰ একমাত্ৰ উপায় বাচি ৰৈছে! ক্ৰমাত 'পিপলি লাইভ'লৈ পৰিবৰ্তিত হৈছে নেকি বাস্তৱ পৰিস্থিতি? এনে ভাৱনাৰ সৃষ্টি কৰা পৰিৱেশৰ অচিৰেই নিৰাময় কৰিব লাগিব, আৰু ইয়াৰ ব্যৱস্থাও যে সমাজেই কৰিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।

1 comment: