জাতীয় স্বাৰ্থত আবেগ নহয়, যুক্তিনিষ্ঠতাই পাওক আগস্থান
কুমাৰ নৱজ্যোতি
ব্যক্তিগত দুটা ‘সৰু’ অথচ ‘অপ্ৰত্যাশিত’ অভিজ্ঞতাৰ কথাৰে প্ৰসংগটোৰ বাট মুকলি কৰিব বিচাৰিছোঁ৷ যোৱা বছৰৰ ১১ ডিচেম্বৰত সংসদত ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬’ ৰাজ্যসভাত আলোচনাৰ বাবে উপস্থাপন হোৱাৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা গণ-প্ৰতিবাদৰ কথা আমাৰ পাঠক মাত্ৰেই সকলোৰেই নিশ্চয় অৱগত৷ তেনে প্ৰতিবাদৰ আগতীয়া কোনো নিশ্চিত খবৰ নোপোৱাৰ বাবে সেইদিনা পুৱাতে মোৰ গৃহ চহৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰোঁতে কেইবাখনো বাহন সলাবলগীয়া হৈছিল৷ ৰাজপথত অস্বাভাৱিক নিৰৱতা আৰু যানবাহন সেৰেঙা আছিল যদিও কোনো ধৰণৰ প্ৰতিবাদৰ উমান পোৱা নাছিলোঁ৷ সমুখৰ পথছোৱাত গণৰোষৰ সন্মুখীন হোৱাৰ ভয়ত এখন বাহনে মৰাণৰ পৰা কেইকিল’মিটাৰমান নিয়েই মোৰ লগতে সকলো যাত্ৰীকে জনশূন্য অঞ্চল এটাত নমাই দিছিল৷
বাহনখনৰ চালকে আগৰ অঞ্চল এটাত গণ-প্ৰতিবাদ হোৱাৰ খবৰ পাইছিল৷ আন কেইবাগৰাকীও যুৱক তথা পুৰুষ-মহিলা নিৰ্বিশেষে জ্যেষ্ঠ নাগৰিক যাত্ৰীৰ সৈতে গন্তব্য স্থান অভিমুখে পদযাত্ৰা আৰম্ভ কৰিছিলোঁ৷ সকলোৰে মনৰ ভাব --প্ৰতিবাদকাৰীসকলে কাষেৰে পাৰ হৈ যোৱাৰ অনুমতি দিলে কিজানিবা ইফালৰ পৰা সৰু-সুৰা হ’লেও কিবা যানবাহনত যোৱাৰ সুযোগ পাওঁৱেই! বহু কিল’মিটাৰ খোজ কাঢ়িলোঁ৷ এই গোটেই পথ-পৰিক্ৰমাত সংঘবদ্ধ জনতাৰ কোনেও, ক’তো আমাক অসুবিধা দিয়া নাছিল৷ ঠাইবিশেষত টায়াৰ আদি জ্বলালেও আন ধৰণেৰে তেওঁলোকে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰা প্ৰত্যক্ষ কৰিছিলোঁ৷ বগীবিল দলঙৰ সমীপত, ধেমাজি অভিমুখী মোৰ অন্তিম সহযাত্ৰী যুৱকজনে সেইফালে যোৱা মটৰচাইকেল এখনৰ চালকক ৰখাই নিজৰ যোৱাৰ ব্যৱস্থা কৰিলে৷ তাৰ পাছত মই আৰম্ভ কৰিলোঁ অকলশৰীয়া যাত্ৰা৷ কিছু দূৰ যোৱাৰ পাছত আকৌ এক প্ৰতিবাদথলী৷ প্ৰতিবাদথলীৰ কাষৰ মুকলি অংশৰে পাৰ হৈ গ’লোঁ৷ কিছু দূৰ যোৱাৰ পাছতে প্ৰথমটো ‘দুভাৰ্গ্যজনক’ ঘটনা ঘটিল৷ ৰাজপথেৰে মই খোজ কাঢ়ি গৈ থাকোঁতে হঠাৎ এজনৰ কঠোৰ মাত শুনিলোঁ--‘ঐ, এইফালে আহ !’ মোক মাতিছে বুলি ভৱাৰ অৱকাশ নাছিলোঁ৷ তেনেতে , পুনৰ সেই একে কণ্ঠস্বৰঃ ‘ঐ, ৰাস্তাৰে খোজ কাঢ়ি যোৱাটোক মাতিছোঁ৷’ মই আচৰিত হৈ ঘূৰি চাই দেখিছিলোঁ ‘জাতীয়’ সংগঠন এটাৰ স্থানীয় কাযাৰ্লয়ৰ সন্মুখত বহি থকা কেইজনমান যুৱকৰ মাজৰ পৰা দেখাত সুন্দৰ-সুঠাম, ধুনীয়া সাজ-পোছাক পৰিহিত এজনে বহি থকাৰেপৰাই ‘নেতা’জাতীয় এজনে মোক সেই নিদেৰ্শ দিছে৷ যুৱকজনৰ তেনে আচৰণত কিংকৰ্তব্যবিমূঢ় হোৱাৰ লগতে কিছু পৰিমাণে খঙো উঠিছিল যদিও যিহেতু মোৰ লক্ষ্য গন্তব্যস্থান পোৱাটোহে, সেয়েহে নিজকে সংযত কৰিলোঁ৷ যুৱকজনৰ কাষলৈ গৈ পাওঁ পাওঁ হওঁতেই মোৰ মুখ দেখাৰ পাছতেই তেওঁ ব্যৱহাৰ সলনি কৰি ‘তই’ৰ পৰা ‘আপুনি’লৈ সম্বোধন সলালে৷ ‘ক’ৰ পৰা আহিছে?’ বুলি যুৱকজনে সোধা প্ৰশ্নৰ উত্তৰ মই সাধাৰণভাৱে দিলোঁ৷ ‘আন কোনোবা বুলি ভাবিছিলোঁ’ বুলি কৈ তেওঁ প্ৰসংগটো সামৰিলে৷ ময়ো ব্যৱহাৰ-কুশলতা নজনা এজনৰ সৈতে কথা আগ বঢ়াব নুখুজিলোঁ৷ মই কিছু দূৰ খোজ কাঢ়ি পুনৰ আগ বাঢ়িলোঁ৷
ইতিমধ্যে মই খোজ কাঢ়ি গৈ থকা বুলি জানি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণাৰত অনুজ বন্ধু এজন দুচকীয়া বাহন এখন লৈ মোক আগ বঢ়াই নিবলৈ বুলি আহিছিল৷ মোক পাছফালৰ আসনখনত বহুৱাই তেওঁ বাহনখন মধ্যমীয়া গতিত চলাই গৈছিল৷ কিছু সময়ৰ পাছতে মোৰ বাবে যেন অপেক্ষা কৰি আছিল ‘দুভাৰ্গ্যজনক’ আন এটা ঘটনা৷ যিটো ঘটনাই আমাৰ দুয়োৰে বাবে এক অত্যন্ত দুভাৰ্ৱনা তথা সংশয় কঢ়িয়াই আনিছিল৷ এটা অঞ্চলত সমুখত একাধিক জনগোষ্ঠীয় লোক সন্নিবিষ্ট জনতাৰ এটা জুম দেখিলোঁ৷ গছ এজোপা কাটি পেলাই থৈ ৰাজপথ বন্ধ কৰি থোৱা আছে৷ পৰিস্থিতি দেখি মই বাহনখনৰ পৰা নামি দিব খুজিলোঁ৷ অনুজ বন্ধুজনকো বাহনখন ঠেলি ঠেলিয়েই পৰি থকা গছজোপাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ পৰামৰ্শ দিলোঁ৷ মোক আনিবলৈ আহোঁতে তেওঁক বাহনখন ৰাস্তাত পেলাই থোৱা গছজোপাৰ পাতবোৰ পৰি থকা অংশটোৰ ওপৰেৰে অহাত জনতাৰ জুমটোৱে তেওঁক বাধা দিয়া নাছিল৷ কম বয়সীয়া যুৱ-বন্ধুজনে এতিয়াও সেই পাতবোৰৰ ওপৰেৰে বাহনখন চলাই নিলে সমৱেতসকলে আপত্তি নকৰিব বুলি ভাবিলে আৰু মই একো তৰ্কিব নৌপাওঁতেই বাহনখন সেই অংশইদি কোনো ব্যক্তিৰে অসুবিধা নোহোৱাকৈ চলাই নিলে৷ কিন্তু, ‘দুভাৰ্গ্য’ই লগ নেৰিলে৷ কিয় বাহনখন চলাই নিব বুলি সমৱsত জনতাৰ কেইজনমানে তেওঁক ফেপেৰি পাতি ধৰিলে৷ বিশেষকৈ অৰ্ধ-উলংগ গাৰে থকা অষ্টম-নৱম মানত পঢ়ি থকা যেন লগা বয়সৰ কিশোৰ এজনে হাতত লৈ থকা লাঠি এডালেৰে অনুজ বন্ধুজনক হেলমেট পৰিহিত অৱস্থাতে মাৰিবলৈ উদ্যত হ’ল৷ মই তেওঁতকৈ জ্যেষ্ঠজন থাকোঁতেও কিয় তেওঁ এনে কৰিবলৈ পালে বুলি মোকো সমৱেত লোকে বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিলে৷ অনুজ বন্ধুজনক আঁঠু কঢ়োৱাই ক্ষমা খোজোৱাৰো প্ৰয়াস চলিল৷
তেওঁলোকৰ কথা--তেওঁলোকে জাতিৰ স্বাৰ্থত ৰাজপথ বন্ধ কৰিছে৷ আৰু, আমি ‘বন্ধ’ৰ দিনা যাতায়ত কৰাৰ বাবে ‘জাতিদ্ৰোহী’৷ জীৱনত কোনোদিনে তেনে কোনো পৰিস্থিতিত নপৰা মই খং আৰু ক্ষোভত ফাটি পৰিছিলোঁ৷ তথাপি, সমাগত দুভাৰ্ৱনা দেখি নিজকে সংযত কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কথা চিন্তা কৰিছিলোঁ৷ জাতিৰ প্ৰতি মোৰ বা অনুজ, গৱেষক বন্ধুজনৰ প্ৰেম যে ৰাজপথৰ প্ৰতিবাদকাৰী তেওঁলোকতকৈ কোনো গুণেই কম নহয়, সেই কথা অতি নম্ৰতাৰে তেওঁলোকক ক’লোঁ৷ লগতে, অনুজ বন্ধ³জনে তেওঁলোকৰ দৃষ্টিত কিবা ‘ভুল’ কৰিছে যদিও তেওঁলোকে যেন সেয়া ধৰি নাথাকে --তাৰ বাবেও অনুৰোধ জনাই কথাবোৰ কোনো মতে সংশ্লিষ্টসকলক বুজাবলৈ সক্ষম হ’লোঁ৷ তথাপি, অনুজ বন্ধুজন কিছু পৰিমাণে হ’লেও শাৰীৰিক আক্ৰমণৰো সন্মুখীন হ’ল৷ সেইদিনা তেওঁলোকৰ আবেগ প্ৰশমিত নোহোৱা হ’লে আমি উভয়ে হয়তোবা ‘অৰ্ধমৃত’ বা ‘মৃত’ অৱস্থাত একাংশ ‘জাতিপ্ৰেমী’ৰ বাবে ‘জাতিদ্ৰোহী’ৰ ‘লেবেল’ ল’বলগীয়া হ’লহেঁতেন৷ সেইসকল প্ৰতিবাদকাৰীতকৈ ময়েই হওঁ বা অনুজ, গৱেষক বন্ধুজনেই হওক, কোনো ক্ষেত্ৰতে যথাৰ্থতে কম ‘জাতিপ্ৰেমী’ বা ‘জাতীয়তাবাদী’ নহওঁ৷ হয়তোবা, বহু ক্ষেত্ৰত সতকাই চকুত নপৰা কিন্তু বৌদ্ধিক-সামাজিক বিভিন্ন দিশত স্থায়ী ধৰণৰ বুলিব পৰা আৰু জাতিৰ কিবা নহয় কিবাকৈ কামত আহিব পৰা দুই-এটা সামান্যভাৱে হ’লেও গুৰুত্বপূৰ্ণ কাম আমি সম্পাদন কৰিছোঁ৷ সেইদিনা জনতাৰ আকস্মিক ‘গণতান্ত্ৰিক’ প্ৰতিবাদত আপত্তি নকৰি মই প্ৰায় কুৰি কিল’মিটাৰ পথ হাঁহিমুখেৰেই খোজ কাঢ়ি অতিক্ৰম কৰিছিলোঁ৷ একেদৰে, অসমীয়া জাতিৰ যথাৰ্থ উত্তৰণৰ প্ৰসংগত আমাৰ কৰণীয়ৰ সন্দৰ্ভতো মই সময়ে সময়ে ব্যক্তিবিশেষৰে আলোচনা নকৰা নহয়৷ মোৰ অনুজ বন্ধুজনো সেইদিনা মোক আগ বঢ়াই আনিবলৈ বুলি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-সমাজে ‘জাতীয় স্বাৰ্থ’ত আয়োজন কৰা প্ৰতিবাদ কাৰ্যক্ৰম এটাৰ পৰাই গৈছিল৷
দুয়োটা ঘটনাই মোক কাৰ্যতঃ অভিজ্ঞ কৰি তুলিলে৷ বহু সংগঠনৰ একাংশ ‘নেতা’ই ব্যৱহাৰ-কুশলতা শিকিবলৈ এতিয়াও বাকী৷ সমাজৰ আৰ্তজনৰ প্ৰতি নিজকে পৰম ক্ষমতাশীল বুলি ভবা এইসকলৰ ব্যৱহাৰৰ কথা ভাবিলেই ভয় লাগেচোন! একেদৰে, দেশৰ ভিতৰৰে কোনো ঠাইত আমি অসমৰ মানুহক নিগ্ৰহৰ কথা কওঁ৷ ৰাজ্যৰ ভিতৰতো কোনো দুভাৰ্গ্যজনক ঘটনাৰ বাবে ঠাইবিশেষৰ নিৰ্দিষ্ট জনগোষ্ঠী বা ধৰ্মবিশেষৰ সকলো লোকক পোনপটীয়াকৈ ‘দোষী’ৰ ‘লেবেল’ লগাই দিওঁ৷ অথচ, সেইদিনা এনে ঘটনা কেৱল আমাৰ ক্ষেত্ৰতেই হোৱা নাছিল৷ ৰাজ্যৰ বহু ঠাইতেই সেইদিনা ‘বিক্ষুদ্ধ জনতা’ৰ দ্বাৰা এনেদৰে, বিভিন্নজনক নিগ্ৰহৰ ঘটনা ঘটিছিল বুলি সংবাদ-মাধ্যমত প্ৰকাশ পাইছিল৷ বহুতে হয়তো ক’ব যে সেইদিনা জনগণৰ স্বতঃস্ফূর্ত প্ৰতিবাদৰ বাবেই ঠায়ে-ঠায়ে এনে ঘটনা সংঘটিত হৈছিল৷ কিন্তু, আমাৰ আবেগে গণতান্ত্ৰিক প্ৰতিবাদৰ সুদীৰ্ঘ কাৰ্যক্ৰম এটাৰ প্ৰাৰম্ভতেই যদি এনে ৰূপ লয়; আমাক বাদেই, সংবাদ-মাধ্যমত প্ৰকাশ পোৱাৰ দৰে বৰযাত্ৰী, চিকিৎসক আদিকো নিগ্ৰহৰ দৰে কাণ্ড সংঘটেনেৰে ‘উদ্ভণ্ডালি’ৰ ৰূপ পৰিগ্ৰহ কৰে; তেনেহ’লে আমি কাৰ্যতঃ জাতিটোক জীয়াই ৰাখিব, জাতিটোৰ সমৃদ্ধি ঘটাব পাৰিমনে?
মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ আৰু সামগ্ৰিকভাৱে ক’ব খোজোঁ যে জাতীয় স্বাৰ্থত আমাক আবেগ লাগিব, জাতিৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবেও আমাক আবেগ লাগিব৷ কিন্তু, জাতিটোৰ যথাৰ্থ উত্তৰণ ঘটাবলৈ হ’লে তথাকথিত ‘নেতা’গিৰি, আবেগ তথা আবেগমূলক ‘উদ্ভণ্ডালি’ৰ পৰিৱৰ্তে আমি সকলোৱে এনে পদক্ষেপসমূহ গ্ৰহণ কৰাৰ আগতে যুক্তিৰেও চালি-জাৰি চাব লাগিব৷ নহ’লে, ‘জাতীয় সংগঠন’ তথা আন দল-সংগঠনৰ লগতে একাংশ ব্যক্তিয়েও নিজা উদ্যোগত ৰাজ্যখনৰ তথা জাতিটোৰ মংগলৰ বাবে ৰূপায়ণ কৰিব খোজা মংগলময় কাৰ্যক্ৰমসমূহত যতি পৰিব৷ কেৱল আবেগ নহয়, যুক্তিপূৰ্ণ চিন্তা-চচাৰ্ৰে নিজৰ সদস্য তথা জনগণক পৰিচালনা কৰাৰ বাবেও ‘জাতীয় সংগঠন’ তথা অন্যান্য গণতান্ত্ৰিক দল-সংগঠনসমূহে উপযুক্ত পদক্ষেপ লোৱাটো বৰ্তমান সময়ৰ দাবী বুলি বিবেচিত হৈছে৷ নহ’লে, বাহিৰৰ শত্ৰুৰ বাবে নহয়, নিজৰ ভুলৰ বাবেহে ক্ৰমশঃ আমি অসমীয়া জাতিটোৱে নিশকটীয়া হৈ অপমৃত্যুক আলিংগন কৰাৰ সময় সমাগত৷
(লেখকৰ Whatsapp নম্বৰ: ৯৮৫৪৪-৩১৮৬৮)
No comments:
Post a Comment