স্বাস্থ্যঃ ক'ৰোনাৰ ভেকচিন বিকাশৰ প্ৰতিযোগিতাঃ কি স্তৰত কোন? :: ডা০ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ ক'ৰোনাৰ ভেকচিন বিকাশৰ প্ৰতিযোগিতাঃ কি স্তৰত কোন? :: ডা০ ভূপেন শইকীয়া

স্বাস্থ্যঃ ক'ৰোনাৰ ভেকচিন বিকাশৰ প্ৰতিযোগিতাঃ কি স্তৰত কোন? :: ডা০ ভূপেন শইকীয়া

Share This
ক'ৰোনাৰ ভেকচিন বিকাশৰ প্ৰতিযোগিতাঃ কি স্তৰত কোন?
ডা০ ভূপেন শইকীয়া
ভেকচিনৰ প্ৰয়োজন কিয় ?

বিশ্বত ডেৰ কোটি লোক কোভিড ১৯ মহামাৰীৰ কবলত পৰি লাখ লাখ লোক মৃত্যুৰ গৰাহত পৰাৰ পৰিপ্ৰক্ষিতত ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি বিশ্বৰ বিজ্ঞানীসকলে হাবাথুৰি খাইছে৷ এটি সফল এন্টিভাইৰেল দৰবৰ ওপৰিও ভেকচিনৰ উদ্ভাৱনেহে মানৱ জাতিক এই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব বুলি সৰ্বত্ৰে চিন্তা চৰ্চা চলিছে৷


আজিৰ আলোচনাত বৰ্তমান বিভিন্ন মিডিয়াত চলি থকা "অচিৰেই আহি আছে কৰ'নাৰ ভেকচিন" জাতীয় হৈ চৈৰ বিপৰীতে বাস্তৱিকতা কি তাৰ এখন সঁচা চিত্ৰ পাঠকৰ আগত ডাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ৷
ভেকচিনৰ নিৰ্মাণ প্ৰক্ৰিয়া : –
এটা ভেকচিন প্ৰস্তুত কৰোতে ৫টা খলপৰ প্ৰয়োজন হয়৷ সেই কেইটা হ'ল –

(১) প্ৰি-ক্লিনিকেল ট্ৰায়েল - য'ত লেবৰেটৰীৰ জীৱ জন্তু যেনে গিনিপিগ, এন্দুৰ, শহাপহু, বান্দৰ, চিম্পাঞ্জী,হেমষ্টাৰ আদিৰ ওপৰত ভেকচিনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰীক্ষা-নিৰীক্ষা কৰা হয়৷

(২) ক্লিনিকেল ট্ৰায়েলৰ প্ৰথম চৰণ (ফেজ-১) : মানৱ দেহত চলোৱা সম্পৰীক্ষা -য'ত সীমিত সংখ্যক (১০০ৰ পৰা ৫০০জন) স্বেচ্ছাসেৱকৰ ওপৰত ভেকচিনৰ গুণাগুণৰ মান আৰু পাৰ্শ্বক্ৰিয়া আদিৰ পৰীক্ষা চলোৱা হয়৷ প্ৰথম ফেজত সাধাৰণতে এমাহ সময়ৰ প্ৰয়োজন হয়৷

(৩) ক্লিনিকেল ট্ৰায়েলৰ দ্বিতীয় চৰণ (ফেজ-২) : এইটো পৰ্যায়ত ১০০০জন স্বেচ্ছাসেৱকৰ ওপৰত ভেকচিনৰ গুণাগুণৰ মান, কাৰ্যকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া আদিৰ পৰীক্ষা চলোৱা হয়৷ দ্বিতীয় ফেজত সাধাৰণতে কেইবামাহো সময়ৰ প্ৰয়োজন হয়৷

(৪) ক্লিনিকেল ট্ৰায়েলৰ তৃতীয় চৰণ (ফেজ-৩) : এইটো পৰ্যায়ত ১০,০০০ বা ততোধিক স্বেচ্ছাসেৱকৰ ওপৰত ভেকচিনৰ গুণাগুণৰ মান, কাৰ্যকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া আদিৰ পৰীক্ষা চলোৱা হয়৷ তৃতীয় ফেজত আৰু দীঘলীয়া সময়ৰ প্ৰয়োজন হয়৷ হয়তো কেইবা মাহ বা কেইবা বছৰৰ সময়ৰ প্ৰয়োজন হব পাৰে৷ এই ফেজ-৩ যদি এজনো স্বেচ্ছাসেৱকৰ শৰীৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা যায় তেনেহলে ভেকচিনৰ অনুমোদন কোনোপধ্যে দিয়া নাযাব৷

উল্লেখযোগ্য যে এই ট্ৰায়েলৰ যোগেদি ভেকচিনে শৰীৰক সুৰক্ষা দিব পৰাকৈ এন্টিবডি নিৰ্মাণ কৰিছেনে নে নাই (?) ভেকচিন কিমান পৰিমানত (কি ড'জত) কেইবাৰ আৰু কি পদ্ধতিৰে দিব লাগিব - এই সকলো খৰচি মাৰি অধ্যয়ন কৰা হয়৷ প্ৰত্যেকটো খলপ সফলতা পূৰ্বক সম্পন্ন হলেহে পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ অনুমোদন বিভাগীয় কৰ্তৃপক্ষৰ পৰা পাবলৈ সক্ষম হয় ৷ অৱশ্যে বৰ্তমানৰ বিশ্বযোৰা কৰ'নাসৃষ্ট সংকটৰ মুকাবিলা কৰিবলৈ এই ফেজসমূহৰ সময়ৰ ক্ষেত্ৰত কিছু শিথিলতা পালন কৰা দেখা গৈছে ৷ সচৰাচৰ এটা ভেকচিনৰ উদ্ভাৱন কৰিবলৈ বহু বছৰ সময় লাগে৷ আটাইতকৈ কম সময় ৬টা বছৰ লাগিছিল ১৯৬৮ চনত আবিস্কৃত হোৱা মিজলচ ভেকচিনৰ ক্ষেত্ৰত৷ গতিকে মাত্ৰ কেইটামান মাহৰ ভিতৰতে একেবাৰে অজানা কৰ'না ভাইৰাছৰ ভেকচিন সাজুহৈ উঠিব বুলি আশা কৰাটো কিমান দূৰ সঠিক প্ৰমাণিত হয় সেয়া সময়তহে জনা যাব৷ আকৌ ভেকচিন মানৱ শৰীৰৰ বাবে নিৰাপদ হোৱাটো প্ৰাথমিক কথা৷ সাংঘাটিক পাৰ্শ্বক্ৰিয়াৰ বাবে ডেংগু ভেকচিন (Dengvaxia) অব্যৱহৃত হৈ ৰোৱাৰ কথা আজি বিশ্ববাসীৰ জ্ঞাত৷

(৫) যাবতীয় অনুমোদন প্ৰক্ৰিয়া : ট্ৰায়েল সফলতাৰে সম্পূৰ্ণ হোৱাৰ প্ৰতিবেদন অধ্যয়ন কৰি যাবতীয় চৰকাৰী কৰ্তৃপক্ষই সেই নিৰ্দিষ্ট ভেকচিনৰ নিৰ্মাণ, বিতৰণ আৰু ৰাজহুৱা প্ৰয়োগৰ অনুমতি প্ৰদান কৰে৷

বিশ্বজোৰা ভেকচিনৰ নিৰ্মাণৰ প্ৰতিযোগিতা : –
নিউয়ৰ্ক টাইমচৰ যোৱা ২১জুলাইত দিয়া তথ্যমতে বৰ্তমান বিশ্বত কৰ'নাৰ ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত অৱস্থান হ'ল এনেকুৱা : - প্ৰি-ক্লিনিকেল পৰ্যায়ত আছে ১৪০ টাৰ অধিক, ফেজ-১ত আছে ১৯ টা দৰব নিৰ্মাতা কোম্পানী,ফেজ-২ত আছে ১৩ টা দৰব নিৰ্মাতা কোম্পানী, ফেজ-৩ত আছে ৪ টা দৰব নিৰ্মাতা কোম্পানী, ফেজ-৪ত অনুমোদন প্ৰাপ্ত হৈছে এটা প্ৰতিষ্ঠানৰ ভেকচিন ৷ এতিয়া কিছু বিস্তাৰিত আলোচনালৈ আগবাঢ়োঁ৷

mRNA-1273 নামৰ ভেকচিন নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে আমেৰিকাৰ মাছাচ্যুটিচস্থিত বায়টেক ফাৰ্ম মডাৰ্ণা (Moderna) নামৰ চৰকাৰী সাহাৰ্যপ্ৰাপ্ত প্ৰতিষ্ঠানে৷ এওঁলোকে যোৱা ১৬মাৰ্চত ফেজ-১ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰে আৰু ২৭জুলাইৰ পৰা ৩০হেজাৰ স্বেচ্ছাসেৱকৰ ওপৰত ফেজ-৩ৰ পৰীক্ষা আৰম্ভ কৰাৰ কথা৷ নিউ ইংলেণ্ড জাৰ্ণেল অৱ মেডিচিনত প্ৰকাশিত তথ্যমতে ইতিমধ্যে সম্পন্ন হোৱা ফেজ দুটাত ৫০শতাংশ স্বেচ্ছাসেৱকৰ শৰীৰত গা-মূৰ-মাংসপেষীৰ বিষ,কঁপনি,ভাগৰুৱা অনুভৱ,বেজী লোৱা ঠাইত বিষ আদি লঘু পাৰ্শ্বক্ৰিয়া দেখা গৈছিল৷ উল্লেখযোগ্যযে লেবৰেটৰীত কৰ'না ভাইৰাছৰ জিনৰ পৃথকীকৰনৰ ৬৬দিন পাৰ হওতেই মডাৰ্ণাই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰে৷ বিশ্বত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰা প্ৰথম কোম্পানীটোৱেই হ'ল মডাৰ্ণা৷ মডাৰ্ণাই নিৰ্বাচন কৰি লোৱা নিৰোগী স্বেচ্ছাসেৱকসকলৰ বয়স ১৮ৰ পৰা ৫৫বছৰৰ ভিতৰৰ আছিল৷ একোটা ইন্ট্ৰামাচকুলাৰ বেজীৰ ড'জ আছিল ১০০মাইক্ৰগ্ৰাম৷ কোম্পানীয়ে আশা ব্যক্ত কৰে যে সফলতাৰে সকলো পৰীক্ষা সম্পূৰ্ণ কৰি ২০২১ৰ আৰম্ভণিতেই বিশ্ববাসীক কৰ'নাৰ প্ৰতিষেধক উপহাৰ দিব৷

AZ1222 নামৰ ভেকচিন নিৰ্মাণৰ প্ৰস্তুতি চলোৱা ইংলেণ্ডৰ অক্সফ'ৰ্ড ইউনিভাৰ্চিটিয়ে এষ্ট্ৰাজেনেচিয়া কোম্পানীৰ সহযোগত কৰা ফেজ-১আৰু ফেজ-২ ক্লিনিকেল ট্ৰায়েলত আশাপ্ৰদ ফলাফল দেখা গৈছে৷ লেন্সেট নামৰ মেডিকেল জাৰ্ণেলত প্ৰকাশিত তথ্যমতে ই যথেষ্ট নিৰাপদ আৰু ফলপ্ৰসু ইমিউনিটিদায়ক সিদ্ধ হ'ব৷ এন্টিবডিৰ ওপৰিও এই ভেকচিনে কিলাৰ টি-চেল উৎপন্ন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷ ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাত ফেজ-৩ৰ ট্ৰায়েল অলপতে আৰম্ভ হ'ব৷ ভাৰতৰ চেৰাম ইন্সটিটিউট নামৰ কোম্পানীয়ে ফেজ-৩ৰ পৰীক্ষাৰ বাবে অনুমতি বিচাৰি আবেদন কৰিছে৷ আশা কৰা হৈছে আগষ্ট মাহৰ পৰা চেৰাম ইন্সটিটিউট অৱ ইণ্ডিয়াই ভাৰতত ফেজ-৩ট্ৰায়েল আৰম্ভ কৰিবলৈ সক্ষম হ'ব৷ উল্লেখযোগ্যযে এই কোম্পানীটো বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ ভেকচিন নিৰ্মাতা কোম্পানী৷ এহেজাৰ টকাৰ ভিতৰত উপলব্ধ কৰিবলৈ প্ৰয়াস কৰা এই ভেকচিনটোৰ নামাকৰণ কৰা হৈছে Covishield বুলি৷ ভাৰতীয় সুপ্ৰতিষ্ঠিত ব্যৱসায়ী মি০ মিট্টলে ৩৩০০কোটি টকাৰ দান অক্সফ'ৰ্ডৰ গবেষণাৰ বাবে আগবঢ়াইছে৷ অক্সফ'ৰ্ডৰ কৰ্তৃপক্ষই জনোৱামতে জৰুৰীকালীন অৱস্থাত ৪কোটি ভেকচিন অক্টোবৰ মাহত উৎপাদন কৰি ওলিয়াবলৈ তেওঁলোক সক্ষম৷ বিজ্ঞানীসকলে কোভিড১৯ত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীৰ দেহত থকা এন্টিবডিৰ পৰিমান আৰু ভেকচিন লোৱা স্বেচ্ছাসেৱকৰ দেহত উৎপন্ন হোৱা এন্টিবডিৰ পৰিমান তুলনা কৰি চাই দেখে যে ভেকচিনৰ প্ৰভাৱ বেচি শক্তিৱন্ত৷ আকৌ ভেকচিনৰ বুষ্টাৰ ড'জ ললে আৰু এন্টিবডি বিকশিত হব৷


Gam-Covid-Vac-Lyo নামৰ ভেকচিন নিৰ্মাণৰ যোজা চলাই আছে ৰাচিয়াৰ চৰকাৰী মেডিকেল ইউনিভাৰ্চিটি চেচনোভে ৰাচিয়ান প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু গেমেল্যেই ৰিচাৰ্চ চেন্টাৰ ফৰ ইপিডেমিঅ'লজি এণ্ড মাইক্ৰবায়'লজীৰ সহযোগত৷ ১৮জুনত ফেজ-১ আৰম্ভ কৰে ১৮জন স্বেচ্ছাসেৱকৰ ওপৰত৷ পৰৱৰ্তী ফেজ-২ পৰীক্ষণ চলায় ২০জন স্বেচ্ছাসেৱকৰ ওপৰত৷ সকলো স্বেচ্ছাসেৱকক চিকিৎসালয়ত ভৰ্তি কৰি নিৰীক্ষণ কৰা হয়৷ ভেকচিনৰ দ্বাৰা ভাল ইমিউনিটি উৎপন্ন হোৱা বুলি দাবী জনাই এই প্ৰতিষ্ঠানে ফেজ-৩ সম্পন্ন নকৰাকৈয়ে ভেকচিন বজাৰত উপলব্ধ কৰিবলৈ অগ্ৰসৰ হৈছে আৰু এই কামত সহযোগ কৰিছে ৰাচিয়া চৰকাৰে৷ প্ৰতিষ্ঠানটোৱে জনোৱামতে ভেকচিনৰ পাউদাৰ বেজীৰ ৰূপত উপলব্ধ হ'ব আৰু দুটা ড'জ ল'লে ব্যক্তিজন দুবছৰলৈ সুৰক্ষিত থাকিব৷

Ad5-nCoV নামৰ চীনত নিৰ্মিত ভেকচিনক ফেচ-২ ক্লিনিকেল ট্ৰায়েলৰ পিছত মিলিটেৰীত প্ৰয়োগৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে৷

Corona Vaccine (China) নামৰ চীনত চিনোভেক বায়টেকৰ সৌজন্যত নিৰ্মিত ভেকচিনৰফেজ-৩ ট্ৰায়েল ব্ৰাজিলৰ ৯০০০স্বেচ্ছাসেৱকৰ ওপৰত চলি আছে৷ সকলো ঠিকেই থাকিলে ২০২১ৰ আৰম্ভণিত ভেকচিন বজাৰত দিব পৰা যাব বুলি আশা কৰা হৈছে৷

চাইনা নেশ্বনেল বায়টেক গ্ৰুপ(CNBG)আৰু ৱুহান ইন্সটিটিউট অৱ ভাইৰ'লজিয়ে ফেজ-৩ ট্ৰায়েল ১৫০০০স্বেচ্ছাসেৱকৰ ওপৰত সংযুক্ত আৰব আমীৰাটত চলাই আছে৷ আবু ধাবিৰ প্ৰধানমন্ত্ৰীয়েও এই ভেকচিনৰ পৰীক্ষণত ভাগ লৈছে৷

জাৰ্মানীৰ BioNtec আৰু ফাইজাৰ কোম্পানীয়ে চলাই থকা ট্ৰায়েলত এন্টিবডি আৰু কিলাৰ টি-চেল বিকশিত হোৱা দেখা গৈছে বুলি জনা গৈছে৷ একেদৰে অষ্ট্ৰেলিয়াৰ মেডিফক্স আৰু ভেকচিন প্ৰাইভেট লিমিটেড কোম্পানীয়ে ফেজ-১ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাতৰি আহিছে৷ এইদৰে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কৰ'নাৰ ভেকচিন নিৰ্মাণৰ প্ৰচেষ্টাৰ বা-বাতৰি আহি আছে ৷

ভেকচিনৰ নিৰ্মাণত ভাৰতৰ সম্ভাব্য ভূমিকা : -
Covaxin নামেৰে স্বদেশী ভেকচিন ভাৰত বায়টেক নামৰ ভাৰতৰ প্ৰসিদ্ধ ভেকচিন নিৰ্মাতা কোম্পানী,ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু পুণেৰ নেশ্বনেল ইন্সটিটিউট অৱ ভাইৰলজীৰ সযুক্ত প্ৰচেষ্টাত নিৰ্মাণ হ'বলৈ গৈ আছে৷ ১৮ৰ পৰা ৫০বছৰ বয়সৰ সম্পূৰ্ণ নিৰোগী স্বেচ্ছাসেৱকৰ ওপৰত ক্লিনিকেল ট্ৰায়েল দেশৰ ১৪টা কেন্দ্ৰত যোৱা ২০জুলাইৰ পৰা আৰম্ভ হৈছে৷ দিল্লী, পাটনা, কানপুৰ, গোৰখপুৰ, ভুবনেশ্বৰ, বিশাখাপট্টম, বেলগাম,ৰোহটক,হায়দৰাবাদ,নাগপুৰ,চেন্নই,গোৱা আদি নিৰ্বাচিত ঠাইত শ শ লোকে স্বেচ্ছাসেৱক হ'বলৈ উৎসাহেৰে আগবাঢ়ি আহিছে৷ কেউটা ক্লিনিকেল ফেজ সম্পন্ন কৰোতে কমেও ৬টা মাহ সময় লাগিব৷ গতিকে যিমান প্ৰচাৰ চলিলেও অচিৰেই ভাৰতত কৰ'নাৰ ভেকচিন উপলব্ধ হ'ব বুলা কথাটো বাস্তৱিকতাৰ পৰিপন্থী৷ আমি আশা কৰিব পাৰোঁ সকলো প্ৰয়োগ সুকলমে সম্পন্ন হ'লে নতুন বছৰৰ আৰম্ভণিত ভেকচিন বজাৰলৈ আহিব পাৰে৷

ZyCoV-D নামেৰ আনএটা স্বদেশী ভেকচিনৰ প্ৰস্তুতি আহমেডাবাদৰ জাইডাচ কেডিলাই চলাই আছে৷ ইতিমধ্যে ১০০০জন স্বেচ্ছাসেৱকৰ ওপৰত ফেজ-১ ক্লিনিকেল ট্ৰায়েল সফলতাপূৰ্বক সম্পন্ন হৈছে৷

ইয়াৰ ওপৰিও এটা কথা পাঠকক অৱগত কৰিব লাগিব৷ পোনতে ভেকচিন উদ্ভাৱন বিশ্বৰ যি দেশেই নকৰক কিয়, ভেকচিনৰ বৃহৎ পৰিমানত উৎপাদন বা নিৰ্মাণৰ বাবে ভাৰতৰ সহায় ল'বই লাগিব৷ বিশ্বৰ প্ৰায় অৰ্ধেক সংখ্যক নানাবিধ ভেকচিনৰ চাহিদা ভাৰতেই পূৰণ কৰি আ
হিছে৷
লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে। লেখকৰ ই-মেইল drbksaikia@gmail.com ম'বাইল ৯৪৩৫০৪৮০৫৫, ৱেবচাইট – www.drbhupensaikia.com লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/DR-BHUPEN-SAIKIA

No comments:

Post a Comment