আগপ্লাগডঃ ভয়ঙ্কৰ কি, ক'ৰোনা নে ক'ৰোনাতংক? :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আগপ্লাগডঃ ভয়ঙ্কৰ কি, ক'ৰোনা নে ক'ৰোনাতংক? :: আশ্বিক জামান

আগপ্লাগডঃ ভয়ঙ্কৰ কি, ক'ৰোনা নে ক'ৰোনাতংক? :: আশ্বিক জামান

Share This
ভয়ঙ্কৰ কি, ক'ৰোনা নে ক'ৰোনাতংক?
আশ্বিক জামান
বিগত ‘আনপ্লাগড়’ৰ লেখাত ক'ৰনা ভাইৰাছ সম্পর্কে থকা বিভিন্ন ষড়যন্ত্র-তত্ত্ববিষয়ক প্ৰবন্ধটো পঢ়ি বহু পাঠকে আমালৈ ফোন আৰু মেছেজ কৰিছিল। কর্ম-ব্যস্ততাৰ বাবে সৰহভাগ ফোনেই উঠাব পৰা নাই। কিন্তু যিকেইজনৰ লগত কথা হৈছে, তেওঁলােকৰ বহুতেই এতিয়াও বিশ্বাস কৰে যে বেমাৰটো ৰাজনৈতিক, অর্থনৈতিক, চীনআমেৰিকা অথবা কৰ্প'ৰেট গােষ্ঠীৰ ষড়যন্ত্র। পাঠকৰ মূল প্রশ্নটো হ'ল— ক'ৰনা যদি অতিমাৰীয়েই হয় তেন্তে মানুহ নমৰে কিয়? গতিকে পুনৰাবৃত্তিৰ আশংকা থাকিলেও ক'ৰনা সম্পর্কে আন এটা প্রবন্ধ যুগুত কৰাটো উচিত বুলি ভাবিলোঁ।
প্রথম কথা হ’ল, ভাৰতীয় সংবাদ মাধ্যমে আৰম্ভণিৰে পৰা, আনকি যেতিয়া ক'না ভাইৰাছ ভাৰতত সংক্রমিত হােৱাই নাছিল, তেতিয়াৰে পৰা ক'ৰনাৰ নামত কেৱল ভয় আৰু নেতিবাচক বাতৰি প্ৰচাৰ কৰিছে। যাৰ ফলত প্রথমৰে পৰা ক'ৰনাক লৈ সাধাৰণ ৰাইজ হৈ পৰিছে ভীষণভাৱে আতংকগ্রস্ত। ইকনমিক্স টাইমছত প্রকাশিত এটা বাতৰি মতে এতিয়ালৈকে ভাৰতত ৮০জনৰাে অধিক লােকে আত্মহত্যা কৰিছে কেৱল ক'ৰনা পজিটিভ হােৱাৰ ভয়ত। আজি কৰনাতকৈ কৰ’না আতংক যেন অধিক ডাঙৰ হৈ পৰিছে। আৰু এই সামগ্রিক আতংকগ্রস্ততাৰ পৰা সৃষ্টি হৈছে এটা নতুন সামাজিক প্রপঞ্চ— ক’ভিড ৰােগীসকলৰ প্রতি সামাজিক বৈষম্যমূলক দৃষ্টিভংগী। হয়, ক’ভিড-১৯ বেমাৰী বা ৰােগীৰ পৰিয়ালৰ মানুহক শাৰীৰিকভাৱে পৃথকীকৰণ কৰাটো প্রয়ােজনীয়, কিন্তু মানসিক আৰু সামাজিকভাৱে পৰিত্যাগ কৰাটো অতি চিন্তনীয় বিষয়। বহু ঠাইত আনকি ভাৰাঘৰত থকা চিকিৎসকৰ পৰিয়ালক বলপূর্বক উলিয়াই দিয়াও হৈছে।

আচলতে ‘পেনডেমিক’ শব্দটোক সংবাদ মাধ্যমত যি অর্থত ব্যৱহাৰ কৰা হৈ আছে, সেয়া সম্পূৰ্ণৰূপে ভুল। ‘পেনডেমিক’ৰ অসমীয়া প্রতিশব্দ হিচাপে মহামাৰী বা অতিমাৰী আদি শব্দ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু বেমাৰ এটাক পেনডেমিক ঘােষণা কৰাৰ সৈতে বেমাৰটো কিমান ডাঙৰ মাৰক’ অর্থাৎ মানুহ মৰাৰ ক্ষমতা কিমান, তাৰ কোনাে প্রত্যক্ষ সম্পর্ক নাই। এটা বেমাৰক পেনডেমিক ঘােষণা কৰা হয় বেমাৰটো বিস্তাৰ বা বিয়পি পৰাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা মতে, কোনাে এটা সংক্রামক বেমাৰ যেতিয়া এখন দেশত আৰম্ভ হৈ আন্তর্জাতিক সীমা অতিক্রম কৰি একে ভৌগােলিক অঞ্চলৰ অন্তত আন এখন আৰু আন এটা ভৌগােলিক অঞ্চলৰ কমেও এখন দেশত বিয়পি পৰে, তেতিয়া সেই সংক্রামক বেমাৰক পেনডেমিক ঘােষণা কৰা হয়। ইয়াতে উল্লেখ কৰিব পাৰি যে বিশ্ব স্বাস্থ্য সংস্থাই পৃথিৱীক ছটা ভৌগােলিক অঞ্চলত ভাগ কৰিছে। গতিকে, যদি পেনডেমিকেই হয়, তেন্তে মানুহ নমৰে কিয় বুলি প্রশ্ন কৰা পাঠকসকলে নিশ্চয় উত্তৰটো পাইছে। 

ইতিহাসত যুগে যুগে প্লেগ, পানীলগা জ্বৰ, ছােৱাইন ফ্লু স্পেনিছ ফ্ল এইডছ, ইবােলা, জিকা ভাইৰাছ আদিয়ে বিশ্বৰ বিভিন্ন প্রান্তত এপিডেমিক বা পেনডেমিক আকাৰ লৈ বহু নিযুত লােক প্রাণ কাঢ়ি লৈছে। সকলাে বেমাৰৰে মৃত্যুৰ হাৰ ভিন্ন। যেনে ইবােলা ভাইৰাছৰ দ্বাৰা সৃষ্ট বেমাৰৰ মৃত্যুৰ হাৰ প্রায় ৫০ শতাংশ। সেইদৰে স্পেনিছ ফ্ল পেনডেমিকৰ মৃত্যুৰ হাৰাে উচ্চ আছিল, কিন্তু শেহতীয়াভাৱে ২০০৯ চনত হৈ যােৱা পেনডেমিক এইচ১এন১ ছােৱাইন ফ্লুৰ মৃত্যুৰ হাৰ আছিল মাত্র ১ শতাংশৰ ওচৰে-পাজৰে। ছােৱাইন ফ্লুৰ তুলনাত কভিড-১৯ বেমাৰৰ মৃত্যুৰ হাৰ সামান্য বেছি। বিশ্বৰ গড় হাৰ বৰ্তমান ৪ শতাংশৰ ওচৰে-পাঁজৰে যদিও দেশ হিচাপে ভিন্ন ভিন্ন। ভাৰতত ক’ভিড বেমাৰীৰ মৃত্যুৰ হাৰ বিশ্বৰ গড় হাৰতকৈও কম, মাত্র ৩.০২ শতাংশ। 

ইয়াতে উল্লেখ কৰিব পাৰি যে ক’ভিড১৯ বেমাৰৰদ্বাৰা আক্রান্ত ৮১ শতাংশ ৰােগীৰ বেমাৰ ইমানেই দুর্বল থাকে যে দেহত কোনাে লক্ষণে পৰিস্ফুটিত নহয়, বা নামমাত্র লক্ষণ দেখা দিয়ে। গতিকে ৮১ শতাংশ ক’ভিড আক্রান্ত বেমাৰীৰ বেমাৰক মাইল্ড (পাতল) আখ্যা দিয়া হয়। বাকী ১৯ শতাংশ বেমাৰীৰ ক্ষেত্ৰত ১৪ শতাংশৰ গম্ভীৰ নিউমনিয়া বেমাৰ হ'ব পাৰে আৰু কেৱল ৫ শতাংশ বেমাৰীৰ ক্ষেত্ৰতহে বেমাৰে ‘ক্রিটিকেল’বা সংকটজনক স্থিতি পাব পাৰে। গতিকে যদি এশজন মানুহ এই বেমাৰৰ দ্বাৰা আক্রান্ত হয়, তেন্তে তাৰ ৯৭জন লােকেই সুস্থ হৈ উঠে, কেৱল তিনিজন মানুহহে মৃত্যুমুখত পৰাৰ আশংকা থাকে, এই তিনিজনাে সাধাৰণতে ইতিমধ্যে কৰ্কট বা আন কোনাে দুৰাৰােগ্য বেমাৰৰ দ্বাৰা আক্রান্ত ব্যক্তি অথবা বয়সজনিত কাৰণত শৰীৰৰ ৰােগ প্রতিৰােধক ক্ষমতা কমি যােৱা লােক। যিবােৰ দেশত বয়স্ক নাগৰিকৰ সংখ্যা বেছি যেনে ইটালী (২৩ শতাংশ নাগৰিকৰ বয়স ৬৫ বছৰৰ ঊর্ধ্বত), জার্মানী (২২ শতাংশ), ফ্রান্স (২০ শতাংশ), স্পেইন (২০ শতাংশ), বেলজিয়াম (১৯ শতাংশ), ইংলেণ্ড (১৯) আদি দেশত ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ অতি উচ্চ। ফান্সত মৃত্যুৰ হাৰ ১৭.৬২ শতাংশ, ইংলেণ্ডত ১৫.৫১ শতাংশ, বেলজিয়ামত ১৫.৬৮ শতাংশ।

গতিকে, ওপৰৰ তথ্যৰ পৰা এটা কথা ক'ব পৰা যায় যে, আপুনি যদি সুস্থ, কোনাে ক্রনিক বা দুৰাৰােগ্য ব্যাধিৰ দ্বাৰা আক্রান্ত নহয় আৰু আপােনাৰ বয়স যদি ৬৫ বছৰৰ তলত, তেন্তে ক’ভিড-১৯ বেমাৰত আক্রান্ত হলেও মজুত চিকিৎসা পৰিচৰ্যা পালে আপােনাৰ বিশেষ চিন্তা নাই। কিন্তু জ্যেষ্ঠ নাগৰিকসকল তথা কোনাে ক্রনিক আৰু দুৰাৰােগ্য বেমাৰত আক্রান্তসকলৰ বাবে এই বেমাৰ সঁচাকৈয়ে চিন্তনীয়। জ্যেষ্ঠ নাগৰিকসকল আতংকিত হােৱাৰ সলনি সজাগ হওক, সচেতন হওক। আৰু ভুলতাে কোনাে গুজৱত বিশ্বাস নকৰিব। ক'ৰনাক ফাঁকি বুলি চিঞৰি থকা ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ বলচেনাৰাে বর্তমান ক’ভিড- ১৯ বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

কভিড-১৯ৰ বিষয়ে যি কোনো গুজৱ বিশ্বাস কৰাৰ আগত দুই-এটা গুৰুত্বপূর্ণ তথ্য জনাটো জৰুৰী। প্রথম তথ্যটো হ’ল যে SARSCoV2 এটা নতুন ভাইৰাছ, যাৰ অর্থ হ’ল বিশ্বৰ কোনাে ব্যক্তিয়ে ইয়াৰ সংক্ৰমণৰ পৰা নিৰাপদ নহয়। আৰু নতুন বাবেই এই ভাইৰাছৰ বিষয়ে বিজ্ঞানীসকলে সকলাে কথা এতিয়ালৈকে নাজানে। গতিকে প্রতিৰােধেই হ’ব এই বেমাৰৰ বিৰুদ্ধে গ্রহণ কৰা আটাইতকৈ বাস্তৱধর্মী পদক্ষেপ।

দ্বিতীয় তথ্যটো হ’ল যে, ক’ভিড-১৯ এবিধ অতি সংক্রামক বেমাৰ আৰু এই বেমাৰ এজন মানুহৰ পৰা আন এজন মানুহৰ শৰীৰলৈ বিয়পি পৰে উশাহ, হাঁচি, কাহ আদিৰ দ্বাৰা নিৰ্গত ‘ড্রপলেট’ৰ যােগেদি। অতি সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে ক'ৰনা ভাইৰাছ বায়ুবাহিত অর্থাৎ বতাহৰ দ্বাৰাও এই বেমাৰ বিয়পি পৰে। গতিকে ক’ভিড-১৯ বেমাৰ প্ৰতিৰােধ কৰিবলৈ ভিৰ, সমাগমৰ পৰা দূৰত থকা, সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধা আদি অতি দৰকাৰী। যদি এই প্রতিৰােধ ব্যৱস্থাসমূহ ৰাইজে গ্রহণ নকৰে, তেন্তে গণসংক্ৰমণ আৰম্ভ হ'ব। গণসংক্রমণ আৰম্ভ হলে একেলগে অসংখ্য মানুহ বেমাৰত পৰিব আৰু তেতিয়া মজুত চিকিৎসা আন্তঃগাঁথনি আৰু সীমিত ডাক্তৰ স্বাস্থ্যকর্মীৰ দ্বাৰা সকলােকে উপযুক্ত চিকিৎসা প্রদান কৰা সম্ভৱপৰ নহ'ব পাৰে। তেনেক্ষেত্ৰত আই চি ইউ, ভেন্টিলেটৰ আদিৰ অভাৱতে বহু ৰােগীৰ মৃত্যু হােৱাৰ আশংকা থাকি যায় আৰু মৃত্যুৰ হাৰ একে কোবে বাঢ়ি গৈ ইউৰােপিয়ান দেশসমূহৰ সমান হ’বলৈ বেছি সময় নালাগিব। গতিকে যেতিয়ালৈকে ক’ভিড-১৯ৰােধী ভেকচিন তৈয়াৰ হৈ নুঠে, তেতিয়ালৈকে প্ৰতিৰােধক ব্যৱস্থাৰ প্রতি অধিক গুৰুত্ব দিয়াৰ বাহিৰে আন কোনাে বাস্তবধর্মী উপায় নাই। সেয়ে ৰাইজ বাস্তৱিক হওক, সজাগ হৈ কথাবোৰ বুজিবলৈ চেষ্টা কৰক, যাতে শংকা যিমান পাৰি কমাব পাৰে। কাৰণ সমুখৰ প্ৰত্যাহ্বানবোৰ পৰিয়ালৰ সৈতে আমি প্ৰত্যেকেই গ্ৰহণ কৰিব লাগিব। 
(প্রকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত। কার্যলয় / পদবীৰ সৈতে কোনাে সম্পর্ক নাই।) লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ আন প্ৰকাশিত লেখা সমূহ পঢ়িবৰ বাবে একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN

No comments:

Post a Comment