বিশ্লেষণঃ ৰেলৱেৰ ব্যক্তিগতকৰণঃ ক্ৰমাত "দুৰ্লভ" হব নেকি সৰ্ব-সাধাৰণৰ সুলভ যাত্ৰাৰ ব্যৱস্থা? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰেলৱেৰ ব্যক্তিগতকৰণঃ ক্ৰমাত "দুৰ্লভ" হব নেকি সৰ্ব-সাধাৰণৰ সুলভ যাত্ৰাৰ ব্যৱস্থা? :: অনন্ত কলিতা

বিশ্লেষণঃ ৰেলৱেৰ ব্যক্তিগতকৰণঃ ক্ৰমাত "দুৰ্লভ" হব নেকি সৰ্ব-সাধাৰণৰ সুলভ যাত্ৰাৰ ব্যৱস্থা? :: অনন্ত কলিতা

Share This
ৰেলৱেৰ ব্যক্তিগতকৰণঃ ক্ৰমাত "দুৰ্লভ" হব নেকি সৰ্ব-সাধাৰণৰ সুলভ যাত্ৰাৰ ব্যৱস্থা? 
অনন্ত কলিতা
বিগত দুই জুলাইত ৰেল মন্ত্ৰীয়ে এক বিজ্ঞপ্তিযােগে ঘােষণা কৰিছে  যে ১২টা ক্লাষ্টাৰৰ ১০৯টা ৰুটত ১৫১খন ট্রেইন ব্যক্তিগত কোম্পানীৰ পৰিচালনাত দিব। অর্থাৎ এই ট্রেইনকেইখনৰ মালিকানা বিক্ৰী কৰিব ব্যক্তিগত কোম্পানীৰ ওচৰত। ভাৰত স্বাধীন হােৱাৰ পাছত এয়া হৈছে ৰেলৱে সেৱা ব্যক্তিগতকৰণৰ প্রথম পদক্ষেপ। 
ইতিহাসে কয়, ভাৰত স্বাধীন হােৱাৰ বছৰত ৰেলৰ ৪২টা ব্যক্তিগত কোম্পানী আছিল। ১৯৫১ চনত নেহৰু চৰকাৰে এই ব্যক্তিগত কোম্পানীবােৰ জাতীয়কৰণ কৰি ভাৰতীয় ৰেলৱে বিভাগৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে ভাৰতত ৰেলৱে লাইন ব্রিটিছে ১৮৪৫ চনত নির্মাণ কৰিছিল। বর্তমান ভাৰতীয় ৰেল বিশ্বৰ ভিতৰতে বৃহত্তম যাতায়াত ব্যৱস্থা। যােৱা ৭০ বছৰে ভাৰত চৰকাৰে ৰেলৱে ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰিছে যদিও বিশ্বৰ বিভিন্ন দেশৰ তুলনাত অনেক পাছপৰা। ভাৰতবর্ষ এখন দুখীয়া লােকৰ দেশ। চৰকাৰী তথ্য অনুযায়ী ভাৰতৰ ৭৭ শতাংশই অতি কম আয়ৰ লােক। এই পটভূমিত ৰেলৱে যাতায়াত ব্যৱস্থা দেশৰ সমস্ত যাতায়াত ব্যৱস্থাৰ তুলনাত সস্তা হােৱা বাবে ৰেলৰ যাতায়াত ব্যৱস্থাটো দেশৰ দুখীয়া লােকসকলৰ জীৱন ৰেখাত পৰিণত হৈছে।

২০১৯ বৰ্ষত ভাৰতীয় ৰেলত ৮৪৪ কোটি লােকে ভ্ৰমণ কৰিছিল আৰু ১২৩ কোটি টন সামগ্রী পৰিবহণ কৰিছিল। ভাৰতীয় ৰেলে ১৩,৫২৩খন যাত্রীবাহী ট্রেইন চলায় দৈনিক। বর্তমান ভাৰতীয় ৰেলৰ ৭,৩২১টা আস্থান আছে। ভাৰতীয় ৰেলৰ বৃহৎ আকাৰৰ সম্পদ আছে। আৰু এই সম্পদবােৰ জাতীয় সম্পদ, জনসাধাৰণৰ সম্পদ। উল্লেখ্য যে ২০১৪ চনলৈ ভাৰতৰ কোনাে এখন পূৰ্বৰ চৰকাৰে ৰেল সেৱাক ব্যক্তিগত কৰাৰ চিন্তা কৰা নাছিল। সীমিত সম্পদৰে যিমান পাৰে ৰেলৰ। সেৱাৰ উন্নতি ঘটাই ছিল। ১৯৫১ চনৰ পৰা ৰেলৰ বাবে সংসদত সুকীয়া বাজেট দাখিল কৰিছিল আৰু ৰেলৰ বাজেটৰ লগত ৰেল যাতায়াত বিভিন্ন উন্নয়নৰ দিশত সংসদ আৰু ৰাজ্যসভাত আলােচনা হৈছিল। 

কিন্তু, মােডীৰ নেতৃত্বৰ বিজেপি চৰকাৰে ৰেলৰ সুকীয়া বাজেট ব্যৱস্থাৰ বিলুপ্তি ঘটাই সাধাৰণ বিত্তীয় বাজেটৰ অন্তর্ভুক্ত কৰিছিল যিটোৰ দ্বাৰা সংসদ আৰু ৰাজ্যসভাত ৰেলৰ বিভিন্ন দিশৰ উন্নয়নৰ আলােচনাৰ সুযােগৰ সমাপ্তি ঘটিছিল। সামগ্রিকভাৱে ৰেল বিভাগটো লােকচান হােৱা বিভাগ নাছিল। ২০১৮-১৯ ৰেলৱে ব'র্ডৰ চেয়াৰমেনে ইতিমধ্যে ঘােষণা কৰিছে যে এইবােৰ ট্ৰেইনৰ ভাৰা বৃদ্ধি হ'ব। এইবােৰ ট্ৰেইনৰ ভাৰাৰ কোনাে স্থিৰ হাৰ নাথাকে। বিমানৰ ভাৰাৰ নিচিনা কম-বেছি বা উঠানমা হাৰৰ ভাৰা হ'ব। তদুপৰি এই ট্রেইনবােৰৰ ভাৰা ঠিক কৰিব বিমান আৰু এ-চি বাছৰ ভাৰাৰ লগত তুলনা কৰি। ট্রেইনত ভ্ৰমণ কৰাৰ বাবে গৰিব লােকে যি সুলভ মূল্যৰ ভাৰাৰ সুবিধা পাইছিল সেই সুবিধাৰ বিত্তীয় বৰ্ষৰ হিচাপ মতে বছৰটোত ৰাজহ সংগ্রহ হৈছিল ১,৯৭,২১৪ কোটিটকা আৰু লাভ হৈছিল ৬০১৪ কোটি টকা। 

ভাৰতৰ দৰে দুখীয়া লােকৰ দেশ এখনৰ ৰেল বিভাগৰ ক্ষেত্ৰত টকাৰ লাভতকৈ গুৰুত্বপূৰ্ণ লাভ হ’ল জনসাধাৰণক সস্তাতে যাতায়াত সুবিধা দিব পৰাটো। দেশখনৰ দুখীয়া জনসাধাৰণে তেওঁলােকৰ জীৱন-জীৱিকাৰ পথ সৃষ্টিত তথা জীৱন নির্বাহ কৰাৰ বাবে ৰেলক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰে। তদুপাৰ নিবনুৱাৰ দেশ ভাৰতৰ প্রায় ২৬ লাখ লােকক প্রত্যক্ষভাৱে কর্মসংস্থান দিয়ে। প্রত্যক্ষ কর্মসংস্থানৰ উপৰি পৰােক্ষভাৱে ৰেলৰ বিভিন্ন প্রক্রিয়াত প্রায় ২০ লাখ লােকে জীৱন-জীৱিকাৰ পথ উলিয়াই লয়। ২০১৪ চনত এনডিএ চৰকাৰ শাসন ক্ষমতাত অহাৰ পাছত নিয়ােগ বন্ধ কৰি দিয়াত আৰু অসমৰ তথা মৃত্যু হােৱা কর্মচাৰীৰ পদ পূৰণ নকৰাৰ ফলত ৰেলৰ মুঠ কৰ্মচাৰী ১২.৩ লাখলৈ হ্রাস হৈছে। 

লকডাউনৰ বাবে সংসদ বন্ধ থকা অৱস্থাত তথা গণতান্ত্রিক পৰিৱেশ মূলতবি কৰি ৰখা অৱস্থাৰ সুযােগতে মােডী চৰকাৰে জনসাধাৰণৰ যাতায়াতৰ এই গুৰুত্বপূর্ণ ব্যৱস্থাটোৰ অনেককেইখন বাহনৰ পৰিচালনাৰ অধিকাৰ বণিয়াৰ ওচৰত বিক্ৰী কৰিলে। ব্যক্তিগতকৰণ কৰা ১২টা ক্লাষ্টাৰৰ ১০৯ টা ৰুটৰ ১৫১খন ট্রেইনত ভ্রমণ কৰা যাত্রীৰ সংখ্যা অত্যধিক। ট্রেইনকেইখন অতি লাভজনক ট্রেইন। ব্যক্তিগত মালিকে তেওঁলােকৰ ইচ্ছামতে ভাৰা বৃদ্ধি কৰি থাকিব পাৰিব আৰু এই ট্রেইনবােৰত ভ্রমণ কৰাটো খৰচী হ’ব। সাধাৰণ মানুহে ঢুকি পোৱটো সম্ভৱপৰ নহবও পাৰে। 

উল্লেখ্য যে ব্রিটেনে নব্বৈ দশকত ৰেলসেৱা ব্যক্তিগতকৰণ কৰাৰ পাছত ১৮৪ শতাংশ ভাৰা বৃদ্ধি হৈছে। ভাৰতীয় ৰেলৰ যাত্রীবাহী ট্রেইনবােৰৰ ক্ষেত্ৰত কিছু পৰিমাণে লােকচান হৈছিল, কিন্তু মালবাহী ৰেলৰ লাভৰ সৈতে সামগ্রিকভাৱে ৰেল বিভাগ সদায় লাভতে চলিছিল। ইয়াৰ দ্বাৰা দেশৰ কল্যাণকামী চৰকাৰখনে দেশৰ গৰিব আৰু নিম্ন-মধ্যবিত্ত লােকসকলক যাতায়াতৰ খৰচৰ ক্ষেত্ৰত বিৰাট সকাহ দিব পাৰিছিল। এই ব্যক্তিগতকৰণে দেশৰ দুখীয়া আৰু নিম্নমধ্যবিত্ত লােকসকলৰ মূৰত মাধমাৰ শােধালে। ৰেল ব্যক্তিগতকৰণৰ এয়া আৰম্ভণিহে। আগত দিনত পর্যায়ক্রমে ৰেলসেৱা ব্যৱস্থাটোৱে ব্যক্তিগতকৰণ কৰিব যে ইয়াৰ প্রৱণতা প্রতিফলিত হৈছে। লকডাউনৰ সুযােগত চৰকাৰখনে অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ কাৰ্যসূচীৰ বিপৰীতে জাতীয় সম্পদবােৰহে বিক্ৰীহে কৰিব ধৰিছে। ইতিমধ্যে অর্থনীতিৰ আঠটা মৌলিক খণ্ড ব্যক্তিগতকৰণ কৰিছে। বিদ্যুৎ বিতৰণ ব্যৱস্থাও ব্যক্তিগতকৰণ কৰাৰ বাবে আইনৰ খচৰা কেবিনেটত অনুমােদন কৰি ৰাখিছে। ভাৰত স্বাধীন হােৱাৰ দিনৰ পৰা পূর্বৰ চৰকাৰবােৰে দেশৰ উন্নয়নৰ বাবে একা কৰা। নাই বুলি বিজেপি চৰকাৰখনে ঘােষণা কৰিছে, কিন্তু পৰিতাপৰ কথা যে আগৰ চৰকাৰবােৰে সৃষ্টি কৰা সম্পদবােৰহে মােডী চৰকাৰে বিক্ৰী কৰিব ধৰিছে।

ৰেল ব্যক্তিগতকৰণ কৰাৰ কাৰণ হিচাবে কৈছে যে, ইয়াৰে কর্মসংস্থান বৃদ্ধি হ’ব। কিন্তু ব্যক্তিগত কোম্পানীবােৰ পাকৈত, এওঁলােকে জানে। কেনেকৈ কম কৰ্মচাৰীৰে, কম দৰমহাত কোম্পানী চলাব লাগে আৰ অধিক সংখ্যক কর্মচাৰী অসংগঠিত পর্যায়ত আৰু ঠিকাভিত্তিক নিয়ােগ কৰিব। ব্যক্তিগত কোম্পানীৰ উচচ্চতম লাভ অর্জন কৰাৰে মূল লক্ষ্য হব। মােডী চৰকাৰে ঘােষণা কৰিছে যে এইখন চৰকাৰ আগৰ চৰকাৰবােৰতকৈ দক্ষ। কিন্তু দক্ষ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ আৰু অত্যাৱশ্যকীয় উৎসবােৰ নিজে পৰিচালনা নকৰি সকলাে পুঁজিপতিক হস্তান্তৰ কৰি আছে কিয় ? বছৰি দুই কোটি কর্মসংস্থান সৃষ্টি কৰাৰ আশ্বাস দিয়া চৰকাৰখনে কর্মসংস্থান সৃষ্টিৰ উৎসবােৰৰ বিলুপ্তি ঘটাই আছে। সেয়ে চৰকাৰখনে যােৱা ৪৫ বছৰৰ ভিতৰত অধিকতম নিবনুৱা সৃষ্টিৰে অভিলেখ স্থাপন কৰিব পাৰিছে। ৰেল ব্যক্তিগতকৰণে দুখীয়া আৰু নিম্ন-মধ্যবিত্ত লােকসকলৰ দুখ-যন্ত্রণা বৃদ্ধিত সহায়ক হ'ব বিপৰীতে পুঁজিপতিসকলৰ শ্রীবৃদ্ধি হােৱাত অৰিহণা যােগাব।
লেখক এগৰাকী বিশিষ্ট নিবন্ধকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত অৰ্থনীতিবিদ। লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।
 লেখকৰ আন আন গুৰুত্বপূৰ্ণ প্ৰৱন্ধ পঢ়িবৰ বাবে একত্ৰ লিংকঃ

No comments:

Post a Comment