চিন্তনঃ এখন অসুস্থ চিটিবাছ, আদালতত কবিতাৰ চকুপানী ইত্যাদি :: ৰুদ্ৰ সিংহ মটক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ এখন অসুস্থ চিটিবাছ, আদালতত কবিতাৰ চকুপানী ইত্যাদি :: ৰুদ্ৰ সিংহ মটক

চিন্তনঃ এখন অসুস্থ চিটিবাছ, আদালতত কবিতাৰ চকুপানী ইত্যাদি :: ৰুদ্ৰ সিংহ মটক

Share This
এখন অসুস্থ চিটিবাছ, আদালতত কবিতাৰ চকুপানী ইত্যাদি
ৰুদ্ৰ সিংহ মটক
কবিতা মূলতঃ এবিধ সূক্ষ্ম কলাকৰ্ম। "Poetry is boned with ideas, nerved and blooded with emotions, all held together by the delicate, tough skin of words.”( Paul Engle) । শব্দ-বৰ্ণৰ বহুত্ববোধক প্ৰতীকী শিল্পচৰিত্ৰ, ভাৱ-আবেগৰ সংঘাত আৰু অবচেতনৰ গহন অন্ত:স্ৰোতৰ বাবেই সাহিত্যৰ আন উপাদানবোৰৰ তুলনাত কবিতা নামৰ কলাবিধৰ পাঠক ভাৱিব নোৱাৰাকৈ কম। ভালকৈ বুজা চমজদাৰ পাঠক আৰু কম। 
অকপটে কওঁ আমি নিজেও বহু কবিতা ভালকৈ বুজি নাপাওঁ। আৰু তেতিয়া নিজৰ ওপৰতে ধিক্কাৰ ওপজে। আটাইতকৈ ডাঙৰ কথাটো হ'ল কবিয়েও কবিতা ভালকৈ নুবুজা সময়ত, সাহিত্যৰ অধ্যাপকেও কবিতা বুজি নাপাওঁ বুলি মুকলিকৈ স্বীকাৰ কৰালৈ চাই এইটো সহজেই অনুমেয় যে সমাজৰ সকলো স্তৰৰ মানুহে যে প্ৰতীক, চিত্ৰকল্প বা ৰূপকৰ আলংকাৰিক মায়াজাল ভেদি কবিতাৰ অন্ত:স্থলত সোমাই কলাগত সত্য বা মৰ্ম উদ্ধাৰ বা অনুধাবন কৰাত বিফল হোৱাটোত কোনো অস্বাভাবিকতা নাই। আৰু বহুতৰ দৰে আমাৰো ধাৰণা হয় এনে কাৰণতে নীলিম কুমাৰৰ "এখন অসুস্থ চিটিবাছ" বিতৰ্কৰ চক্ৰবেহুত সোমাই পৰিছে। মহানগৰত চলা এই চিটিবাছখন বহুতৰ মূৰৰ ওপৰেদি চলিল। একাংশৰ বুকুৰ ওপৰেদি চলিল। সেয়ে কেৱল মহানগৰতে নহয়, সমগ্ৰ অসমতে হৈ-ছৈ লাগি গ'ল। 

কথা হ'ল কিছু ভাৱ বা কথাক কবিতাৰ ভাষাৰে নকৈ কলাবৰ্জিত, স্থুল গদ্যভাষাৰে কোৱা হ'ল। কবিতা অকবিতা হ'লে ৰসভঙ্গ হয়, অথন্তৰ ঘটে। অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য আৰু ত্যাগৰ ধ্বজাবাহক চুকাফাক "দ্ৰাইভাৰ", গদাপাণিক "হেণ্ডিমেন"ৰ ৰূপত উপস্থাপন কৰাটোৱে সমাজৰ একাংশ পাঠকক ক্ষুণ্ন কৰিছে। ছচিয়েল মাধ্যমত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এছাম পাঠকৰ বৌদ্ধিক ৰুচি আৰু স্থুল মননক জগৰীয়া কৰিয়ে আমি আমাৰ বক্তব্য সামৰিম নেকি? নে অচিনাকি কোনো ব্যাধৰ তূণৰ নিৰ্ভুল, তীক্ষ্ণ কাঁৰ এপাটে আমাৰ বুকুৰ গভীৰৰ, আমাৰ জাগৰ কবি মননৰ ক্ৰৌঞ্চপখীটিকো যেন বাৰে বাৰে বিদ্ধ কৰে সেয়াও অকপটে, মূৰ দাঙি কিছু মুকলিকৈ স্বীকাৰ কৰিম ? এনে দুৰ্দশা সৃষ্টিৰ উন্মাদনাত মছগুল প্ৰতিজন কবি বা শিল্পীৰে অনিবার্য নিয়তি নেকি? নিশাৰ উল্কাৰ নেজৰ ছাঁ-জুই খেদাদি এই প্রশ্নৰ উত্তৰো আমিয়ে সন্ধান কৰিব লাগিব। ইও হয়তো কবিৰ ভিতৰৰ কবিসত্ত্বা আৰু কবিতাৰ আত্মাৰ অনিবার্য দাবী। 


উল্লেখ্য যে সমাজ মানসৰ কৃত্রিমতা, ভিতৰি ফোঁপোলা কোৱাভাতুৰীয়া মনোবৃত্তি, সভ্যতাৰ নীচতা-সংকীর্ণতা, শঠতা-ভণ্ডামী উদঙাই দিব পৰা 'বেশ্যা', 'কুকুৰ' আদি কালজয়ী সৃষ্টিও অসমীয়া অভিজাত উচ্চ বৰ্ণ আৰু উচ্চ মধ্যবিত্ত শ্রেণীৰ পাঠকৰ ৰঙা চকুৰ ৰোষত পৰিছিল। কিন্তু সময়ত কবি অমূল্যৰ জয় হ'ল। কবিৰ পৰিচয় হ'ল অসমীয়া প্ৰগতিশীল কবিতাৰ জাগ্ৰত প্ৰহৰী ৰূপে, মুনীন বৰকটকীদেৱৰ ভাষাত অসমৰ "Artistic Conscience"। নক'লেও হ'ব যে সেই কবিতাবোৰ কবি গৰাকীৰ দীপ্ত অন্তৰ্দৃষ্টি, তীক্ষ্ণ সমাজ জিজ্ঞাসা, বৈচিত্রময় অভিজ্ঞতা আৰু বিৰল ইতিহাস বীক্ষাৰ উজ্বল চানেকি।

"এখন অসুস্থ চিটিবাছ" নামটোৱেই যেন এটা সম্পূর্ণ কবিতা। অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ প্ৰতীকী ব্যঞ্জনাৰে, তীৰ্যক শ্লেষ আৰু ভ্ৰুকুটিসূচক বহু প্ৰসংগ- অনুসঙ্গৰ অবতাৰণাৰে এই কবিতাটো কবি নীলিম কুমাৰৰ সুস্থ সমাজ মনন আৰু প্ৰখৰ সমাজদৰ্শিতাৰ ফছল। কিন্তু কবিতাটো পাঠ কৰোঁতে মাজে মাজে থমকি ৰ'ব লগা হয়। আৰু পাঠৰ অন্তত মনৰ মাজত ভাৱ হয় কবিতাটোৰ আংগিক বা ভাৱমণ্ডল বিনিৰ্মাণত কলা-কৌশলগত(artistic device) কিছু ত্ৰুটি ৰৈ গ'ল নেকি বাৰু? আৰু যদি সেয়া দৰাচলতে সঁচা, আমি অকপটে স্বীকাৰ কৰিব লাগিব তেনে ত্ৰুটি কবিৰ ভিচন বা কল্পনাৰ সচেতন অভিপ্ৰায় নহয়, অসতৰ্কতা বা অবচেতনাৰ ফছলহে । নেৰেটিভ শৈলীত ৰচিত কবিতাটোত কবিয়ে বিচৰা ধৰণে "দ্ৰাইভাৰ" আৰু "হেণ্ডিমেন" কলাগতভাৱে ৰসোত্তীৰ্ণ কবিতাৰ যথাৰ্থ ৰূপকলৈ উন্নীত নহ'ল নেকি বাৰু? 

পাঠক ভেদে, সমালোচক ভেদে কলা বা কবিতা এটাৰ বাখ্যাও বেলেগ বেলেগ হ'ব পাৰে। পাঠকৰ আনন্দ বা বিষাদ, উপলব্ধি বা অভিজ্ঞতা সুকীয়া হোৱাটোতো কোনো অস্বাভাবিকতা থাকিব নোৱাৰে। আন পাঠকে কি কয় নাজানো, আমাৰ দৃষ্টিত নীলিমৰ আন বহু সৃষ্টিৰ দৰে এই কবিতাটোৰ ভাষাৰূপ পোনপটীয়া ; জটিল শব্দচয়ন, আচহুৱা বাকৰীতিৰ কোনো আঁৰ-বেৰ নাই। শ্লেষ, ৰূপকৰ পয়োভৰ সত্বেও তেওঁৰ কাব্যভাষাত তেনে কোনো বাগাড়ম্বৰৰ আঁচোৰ নাই। কবিৰ পাণ্ডিত্য বা তত্ত্বগত ভৰ বা চাপত ভাৰাক্ৰান্ত নহয় কবিতাটোৰ পৰিমণ্ডল। তথাপি কওঁ নিজৰ সৃষ্টিৰ প্ৰতি কবি নিজেই দায়বদ্ধ। কবি হ''ব লাগিব নিজৰ সৃজনী সত্তাৰ প্ৰথম আৰু শেষ বিচাৰক--সমালোচক দ্ৰাইডেনে কোৱাৰ দৰে judge of himself. নিজস্ব অন্তৰ্দৃষ্টি, অভিজ্ঞতা আৰু শিল্পবীক্ষাৰ আশ্চর্য পোহৰ-লেন্সতে কবিয়ে সেয়া বিচাৰ কৰিব লাগিব। সৃষ্টিৰ স'তে , এনে বিচাৰধাৰাৰ স'তে সাধক স্ৰষ্টাৰ স্বাধীন মননৰ সম্পর্ক ওতপ্রোত:। ভাৱ প্ৰকাশ কৰিবলৈ গৈ কবিয়ে নিজস্ব স্বাধীন সত্বাক বিসৰ্জন দিব নোৱাৰে। শাসক বা পাঠকৰ ফৰমাইছ মতে কবি সৃষ্টি কৰ্মত প্ৰবৃত্ত নহয়। কলা বা কবিতা পণ্য নহয় । ই যে কৰ্ষিত হৃদয় বৃত্তি, এক জীয়া সংস্কৃতি। কাৰো শাসন নমনা স্বাধীন নদীৰ দৰেই চিৰন্তন কবিতাৰ প্রভাৱ, ছন্দৰ তড়িৎ তেজৰ আবেদন। নিজৰ অভিপ্রায় বা স্বাভাবিক প্ৰেৰণাৰ প্ৰতি সৎ নহৈ, শিল্পৰ ধৰ্মৰ এচৰত নত নহৈ অহংবোধ(ego)ৰ বশবর্তী হৈ অত্যুৎসাহ প্ৰদৰ্শন কৰিবলৈ যোৱাটোও কবিৰ স্বধৰ্ম হ''ব নোৱাৰে। এনে কৰিলে নিজে এৰা কাঁড় বোমাৰেং হৈ ঘূৰি আহি নিজৰ বুকুকে হানিব পাৰে। কবি নীলিমো বাৰু এনে অভিশাপৰে বলি হ'ল নেকি? নে বহু মাইলৰ খুটি পাৰ হৈ অহা কবিৰ বাবে ই এক অনাহুত দুৰ্ভাগ্য ?

পাঠকৰ মনত এনে ভাৱ বা প্ৰশ্নৰো উদ্ৰেক হ'ব পাৰে যে নীলিম কুমাৰে কবিতাটোক এটা নতুন মাত্রা দিয়াৰ লক্ষ্যৰে চুকাফা, গদাপাণিক ইতিহাসৰ পাতৰপৰা ততাতৈয়াকৈ তুলি আনিছিল নেকি? ( আঠশ বছৰীয়া এজন দ্ৰাইভাৰ/পাঁচশ বছৰীয়া এজন হেণ্ডিমেন / নাম সুধিলে দ্ৰাইভাৰে কয় চুকাফা / হেণ্ডিমেনে কয় গদাপাণি )। এইখিনিতে তীক্ষ্ণধী সমালোচক ড০ মৃদুল শৰ্মাৰ মন্তব্যটি প্ৰণিধানযোগ্য--"কাৰিকৰী ভাৱে অনুভৱ কৰোঁ গদাপাণি আৰু কমলাকুঁৱৰী চৰিত্ৰ দুটাক কবিতাটোত ভুলকৈ ব্যৱহাৰ কৰা হৈছে। প্রসংগৰ সৈতে গদাপাণি আৰু কমলা কুঁৱৰীৰ কোনো সম্পর্ক নাই আৰু জোৰকেও সম্পৰ্কিত কৰিব নোৱাৰি।"(অবিন্যস্ত, এটা কবিতা আৰু কিছু অস্বস্তি)। হয়তো হয়।কবিয়ে নভৱাকৈ -য়ে ক'ৰবাত যেন কিবা এটা ভুল হৈ গ'ল।আমাৰ কথা হ'ল কবিয়ে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত যেন কিবা এটা ভুল হৈ গ'ল। নিজৰ সৃষ্টিৰ বাখ্যা নিজে দিব লগা হোৱাটো স্ৰষ্টাৰ বাবে দুৰ্ভাগ্য নহৈ কি হ'ব পাৰে? আৰু ই স্ৰষ্টাৰ বাবেই কেৱল নহয়, সৃষ্টিৰ বাবেও হয়তো দুৰ্ভাগ্য। কবি নীলিমে নিজৰ কাব্য প্রজ্ঞা বা কলা-কৌশলগত প্রযুক্তিৰ দুৰ্বলতাৰ কথা স্বীকাৰ কৰি কবিতাটোৰ বিষয়বস্তু আৰু ৰূপক সন্দৰ্ভত কিছু বাখ্যা দাঙি ধৰিব লগা হ'ল এনেদৰে--"ভোগবাদী সমাজ জীৱনৰ গ্ৰাসত লিপ্ত হৈ পৰা অসমীয়া মানুহে যিখন বাছত উঠিবলৈ অনিচ্ছুক , সেই বাছখনত জাতিয়তাবাদৰ প্ৰতীক--আত্মোৎসৰ্গৰ নিদৰ্শন কমলাকুঁৱৰী সহযাত্ৰী হয় কেবল চুকাফা আৰু গদাপাণিৰ ৷...কবিতাটোৰে ইতিহাসৰ এই দুজন প্ৰবাদ পুৰুষৰ লগতে প্ৰাচীন সাধুকথাৰ সেই কৰুণ চৰিত্ৰক পুনৰবাৰ মনত পেলাই দি অসমীয়া মানুহৰ স্হিতিক বিশ্লেষণ কৰাৰ চেষ্টাহে কৰা হৈছিল ৷... তথাপি এই কবিতাটোৱে মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰাত মই দুখিতঃ হৈছো ৷ তাৰ বাবে ময়েই দোষী ৷ কাৰণ মই হয়তো মোৰ বক্তব্য প্ৰকাশ কৰাত ব্যৰ্থ হৈছো ৷ আনহাতে কবিতাটোৱে বিশেষ জনগোষ্ঠী আৰু জন মানসক কবিতাটোৱে আঘাত দিয়া বুলি মই গম পাইছো যাৰ বাবে মই দুখিত ৷ মোৰ এই অনিচ্ছাকৃত ভুলৰ বাবে মই ক্ষমাপ্ৰাৰ্থী ৷"

কবিয়ে আগবঢ়োৱা এনে বাখ্যাই সকলো পাঠককে আশ্বস্ত কৰিবনে নাই সেয়া হয়তো সময়ে ক'ব। আমাৰ দৃষ্টিত কবিয়ে কবিতাটিত প্ৰতিকী ভাষাৰে বহু কথাই কৈছে।অনুভূতি আৰু অভিজ্ঞতাত কবি চহকী; কিন্তু কল্পনাৰ আকস্মিক লোডশ্বেডিঙৰ ফলত, আবেগিক সংবেদনা আৰু মননশীলতাৰ অভাৱত কবিতাটোয়ে হয়তো ভাৱপ্ৰবাহৰ ঐক্য-সুষমা, অৰ্থগৰিমা আৰু প্ৰতীকী বৈচিত্ৰ হেৰুৱাব লগা হ'ল। শেষ মুহূর্তত অৱক্ষয়ৰ আবৰ্তত পতিত অসুস্থ অসমীয়া জাতীয়তা- বাদৰ সুস্থ সমালোচনাৰে, কলাত্মক ব্যঞ্জনাৰে কবিয়ে আশা কৰা ধৰণে তেওঁৰ কবিতাটো বাঙ্ময় আৰু অৰ্থোজ্বল হৈ নুঠিল। এয়া কেৱল স্ৰষ্টা কবিজনৰে নহয়, কবিতা নামৰ কলাটো মনে-প্ৰাণে ভালপোৱা এমুঠি তীক্ষ্ণধী, ৰসগ্ৰাহী পাঠকৰো অসন্তুষ্টি আৰু যন্ত্রণা। কবিতা বুজিবলৈ তিলমাত্র চেষ্টা নকৰা সকলৰ কথা নকলোৱেই বাৰু। উল্লেখ নকৰি নোৱাৰিলো যে ইয়াৰ আগেয়েও কবি নীলিমৰ "অপ্ৰজনন" আৰু ৰুবি গুপ্তাৰ জাঙ্গিয়া বিষয়ক কবিতা দুটাও বহুল বিতৰ্কৰ মাজত সোমাই পৰিছিল। বহু পাঠকে এনেকৈয়ো মত প্রকাশ কৰা দেখা যায় যে নীলিম কুমাৰে জনপ্রিয়তা অর্জনৰ অভিপ্ৰায়েৰে বিতৰ্কৰ সূচনা হ'ব পৰা ধৰণৰ কবিতা ৰচনা কৰে। বহু সময়ত কবি এজনৰ চিন্তা, দৰ্শন বা মতাদর্শ পাঠকে আশা কৰা ধৰণৰ নহ'ব পাৰে। কিন্তু আমাৰ স্পষ্ট মত নিজে পোতা হুলত কোনো কবিয়ে কস্মিন কালেও নিজে ফুটি মৰিব নুখুজে।

কবিতাৰ সত্য আৰু সাৰৱত্তাৰ বিচাৰ হয় পাঠকৰ আদালতত। কবিতা হৃদয়ৰ কহিনুৰ, উদ্ভাসিত বিবেকৰ কণ্ঠস্বৰ।কবিতা নিজেই ন্যায়বিচাৰৰ সৰ্বোচ্চ আদালত। সেইবাবেই হয়তো সমাজ সভ্যতাৰ সৃষ্টি এই মহত্তম অভিধা কাব্যিক ন্যায়--গ্ৰীক ট্ৰেজেডীৰ "পয়েটিক জাষ্টিচ্"। আমি আশা কৰিম কবি বা কবিতা আদালতৰ কাঠগড়ালৈ কোনো কালে যাব লগা নহওক। সূৰ্য আৰু সভ্যতাৰ বাবে এনে দুৰ্দিন নাহক। কাৰণ আলাই-আথানি হোৱা কবিতাৰ চকুপানী মচিব পৰাকৈ আমি কোনো দেৱদূত নহওঁ। জনপ্রিয় কবি নীলিম কুমাৰ নিজ সৃষ্টি সন্দৰ্ভত ভৱিষ্যতে নিশ্চয় অধিক সচেতন হ'ব। আমিও এই বৃত্তৰ পৰিধিৰ বাহিৰত নহয়। অনুভূতি আৰু আবেগৰ শিল্পীত ৰসায়ন-মন্থনৰ বাবে ,কবিতা এটাৰ নিটোল, নান্দনিক নিৰ্মিতিৰ বাবে শিল্প-চাতুর্যই দাবী কৰা অনুশীলন আৰু সম্পৰীক্ষাৰ সোণালী সময়খিনি হৃদয় আৰু মগজুৰ ৰজ্জুবোৰক, আমাৰ স্বপ্ন আৰু সাধনাক আমি নিশ্চয় দিব লাগিব। বনতুলসীৰ সুগন্ধি সামৰি কবিতা কবিতা হৈয়ে থাকক।তেজৰ এন্ধাৰত বাট এৰি কবিতা অবাটে নাযাওক কাহানিও। এয়া আমাৰ অন্তৰৰ আৱাহনী।

No comments:

Post a Comment