প্ৰৱন্ধঃ গুগুল ট্ৰেন্সলেটে অসমীয়া ভাষা 'শুদ্ধ'কৈ অনুবাদ কৰিব পাৰিবনে? :: দেৱজ্যোতি বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ গুগুল ট্ৰেন্সলেটে অসমীয়া ভাষা 'শুদ্ধ'কৈ অনুবাদ কৰিব পাৰিবনে? :: দেৱজ্যোতি বৰা

প্ৰৱন্ধঃ গুগুল ট্ৰেন্সলেটে অসমীয়া ভাষা 'শুদ্ধ'কৈ অনুবাদ কৰিব পাৰিবনে? :: দেৱজ্যোতি বৰা

Share This
গুগুল ট্ৰেন্সলেটে অসমীয়া ভাষা 'শুদ্ধ'কৈ অনুবাদ কৰিব পাৰিবনে? 
দেৱজ্যোতি বৰা
নেটত কিবা এটা বিচাৰিব লাগে, গুগুল খোলক৷ যিকোনো ধৰণৰ তথ্য লাগে, গুগুল৷ কাৰোবাৰ ফটো এখন লাগে, গুগুল৷ কিবা এটা বিষয়ৰ ৱে’বছাইট লাগে, গুগুল৷ অমুক নামৰ মানুহজনৰ বিষয়ে পৰিচয়সূচক টোকা এটা লাগিছিল, গুগুল৷ তমুক গানটো কোনখন চিনেমাৰ আছিল জানো, গুগুল৷ মুঠতে ‘গুগুল’ নামৰ বহুমুখী ব্যৱস্থাবিধক বাদ দি সাম্প্ৰতিক তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কথা কল্পনা কৰাও কঠিন৷
অৱশ্যে গুগুলক জনাসকলৰ অধিকাংশ লোকেই ইয়াক কেৱল এটা ছাৰ্চ ইঞ্জিন বুলিহে জানে৷ কিন্তু বিনামূলীয়া ছাৰ্চ ইঞ্জিনৰ উপৰি গুগুলৰ জি-মেইল নামৰ ই-মেইল সেৱা, গুগুল মেপ নামৰ সমগ্ৰ বিশ্বৰ আলি-গলিক সামৰি প্ৰস্তুত কৰা মানচিত্ৰ সেৱা, গুগুল প্লাছ নামৰ ছ’চিয়েল নেটৱৰ্কিং সেৱা, গুগুল নিউজ নামৰ বাতৰি সেৱা, গুগুল ড্ৰাইভ নামৰ অন্লাইন তথ্যভাণ্ডাৰ সেৱা, ইউটিউব নামৰ ভিডিঅ’ সেৱা, গুগুল ক্ৰ’ম নামৰ অপাৰেটিং ছিষ্টেম আৰু ৱে’ব ব্ৰাউজাৰ সেৱা, এনড্ৰইদ নামৰ অপাৰেটিং ছিষ্টেম ইত্যাদিকে ধৰি সম্প্ৰতি ই এক বৃহৎ প্ৰতিষ্ঠানত পৰিণত হৈছে৷ আন আন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দৰে গুগুলে কেৱল ধন ঘটাতে ব্যস্ত নাথাকি আৰু সৰ্বসাধাৰণ ৰাইজৰ পৰা তেওঁলোকৰ সেৱাসমূহৰ বিনিময়ত কোনো ধৰণৰ মাচুল নিবিচাৰি একপ্ৰকাৰ বিনামূলীয়াকৈ সেয়া যোগান ধৰি বিশ্ববাসীৰ প্ৰভূত পৰিমাণে উপকাৰ সাধি আহিছে৷ ইয়াৰ উপৰি গুগুলৰ আন এক সেৱা হৈছে গুগুল ট্ৰেন্সলেট৷

গুগুল ট্ৰেন্সলেটে বিশ্বৰ নিৰ্বাচিত ভালেসংখ্যক ভাষাৰ শব্দ বা বাক্য এটাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিব পাৰে৷ ইয়াত এই পৰ্যন্ত ১০৯ টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে৷ কিন্তু পৰিতাপৰ কথা যে ব্যৱস্থাবিধত এই পৰ্যন্ত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱা নাই৷ বাঙালী, হিন্দী, পাঞ্জাৱী, তামিল, তেলেগু, উৰ্দু, গুজৰাটী, মাৰাঠী আদি ভালেকেইটা ভাৰতীয় ভাষা গুগুল ট্ৰেন্সলেটৰ আওতালৈ আহিছে; ইংৰাজী, চীনা, জাপানী, ফৰাচী, লেটিন, জাৰ্মান, গ্ৰীক, নেপালী, কোৰিয়ান আদিবিলাক ভাষাতো আছেই৷ গুগুল ট্ৰেন্সলেটৰ অন্তৰ্গত এবিধ ভাষাৰ শব্দ বা বাক্য আন যিকোনো এবিধ ভাষালৈ নিমিষতে অনুবাদ কৰিব পৰা এই ব্যৱস্থাবিধ বহুক্ষেত্ৰত অতিকে উপযোগী বুলি বিবেচিত হৈছে৷ www.translate.google.com নামৰ ৱে’বছাইটটোৰযোগে সম্পূৰ্ণ বিনামূলীয়াকৈ এই ব্যৱস্থাবিধৰ সুবিধা গ্ৰহণ কৰিব পৰা যায়৷

সুখৰ কথা, শেহতীয়াকৈ গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰাৰ যো-জা চলিছে৷ ইতিমধ্যে গুগুল কমিউনিটিৰ যোগেদি ভালেসংখ্যক স্বেচ্চাসেৱকে গুগুল ট্ৰেন্সলেটত অসমীয়া শব্দ আৰু বাক্য অন্তৰ্ভুক্ত কৰিছে৷ এক বিশেষ প্ৰক্ৰিয়াৰে গুগুল ট্ৰেন্সলেটত অসমীয়া শব্দ আৰু বাক্য অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে৷ 

www.translate.google.co.in/community নামৰ ৱে’ব পেজটো খুলি লৈ My Language-ত ক্লিক কৰিলে বিভিন্ন ভাষাৰ নাম সম্বলিত এখন তালিকা ওলাব৷ ইয়াৰ ইংৰাজী আৰু অসমীয়া ভাষাৰ আগত থকা সৰু ঘৰটোত ক্লিক কৰি ‘ৰাইট’ চিহ্নটো উলিয়াই দি তালিকাখনৰ তলফালে থকা Save নামৰ বুটামটোত ক্লিক কৰিব লাগে৷ লগে লগে সেই তালিকাখন বন্ধ হৈ পূৰ্বৰ পৃষ্ঠাটো ওলাব৷ এইবাৰ Translate নামৰ বুটামটোত ক্লিক কৰিব লাগে৷ লগে লগে এটা নতুন পৃষ্ঠা খোল খাব৷ ইয়াত মূলতঃ দুটা ডাঙৰ ঘৰ থাকে৷ তাৰে বাওঁফালৰ ঘৰটোত ইংৰাজী ভাষাত এটা শব্দ বা বাক্যাংশ দেখা পোৱা যাব৷ ইয়াৰ সোঁফালৰ ঘৰটোত সেই ইংৰাজী শব্দ বা বাক্যাংশৰ অসমীয়া অনুবাদটো ইউনিকোডৰ মাধ্যমেৰে লিখি Submit নামৰ বুটামটোত ক্লিক কৰিব লাগে৷ লগে লগে সংশ্লিষ্ট শব্দ বা বাক্যাংশ গুগুল ট্ৰেন্সলেটৰৰ অন্তৰ্ভুক্ত হ’ব আৰু লগে লগে ইয়াৰ পাছৰটো শব্দ বা বাক্যাংশ অনুবাদৰ বাবে ইংৰাজীত দেখা পোৱা যাব৷ যদিহে ইংৰাজীত ওলোৱা কোনো এটা শব্দ বা বাক্যাংশত খোকোজা লাগে তেনেহ’লে সেইটো অনুবাদ নকৰি Skip নামৰ বুটামটোত ক্লিক কৰিব লাগে৷ লগে লগে সেইটো পাৰ হৈ যোৱাৰ লগতে আন এটা অনুবাদৰ বাবে ইংৰাজীৰ ঘৰটোত দেখা পোৱা যাব৷ এনেদৰে যিকোনো ব্যক্তিয়ে যিমান ইচ্চা সিমান শব্দ বা বাক্যাংশ অনুবাদ কৰি গুগুল ট্ৰেন্সলেটক সহায় কৰাৰ লগতে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব পাৰে৷

কিন্তু এনেদৰে অন্তৰ্ভুক্ত কৰা শব্দসমূহৰ শুদ্ধতা নিৰূপণ কৰা হ’ব কেনেকৈ? গুগুল ট্ৰেন্সলেটে তাৰো ব্যৱস্থা কৰিছে৷ উল্লিখিত পদ্ধতিৰে কোনো এটা ভাষাৰ এক বুজন পৰিমাণৰ শব্দ গুগুল ট্ৰেন্সলেটত অন্তৰ্ভুক্ত কৰাৰ পাছত ইচ্ছুক স্বেচ্চাসেৱকে উক্ত শব্দসমূহ পৰীক্ষা কৰিব পাৰে আৰু প্ৰয়োজনসাপেক্ষে তাৰ সালসলনি ঘটাবও পাৰে৷ এনেদৰে শুদ্ধ কৰা বা সালসলনি ঘটোৱাৰ প্ৰক্ৰিয়াটো চিৰদিনৰ বাবে খোলা থাকিব৷

কিন্তু এইখিনিতে মনত প্ৰশ্ন হয় যে, গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভুক্ত হ’লে আমাৰ কি লাভ হ’ব? লাভ হ’ব৷ বহুপ্ৰকাৰে লাভ হ’ব৷ এই পৰ্যন্ত ইউনিকোডৰ মজিয়াত অসমীয়া লিপিয়ে পূৰ্ণাংগ মৰ্যাদা লাভ কৰা নাই৷ বাংলা লিপিৰেহে অসমীয়া ভাষা লিখা হয় বুলি ইউনিকোডৰ নথি-পত্ৰত লিপিবদ্ধ হৈ আছে৷ এই অপবাদৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ভালেসংখ্যক লোকে ইউনিকোডৰ সৈতে নানান যুক্তি-তৰ্কত লিপ্ত হৈছে যদিও বিষয়টোৰ এক সন্মানজনক নিষ্পত্তি এই পৰ্যন্ত হোৱাগৈ নাই৷ গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বাংলা আৰু অসমীয়া যে দুটা স্বয়ংসম্পূৰ্ণ পৃথক ভাষা সেয়া ইণ্টাৰনেটৰ জগতত প্ৰতীয়মান হৈ উঠাৰ লগতে ইউনিকোড কতৃৰ্পক্ষক হেঁচা দিবলৈয়ো এক সবল অস্ত্ৰ আমাৰ হাতলৈ আহিব৷ তদুপৰি অসমীয়া ভাষাক অদূৰ ভৱিষ্যতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইণ্টাৰনেট ব্যৱস্থাৰ ভূমিকাক আমি উলায় কৰি চলিলে নহ’ব৷ তাৰ বাবেও গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষাটো অন্তৰ্ভুক্ত হোৱাটো অতিকে দৰকাৰী কথা৷

সৰ্বোপৰি, গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱন যাত্ৰাও বহুখিনি সহজ হৈ পৰিব৷ গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাৰ পাছত আমি ইণ্টাৰনেটৰ মাধ্যমেৰে উপলব্ধ বিশ্বৰ আগ শাৰীৰ ভাষাসমূহত প্ৰকাশিত লেখাসমূহ নিচেই সহজে আমাৰ ভাষালৈ অনুবাদ কৰি সিবিলাকৰ সোৱাদ ল’ব পাৰিম৷ দেশে-বিদেশে ভ্ৰমণ কৰিলে ভাষাৰ অন্তৰায় আমাৰ বাবে কোনো সমস্যা হৈ নাথাকিব৷ চীন দেশৰ দোকানত সোমাই কিনিব খোজা বস্তু এপদৰ কথা দোকানীক বুজাবলৈ হ’লে হাত-ভৰি বৰকৈ নোজোকাৰি হাতৰ মোবাইলটোতে গুগুল ট্ৰেন্সলেটৰ দ্বাৰা ইয়াৰ নামটো চীনা ভাষালৈ অনুবাদ কৰি শব্দটো বা বাক্যটো চীনাতে ক’ব পাৰিব৷ দক্ষিণ ভাৰতৰ তামিল-তেলেগু আদিবিলাক ভাষালৈয়ো আপোনাৰ মনৰ ভাৱখিনি নিমিষতে অনুবাদ কৰিব পাৰিব৷ এয়া বাৰু কম কথানে!

সি যি নহওক, গুগুল ট্ৰেন্সলেটত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিক ক্ষিপ্ৰ কৰি তুলিবলৈ হ’লে আমি হাতে কামে লাগি ইয়াত অসমীয়া শব্দ বা বাক্য অন্তৰ্ভুক্ত কৰিব লাগিব৷ এই পৰ্যন্ত আমি একক প্ৰচেষ্টাৰে হাজাৰৰো অধিক শব্দ আৰু বাক্যাংশ অনুবাদ কৰি গুগুল ট্ৰেন্সলেটত অন্তৰ্ভুক্ত কৰিছোঁ৷ এই মহৎ প্ৰকল্পটোক সফল কৰি তুলিবলৈ ইউনিকোডত অসমীয়া লিখিব জনা সকলো অসমীয়া লোককে আমি আহ্বান জনাইছোঁ৷ ৰাইজে নখ জোকাৰিলে যে নৈ বব আৰু তথ্যজালত অসমীয়া অনুবাদ অধিক শুদ্ধ ৰূপত সম্ভৱপৰ কৰাটো এক বাস্তৱ হব, সেই কথাও কিন্তু নিশ্চিত।
লেখক বিজ্ঞান ও প্ৰযুক্তিবিদ্যা বিষয়ত এক নিৰৱচ্ছিন্ন সাধক তথা নিৱন্ধকাৰ, মোবাইল - ৯৯৫৪৪৫১০৩৫

No comments:

Post a Comment