পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কেন্দ্ৰীয় চৰকাৰে বিটিচি চুক্তিৰ পৰ্যালোচনা কৰাৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চেয়াৰমেন হাগ্ৰামা মুহিলাৰীৰ সৈতে এক আলোচনাত বহাৰ খবৰ। গৃহ মন্ত্ৰালয়ৰ যুটীয়া আয়ুক্ত শম্ভু সিঙৰ নেতৃত্বত বহা আলোচনাত ৰাজ্য চৰকাৰে মুঠ বাজেটৰ ১২.১৯শতাংশ বিটিচিলৈ দিয়াৰ কথা আছিল যদিও কেৱল ৩শতাংশহে মুকলি কৰি দিয়াৰ অভিযোগ তোলে শাসনাধিষ্ঠ দলটোৱে। লগতে বিশেষ বাৰ্ষিক পেকেজৰ ৰূপত ২০০কোটি টকা মোকোলাই দিবৰ বাবেও মুহিলাৰীয়ে দাবী উত্থাপন কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

২. প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টাকে ধৰি শীৰ্ষ বিষয়া সকলক উত্তৰ-পূৱৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিবলৈ আৰু শান্তি পুনৰ স্থাপনৰ বাবে কাৰ্যকৰী প্ৰচেষ্টা হাতত লবলৈ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। “বন্দুকৰ অপসংস্কৃতি” শেষ কৰি শান্তিপূৰ্ণ পৰিবেশ সৃষ্টিৰে এক্ট-ইষ্ট পলিচিৰ ৰূপায়ণৰ বাবে পদক্ষেপ লবলৈকো প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ সুখবৰ।

৩. প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি যোৱা হাইস্কুল আৰু শিক্ষক-কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰিব বুলি যোৱা ১৬-১৭জুনত হোৱা এলানি আলোচনাত অসমৰ শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে আশ্বাস প্ৰদান কৰা বুলিও খবৰ প্ৰকাশ পাইছে।

৪. ভাৰতীয় আণৱিক শক্তি বিভাগৰ হীৰক জয়ন্তী উপলক্ষে ভাৰতীয় প্লাজমা গৱেষণা প্ৰতিষ্ঠান আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা তেজপুৰৰ কথা-বিজ্ঞান কেন্দ্ৰৰ সহযোগত তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত মননশীল বক্তৃতানুষ্ঠানত অংশ লয় আন্তঃৰাষ্ট্ৰীয় আণৱিক বিজ্ঞানী ভি বি কাম্বলেই। অহা ত্ৰিশ বছৰৰ পাছত পৰম্পৰাগত শক্তিৰ পৰিবৰ্তে সৌৰ আৰু পাৰমাণৱিক শক্তিয়েই শেষ বিকল্প হৈ উঠিব বুলিই কাম্বলে ডাঙৰীয়াই অভিমত প্ৰকাশ কৰে।

৫. SECONE চ’ছাইটিৰ উদ্যোগত “উত্তৰ-পূৱত শক্তি খণ্ডৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান” বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ২০জুনত খানাপাৰাৰ অসম প্ৰশাসনিক ষ্টাফ কলেজত আয়োজন কৰা হৈছে। অইল ইণ্ডিয়াৰ চেয়াৰমেন এচ.কে.শ্ৰীবাস্তৱে উদ্বোধন কৰিব লগা আলোচনা চক্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰকান্তি চৌধুৰীয়ে বিশেষ বক্তৃতা প্ৰদান কৰিব।

৬. ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰামৰ বাবে উত্তৰ-পূৱৰ ৰাজ্য সমূহক সাজু কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগে গুৱাহাটীতো এখন কৰ্মশালাৰ আয়োজন কৰে। উত্তৰ পূৱত ই-গৰ্ভনেন্স আৰু ক্ষুদ্ৰ-মজলীয়া উদ্যোগ স্থাপনৰ বাবে প্ৰচেষ্টা লোৱাৰ দিশত এই কৰ্মশালাত চিন্তা-চৰ্চা কৰা হয়।

৭. মুৰ্কংচেলেকৰ পৰা পাছিঘাটলৈ ব্ৰডগজ ৰেলপথ স্থাপনৰ বিষয়ত এখনি জনশুনানি অনুষ্ঠিত হৈ যোৱাৰ সুখবৰ। এই শুনানিত প্ৰকল্পটোৰ পৰা হব পৰা সামাজিক ক্ষতিৰ বিষয়ে আলোচনা কৰা হয়। প্ৰভাৱিত হব লগা ৰাইজেও ইয়াত অংশগ্ৰহণ কৰে।

৮. চিকিমৰ নাথুলা পাছ হৈ কৈলাশ মান-সৰোবৰ যাত্ৰা কালি চিকিমৰ ৰাজ্যপাল শ্ৰীনিবাস পাটিল আৰু মুখ্যমন্ত্ৰী পৱন চামলিঙৰ উপস্থিতিত প্ৰথমটো দলক ফ্লেগঅফ কৰি শুভাৰম্ভ কৰা হয়।

৯. প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে প্ৰদান কৰা “আঁক-বাক উপন্যাস বঁটা”ৰ বাবে পঞ্চাশৰ অনুৰ্ধৰ লেখকৰ পৰা পাণ্ডুলিপি আহ্বান কৰিছে প্ৰকাশ সংস্থাটোৱে। এক লাখ টকা, এটি স্মাৰক আৰু মানপত্ৰ সম্বলিত এই বঁটাৰ বাবে অসমীয়া উপন্যাসৰ পাণ্ডুলিপি অহা বছৰৰ ৩১মাৰ্চৰ ভিতৰত জমা দিবলৈ আহ্বান জনাইছে। প্ৰতিযোগী সকলে ফোন নং ৯৮৬৪১২২৬৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১০. ৰমজান মাহ উপলক্ষে অসমৰ ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিয়াল সকলৈ বিশেষ ৰেহাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰোজা ৰখা কৰ্মচাৰী সকলক বিয়লি আধা ঘণ্টা আগতে কাৰ্যালয় এৰাৰ বাবে অনুমতি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে পৱিত্ৰ ৰমজানৰ বাবে আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছে।

No comments:

Post a Comment