হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. সদৌ অসম গৰাল কংগ্ৰেছত বিসম্বাদৰ ঢৌ উঠাক লৈ সদৌ অসম ভেটেনেৰী ডাক্তৰ সংস্থা মৰ্মাহত হোৱা বুলি জানিব পৰা গৈছে। বুঢ়া গৰু, ছাগলী ইত্যাদি ঘৰচীয়া জন্তুৰ ৰাজনৈতিক হাবিয়াস দেখি এতিয়াৰ পৰা ভেটেনেৰী বিভাগতো মানসিক ৰোগৰ বিভাগ খুলিবলৈ দাবী জনাবলৈ সংস্থাই যো-জা কৰা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।



২. কইনাধৰা প্ৰডাকচনে এইবাৰ মুকলি কৰিছে নতুন ভিচিডি “এনআৰচিৰ পীৰিতি”। এই চিডিখনত সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত পাহাৰ টিঙৰ পৰা ননমা এজন নেতাৰ হাস্য-মধুৰ কাহিনীকে তুলি ধৰিবলৈ বিচৰা বুলিও জানিব পৰা গৈছে। “বিদেশী পীৰিতি”ৰ বাবে জনাজাত কনপোনা গগৈৰ দেউতাকে এই চিডিত অভিনয় তথা কণ্ঠদান কৰা বুলিও সাংস্কৃতিক প্ৰতিবেদকে প্ৰকাশ কৰিছে।

৩. অসমত পদুম পাৰ্টিৰ এমএলএ টিকেট গঁড়ৰ খৰ্গতকৈ দুস্প্ৰাপ্য সম্পদত পৰিণত হোৱা বুলি জানিব পৰা গৈছে। বতৰ চাই অনুপ্ৰৱেশ কৰা সকলৰ হাতত ডিমাণ্ড চাই টিকেটৰ মূল্যও গোপনে হোৰ-হোৰকৈ আকাশলংঘী হৈ গৈ থকালৈ চাই নিঃকিন কৰ্মী সংঘই নিজৰ টিকটক লৈ সন্দিহান হৈছে। এতিয়া বুঢ়া-বাবাৰ তাবিজক সাৰথি কৰাৰ বাহিৰে নিঃকিন কৰ্মী সংঘৰ কোনো উপায় নাই সেইটো কথাও স্পষ্টকৈ ফুটি উঠা দেখিবলৈ পোৱা গৈছে।


৪. “হিমুবাবাৰ ৰাজনীতি” নামৰ এখন নাটক ভ্ৰাম্যমাণৰ বাবে লিখি উলিয়াইছে অসমৰ অবিসম্বাদী নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। ঘোঁৰা-বেপাৰ, বেহা-বেপাৰ, সংবাদ বেপাৰ আদিত সিদ্ধহস্ত এজন বুদ্ধিয়ক মানুহৰ জিভা পিচলি হোৱা হোৱা দুৰৱস্থাৰ হাস্যমধুৰ ক্ষণ সমূহকে এই নাটকত তুলি ধৰা হৈছে বুলিও নাট্যকাৰে প্ৰকাশ কৰিছে। মূল নাটৰ আগে আগে “বিসম্বাদী গোট-নৃত্য” নামৰ এখনি উভোতগোৰে নচা নৃত্য-নাটিকাও মঞ্চায়ন কৰা হব বুলিও খবৰ ওলাইছে।

৫. মেট্ৰিক পাছৰ ইংৰাজী বিবৃত্তি বিষয়ত এটি কৰ্মশালাৰ আয়োজন কৰিছে গৰাল কংগ্ৰেছৰ সভাপতি গুঞ্জন দত্তই। তেখেতে বিষয়টোত মূল সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি এম এ পাছ সকলৰ ৰাজনৈতিক ইংৰাজীৰ পাঠৰ লগতে অনুশাসনৰ পাঠ দিব বুলিও জানিব পৰা গৈছে। তেখেতৰ আত্মবিশ্বাস দেখি খোদ এম.এ পাছ সন্থাই লজ্জাত শিৰণত হোৱাৰো গোপন খবৰ।

৬. কালি লোকৰসেৱা আয়োগৰ সমুখত ধন খাই কেলেংকাৰী কৰা সকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাৰী সকলক নিৰ্যাতন কৰি অভিলেখ গঢ়িলে লালটুপি সংঘই। এই নিৰ্যাতনত খৰছ কৰা এক শতাংশও শক্তি ধন-খোৱা দগাবাজ সকলৰ বিৰুদ্ধে, সুৰক্ষাৰে দেখুওৱা ভক্তিৰ সলনি প্ৰয়োগ কৰাহেতেন অসমৰ চেহেৰা বেলেগেই হলহেতেন বুলিও সচেতনা মূলাগাভৰু সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


৭. সদৌ অসম ক্ৰিকেট বল ব্যৱস্থাপনা সংস্থাৰ চিৰদিনীয়া সম্পাদক বিকশিত বৰুৱাই একেদিনাই শিলচৰত ১লাখ টকাৰ ভাত তিনি সাঁজত খাই অভিলেখ গঢ়াৰ খবৰ পোৱা গৈছে। এই অভিলেখৰ বাবেই তেখেতক বৃকোদৰ বৰুৱা নামেৰে পুনৰ নামাকৰণ কৰিবলৈ এটি অনুষ্ঠানৰ আয়োজনো ক্ৰিকেট বল সংস্থাৰ ধনেৰেই পাতিব পৰা যায় বুলিও জ্বলি মৰা সমালোচক সংস্থাই মত প্ৰকাশ কৰিছে।

৮. একেখন ঘৰতে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, জিলা পৰিষদৰ সদস্য থাকিব পাৰিলে একেখন ঘৰত তিনিখন ৰেচন কাৰ্ড কিয় থাকিব নোৱাৰে বুলি প্ৰশ্ন তুলিছে সদৌ অসম খিঙখিঙীয়া নাগৰিক সন্থাই। খোৱাই লুটি পুতি খাইছে, কিন্তু এতিয়া চেনীও নিদিয়া ৰেচন কাৰ্ডখনকলৈহে মানুহে বদনাম গাইছে বুলিও সন্থাই গৰিহণা দিয়া বুলি জানিব পৰা গৈছে।

৯. চাকৰি-বেচা কিনা পৰিষদৰ বহিৰজা ৰাজেশ্বৰ পালে ক’লা ধনেৰে পাহাৰ গঢ়া বুলি প্ৰকাশ পাইছে। পিছে তেওঁ গঢ়া পাহাৰখনৰ নাম এতিয়া “কালা পাহাৰ” দিবলৈ খোজাকলৈহে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক’লা ধন খাই চাকৰি বিকি অসমত দিন ডকাইত অফিচাৰ মেলিলেও মেলক, কিন্তু কালা পাহাৰৰ নাম হৰণ কৰি ঐতিহ্যৰ ওপৰত কৰিব বিচৰা হামলা যি কোনো প্ৰকাৰে প্ৰতিহত কৰিব বুলিও পাহাৰীয়া ৰাইজে দৃঢ়তা প্ৰকাশ কৰিছে।


১০. “ভাগিনীক চাকৰি, দিলো মই লাহৰী” নামৰ এটি ৰসাল গগৈৰ আৱতৰীয়া বিহুগীত অতিশয় জনপ্ৰিয় হোৱা বুলি জানিব পৰা গৈছে। অসমৰ কৃষিভিত্তিক বিপ্লৱী গানৰ পৃষ্ঠপোষক খিলখিল গগৈয়ে প্ৰচাৰ কৰাৰ বাবেই ৰসাল গগৈৰ কণ্ঠৰ এই গীতটি হঠাতে ছুপাৰহিট হৈ পৰা বুলিও সাংস্কৃতিক পৰ্যবেক্ষক সকলে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment