প্ৰযুক্তি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


হোৱাটচএপ আদি ইন্টাৰনেট কলিঙবোৰ 
সঁচাই বিনামূলীয়ানে?
দ্বিজেন্দ্ৰ নাথ শৰ্মা

হোৱাটচএপ, নিম্বাজ, ভাইবাৰ, স্কাইপ আদিৰ জড়িয়তে ভয়চ বা ভিডিঅ' কলিঙ কৰিব পৰা যায়। আন বহুতো এপ্লিকেচনেৰে ইন্টাৰনেটৰ সহায়ত এইদৰে কলিঙ কৰিব পৰা যায়। ইয়াহু, গোগুলটক, ফেচবুক আদিৰ মেচেঞ্জাৰ আদিৰ জড়িয়তেও কলিঙৰ সুবিধা উপলব্ধ। অন্যান্য বহুতো এপ্লিকেচন বা চাইট যোগে ইন্টাৰনেট কলিঙ কৰিব পৰা যায় যদিও হোৱাটচএপ (WhatsApp)ৰ জনপ্ৰিয়তা তু্ংগত। ইন্টাৰনেট কলিঙৰ ক্ষেত্ৰত হোৱাটচএপে স্কাইপ আৰু ভাইবাৰক চেৰ পেলাইছে। ইয়াৰ কাৰণ হোৱাটচএপৰ জনপ্ৰিয়তাৰ লগতে ইয়াত জড়িয়তে বিনামূলীয়াকৈ ইন্টাৰনেট কলিং কৰিব পাৰি বুলি ভুলকৈ প্ৰচলিত ধাৰণা।

বহুতৰে ধাৰণা এটা আছে যে
হোৱাটচএপ (WhatsApp) আদি ইন্টাৰনেট কলিং খৰছবিহীন। আচলতে সাধাৰণতে ভবাৰ দৰে হোৱাটচএপ বা অন্যান্য ইন্টাৰনেট কলিং খৰছবিহীন নহয়। ইন্টাৰনেট কলৰ বাবে ৱাই-ফাই বা মোবাইল ডাটা কানেকচনৰ প্ৰয়োজন হয় আৰু এই কানেকচন থাকিলে বিশ্বব্যাপী মুক্তভাৱে কল কৰিব পৰা যায় বুলি প্ৰচাৰ হৈ আছে। কিন্তু ই সম্পূৰ্ণ সত্য নহয়, আংশিক ভাৱে সত্যহে। ইন্টাৰনেট সংযোগৰ পিছত ডাটা খৰছ (data cost ) নোহোৱাকৈ যদি সেই কল সম্ভৱ হয় তেতিয়াহে তাক ফ্ৰী বুলি কব পাৰি যিটো নেট নিউত্ৰেলিটিৰ লগত সম্পৰ্কিত কথা। কিন্তু বাস্তৱিকতে সেইটো হৈ আছেনে?

এটা ৱাই-ফাই বা মোবাইল ডাটা কানেকচনৰ খৰছত যদিহে মুক্তভাৱে কল কৰাৰ সুযোগ দিয়া হয় সেই সুবিধা ব্যৱহাৰকাৰীয়েনো কিয় নল'ব। কিন্তু আমি ভৱাৰদৰে
হোৱাটচএপ (WhatsApp) আদি ইন্টাৰনেট কলিং খৰছবিহীননে? উত্তৰটো কিন্তু অলপ জটিল। ইন্টাৰনেট কানেক্ট হোৱাৰ পিছত ডাটা খৰছ (data cost ) নোহোৱাকৈ এই এপযোগে ইন্টাৰনেট কলিং হৈ আছেনে? প্ৰতিটো কলৰ বিপৰীতে ডাটা খৰছ হয়। আমি ইন্টাৰনেট কলিং আৰু সাধাৰণ কলিঙৰ খৰছৰ এটা তুলনা উলিয়াই ল'লেই কথাখিনি স্পষ্ট হৈ পৰিব যে ই কিমান ফ্ৰী বা খৰছবিহীন।

যিহেতু ইন্টাৰনেট কলৰ বাবে ৱাই-ফাই বা ডাটা কানেকচন লাগে আৰু কলৰ বিপৰীতে ডাটা কষ্ট থাকে গতিকে ইয়াক পৃথিৱীব্যাপত ফ্ৰী-কলৰ সুবিধা থকা ব্যৱস্থা বুলি চলি থকা ধাৰণাটো চৰ্তসপেক্ষ সত্যহে! যিহেতু কলিঙৰ সময়ত ডাটা কনজুম হয় গতিকে ই খৰছবিহীন হ'বই নোৱাৰে। এতিয়া ডাটা চোৰ্চ যদি বিনামূলীয়া হয় তেতিয়া তাত ব্যবহাৰকাৰীৰ খৰছ হোৱাৰ প্ৰশ্নই নাহে। আনলিমিটেড ডাটা প্লেনৰ ক্ষেত্ৰতো কলিঙৰ বাবে বেলেগকৈ খৰছ নহয় কাৰণ তেনেকুৱা প্লেনত যিমান ডাটা খৰছ নকৰিলেও, নিৰ্দিষ্ট ডাটা ব্যৱহাৰৰ পিছত স্পীড লিমিটৰ ক্ষেত্ৰত তাৰতম্য ঘটিলেও অতিৰিক্ত ব্যয় নহয়। কিন্তু লিমিটেড প্লেনৰ ক্ষেত্ৰত কলিং খৰছবিহীন নহয়। অৰ্থাৎ অপোনাৰ ডাটা প্লেনৰ ওপৰতহে নিৰ্ভৰ কৰিব এই কলিঙবোৰত আপোনাৰ কিমান খৰছ হয়। সাধাৰণতে লিমিটেদ ডাটা প্লেনবোৰত এই ইন্টাৰনেট কলিং সাধাৰণ কলিঙতকৈই খৰছী হৈ পৰিব পাৰে।

হোৱাটচএপৰ ক্ষেত্ৰত দেখা গৈছে যে প্ৰতি মিনিট কথা পাতিবলৈ ৩ জি পেকৰ ৬০০ কেবিৰ পৰা ১.৩ এমি দাটা খৰছ হয়। ভিডিও কলিঙৰ ক্ষেত্ৰত এই ডাটাৰ খৰছ আৰু বহুত বেছি, ৪ এমবিৰ পৰা ৬ এমবি প্ৰতি মিনিট ।(ডাটা খৰছৰ তাৰতম্য ঘটে অৰ্থাৎ একে সময়ৰ কলৰ বাবে ডাটা খৰছ কম বেছি হ'ব পাৰে)। অৰ্থাৎ ৫০০ এম বিৰ ডাটাপেক এটা অকল কল কৰিবলৈ ব্যৱহাৰ কৰিলে (প্ৰতি মিনিটত দাটা খৰছ ৬০০ ধৰিলে) ছয় ঘন্টা কথা পতিব পৰা যাব। এতিয়া হিচাপটো উলিয়াই লওক ৫০০ এম বিৰ ৩ জি ডাটাপেকৰে ছয় ঘন্টা কথা পতা মানে মিনিটে প্ৰতি কিমান খৰছ আহিল। সাধাৰণ কল প্লেনৰ ওপৰত নিৰ্ভৰ কৰি ০.১০ টকাৰ পৰা ০.৫০ টকাৰ ভিতৰত সম্ভৱ।

এতিয়া যদি আপুনি ১ জিবি প্লেন ব্যৱহাৰ কৰে আৰু অকল ইন্টাৰনেট কলিঙৰ বাবে ব্যৱহাৰ কৰে তেতিয়া সেই পেকটো ১২৫০ মিনিটমান চলিব। গতিকে হিচাবটো নিজে নিজে উলিয়াই লওক ইন্টাৰনেট কলিং পৰম্পৰাগত কলিঙলকৈ কম খৰছী নে বেছি খৰছী, নে খৰছবিহীন।

ইন্টাৰনেট কলিঙৰ ডাটা কষ্ট টেষ্টিঙত প্ৰতি মিনিটৰ ডাটা কষ্ট ৮০০ কেবিৰ পৰা ১.৩ এমবিলৈ পোৱা গৈছে। এনৰইড চিষ্টেমৰ ক্ষেত্ৰত আটাইতকৈ কম ৬০০ কেবি প্ৰতি মিনিট ডাটা কষ্ট পোৱা গৈছে। গতিকে ক'ব পৰা যায় যে বিভিন্ন এপ ব্যৱহাৰ কৰি কৰা ইন্টাৰনেট কলিং সাধাৰণ কলিঙতকৈ বেছি খৰছী। তাৰ পিছতো ইয়াক খৰছবিহীন কলিং বুলি প্ৰচলিত ধাৰণাটোৰ প্ৰচাৰ শুদ্ধনে?

উত্তৰটো হ'ব - সকলো ক্ষেত্ৰতে নহয়। ই আপোনাৰ ডাটা প্লেনৰ ওপৰত নিৰ্ভৰ কৰিব। লিমিটেদ ডাটাপ্লেনত ইন্টাৰনেট কলিঙ সাধাৰণ কলিঙতকৈও খৰছী হ'ব পাৰে। ফ্ৰী ৱাই-ফাই কানেকচনত ই খৰছবিহীন। অানলিমিটেড ডাটা প্লেনতো ই প্ৰায় খৰছবিহীন। যিহেতু সকলো ধৰণৰ কলৰ বাবে প্ৰায় সমান ডাটা কনজুম হয় সেইবাবে আই এছ দি কলৰ ক্ষেত্ৰত স্বাভাৱিকতে ইনটাৰনেট কলিঙৰ খৰছ কম। তথাপি ইন্টাৰনেট কলিঙ মানেই খৰছবিহীন বা বিনামূলীয়া কলিং বুলি একে আষাৰে ক'ব পৰা নাযায়।

No comments:

Post a Comment