বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিদেশৰ চিঠি

বিদেশৰ চিঠি

Share This
কাটাৰত পালিত এটি ব'হাগী সন্ধিয়া  
ডা০ ভূপেন শইকীয়া
কাটাৰৰ ৰাজধানী চহৰ ডোহাত ১৭এপ্ৰিলত প্ৰবাসী অসমীয়াসকলে ৰঙ-ৰহইছৰে ৰঙালী বিহু উদযাপন কৰিছিল৷তেতিয়াই ভবা হৈছিল অসমৰ এজন জনপ্ৰিয় শিল্পীক অনতিপলমে কাটাৰলৈ আমন্ত্ৰণ কৰাৰ কথা৷ সেই পৰিকল্পনা অনুসৰি যুৱ প্ৰজন্মৰ হৃদয়ৰ মণি দীক্ষুয়ে কাটাৰৰ অসম সমাজৰ আমন্ত্ৰণক্ৰমে কাটাৰলৈ আহিল৷ ১২জুনৰ সন্ধিয়াৰ ব'হাগী অনুষ্ঠানত দীক্ষুয়ে ভাগ লৈ দৰ্শকক আক্ষৰিক অৰ্থত নাচিবলৈ বাধ্য কৰিলে৷ৰাজধানী চহৰ ডোহাৰ আন এটা কোণত অৱস্থিত উদ্যোগ নগৰী মিচেইডৰ কাটাৰ ফাৰ্টিলাইজাৰ বিনোদন গৃহ 'অল বানুচ ক্লাব'ত সন্ধিয়া ৪বজাৰ পৰা দূৰ দূৰণিৰ পৰা অসমীয়া লোকসকল তেওঁলোকৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে একত্ৰিত হব আৰম্ভ কৰিলে৷ অসম সমাজৰ জেষ্ঠ সদস্য বিজন চৌধুৰীয়ে সকলো অভ্যাগতক আদৰণি সম্ভাষণ জনোৱাৰ লগে লগে ঠিক চাৰে চাৰিটাৰ পৰা 'নাহৰ ফুলে নোশুৱায়' সমবেত সংগীত পৰিবেশন কৰা হয়৷ গীতাশ্ৰী কলিতাৰ বৰগীত,কণ কণ মইনাহঁতৰ লোকনৃত্য, প্ৰিয়ংকা মহন্ত, চুমি দেউৰী, ৰাজু উপ্ৰেতি আৰু নৱজ্যোতিৰ আধুনিক গীতৰ পিছত কাটাৰৰ যুৱা শিল্পী দলে প্ৰদৰ্শন কৰে এটি বিহু হুচৰি য'ত দীক্ষুৰ শিল্পী পৰিবাৰ বিজয়েতায়ো স্বত:স্ফুটভাবে অংশগ্ৰহণ কৰি দৰ্শকৰ প্ৰসংশা আৰু ধন্যবাদ বুটলিবলৈ সমৰ্থ হয়৷ ইয়াৰ পিছত আন আনবাৰৰ দৰেই আবু ধাবিৰ পৰা অহা পূজা গোস্বামীয়ে কেইবাটিও বিহুসুৰীয়া গীত,আধুনিক অসমীয়া গীত আৰু হিন্দী বোলছবিৰ গীতেৰে দৰ্শকক আপ্লুত কৰি তোলে৷ ইয়াৰ পিছত ডা০ ভূপেন শইকীয়াই দীক্ষুক ফুলাম গামোছাৰে আদৰণি জনাই মঞ্চলৈ আমন্ত্ৰিত কৰে৷ কাটাৰ অসম সমাজৰ জেষ্ঠ সদস্য ডা০ প্ৰেমানন্দ গোস্বামী আৰু ৰজত গগৈয়ে শিল্পী দম্পত্তিক স্মৰণিকা, অসম সমাজৰ ম’মেণ্ট আৰু আন আন উপহাৰ প্ৰদান কৰে৷ 

দীক্ষুৱে আৰম্ভ কৰে ‘বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক’ব’ গীতেৰে ৷ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গানসমুহত কণ্ঠ নিগৰাই যায়৷ বিহু, আৰু কেইটিমান হিন্দী গীতো সাৱলীলভাবে পৰিৱেশণ কৰে। ব'হাগী সন্ধিয়াত কণকণ মইনাহহঁতৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়৷ লগতে জ্যেষ্ঠ সকলৰ মাজত বাচনি কৰা হয় যোগ্যতাৰ ভিত্তিত শ্ৰেষ্ঠ পুৰুষ আৰু মহিলাৰ সাঁজপা পৰিধান কৰোতা । মিনাক্ষী ভাগৱতী নিৰ্বাচিত হয় শ্ৰেষ্ঠা মহিলা আৰু যেচু দাস নিৰ্বাচিত হয় শ্ৰেষ্ঠ পুৰুষ হিচাবে৷ গোটেই সংগীতানুষ্ঠানত ডোহা মিউজিক বেণ্ডৰ নিয়মীয়া শিল্পী ৰাজু দাস, ৰাজীৱ ভাগৱতী,দেবানন্দ নৰহ, বিশ্বজিত ডেকাৰ ওপৰিও কৃষ্ণ গগৈৰ পেঁপা, ঢোল বাদনত পুলক মেধি আৰু প্ৰাঞ্জল দেউৰীয়ে দৰ্শকৰ বিশেষ সমাদৰ লভিবলৈ সমৰ্থ হয়৷ অনুষ্ঠানটো নিয়াৰিকৈ পৰিচালনা কৰে অসম সমাজৰ নিয়মীয়া এংকৰ জাফৰিন হাচানে৷ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় কৌস্তুভ শইকীয়াই৷ নিশাৰ দহটা বজাত বিভিন্ন আমিষ-নিৰামিষ বিবিধ সুস্বাদু ব্যঞ্জনেৰে নিশাৰ আহাৰ সকলোৱে একত্ৰিতভাবে গ্ৰহণ কৰি অলেখ মধুৰ স্মৃতি কঢ়িয়াই সকলোৱে ঘৰমুৱা হয়৷

প্ৰবাসত স্বজাতি আৰু স্বদেশৰ অন্তৰৰ টান অনুভৱ কৰিবলৈ সময়ে সময়ে এনে অনুষ্ঠানৰ একান্তই আৱশ্যক৷

No comments:

Post a Comment