আজিৰ ভাল খবৰবোৰ
১) আজি ঘোষিত হৈছে ইং. ২০১৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।মাৰ্কশ্বীটসহ ফলাফল চাব পাৰিব http://sebaassam2015.com যোগে।
২) ৰাজস্থানৰ পিপলানত্ৰি নামৰ গাওঁখনত এজন গাওঁবুঢ়াই দেখুৱাই যোৱা আদৰ্শৰে ২০০৬ চনৰে পৰা চলি আহিছে এটি প্ৰেৰণাময় প্ৰথা। গাওঁখনৰ যিকোনো মানুহৰে ঘৰত কণ্যা সন্তান জন্ম হ'লেই সকলো গাওঁবাসীয়ে মিলি মুঠ ১১১ জোপা গছপুলি ৰোপন কৰে । এইদৰে ৰোপন কৰা গছৰ সংখ্যাই বৰ্তমানে আঢ়ৈ মিলিয়নৰো অধিক অতিক্ৰম কৰিছে । পৰিৱেশ সজাগতা আৰু নাৰী-সৱলীকৰণৰ ক্ষেত্ৰত এই গাৱঁৰ আদৰ্শ সকলোৰে বাবে অনুকৰণীয় বুলি বিবেচিত হৈছে ।
৩) অভয়াপুৰীৰ ২৯ বছৰীয়া মুস্তাফিজুৰ ৰহমানক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিন্নেচটা বিশ্ববিদ্যালয়ে গৱেষণাৰ 'উৎকৃষ্ট সাফল্য'ৰ বাবে ২০১৫ -১৬ বৰ্ষৰ 'ডক্টৰেল ডিটাৰটেশ্বন ফেল'ছীপ' প্ৰদান কৰিছে । চিলচৰ এন.আই.টিৰ ইলেক্ট্ৰনিকছ এণ্ড টেলিকমিউনিকেছনৰ ইঞ্জিনীয়াৰিঙ স্নাতক এইজন অসমীয়া যুৱকে 'কম খৰছৰে গঢ়িব পৰা চিমোচ ৰেডিঅ' আই.চি. ডিজাইন'ৰ ওপৰত গৱেষণা কৰিছিল । ৰহমানৰ সাফল্যই সদৌ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
৪) ভাৰতীয় কৃষি গৱেষণা পৰিষদে নতুন দিল্লীত আয়োজিত কৰা এক অনুষ্ঠানত ২০১৩ বৰ্ষৰ বাবে উত্তৰ-পূব ভাৰত মণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপে । উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইত থকা মুঠ ৭৬ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰত শ্ৰেষ্ঠতাৰ সন্মান লাভ কৰা এইটোৱেই হৈছে অসমৰ প্ৰথমটো কৃষি-বিজ্ঞান কেন্দ্ৰ ।
৫) অৱশেষত কামৰূপ জিলাৰ প্ৰশাসনে ফেয়াৰ-মিটাৰ ব্যৱহাৰ নকৰা বা নলগোৱা অটোৰিক্সা সমূহৰ বিপক্ষে কিছু পদক্ষেপ গ্ৰহণ কৰিছে । কালি মহানগৰৰ ৰেলৱে ষ্টেছন
আৰু চানমাৰীৰৰ ওচৰত অভিযান চলাই ১৫ খন মিটাৰ নথকা অটোৰিক্সা আৰু ২৫খন মিটাৰ
থাকিও ব্যৱহাৰ নকৰা অটোক জব্দ কৰে । পৰিৱহন বিভাগে মুকলি কৰা এটি
হেল্পলাইন নম্বৰ ৮৪০২০-১০৩৩৩ ত ফোন কৰি অটোৰিক্সা সন্দৰ্ভত যিকোনো অভিযোগ
দাখিল কৰিব পাৰি বুলি শীৰ্ষ-পদস্থ বিষয়াসকলে জানিবলৈ দিছে । প্ৰশাসনৰ এনে
পদক্ষেপক সজাগ নাগৰিকসকলে আদৰণি জনাইছে ।
৬) অসম সাহিত্য সভাই লুম্বেৰ দাই ৭৬তম জন্মদিৱস উদযাপন আৰু লুম্বেৰ দাই সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অৰুণাচল প্ৰদেশৰ পাছিঘাটত অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানতে সাহিত্যিক দিলীপ বৰাক তেখেতৰ 'সধয়াপুৰৰ সোণৰ মেকুৰী' শীৰ্ষক গ্ৰন্থখনিৰ বাবে লুম্বেৰ দাই সাহিত্য বঁটা আগবঢ়োৱা হয় ।
৭) বিশ্বনাথ চাৰিআলিৰ অন্তৰীপ কুমাৰ শৰ্মা নামৰ ছাত্ৰজনে যোৱাবছৰ ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহৈ পুনৰীক্ষণৰ বাবে আৱেদন কৰাত তেওঁ এতিয়া সেইবছৰৰ প্ৰথম দহোটা স্থানৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছে বুলি জ্ঞাত হৈছে ।
৮) বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত শেহতীয়া ভাৱে হোৱা এক আলোচনাত শিশু সুৰক্ষা আৰু অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা প্ৰখ্যাত স্বেচ্ছাসেৱী অনুষ্ঠান 'চ্ছাইল্ড লাইন'য়ে জনসাধাৰণক শিশু সুৰক্ষাৰ প্ৰতি অধিক গুৰুত্বশীল হ'বলৈ আহ্বান জনায় । এই সন্দৰ্ভত সংস্থাটোৱে তেওঁলোকৰ টলফ্ৰী হেল্পলাইন নম্বৰ ১০৯৮ ব্যৱহাৰ কৰিবলৈ নাগৰিকক পৰামৰ্শ আগবঢ়ায় ।
৯) যিসময়ত ডাইনী সন্দেহত নাৰী-নিৰ্যাতন দিনক দিনে আমাৰ ৰাজ্যত বাঢ়িবলৈ ধৰিছে, সেই সময়তে চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ এক ৰায়দানে সচেতন মহলৰ সমৰ্থন আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । এই ৰায়দানত কালি ৭জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আৰু তিনি হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছে ।
১০) ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ যোৱা ২৮ মাৰ্চত হৈ যায় । বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমাৰোহত বিজ্ঞান বিষয়ক বক্তৃতা প্ৰদান আৰু বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা পতা হয় ।
No comments:
Post a Comment