মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্ব পৰিৱেশ দিৱস আৰু 
কিছু কৰণীয় কাম
লীলাকান্ত পায়েং 

বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে প্রতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিবেশৰ প্রতি সজাগ কৰি তোলা যাতে সকলো মানুহে পৰিবেশ সংৰক্ষন কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

আপুনি জাননে বাৰু, পৰিৱেশৰ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে । বিশ্বৰ ১০৮ কোটি নিযুত মানুহৰ বায়ু প্রদূষনৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিঙ্কাৰ পানী খাবলৈ নোপোৱাৰ ফলত মৃত্যুবৰণ কৰে। কিন্ত আমি আৰু আজিৰ সমাজ পৰিৱেশকলৈ কিমান সচেতন। প্ৰশ্ন হয়, গোটেই বিশ্বত কেৱল ৫ জুন তাৰিখেহে মনত জাগে নেকি পৰিৱেশৰ প্রতি প্রেম?

বিশ্ব পৰিৱেশ দিৱস হিচাবে প্রতি বছৰে বিশ্ব আন্তঃৰাষ্ট্রীয় সংগঠনে একোটা  মূল বিষয় বা প্রসঙ্গ ৰাখে। এই প্রসঙ্গৰ ওপৰত ভিত্তি কৰিয়েই বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়। বিশ্ব পৰিৱেশ দিৱস সংহতি ৰাখি ২০১৩ বর্ষৰ মূল শ্লোগান আছিল “ ভাবক, খাওক আৰু বচাওক”। তাৰ অৰ্থ, পোন প্রথমে ভাবক বর্তমান আমি কি কৰি আছো আৰু কিদৰে প্রকৃতিক অনিষ্ট কৰি আছো । তাৰ বাবে সকলো মানুহ সমানেই দায়ী। সময় আহিল ভাবিবৰ, কিদৰে পৰিবেশ সংৰক্ষণ কৰি ৰাখো। দ্বিতীয়তে নিয়মিত আৰু সীমিত ভাবে খাওক। বাঢ়ি অহা কার্বন-ডাই-অঙ্কাইড গেছৰ পৰিমান কমাই আনা আৰু পৰিবেশ দূষিত নকৰা সামগ্রী ব্যৱহাৰ কৰাত গুৰুত্ব দিয়ক। ইয়াৰ লগতে নিজৰ ঠাইত উৎপাদন কৰা বস্তু ব্যৱহাৰ কৰা, যাতে নিজৰ কৃষকসকল আর্থিক ভাবে লাভবান হয়।

তৃতীয়তে পৰিৱেশ বচাই ৰখাটো আমাৰ সকলোৰ দায়িত্ব। অলপ হলেও সঞ্চিত ৰখাটো আমাৰ বহু প্রয়োজনীয়। আমি দিনে বহু খাদ্য অযথা নষ্ট কৰি পেলাই দিও, তাৰ বিপৰীতে আমাৰ দেশত খাবলৈ নেপাই হাজাৰ হাজাৰ মানুহে মৃত্যু বৰণ কৰে। এইবোৰেই বাস্তৱ। গতিকে বচাই ৰাখি খোৱাটো আমাৰ অতি প্রয়োজনীয় কথা।

আপুনি, মই, সকলোৱে অলপ অলপ কৰিও পৰিৱেশ বচাই ৰাখিব পাৰে ।মাথো লাগে অলপ চেষ্টা আৰু সচেতনতা। পোন প্রথমে প্রশ্ন আহে আচলতে আপুনিনো পৰিবেশক লৈ কিমান খিনি সচেতন? আজিৰ যান্ত্রিক যুগত পইচাৰ পিছত দৌৰি থাকোতে জানো পৰিৱেশ বিষয়ক চিন্তা-চর্চা কৰিবলৈ সময় আছে । কিন্ত বছৰটো ঘৰৰ ভিতৰত থাকিও আপুনি পৰিৱেশ তন্ত্রৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰে।  এক সীমিত পৰিমাণ খাই খাদ্য শৃংখল ধৰি ৰাখিব পাৰে। ঘৰৰ পিছফালে ,ঘৰৰ চাঁদৰ ওপৰত আৰু আগফালে খালী হৈ থকা মাটীখিনিত আপুনি সৰু-সৰা বাগিচা বনাব পাৰে। এই বাগিচাত আপুনি ফুলৰপৰা আদি কৰি ফল-মূল, মছলা জাতীয় গছ লগাব পাৰে। এই বাগিচাই পৰিবেশ সুস্থিৰ কৰাৰ লগতে  নিৰাপদ খাদ্যও আপোনাক প্রদান কৰিব।

দৈনিক আমি বজাৰৰপৰা শাক-পাচলি কিনি আনো আৰু তাৰ পৰা খাদ্য বনাও। খাদ্য বনাওতে অযথা আমি বহু নষ্ট কৰো বা অলাগতিয়াল অংশখিনি ঘৰৰ নল-নর্দমাত পেলাই দিও। কিন্ত আমি তাকে নকৰি পেলনীয় বস্তুখিনি গোটাই এটা পাত্রত জমা কৰি ৰাখিব পাৰে। এটা সময়ত পচিব আরু এইখিনি উওম সাৰ হিচাবে বাগিচাত ব্যৱহাৰ কৰিব পাৰে। এইখিনি কৰিলে পৰিবেশ দূষিত কৰাৰপৰা বিৰত ৰাখিও, খাদ্য বস্তুকো পৰিবেশৰ অনুকূলে, স্বাস্থ্যৰ অনুকূলে জৈৱিক কৰি তুলিব পাৰে। নিতৌ বজাৰ কৰিবলৈ যাওতে পৰাপক্ষত মোনা লৈ যাওক, যাতে প্লাষ্টিক জাতীয় বস্তুৰ ব্যৱহাৰ কমাই দিব পাৰো। যিহেতু এই প্লাষ্টিক জাতীয় সামগ্রী বোৰ মাটীৰ লগত পচি নেযায়। গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ কৰাৰপৰা বিৰত থাকক।

আপোনাৰ বাৰু আহিবলগীয়া প্রজন্মৰ বাবে অলপ কিছু কিবা এটা হ'লেও কৰিবলৈ মন যায়নে? এক সমীক্ষা মতে ২০৫০ চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আৰু পানীৰ বাবে হাহাকাৰ অবস্থাৰ সৃষ্টি হব। অসমৰ প্রায়ভাগ সকলোৰ ঘৰতে পানী জদে-মধে ব্যৱহাৰ কৰি অযথা নষ্ট কৰে। কিন্ত তাকে নকৰি এতিয়াৰপৰা আমি নিয়মিত আৰু সীমিতভাবে ব্যৱহাৰ কৰি দূৰ ভৱিষ্যতে আহিবলগীয়া বিপদৰপৰা বচাই ৰাখিব পাৰো।

অকল মিটিং এখন পাতিয়েই যে পৰিৱেশ সজাগতা আনিব পাৰে ঠিক তেনেকুৱা কথা সঁচা নহয়। দেওবাৰৰ দিনটো নহলে আবেলিৰ চাহ একাপৰ সৈতে যদি আপোনাৰ গপচপ মৰাৰ অভ্যাস আছে, তেন্তে আপুনি তাতো পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য সজাগতা আদি বিষয়ক লৈ আলাপ-আলোচনা কৰিব পাৰে। আজিৰ যুগত আটাইতকৈ উত্তম উপায় হৈছে ছ'চিয়েল নেটৱর্কবোৰ যি এতিয়া প্রতিজন মানুহৰ প্রিয়। আপুনি যি কোনো পৰিৱেশৰ লগত সংগতি থকা বিষয়, চিন্তা তাত শ্বেয়াৰ কৰিব পাৰে, যাৰ দ্বাৰা আপোনাৰ বন্ধু –বান্ধবীৰ মনতোসজাগতা সৃষ্টি কৰিব পাৰে। আপুনি ৰোৱা গছবোৰ, পাচলিবোৰ, ফুলবোৰ ফটো ফেচবুক দেখিও বহুতে নকৈ নিজা এখন ফুলনিৰ কথা চিন্তা কৰিব পাৰে। সৰু পাচলি বাগানৰ কথা ভাবিব পাৰে। বহুতে ভাবিব ইমান সৰু-সৰা কাম। কিন্তু প্ৰতিজন মানুহেই লোৱা এনেকুৱা সৰু-সুৰা পদক্ষেপেই আমাৰ পৃথিৱীখনৰ পৰিৱেশ সংৰক্ষণ কৰাত আনিব পাৰে, এক বিশাল পৰিবৰ্তন।
লেখক উত্তৰ লখিমপুৰ নিবাসী আৰু মীন মহাবিদ্যালয়ৰ পৰা স্নাতক। ফোনঃ ৮০১১৭৭৮০৩৮ 

No comments:

Post a Comment