আমাৰ কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া কনপোনা, কেঁচা সোণৰ লেখিয়া। সঁচাই বিহুগীত গাই ধেমালি কৰা নাই দেই, এতিয়া জেঠ! পইচা পালো বুলিয়েই জেঠ মহীয়া পুৱতি নিশালৈকে বিহুগীত জুৰিবলৈ আমি অসমৰ প্ৰতিষ্ঠিত শিল্পী নহয় দিয়কচোন! আমি সেই কম্পিউটাৰত বিনামূলীয়াকৈ কী-বৰ্ডত আঙুলি বোলোৱা স্বয়ম্ভু লেখকহে! তাকো সেই বিতচকু লগোৱা, নাজানো বিতচকু যোৰৰহে গোলমাল হব পায়। সবৰে দেখুন গোলমলীয়া কথাবোৰ, খেলেং মেলেং গাঁথাবোৰহে দেখো, সেইবোৰকে লেখো!
হয়, আপোনালোকে অনুমান কৰা মতেই সেই গগৈ চাৰৰ কনপোনাৰ কথাই লেখিবলৈ লৈছো। সিদিনা চেনেলৰ মানুহৰ কেমেৰা দেখি কনপোনাৰ কি জোশ দেখিলেই নহয়! বোলে পাপ্পা কচম, অসমত বাংলাদেশী নাইয়েই! আমাৰ পাপ্পাই কৈয়ে আছিল ইমান দিনে। এতিয়াটো বাঘৰ আগতেল খোৱা খেতিবাতি গগৈ খুড়ায়ো চাৰ্টিফিকেট দিছে।
পাপ্পা কচম, এইজনা গগৈয়ে যে সেইজনা গগৈৰ কথাত সমৰ্থন কৰি দিব মই পিছে সপোনটো ভবা নাছিলো। আমাৰ জ্যোতিষীয়েও কেতিয়াও কোৱা নাছিল। পিছে জানে আমাৰ বগী আইদেৱে কিবা এটা তত ধৰিব পাৰিছিল। অনুমান কৰিব পাৰিছিল, বোলে ন শূণ্যই নব্বৈ, বতৰ ভাল হ’লে গগৈয়ে গগৈৰ এদিন হলেও লগ দিবই! তাতে আমাৰ আইদেউ আন্তৰ্জাতিক বোৱাৰীটো, সেয়ে আন্তৰ্জাতিক বিষয়বোৰত অনুমান সঠিক লগাব পাৰেই! পাপ্পাইতো কৈয়েই আছে বোলে নতুন অসমীয়া বিদেশী কল্যাণ উন্নয়ন পৰিষদ এখন খুলি এওঁক সেইখন দোকান চলাবলৈ দিয়াই যাওক! মায়ে খেঙাখেঙাই উঠাত হে পাপ্পাৰ জোশ জামৰি গ'ল বুলিহে! বিশ্বাস কৰা নাই, পাপ্পা কচম, মিছা ক’লে কি ডাল হবহে!
কনপোনাৰ কথা শুনি গুঞ্জন দাইটিৰ বৰঘৰতো বোলে কথা চলিছে। কথা বুলিলেই বতাহ দিয়কচোন, সুৰত সুৰ মিলাইয়েই গুঞ্জন দাইটি চলি আছে। পাতিলেই নহয় মেল, মাতিলেই নহয় চেনেল! বোলে কনপোনাই যি কৈছে সেয়া শতকৰা দুশ শতাংশ শুদ্ধ। কনপোনাৰ পাছত পাৰ্টি আছে! পাৰ্টি মানে পূৰা দালালৰ পাৰ্টি! বুজাই নকলেও হব দিয়কচোন।
এজন সাংবাদিকে বোলে গুঞ্জন দাইটিক খোঁচা মাৰিবলৈকে সুধিলে, বোলে হেৰি নহয়, এই কেইদিন যে চৰকাৰে পেপাৰত পূৰা পেজ ভৰাই ভৰাই বিজ্ঞাপন দিছে, চিনাক্ত হোৱা বাংলাদেশী হেৰোৱাৰ তালিকা! সেই চব বা কি দাইটি! দাইটিয়ে বোলে নাকটো মোহাৰি, বুদ্ধি উলিয়ালেই নহয়। বোলে সেইবোৰ গ’ল নহয়, হেৰোৱাবোৰ কিছুমান উভতি গ’ল, নোযোৱাবোৰ ভাৰতীয় হ’ল। মানে দাইটি, মানে বিদেশৰ পৰা আহিনো অসমৰ নিচিনা লাইট নাইকীয়া, বানে খোৱা ঠাইত থাকিব নে! ইফালে লুঙী পিন্ধি যাব নোৱাৰি চৰ-ঠাপৰ দিয়ে। গালি পাৰে, ধুৰ বাংলাদেশীও নাথাকে ঐ ইয়াত। কোন দিনা বন্ধ, কোন দিনা সংঘৰ্ষ, কোন দিনা বোলে পৰেশ, কোনদিনা সংবিজিতে বজাই থৈ যাব ঠিকনা নাই! ইয়াত থাকিবলৈ কোনে সাহস কৰিব। সেয়ে যিবোৰ আহিছিল, কিছুমান উভতি গ’ল, কিছুমান দিল্লী, বোম্বে, কলকতালৈ গ’ল, পক্কা ভাৰতীয় হ'ল! তাততো বিদেশী খেদাৰ আন্দোলন নাই, পঁজাত জুই দিয়াৰ ভয় নাই, এন.আৰ.চিৰ খেল নাই, আহিছে মানুহ, গৈছে মানুহ, হিচাব নাই! কাম কৰো, খাৱো পিয়ো মস্তি কৰোহে! অসমৰ দৰে জাতি-জাতীয়তাবাদী, কাৰ্যসূচী- কালেকচন, ডনেচনতে খালী এটেশ্যন, সংগঠন বুলি আকৌ পুলিচেও নধৰাৰ প্ৰটেকচন নাই নহয়!
অসমৰ দৰে ভয়ংকৰ ঠাইত কোন থাকিবহে! সেয়ে কনপোনা ইজ ৰাইট, মানে দুশ শতাংশ! তেওঁ কি কৈছিল শুনা নাই পাপ্পা কচম! কম ডাঙৰ কথাষাৰ কৈছেনে! দেখিছা বিদেশত পঢ়া শুনা কৰা ল’ৰা হলেও কিমান সংস্কাৰী! ৱাহ ৱাহ, পাপ্পা কচম!
তথাপিও দাইটি, অসমত দেখোন সবতে বাংলাদেশী ধৰিয়ে থাকে। এজনে সুধিলে। শুনিয়েই গুঞ্জন দাইটিৰ খঙ উঠিবলৈ ধৰিছে, তেওঁ এনেয়েও চৰ্ট চাৰ্কিট মানুহ, বোলে প্ৰশ্ন সোধাজন কোন ঔ! থিয় হোৱাচোন। আছেনে তোমাৰ ৰেচন কাৰ্ড, পেন কাৰ্ড, ছাগলী বেছাৰ ৰছিদ! নাও কিনাৰ ৰছিদ আছে, খাগৰি কটাৰ ৰছিদ আছে! নাই নহয়! হেৰা নাই যদি তুমিহে বাংলাদেশী! কি নাম?
সাংবাদিকজনে চুচুক চামাককৈ কৈছে বোলে মই সৰুজন ভট্ট! অ’ ডাঙৰজন ভট্টৰ ভায়েক চাগৈ তুমি, নিজে বাংলাদেশী হিন্দু পৰিয়ালৰ হৈ প্ৰব্ৰজন কৰি আহি এতিয়া অসমীয়া জাতিৰ মুখ্য উপদেষ্টা হোৱাজনৰ! তোমালোকে যদি গাৰ্জেনেই হব পাৰা, বাকী সকল বেলেগ ধৰ্মৰ বাবে সাধাৰণ নাগৰিক হব নোৱাৰিব নে? সেয়ে আমি কও, আমি সকলো ধৰ্মকে সমান সমান দৃষ্টিৰে চোৱা পাৰ্টি দেই, গেৰুৱা বসন পিন্ধাবোৰ নহয়! সেয়ে কও অসমত বাংলা ভাষীহে আছে, বাংলাদেশী নাইয়েই! আৰু একোৱেই যুক্তি-তৰ্ক নুশুনো, আমাৰ কনপোনাৰ কথাই ফুল-এণ্ড ফাইনেল, মনত ৰাখিব, পাপ্পা কচম! সুৰত সুৰ মিলাবলৈ নিদি মোৰো পাখি কাটিব খুজিছা নেকিহে, গুঞ্জন দাইটিয়ে মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল!
হয়তো দাইটি, মিছা ক’লে কি ডাল হবহে!

No comments:
Post a Comment