যোৱা ২২ মে, ২০১৫ তাৰিখে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্ত চাৰৰ “অ-ছাত্ৰ ’ছাত্ৰ নেতা’ৰ ৰাজনীতি কিমান দিন চলিব?” শীৰ্ষক লিখনিটো পঢ়ি দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলো | সচাঁকৈয়ে অসম মূলুকত যেন আজিৰ দিনত ছাত্ৰ ৰাজনীতিয়ে যেন এক লাভজনক ব্যৱসায়লৈহে পৰিণত হোৱাৰহে উপক্ৰম হৈছে। দুই এক ছাত্ৰ সংগঠনৰ কিছু কিছু সমাজ সংস্কাৰমূলক কাম-কাজক বাদ দি গৰিষ্ঠসংখ্যক ছাত্ৰ সংগঠনে যেন অকল মাত্ৰ ৰাজনৈতিক প্ৰচাৰৰ বাবেহে মেডিয়াৰ সন্মূখত দেখা দি অহাতো পৰিলক্ষিত হয়। আনহাতে আজি অসমত আন্দোলনমূখী প্ৰৱণতাই এনে ৰূপ পাইছে যে এতিয়া যেন অসমীয়াৰ চিনাকিয়েই হৈছে আন্দোলন আৰু বন্ধ সংস্কৃতি । অৱশ্যে যে ন্যায্য প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিব লাগিব তাত কাৰো কোনো দ্বিমত নাই। কিন্ত্ত নিজৰ গণতান্ত্ৰিক অধিকাৰ কৰিবলৈ যাওঁতে আন নাগৰিক সকলৰ যে গণতান্ত্ৰিক অধিকাৰ খৰ্ব হ্য়, সেই কথা আমাৰ আন্দোলনকাৰী সকলে ভাবি চায়নে বাৰু! বন্ধৰ আহ্বান দিয়াৰ সময়ত যাত্ৰীবাহী বাহনত আক্ৰমণ, অনু্ষ্ঠান-প্ৰতিষ্ঠান আদিৰ ওপৰত আক্ৰমণৰ দ্বাৰা এখন দেশৰ নাগৰিকৰ অধিকাৰৰ ওপৰত আক্ৰমণ কৰা নুবুজাইনে ?
অন্যহাতে দেখা যায় এনেবোৰ কাৰ্য্যকালাপ সংঘটিত কৰাসকল কিন্ত্ত বেছিভাগেই বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা-কৰ্মী বুলি অভিযোগ আহে | অন্যহাতে ছাত্ৰ সংগঠনৰ নাম লৈ নিজৰ জাতিৰ ভৱিষ্যতৰ বাবে আগবঢ়া সেইবোৰ দল-সংগঠনে বাৰু অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ কি প্ৰচেষ্টা গ্ৰহণ কৰিছে ? আজি সৰ্বভাৰতীয় সূচাংকৰ তুলনাত অসমৰ ছাত্ৰৰ অগ্ৰগতি বৰ এটি আশাব্যঞ্জক নহয়। সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ খুবেই হতাশজনক। তেনে ক্ষেত্ৰত ছাত্ৰৰ নামধাৰী এনেবোৰ ছাত্ৰ সংগঠনে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনেৰে প্ৰতিযোগিতামুলক পৰীক্ষাত অৱত্তীৰ্ণ হৈ সাফল্য লাভ কৰিব পৰাকৈ যোগ্যবান কৰি তোলা আৰু বিভিন্ন সমাজ সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহনেৰে ছাত্ৰ-ছাত্ৰীৰ মনত সমাজ সচেতনতা বৃদ্ধিৰে তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে দেশৰ দায়িত্ত্বশীল নাগৰিক হিচাবে গঢ়ি তোলাতহে গুৰুত্ত্ব দিয়া উচিত ।
ছাত্ৰনাং অধ্যায়নং তপঃ। ছাত্ৰ বুলি ক’লে মনলৈ আহে জাতি-ভেদ প্ৰথাৰ উৰ্ধত, সমাজৰ অপায়-অমংগল অৰাজকতাৰ বিপৰীতে এখন নিষ্পাপ মুখেৰে জ্ঞানৰ সফুঁৰা বিচাৰি ফুৰা এজনৰ ছবিহে আহে। কিন্তু ছাত্ৰ সংগঠনৰ নাম লৈ ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আগবঢ়া সকলক দেখিলেই আচৰিত হওঁ যে সেইসকল ছাত্ৰনেতাৰ স্কুল-কলেজৰ সৈতে সম্পৰ্ক এৰা বহুদিনেই হ’ল আৰু শিক্ষানুষ্ঠানৰ সৈতেও কোনো সম্পৰ্ক নাই। বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ নামত জংগী ৰূপ লোৱা এনেবোৰ ছাত্ৰ সংগঠনৰ কাৰ্যকালাপে ছাত্ৰ শব্দৰ সুনাম নষ্ট কৰে। কাৰণ যি সময়ত ছাত্ৰ-ছাত্ৰীয়ে আজি পৰীক্ষাৰ সময়ত মূৰ তুলিবলৈ সময় নাথাকে, তেনে সময়ত ছাত্ৰ ই ৰাজপথত ধৰ্ণা দিয়া খবৰ শুনিলে আচহুৱা অনুভৱ হয় ।
অন্যহাতে শিক্ষানুষ্ঠান সমূহ হৈছে ভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ মিলনৰ ক্ষেত্ৰ, য’ত জাত-পাতৰ গোঢ়ামী নাথাকে । কিন্তু আজিৰ শিক্ষানুষ্ঠান সমূহত দেখা গৈছে যে বহুতেই এতিয়া নিজৰ জাতি-উপজাতিৰ নাম লৈ পৃথকে পৃথকে ছাত্ৰ সংগঠন গঢ়ি তোলাৰ ফলস্বৰূপে বিভেদৰ বিষবৃক্ষ শিক্ষানুষ্ঠানসমূহতো লাহে লাহে শিপাবলৈ লৈছে আৰু এই কথাই আমাৰ সমাজ জীৱনলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। নিজৰ জাতিৰ প্ৰাপ্যৰ হকে কোনোবাই সংগ্ৰাম কৰিছে তাত আমাৰ কবলগীয়া একো নাই কিন্ত্ত নিজৰ জাতিৰ স্বাভিমানৰ হকে এনেবোৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সময়ত ছাত্ৰ শব্দৰ ব্যবহাৰ অসহনীয়।
আনহাতে বিভিন্ন ৰাজনৈতিক দলসমূহেও পৃথকে পৃথকে ছাত্ৰ সংগঠনৰ সৃষ্টি কৰাৰ হেতুকে এনেবোৰ কথাই ফুলকুমলীয়া বয়্সতে ছাত্ৰ-ছাত্ৰীৰ মাজত বৈষম্য সৃষ্টিতহে উদগনি যোগাব যেন ভাব হয়। আনহাতে ছাত্ৰ সংগঠনৰ নাম লৈ আজি অসমৰ ৰাস্তাই-ঘাটে, গাঁৱে-ভুঁইয়ে গঢ় লৈ উঠা চান্দা সংস্কৃতিয়ে যেন আমাৰ অসমৰ যুৱ সমাজক কষ্টোপৰ্জিত ধনৰ পৰিবৰ্তে সহজলভ্য ধনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ হেতুকে আমাৰ অসমীয়াৰ মাজত কৰ্মসংস্কৃতি হ্ৰাস পোৱাত পৰোক্ষভাৱে হ’লেও ইন্ধন যোগাইছে। সহজলভ্য ধনৰ লোভেই আজি আমাৰ সমাজলৈ এক ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে। এনেবোৰ ছাত্ৰ সংগঠনে যদি কোনো অনুষ্ঠান আয়োজন কৰাৰ নামত ধন আৰ্জনৰ বাবে চান্দা সংস্কৃতিৰ উপৰত নিৰ্ভৰশীল নহৈ ৰাজহুৱা অনুষ্ঠান আয়োজন কৰাৰ নামত শ্ৰমদানৰ কাৰ্য্যসূচী গ্ৰহণেৰে অৰ্থ উপাৰ্জনৰ পথ গ্ৰহণ কৰিলে সেইয়া যেন এক ইতিবাচক বাৰ্তা ৰূপে সমাজলৈ প্ৰেৰিত হ’লহেতেন।
সেয়েহে আমি ভাবো যে এনেদৰে ছাত্ৰৰ নাম লৈ ৰাজনীতি কৰা সকলে যেন নিজৰ সংগঠনৰ নামৰ পৰা ছাত্ৰ শব্দটো আঁতৰাই ৰাখে। কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ শব্দটোৰ পবিত্ৰতা বহুগুণে বিনষ্ট কৰা হয়। এই কথা সকলোৱে এবাৰ ভাবি চাবৰ হ’ল। অন্যথা অদূৰ ভবিষ্যতে আমি এক বুজন সংখ্যক মানৱ সম্পদ তথা দেশৰ যে এক কৰ্মশক্তিক যে অপচয় কৰিব লাগিব সেইয়া অপ্ৰিয় যদিও সত্য সেই কথা স্বীকাৰ কৰিব লাগিব |

No comments:
Post a Comment