জীৱনৰ অৰ্থনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ব্যক্তিগত বিত্ত আৰু মহিলা
ভাস্কৰ জ্যোতি বৰুৱা

"ডি এছ পি ব্লেক-ৰ’ক"ৰ বাবে নেইলচন নামৰ সংস্থাই চলোৱা এক সমীক্ষা অনুসৰি ৭৭ শতাংশ ভাৰতীয় কৰ্মৰত মহিলাই তেখেতসকলৰ বিনিয়োগ সম্বন্ধীয় সিদ্ধান্তৰ বাবে হয় দেউতাক নতুবা জীৱনসংগীৰ ওচৰত নিৰ্ভৰশীল৷ সমীক্ষাটোত আৰু কোৱা হৈছে যে বাকী ২৩ শতাংশৰ ভিতৰত ১৮ শতাংশই হৈছে অবিবাহিত কৰ্মৰত মহিলা৷ উল্লেখযোগ্য যে গৃহিণীসকলক এই সমীক্ষাত সামৰি লোৱা হোৱা নাই৷ উপাৰ্জনক্ষম মহিলাসকলৰ পৰিসংখ্যা এয়া৷ সঁচা কথা ক’বলৈ গ’লে এই পৰিসংখ্যা দেখি মই সাংঘাতিকভাৱে চক খাই উঠা নাই৷ অনুভৱ কৰা ধাৰণা এটাক যেন পৰিসংখ্যাই সমৰ্থন কৰিলে৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছো বেছি ভাগ মহিলাৰ বিনিয়োগ সম্বন্ধীয় কথা-বাৰ্তাৰ প্ৰতি থকা অনীহা৷ কোনোবাই যদি জটিলতা বুলি বিত্তীয় প্ৰসংগক এৰাই চলিব খোজে, আন কোনোবাই আকৌ বিশ্বাস কৰে যে এইবিলাক বিষয় মহিলাৰ বাবে নহয়৷

বৰ্তমান যুগত মহিলাসকলে বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ যোগ্যতা সন্দেহাতীতভাৱে প্ৰমাণ কৰিছে৷ বিত্তীয় খণ্ডও ইয়াৰ পৰা পৃথক নহয়৷ বেংক, মিউচুৱেল ফাণ্ড, ইন্সিওৰেন্স আদি বিভিন্ন বিত্তীয় ক্ষেত্ৰত মহিলাসকলে পাৰদৰ্শিতাৰে নিজৰ কৰ্তব্য পালন কৰা আমি সকলোৱেই দেখি আহিছো৷ তেন্তে ব্যক্তিগত বিত্তীয় সিদ্ধান্ত গ্ৰহণৰ বেলিকা তেখেতসকলৰ এনে স্থিতি কিয়? সক্ষমতা নিশ্চয় ইয়াৰ অন্তৰায় নহয়৷ মোৰ বোধেৰে সমস্যাটো মানসিক, ইচ্ছাৰ৷ মহিলাগৰাকীয়ে এই মানসিক জপনাখন পাৰ হোৱাটো ঘৰ এখনৰ বিত্তীয় স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন৷ যিহেতু মহিলা এগৰাকী ঘৰখনৰ কেন্দ্ৰবিন্দু, সেয়ে ঘৰখনৰ বিত্তীয় সিদ্ধান্তবোৰত তেখেতৰ সক্রিয় অংশগ্ৰহণে সেই ঘৰখনৰ বিত্তীয় স্বাস্থ্যত যথেষ্টখিনি ধনাত্মক অৰিহণা যোগোৱাটো নিশ্চিত৷ লিংগভিত্তিক সাধাৰণীকৰণেৰে কোৱা যায় যে নাৰীসকলৰ ক্ষতিভয় সহিষ্ণুতা পুৰুষৰ তুলনাত কম৷ আনহাতে নাৰীসকল পুৰুষৰ তুলনাত বেছি দূৰদৰ্শী তথা নিয়মানুৱৰ্তী৷ সেয়ে হয়তো পুৰুষৰ দৰে পলকতে ধনী হোৱা সপোন দেখুৱা অবৈধ বিনিয়োগৰ আচঁনিবোৰত মহিলাই জঁপিয়াই পৰাৰ উদাহৰণ কম৷ আনহাতে দীৰ্ঘম্যাদী বিনিয়োগত সফল হ’বলৈ প্ৰয়োজন হোৱা বিত্তীয় নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত মহিলা বিনিয়োগকাৰীসকল বেছি সচেতন৷

বহু ক্ষেত্ৰত দেখিছো দেউতাক বা জীৱনসংগীয়ে - ‘মই আছো নহয়৷’, ‘মই থাকোতে কিয় চিন্তা কৰিব লাগিছে?’ আদি জাতীয় কথাৰে মহিলাগৰাকীক বিত্তীয় চিন্তা-চৰ্চাত ভাগ নিদিয়ে বা বিত্তীয় সিদ্ধান্ত ল’বলৈ সুযোগ নিদিয়ে৷ ফলত গৃহিণীসকলৰতো কথা বাদেই বহু কৰ্মৰত মহিলাৰ ঘৰখনৰ বিত্তীয় পৰিকল্পনা বা বিনিয়োগত বিশেষ ভূমিকা নাথাকে আৰু তেওঁলোকক যেন পৰনিৰ্ভৰশীল হৈ থাকিবলৈ বাধ্য কৰোৱা হয়৷ মই ক’ব খোজা নাই যে এয়া দমন৷ হয়তোবা মৰমেই৷ কিন্তু কিমান অপকাৰী এনে মৰম আন দুটা তথ্যৰ গইনালৈ চাবলৈ যত্ন কৰো আহক -

(১) বিজ্ঞানে কয় মহিলাসকলৰ আয়ুস পুৰুষৰ তুলনাত বেছি৷

(২) বিয়া-বাৰুৰ ক্ষেত্ৰত সাধাৰণতে পুৰুষজনৰ তুলনাত নাৰীগৰাকীৰ বয়স কম হোৱা দেখা যায়৷

উপৰোক্ত দুয়োটা তথ্যৰ যদি একত্ৰীকৰণ কৰো তেতিয়া দেখিম যে পৰিয়াল একোটাৰ মহিলাগৰাকী পুৰুষজনৰ তুলনাত বেছি দিন জীয়াই থকাৰ সম্ভাৱনা অধিক৷ আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা আদি উন্নত দেশত চলোৱা সমীক্ষা অনুসৰি ঘৰ একোখনত নাৰীগৰাকী পুৰুষজনতকৈ গড়ে ৪ ৰ পৰা ৭ বছৰ বেছি আয়ুস পায়৷ কোনো কোনো ক্ষেত্ৰততো ২০-৩০ বছৰ মহিলাগৰাকী অকলে জীয়াই থাকিবলগা হয়৷ আপোনাৰ চৌপাশলৈ অলপ মন কৰকচোন৷ আমাৰ দেশতো এই সত্যতাৰ উমান পাব৷ এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যি কাৰণতেই নহওক কিয় আপোনাৰ মৰমৰ জী বা পত্নীক টকা-পইচা সম্পৰ্কীয় কথাৰ পৰা আঁতৰত ৰাখিলে আপোনাৰ মৃত্যুৰ পিচত তেখেতক আকৌ আন কাৰোবাৰ ওচৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য কৰোৱা যেন নহ’বনে? অন্যহাতে যিসকল মহিলাই বিত্তীয় বিষয়ক এৰাই চলিব বিচাৰে তেখেতসকলক বিনয়েৰে ক’ব খোজো যে তেখেতসকলে এনেধৰণৰ মানসিক আলস্যতাক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া উচিত নহয়৷ বিত্তীয় বিষয়ৰ সম্বন্ধে এটা স্পষ্ট ধাৰণা আৰু নিজস্ব মতামত থকাটো আপোনাৰ বাবে একান্ত প্ৰয়োজন৷ যাতে এদিন অকলশৰীয়া হ’লেও কোনেও আপোনাক ঠগিব নোৱাৰে৷ কোনোদিনেই ঘৰখনৰ বিত্তীয় কথাত মূৰ নোসোমোৱা আৰু হঠাতে এদিন জীৱনসংগীৰ মৃত্যু হোৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা এগৰাকীক সুধি চাওক তেখেতে ভোগ কৰা অসুবিধাৰ কথা৷ অনুভৱ কৰিবলৈ চেষ্টা কৰক, বিশ্বাসযোগ্য বুলি ভবা কোনোজনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পিচত সেই কথা গম পোৱাৰ মনোকষ্ট৷ উপলব্ধি কৰিবলৈ যত্ন কৰক, কিমান কঠিন এই বাস্তৱ৷ নাভাবিব অকল যে সাধাৰণ মহিলাইহে ঠগ খায়৷ বিনিয়োগৰ সঠিক ধাৰণা নথকা চেলিব্ৰিটি মহিলায়ো প্ৰৱঞ্চনাৰ পৰা হাত সাৰিব পৰা নাই৷ ‘সুচিত্ৰা কৃষ্ণমূৰ্তি আৰু এইচ এছ বি চি বেংক’ বুলি গুগুলত খুঁচৰি চাওক৷ নিজৰ বাবে কি ভাল তাক ভালদৰে অনুধাৱন কৰিব নোৱাৰাজনৰ কাৰণে ‘ছেলছ টাৰ্গেট’ৰ বোজা কঢ়িয়াই ফুৰা একোজনৰ ভুল বিক্রী কিমান বিপজ্জনক হ’ব পাৰে তাক উপলব্ধি কৰিব পাৰিব৷

সেয়ে মই আকৌ দোহাৰিছো যে প্ৰতিগৰাকী মহিলাই ঘৰখনৰ বিত্তীয় কথাত ভাগ লোৱাটো অতি গুৰুত্বপূৰ্ণ৷ ঘৰখনৰ সমস্ত সম্পদ আৰু ঋণৰ বিষয়ে তেখেত অৱগত হোৱা উচিত৷ যিসকলে ঘৰখনৰ বিত্তীয় দিশটোৰ প্ৰতি একেবাৰে উদাসীন, তেখেতসকলে দুটা কামৰ যোগেদি নিজক ব্যক্তিগত বিত্ত (Personal Finance)ৰ লগত জড়িত কৰোৱাওক৷

(১) ঘৰখনৰ মূল আয় কৰোতাজনৰ জীৱন বীমা যথাযথভাৱে হৈ আছে নে নাই তাক জানিবলৈ চেষ্টা কৰক৷ যদি সেয়া কম হৈ আছে বুলি প্ৰতীয়মান হয় তেন্তে তাক বৃদ্ধি কৰিবলৈ জীৱন সংগীক সোঁৱৰাই দিয়ক৷

(২) ঘৰখনৰ সকলো সঞ্চয় বা বিনিয়োগত মনোনীত ব্যক্তি (Nominee) যথাযথভাৱে দিয়া হৈ আছে নে নাই তাৰ বিচাৰ কৰক৷ কাৰণ মনোনীত ব্যক্তি হিচাপে কাৰো নাম নাথাকিলে বিনিয়োগকাৰীৰ মৃত্যুৰ পিচত সেই বিনিয়োগকলৈ ঘৰৰ মানুহে অযথা হাৰাশাস্তি ভোগ কৰিবলগা হয় মানসিকভাৱে দুৰ্বল সেই মুহূৰ্তবোৰত৷ অলপ সচেতন হ’লেই এনে অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হোৱাৰ পৰা ৰেহাই পাব পাৰি৷
* * * * *
লেখক গুৱাহাটীত অৰ্থনৈতিক পৰামৰ্শদাতাৰূপে কৰ্মৰত, দূৰভাষ--৯৯৫৪০৬২০৯৫
(লেখাটি অসমীয়া প্ৰতিদিন কাকতত ২০১৩ চনৰ ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাইছিল)

No comments:

Post a Comment