পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সাহিত্য অকাদেমিয়ে ঘোষণা কৰা সাহিত্য অকাদেমি যুৱ বঁটাৰ বাবে অসমৰ প্ৰতিভাবান কবি মৃদুল হালৈ সহ দেশৰ ১৪গৰাকী প্ৰতিভাবান সাহিত্যকৰ্মীৰ নাম ঘোষণা কৰা হৈছে। এলি আহমেদলৈ শিশু সাহিত্যৰ জীৱনজোৰা সাধনাৰ বাবে আৰু বড়ো ভাষাত সৃষ্ট সাহিত্যৰ বাবে লেবেনলাল মছাহাৰীলৈ শিশু সাহিত্য বঁটা আৰু টিৰেন বড়োলৈ যুৱ বঁটা আগবঢ়োৱাৰ সুখবৰো প্ৰকাশ পাইছে।


২. অসম বিকাশ যোজনাৰ অধীনত হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগৰ জৰিয়তে ২২.৪৯লাখ শিপিনীলৈ ১৫৯ কোটি টকাৰ বিনামূলীয়া সূতা যোৱা ৯বছৰত বিতৰণ কৰে। আৰু ১৪কোটি টকাৰে ৪৬৫৫গৰাকীলৈ বিনামূলীয়া তাঁতশাল বিতৰণ কৰা বুলিও চৰকাৰে দাবী কৰিছে। ৪.৭৭কোটিৰে ৬৮১৪গৰাকী শিপিনীৰ চালি তথা গৃহ নিৰ্মাণ আৰু ১১.৩লাখ শিপিনীক স্বাস্থ্য বীমা সেৱা আঁচনিৰে সামৰি লোৱা বুলিও চৰকাৰে কৃৰ্তিত্ব দাবী কৰিছে।


৩. গণশিল্পী বিক্ৰম সিং য়েইনক স্মৰণ কৰি ৩৭তম মৃত্যু তিথিত স্মৃতিচাৰণ কৰিলে মিচিং ৱৰ্ল্ড নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে অসম লুতাদ কাকতগোষ্ঠীয়ে। গণশিল্পী গৰাকীৰ সৃষ্টি ৰাজিক গ্ৰন্থ প্ৰণয়ন, বিক্ৰম সিং য়েইন সাংস্কৃতিক কেন্দ্ৰ আৰু বিক্ৰম সংগীতৰ ৰূপত জনমানসত প্ৰতিষ্ঠা কৰিবলৈকো আয়োজক গোষ্ঠীয়ে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।


৪. আমিনগাঁৱস্থিত নাৰায়ণ হৃদালয়ত আচাৰ্য তুলসী ইমাৰ্জেঞ্চি আৰু ট্ৰ’মা চেণ্টাৰ উদ্বোধন কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে। তেখেতে লগতে লাগি থকা তুলৰামা বাফনা চৰকাৰী হাস্পতালক বৰ্তমানৰ ৫০ৰ পৰা ২০০খন বিচনাযুক্ত হাস্পতালললৈ উন্নীত কৰিবলৈ দিহা কৰিব বুলিও ঘোষণা কৰে।


৫. বিগত আঠ বছৰত অসমৰ কেৱল ৪গৰাকী ব্যৱসায়ী আৰু ১২গৰাকী শিপিনীয়েহে মুগাৰ জিয়গ্ৰাফিকেল ইণ্ডিকেচনৰ ৰেজিষ্ট্ৰেচন ৰাইট লাভ কৰিছে বুলি প্ৰকাশ কৰিছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে। তেজপুৰ বিশ্ববিদ্যালয়েও এনে ৬৬টা জিআই ৰেজিষ্ট্ৰীৰ বাবে আবেদন কৰাৰ সুখবৰো প্ৰকাশ পাইছে। বিষয়টোত অধিক সংখ্যক স্থানীয় শিপিনী তথা ব্যৱসায়ীক আগুৱাই আনিবলৈ সজাগতা বৃদ্ধিতো পৰিষদে গুৰুত্ব আৰোপ কৰা বুলিও জানিব পৰা গৈছে।


৬. শিৱসাগৰ জেলত কাৰাৰুদ্ধ ১৭গৰাকী লোকে লিখা কবিতাৰে প্ৰকাশ পালে কবিতা সংকলন। গুৱাহাটী প্ৰেছ ক্লাৱত শিৱসাগৰৰ সমাজসেৱী মহিলা প্ৰণতি গোহাঁইৰ উদ্যোগত প্ৰকাশ হৈ ওলোৱা সংকলনখনিৰ উন্মোচনী অনুষ্ঠানত অংশ লয় বিশিষ্ট লেখক তবিউল হুছেইন, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আদি সুধীজনে।


৭. অচিৰেই দেশত স্থাপিত হব নতুনকৈ ছখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট। অনাগত শৈক্ষিক বৰ্ষৰ পৰাই পাঠ্যক্ৰম আৰম্ভ হবলগীয়া নতুন আই.আই.এম কেইখন স্থাপিত হব বিশাখাপট্টনম, বোধগয়া, হিমাচলৰ চিৰমূৰ, নাগপুৰ, উৰিষ্যাৰ চম্বলপুৰ আৰু পাঞ্জাৱৰ অমৃতসৰত। কেন্দ্ৰীয় কেবিনেটে বছৰি ৫৬০গৰাকী শিক্ষাৰ্থীক ভৰ্তি কৰিব পৰাকৈ এই কেইকন প্ৰতিষ্ঠান স্থাপনত অনুমতি দিয়া বুলিও সুখবৰ প্ৰকাশ পাইছে।


৮. যোৰহাট জিলা প্ৰতিবন্ধী কল্যাণ সমিতিৰ উদ্যোগত যোৰহাটৰ চেনিজাত যোৱা ২০-২১ জুনক সদৌ অসম প্ৰতিবন্ধী সজাগতা সমাৰোহ। এই সমাৰোহতে সাধাৰণ জাতি পৰিষদৰ ফালৰ পৰা ৫০হাজাৰ, পঞ্জু ফাউণ্ডেচনৰ পৰা হুইল ছেয়াৰ আদি প্ৰতিবন্ধী সকলৰ কল্যাণৰ বাবে আগবঢ়োৱা বুলিও খবৰ প্ৰকাশ পাইছে।

৯. নৰেন্দ্ৰ মোদীলৈ চিঠি লিখি হিন্দী, ইংৰাজী আৰু স্থানীয় ৰা ভাষা শিকোৱাটো কেন্দ্ৰীয় বিদ্যালয় তথা চিবিএচইৰ অধীনত বাধ্যতামূলক কৰিবলৈ দাবী জনালে ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন ছিষ্টাৰ্ছ (ফাছ) নামৰ সংস্থাটোৱে। লগতে বিদেশী ভাষাক হবি হিচাবে শিকোৱাত কোনো আপত্তি নাই বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিছে।

১০. জনিয়াত যোৱা ১৬জুনত ৰাজীৱ গান্ধী প্ৰকল্পৰ আধাৰশিলা স্থাপিত হয়। গোলাঘাট জিলা উশ্বু প্ৰতিযোগিতাত ২২৬গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু উৰিয়ামঘাট উশ্বুল ক্লাৱে ৩০টা পদকেৰে শীৰ্ষস্থান দখল কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment