সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিহাৰত ওলাল অসহিষ্ণুতাৰ ফলাফল 
পংকজ ঠাকুৰীয়া
সময় সলনি হৈছে, সলনি হৈছে জনসাধাৰণৰ সচেতনতাৰো। বৰ্ধিত ইলেক্ট্ৰনিক মেডিয়াৰ লাইভ আলোচনা, ছ'চিয়েল মেডিয়াৰ অসম্পাদিত বাৰ্তা, প্ৰচাৰ আদিয়ে যথেষ্ট প্ৰভাৱিত কৰা হৈছে নিৰ্বাচনী ফলাফলো। মানুহক এতিয়া কাম লাগে, মুখত এটা কামত এটা স্থিতি হয়তো ৰাইজে পচন্দ নকৰা হৈছে। দেখিও নেদেখা ভাও জোৰা ধৃতৰাষ্ট্ৰ সজা শাসকৰ বাবে এই বাৰ্তাকেই চাগৈ নিৰ্বাচনৰ ফলাফলৰ যোগেদি বিহাৰৰ ৰাইজে দিবলৈ বিচাৰিছে। সাধাৰণ নিৰ্বাচনত বুকুৰ আমঠু কৰি লোৱা এন.ডি.এ তথা বিজেপিয়ে বিগত সময়চোৱাতনো কি এনে কৰিলে যে ৰাইজৰ মাজত গ্ৰহণযোগ্যতাৰ অভাৱ ঘটিল সেই কথাও এই মূহূৰ্তত বিচাৰ কৰাৰ প্ৰয়োজন আছে। বিশাল জয়ৰ পাছত আচল কামলৈ পিঠি দিয়া শাসকক যি কোনো স্তৰৰ নিৰ্বাচন যোগে সেকা দিবলৈ ভাৰতীয় জনতা যে আজি সচেতন হৈ উঠিছে, সেই কথা বাৰানসীৰ গ্ৰাম্য স্তৰৰ নিৰ্বাচনৰ পৰা বিহাৰৰ বিধান সভাৰ নিৰ্বাচনী ফলাফলতো প্ৰতিফলিত হৈছে।

এই ফলাফলৰ পটভূমিৰ বিশ্লেষণ কৰিবলৈ হ'লে বিগত ডেৰ বছৰ সাম্প্ৰতিক ঘটনাৱলীৰ কথাও উল্লেখ কৰিবই লাগিব। চাওকচোন, ২০১৪ চনৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতেই কেইজনমান লোক আৰু কেবাটাও ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ যেন গাত পৰুৱা উঠিছিল, ‘লাভ জিহাদ’ নামটো লৈ দেশ তোলপাৰ লগাই দিছিল। দেশৰ জীয়ৰী ৰক্ষাৰ বাবে তেওঁলোকক যেন ঠিকা দিয়া হৈছিল। বিৰুদ্ধে কোনোবাই কিবা ক’লেই দেশদ্ৰোহী হৈ পৰিছিল। এই হঠাৎ পেট্ৰিয়টসকলে যেন কোনো সম্প্ৰদায়ৰ 'বিৰাট' (?) ষড়যন্ত্ৰক ওফৰাইহে পেলাব! আৰু বীৰদৰ্পে ২০১৪ চনৰ নিৰ্বাচনত ৰাইজে তেওঁলোকক এই কামৰ বাবেই নিৰ্বাচিত কৰা বুলি ধাৰণা সৃষ্টি কৰাত লাগিছিল। আচৰিত কথাটো আছিল এয়ে যে, নতুন প্ৰধানমন্ত্ৰীকে আদি কৰি দলীয় নেতৃত্বই মাত এষাৰো মতা নাছিল, তেতিয়ালৈকে যেতিয়ালৈ এটা সৰু উপনিৰ্বাচনৰ ফল ওলোৱা নাছিল!

কিন্তু ছেপ্তেম্বৰৰ শেষত প্ৰধানমন্ত্ৰীয়ে কবলৈ বাধ্য হৈছিল যে ভাৰতীয় মুছলমানৰ দেশপ্ৰেম সন্দেহৰ উৰ্দ্ধত, আৰু গৃহমন্ত্ৰীয়ে ক’লে যে ‘লাভ জিহাদ’ কি হয় এইটো? হয়তো এই কথাখিনিৰ পৰা কোনো একো শিক্ষা লাভ নকৰিলে বা ‘লাভ জিহাদ’ অৰুণ জেটলীৰ মৰমৰ শব্দ Manufactured অভিধা আছিল। হয়, ঠিকেই Cobrapost ৰ গোপন অনুসন্ধানৰ ভিডিঅ'ত জোলোঙাৰ মেকুৰীও ওলাই পৰিল! কিন্তু দুখৰ বিষয় যে, দেশপ্ৰেমিক বাতৰিৰ ছেনেলবিলাকৰ সময় নহল এই অনুসন্ধানৰ ওপৰত বাতৰি পৰিবেশন কৰিবলৈ।

আজি ৰাইজে কৈ আছে অসহিষ্ণুতা বৃদ্ধি হৈছে, ওলোটাই কোনোবাই ডাটা দেখুৱাইছে সাম্প্ৰদায়িক সংঘৰ্ষ কমিছেহে আগতকৈ! বা কোনোবা অত্যুৎসাহী অসমীয় কাকতৰ স্তম্ভলেখকে এন.জি.অ'ৰ বিদেশী সাহাৰ্যৰ সৈতে সংযোগলৈ আঙুলিয়াই দিছে! আচল কাৰকক ধূসৰিত কৰি মূল কথা, কবলৈকে লাজ লগা ধৰ্মান্ধ কিছুমানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যে ধৰ্ম-নিৰপেক্ষতাৰ আহ্বান জনোৱা মানুহৰ গণতান্ত্ৰিক মতান্তৰ হৈছে সেই কথা কবলৈ বিচৰা নাই।

পিছে এই অসহিষ্ণুতাৰ বাবে কব্ৰাপষ্ট আগবাঢ়ি আহিবলগীয়া হোৱা নাই। এয়া ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ অসহিষ্ণুতা। ভাৰতৰ সংসদত শাসক দলৰ যিগৰাকী সাংসদে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ঘন্টাযোৰা ভাষণ দিছিল, তেখেতেই মুছলমান মহিলাৰ মৃতদেহকো অত্যাচাৰ কৰাৰ কথা কয়, নিৰ্বাচিত সাংসদে ৰামজাদা-হাৰামজাদা কয়, নিৰ্বাচিত বিধায়কে গো-মাংসৰ নামত দেশৰ সন্মান ৰক্ষাত ব্ৰতী নৌসৈনিকৰ পিতৃক কিছুমান পশুৱে হত্যা কৰাৰ পিছত তাত গৈ সভা পাতি বিবাদিত মন্তব্য দিয়ে। ঠিক লাভ জিহাদৰ দৰেই চৰকাৰৰ বৰমূৰীয়াসকল নিমাত। গতিকে ৰাষ্ট্ৰৰ শাসকৰ পৃষ্ঠপোষকতা নহ'লে এয়া সম্ভৱনে?

শাসনৰ জৰী হাতত থকা সকলে কঠোৰ স্থিতি ললে এনে লোকসকল জেইলৰ ভিতৰত থকাটো নিশ্চিত আছিল! নিশ্চিত আছিল মহাত্মা গান্ধীক যিদৰে নিৰস্ত্ৰ অবস্থাত হত্যা ক’ৰা হৈছিল ঠিক সেইদৰে যুক্তিবাদী লেখকসকলক হত্যা কৰাসকলো জেলত থকাটো! নিশ্চিত আছিল লেখকৰ মৃত্যুত আতচবাজীৰে ফুৰ্তি কৰা হিটলাৰৰ বংশধৰকলক দলৰ-সংগঠনৰ পৰা উলিয়াই দিয়াটো। নিশ্চিত আছিল এজন বিদেশী লেখকৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কলা ৰঙ কাৰোবাৰ মুখত সনা সকলৰ জেলগমন। কিন্তু একো নাই হোৱা, বৰঞ্চ যেন চৰকাৰে প্ৰদান কৰা ভায়েগ্ৰা সেৱন কৰি এইসকল অধিক উৎসাহিত হৈছিল, নিলৰ্জ পাৰ্ৰফমেণ্সৰ বাবে।

এই বিহাৰৰ নিৰ্বাচনৰ পিছত কামনা কৰিছো, দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে যেন সাহস পাওক। যি ভাষণত কয় তাকে বাস্তৱত কৰি দেখুৱাবলৈ। ভাষনেৰে যে মানুহক চিৰকাল ঠগি থাকিব নোৱাৰি সেয়া ৰাইজে বুজি উঠিছে!  প্ৰধানমন্ত্ৰীয়ে যে সেই অতবোৰ আপাত ৰাজনৈতিক সংগঠনৰ ওচৰত দায়বদ্ধতাক নেওচা দিব নোৱাৰে। সেয়ে বিকাশৰ মুখাতকৈ মুখাৰ তলৰ গোপন উদ্দেশ্যেহে বাৰে বাৰে সমুখলৈ অহাত তেখেতেও বাধা দিব পৰা নাই। শক্তিশালী নেতা হিচাবে ৰাইজে গ্ৰহণ কৰা মোদী চাহাবৰ এই নিৰৱতা বা ভূমিকাক লৈ ৰাইজ যে অসন্তোষিত হৈছে! বিহাৰৰ নিৰ্বাচনী ফলাফল তাৰেই এক সঁকিয়নী নহয়নে!

ৰাইজে এয়াও বুজি উঠিছে যে ভাষনেৰে যিমানেই নকওক কিয়, আচল ডাটা আজিকালি ইন্টৰনেটত পোৱাই যায়। ভুল তথ্যৰ ৰাজনীতিৰে বেচিদিন মিছাবোৰ লুকুৱাব নোৱাৰে। Indiaspend ৰ দৰে বহুতো গোট/ লোক আগবাঢ়ি আহিছে এই তথ্য-সন্ত্ৰাসৰ বিৰুদ্ধে। গতিকে প্ৰধানমন্ত্ৰী মহোদয়ে আশা কৰো সাহসেৰে মনৰ কথা কওক যে এই গোমাংস আদিৰ সাম্প্ৰদায়িক ৰাজনীতি ৰাইজে পৰিহাৰ কৰক আৰু তেনেকুৱা কৰা অপৰাধীক জেইললৈ পঠাই দেশলৈ শক্তিশালী বাৰ্তা দিয়ক! প্ৰমাণ কৰি দেখুৱাওক যে একক ধৰ্মৰে ভাৰতবৰ্ষক পৰিচালিত কৰিব বিচাৰাসকল ভুল দেশত জন্ম ল’লে, এই দেশত বিভিন্নতাক উদযাপন ক’ৰা হয়, সংখ্যাগুৰুৰ দমন অবাস্তৱ ফেণ্টাচিহে। বিহাৰৰ নিৰ্বাচনৰ ফলাফল হওক, এই বাস্তৱক মানি লব নোখোজা অসহিষ্ণু মনৰ চিন্তাবোৰৰ বিৰুদ্ধে জনতাৰ এক শুভবাৰ্তা স্বৰূপ!

No comments:

Post a Comment