চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


বন্ধুত্বৰ সুখময় পৃথিৱীখন 
প্ৰাণজ্যোতি নাথ
" বন্ধু হ'ল এক আত্মাৰ দুই শৰীৰ । "
'মা' নামৰ শাৰিৰীক অৱয়ব এটাৰ সতে এটি স্নেহশীল সম্পৰ্ক গঢ় লৈ উঠোঁতেই এটা শিশুৰ মাকৰ সমানেই প্ৰয়োজন হৈ পৰে আন এজন 'বন্ধু'ৰো। মাকৰ পাছতেই সম্বন্ধ গঢ়ি উঠা শৈশৱৰ সেই দ্বিতীয় বন্ধুজন হৈ পৰে তাৰ বা তাইৰ প্ৰথম 'খেলনা বস্তুটো'। লাহে-লাহে অলপ বুজা হৈ অহাৰে পৰা পোহনীয়া জন্তু এটা বা পৰিয়ালৰ আন এজনৰ সতে বাঢ়ি অহা সম্পৰ্ক বন্ধুত্বলৈ ৰূপান্তৰিত হয়। স্কুললৈ যোৱাৰে পৰা 'বন্ধু' শব্দটোৱে এক নতুন পৰিসৰ লাভ কৰে। এজন-দুজন-বহুজন বন্ধুৰে এখন নতুন কনমানি পৃথিৱী গঠিত হয়- যাক এৰি সেই স্কুলীয়া বয়সৰ পৰাই নিজৰ সুকীয়া অস্তিত্ব কল্পনা কৰা টান হৈ পৰে। 'বন্ধু'; আহ্, বন্ধু শব্দটো উচ্চাৰণ কৰাৰ লগে লগে কিমানবোৰ উচ্ছাস, কিমানবোৰ স্মৃতিয়ে এতিয়াও জুৰুলা কৰি পেলায়। বন্ধু নোহোৱাকৈ জীৱন অকল্পনীয়। বন্ধু নথকা জীৱন দুৰ্বিবহ। কোন এই বন্ধু!

মায়ে বিচনাত শুৱাই হাতেৰে লৰাই থৈ যোৱা , বতাহত গাৰ ওপৰত দুলি থকা ৰঙীণ খেলনাটো ; য'ত মোৰ দৃষ্টি নিৱদ্ধ- সি মোৰ প্ৰথম বন্ধু , মোৰ শৈশৱৰ খেলৰ লগৰী। ৰং আৰু গতি, এখন স্থৱিৰ নোহোৱা গতিশীল ছবি-এইয়াই বন্ধু। খেলাৰ লগ, কথাৰ লগ, পঢ়াৰ লগ, বিপদৰ লগ, ভৰসাৰ হাত , বিশ্বাসৰ মাত -সেইয়াই বন্ধু , আজীৱন যাৰ সতে বন্ধুতা। এজন প্ৰকৃত বন্ধু বিপদৰ দিনত আমাৰ পথপ্ৰদৰ্শক, সংশয়কালত আস্থাৰ মাত।

শ্ৰীকৃষ্ণৰ সতে অৰ্জুনৰ সম্বন্ধটো আছিল সখা বা বন্ধুৰ সম্পৰ্ক । কুৰুক্ষেত্ৰ যুদ্ধত আত্মীয়ৰ সতে যুদ্ধত অৱতীৰ্ণ হ'বলৈ গৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰা অজুৰ্নৰ মাৰ্গদৰ্শন কৰিছিল কৃষ্ণই । অৱশ্যে এই বন্ধুত্ব আৰু বৈষয়িক জগতৰ বন্ধুত্বৰ মাজত পাৰ্থক্য আছে । এইটো হ'ল চিন্ময় স্তৰৰ বন্ধুত্ব , যিকোনো মানুহ এনে বন্ধুত্বৰ অধিকাৰী হ'ব নোৱাৰে । কিন্তু এই বন্ধুত্বই হৈছে যুগে-যুগে উৎকৃষ্ট বন্ধুতাৰ উদাহৰণ । সখা কৃষ্ণই যিখিনি জ্ঞানগৰ্ভৰ , সাৰুৱা কথাৰে অৰ্জুনৰ মাৰ্গদৰ্শন কৰিছিল সেয়া আজিও আমাৰ পাথেয় । বেদান্ত-দৰ্শনত " গীতা " সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুথি।

বন্ধু বুলিলে কৃষ্ণ -সুদামাৰ বন্ধুত্বও হ'ল প্ৰকৃত বন্ধুত্বৰ শ্ৰেষ্ঠ উদাহৰণ। এজন স্বয়ং লক্ষ্মীপতি নাৰায়ণ আৰু আনজন দয়াৰ আশাত পুৰণি বন্ধুৰ সহায়প্ৰাৰ্থী দুখীয়া ব্ৰাহ্মণ। অথচ কৃষ্ণৰ অতিথি শুশ্ৰূষাত পোৱা যায় প্ৰকৃত বন্ধুৰ পৰিচয়। সুদামাই বন্ধুৰ আতিথ্যেয়তাত ইমানেই আনন্দ বিহ্বল হ'ল যে সেয়াই চৰম প্ৰাপ্তি জ্ঞান কৰি একো নোখোজাকৈয়ে ঘৰমুৱা হৈছিল । এইয়াইতো বন্ধুত্ব ; যি আজিৰ বস্তুনিষ্ঠ পৃথিৱীত মাথোঁ কোনোকালে চুব নোৱাৰা দূৰৰ সপোনৰ দৰে ।

প্ৰগতিৰ সমানে সমানে ঠেক হৈ পৰিছে মনৰ গণ্ডী । কোনে কাৰ সতে কি উদ্দেশ্যে বন্ধুত্ব গঢ়িব খুজিছে বুজাটো কঠিন হৈ পৰিছে । সময়সাপেক্ষে বন্ধুৰ সতে সদ্ভাৱ ৰখা আৰু সহায়ৰ আশা কৰাটো অসম্ভৱপ্ৰায় হৈ উঠিছে । উন্নত প্ৰযুক্তিয়ে মানুহৰ মাজত সীমাৰ-স্থানৰ দূৰত্ব কমাই আনিছে, বন্ধুৰ সংখ্যা বাঢ়িছে আৰু লগে -লগে বাঢ়িছে মনৰ দূৰত্ব । জটিল , যান্ত্ৰিক আধুনিক জীৱনত নঞাৰ্থক চিন্তাই আমাক এনেকৈ ভাৰাক্ৰান্ত কৰিছে যে ইজনৰ-সিজনৰ প্ৰতি বিশ্বাসে সংশয়ৰ-অনাস্থাৰ ৰূপ লৈছে। বন্ধুত্বই সুবাসিত কৰিব পৰা নাই জীৱন।

বন্ধু চিনকঃ
এইটো 'ছচিয়েল মেডিয়া'ৰ জৰিয়তে বন্ধুত্ব গঢ়াৰ যুগ। আপোনাৰ ব্যক্তিত্ব, বুদ্ধি-বৃত্তি, সৌন্দৰ্যই অনেকক আপোনাৰ প্ৰতি আকৰ্ষিত কৰে আৰু তাৰে কোনোজন আপোনাৰ অনুগামী আৰু মনে মিলা কোনোজন আপোনাৰ ভাল বন্ধু হৈ পৰে। কিন্তু ব্যক্তিগত চিনাকী আৰু সূক্ষ্ম পৰ্যবেক্ষণ অবিহনে এনে কোনোজনৰ সতে বন্ধুত্ব গঢ়ি আপুনি বিপদত পৰিব পাৰে। সাৱধান হওঁক। বন্ধু চিনক ।
" যি তোমাৰ দায় ধৰে
সেইজন বন্ধু
যি তোমাৰ প্ৰশংসা কৰে
সেইজন শত্ৰু "

প্ৰকৃত বন্ধুজনে ভুল দেখিলে আমাক আঙুলিয়াই দিয়ে । কিন্তু আজিৰ বস্তুনিষ্ঠ জগতত এনে নিস্বাৰ্থ বন্ধু এজন সতকাই লগ পাবলৈ টান । কেনে বন্ধুৱে আপোনাক বিপদত পেলাব পাৰে চাওঁকচোন …
সুবিধাবাদী : যি আপোনাতকৈ আপোনাৰ সম্পদক গুৰুত্ব দিয়ে আৰু কোনো সুবিধা আদায়ৰ হেতু আপোনাৰ সতে সম্পৰ্ক গঢ়ে । অথচ আপোনাৰ প্ৰয়োজনৰ সময়ত আপুনি তেওঁক বিচাৰি নাপায় ।
আত্মকেন্দ্ৰিক : যি আপোনাৰ কথা শুনাৰ ইচ্ছা নাৰাখি সকলো সময়তে আত্মপ্ৰশংসা আৰু নিজকে জাহিৰ কৰাত ব্যস্ত থাকে ।
গুপ্তচৰগিৰি : সততে এনে বন্ধু আজিকালি বেছিকৈ দেখিবলৈ পোৱা যায় । যি আপোনাৰ কাষে-কাষে থাকি আপোনাৰ গোপন কথা জানি লয় আৰু সেই কথা বন্ধু মহলত আলোচনা কৰি আপোনাৰ ঠাট্টা-মস্কৰা কৰাত লিপ্ত হয় । তেনে বন্ধুৰ সতে সম্পৰ্ক এৰাই চলক ।
যিজনে আপোনাক বাৰে-বাৰে উপেক্ষা কৰে , সেইজনো আপোনাৰ ভাল বন্ধু হ'ব নোৱাৰে। এনে বন্ধুৱে বিনাদ্বিধাই আপোনাৰ সময় নষ্ট কৰে , অথচ আপুনি তেওঁৰ সতে কথা পাতিবলৈ মন কৰিলে তেওঁ আপোনাক অৱজ্ঞা কৰে।
দুমুখীয়া স্বভাৱ : যি আপোনাৰ সন্মুখত আপোনাৰ গুনগান কৰে আৰু আনৰ সন্মুখত আপোনাৰ নিন্দা কৰে তেনেজনৰ পৰা দূৰত্ব বজাই ৰাখক । এওঁ আপোনাক যিকোনো মুহূৰ্ততে বিপদত পেলাব ।
বহু বন্ধুৱে আকৌ আপোনাৰ উন্নতি দেখিলে আপোনাক উৎসাহ দিয়াৰ পৰিৱৰ্তে হিসুংক , অপকাৰীৰ ৰূপ ধাৰণ কৰে আৰু চল পালেই ককৰ্থনা-সমালোচনা কৰি আপোনাক তললৈ নমাবলৈ চেষ্টা কৰে । এনে বন্ধুৰ পৰাও নিলগে থাকক ।

সৰ্বশেষত কওঁ , বন্ধুত্ব এক আশীৰ্বাদ । সঁচা বন্ধুক উপেক্ষা নকৰিব । তেওঁৰ দুখত সান্তনা দিয়ক, সুখত আনন্দ প্ৰকাশ কৰক , হতাশাত আশাৰ ৰেঙণি হওঁক, আন্ধাৰত পোহৰ দিয়ক, পথভ্ৰষ্ট হ'লে মাৰ্গদৰ্শন কৰক , বিপদত বুদ্ধি-ভৰসা দিয়ক। মনত ৰাখিব আপুনি যিখিনি দিব সূতে-মূলে সেইখিনিহে আপুনি ওভতাই পাব। কেতিয়াবা আপুনি দিয়াজনৰ পৰা নাপাবও পাৰে । কিন্তু বিশ্বাস কৰক, কোনোবা অন্য এজনৰ পৰা হ'লেও নিশ্চয় পাব। বন্ধুত্ব হ'ল এক আস্থা আৰু বিশ্বাসভৰা সম্পৰ্ক। আস্থাভাজন জনৰ পৰা অৱজ্ঞা-উপেক্ষা পালে সকলোৰে মনলৈ হতাশা আহে । গতিকে সন্দেহে গা কৰি উঠিলে দুয়োপক্ষই কথা-বতৰাৰে এই সন্দেহ দূৰ কৰক আৰু বন্ধুত্ব বাহাল ৰাখক । আমি মা-দেউতাক , বাই-ভনীক বা পতিয়ে পত্নীক , পত্নীয়ে পতিক ক'ব নোৱাৰা কথাও বন্ধুক ক'ব পাৰোঁ । গতিকে বন্ধুক সন্মান দিবলৈ শিকক । উভয় পক্ষৰ সন্মান ৰক্ষাৰেহে বন্ধুত্ব সম্ভৱ ।

" এজন ভাল বন্ধু , এখন কিতাপ । "
এখন ভাল কিতাপো আপোনাৰ নিসংগ সময়ৰ এজন ভাল বন্ধু। অকলশৰীয়া বোধ কৰিলে এখন ভাল কিতাপ পঢ়ক , এটা ভাল গান শুনক-গুনগুনাওঁক, এটা পোহনীয়া জন্তুৰ সতে ওমলক, এটা চৰাইৰ মাত শুনক । মুঠতে বন্ধুহীন হৈ নাথাকিব। প্ৰকৃত বন্ধু এজনে আপোনাৰ মন সৰ্বক্ষণ প্ৰফুল্লিত কৰি ৰাখিব।

No comments:

Post a Comment