স্বাস্থ্য চৰ্চা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কঁকালৰ বিষ
ডাঃ ভূপেন শইকীয়া
অসমীয়াত ফকৰা যোজনাতে হওক বা লিখিত সাহিত্যতে হওক কঁকালৰ উল্লেখ নানাধৰণেৰে পোৱা যায়৷ একঁকাল পানী, খামুচীয়া কঁকাল, কঁকাল পৰিল, কঁকাল ভাং, কঁকালত টঙালি বান্ধ, কঁকাল পোনাই ঠিয় হোৱা আদি অনেক৷ সেই কঁকালৰ বিষয়টো আজিৰ স্বাস্থ্য চৰ্চাৰ মাজলৈ আনিব খুজিছোঁ৷

কঁকাল গঠন হয় হাঁড় (Vertebra), হাঁডৰ মাজৰ কুশ্বন বা ডিস্ক, লিগামেন্ট, ৰাজহাঁড়ৰ মজ্জা (Spinal cord ), স্নায়ু ,মাংসপেশি আৰু পেটৰ ভিতৰৰ অংগসমূহেৰে৷এই সকলোবোৰক ছালে আৱৰি ৰাখে৷ গতিকে এই যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ ৬সপ্তাহলৈকে হোৱা কঁকালৰ বিষক একিউট বা হ্ৰস্বম্যাদী বুলি গণ্য কৰা হয়৷ সৰ্বাধিক ৩মাহলৈকে হোৱা বিষক চাব-একিউট বা মধ্যমীয়া আৰু তিনিমাহৰ ওপৰকালৰ কঁকালৰ বিষক ক্ৰনিক বা দীৰ্ঘম্যাদী বুলি ধৰা হয়৷ একিউটৰ তুলনাত ক্ৰনিক কঁকালৰ বিষ কমকৈ দেখা যায়৷ 'ফাইব্ৰমায়েলজিয়া' হ'ল এবিধ ক্ৰনিক কঁকালৰ বিষ য'ত মাংসপেশি আৰু গাঠিৰ বিষ হয়, টোপনিৰ ব্যাঘাত জন্মে,লগত সাধাৰণতে ইৰিটেবল বাৱেল চিনড্ৰমযুক্ত থাকে৷এই ৰোগত হাঁড়,গাঠি আদিত ক'তো ইনফ্লেমেচন দেখা নাযায়৷

মেডইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশিত তথ্যমতে ভাৰতবৰ্ষত প্ৰতি ৫জন প্ৰাপ্তবয়স্কৰ ভিতৰত ৪জনৰ এটা নহয় এটা সময়ত কঁকালৰ বিষ হয়৷ আমেৰিকাৰ মেয়' ক্লিনিকৰ তথ্য মতেও ৮০শতাংশ আমেৰিকানে জীৱনকালত এটা সময়ত কঁকালৰ বিষত ভোগে৷ পুৰুষ মহিলা উভয়ৰে কঁকালৰ বিষ হোৱা দেখা যায় ৷ পুৰুষৰ তুলনাত মহিলা ভুক্তভোগীৰ সংখ্যা অধিক৷ সংখ্যাগত দিশৰ পৰা পানীলগা অসুখৰ পিছতেই কঁকালৰ বিষৰ কথা উল্লেখ কৰিব পাৰি৷ সাধাৰণতে ৩৫ৰ পৰা ৫৫বছৰ বয়সৰ লোকৰ কঁকালৰ বিষ হোৱা পৰিলক্ষিত হয়৷

কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা কাৰ বেচি ?
মেদবহুলতাত ভোগা শকত লোক, ধূম্ৰপান কৰোতা, এলেহুৱা জীৱন কটোৱা লোক, শাৰীৰিকভাবে অসুস্থ-দুৰ্বল লোক, গৰ্ভাৱস্থা, ড্ৰাগছসেৱনকাৰী,শৰীৰৰ কম ইমিউনিটি থকা লোক আদিৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ দীৰ্ঘকাল ষ্টেৰইড দৰব গ্ৰহণ কৰা লোকৰ হাঁড় দুৰ্বল হোৱা ফলত সহজে কঁকালৰ বিষ হয়৷ কিছুমান লোকৰ জেনেটিক কাৰণত হাঁড়ৰ ৰোগ (যেনে এনকাইলজিং স্পণ্ডাইলাইটিচ) হব পাৰে - তেনেলোকৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি৷ অতিমাত্ৰা কষ্টকৰ শ্ৰম কৰা লোক নাইবা ঠিয় হবলৈ সুযোগ নোপোৱা দীৰ্ঘকাল সময় চকীতে বহি কটোৱা চাকৰিও কঁকালৰ বিষৰ কাৰক হব পাৰে৷ আকৌ মানসিকভাবে দু:চিন্তা আৰু ডিপ্ৰেচনত ভোগা লোকৰ কঁকালৰ বিষ বেচি হোৱা দেখা যায়৷

কঁকালৰ বিষৰ কাৰণসমূহ:
আগতে উল্লেখ কৰি অহা কঁকালৰ যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ কিন্তু কেতিয়াবা বিষৰ কাৰণ অনুসন্ধান কৰিলেও পোৱা নাযায়৷ আগদিনালৈকে ভালে থকা মানুহ এজনৰ পিছদিনা পুৱাই হঠাতে কঁকালৰ বিষ হব পাৰে৷ বিষৰ বাবে কামৰ ক্ষতি হব পাৰে৷ যিমানে বেচি বিষ হলেও বেচি ভাগ ক্ষেত্ৰতে কঁকালৰ বিষৰ গুৰুতৰ কাৰণ নোলায়৷ কাচিৎহে পেটৰ ভিতৰৰ অংগৰ বা ৰাজহাঁড়ৰ মজ্জাৰ টিউমাৰৰ লক্ষণ হিচাবে কঁকালৰ বিষ হব পাৰে৷ মনত ৰাখিব লাগিব কিডনিৰ পাথৰ, স্পাইনেল ষ্টেনচিচ, কউডা একিউনা চিনড্ৰম, মহিলাৰ পেলভিক ইনফ্লেমেটৰি ডিজিজ, এণ্ডোমেটৰিয়াচিচ, মূত্ৰাশয়ৰ সংক্ৰমণ আদিতো কঁকালৰ বিষ হব পাৰে৷ কঁকালৰ বিষৰ অন্যান্য সচৰাচৰ দেখা দিয়া কাৰণ সমূহ হ'ল - ষ্ট্ৰে'ন বা মোচোকা খোৱা, মাংসপেশি টান খোৱা, লিগামেন্ট টান খোৱা, গধূৰ ওজন বেসঠিকভাবে লৰচৰ কৰিবৰ প্ৰয়াস কৰা, যি কোনো দূৰ্ঘটনাৰ ফলত কঁকালত কোনো আঘাত পোৱা৷ কঁকালৰ হাঁড়ৰ মাজত থকা ডিস্কে 'শ্বক এবজৰভাৰ'ৰ দৰে আমাৰ ৰাজহাঁড়ক সুৰক্ষা দিয়ে৷ এই ডিস্কৰ নানাবিধ বিজুতি ঘটিলে কঁকালৰ বিষ হয়৷ ডিস্কৰ হাৰ্ণিয়া হৈ স্নায়ুত চেপা খালে কঁকালৰ পৰা টিকা হৈ ভৰিলৈকে তীব্ৰ বিষ হোৱা অৱস্থাক চিয়াটিকা (Sciatica) বোলে৷ হাঁড়ৰ ৰোগ অষ্টিঅ'আৰ্থাইটিচ হলেও কঁকালৰ বিষ হব৷ দীৰ্ঘকাল বিশ্ৰাম নোলোৱাকৈ গাড়ী চলাই গলে হোৱা কঁকালৰ বিষৰ অভিজ্ঞতা বহুতৰে হয়তো আছে৷ একেদৰে লেপটপ বা কম্পিউটাৰত বেহিচাবে ভাজ লগাকৈ বহিও বহুতে কঁকালৰ বিষ চপাই লয়৷ হাঁড়ৰ বিসংগতি যেনে স্কলিঅ'চিচ আৰু স্পণ্ডাইললিষ্টেচিচ কঁকালৰ বিষৰ কাৰক হব পাৰে৷

কঁকালৰ বিষৰ প্ৰধান লক্ষণসমূহ:
জ্বৰ,বিশ্ৰাম ললেও নকমা বিষ, বিষোৱা অঞ্চল ফুলি উঠা, আঠু-ভৰি পৰ্য্যন্ত বিষ বিয়পা, শৌচ-প্ৰসাৱত কষ্ট পোৱা, টিকা-শৌচদ্বাৰ-জননেন্দ্ৰিয়ৰ আশেপাশে স্বাভাৱিক অনুভূতি কমি জঠৰতা অনুভৱ হোৱা, শৰীৰৰ ওজন হ্ৰাস হোৱা ইত্যাদি৷ 

কঁকালৰ বিষত কৰিবলগীয়া পৰীক্ষাসমূহ:
এক্সৰে, চিটিস্কেন, এমআৰআই স্কেন, ব'ন স্কেন, ইলেক্ট্ৰমায়'গ্ৰাফি,তেজ-প্ৰসাৱৰ পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে পেটৰ আলট্ৰাচাউণ্ড৷

চিকিৎসা:
বিষৰ উপশমৰ বাবে নানাবিধ ঔষধ প্ৰয়োগ কৰা হয়- পেৰাচিটামল, এচপিৰিন, আইব্ৰুপ্ৰফেন, নেপ্ৰস্কেন, মেফেনেমিক এচিড, ইন্দোমিথাচিন, কিটপ্ৰফেন, ডাইক্লপ্ৰফেন আদি৷ মাংসপেশিৰ টান আঁতৰাবলৈ মাংসপেশি শিথিল কৰা দৰব৷ নানাবিধ বিষ কমোৱা মলম আৰু স্প্ৰে৷ কেতিয়াবা প্ৰয়োজন সাপেক্ষে ষ্টেৰইড বেজীও প্ৰয়োগ কৰা হয়৷ কিছুমান ৰোগীক ডায়েজেপাম আৰু এমিট্ৰিপ্টলিনজাতীয় ঔষধৰেও চিকিৎসা দিয়া হয়৷

ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে কেতিয়াবা কাউঞ্চেলিংৰ প্ৰয়োজন হব পাৰে৷একুপাংচাৰৰ দ্বাৰা চিকিৎসা কৰিলে শৰীৰত উৎপন্ন হোৱা এণ্ডৰফিনে বিষ উপশম হোৱাত সহায় কৰে৷

সাধাৰণতে ডিস্কৰ প্ৰলাপচ হলে নাইবা দুডাল হাঁড সংলগ্ন হৈ (স্পণ্ডাইল'লিষ্টেচিচ) বিষ উৎপন্ন কৰিলে অপাৰেচনৰ দ্বাৰা বিষৰ নিৰাময় কৰা হয়৷ অসতৰ্ক অপাৰেচনে পেৰালাইচিচজাতীয় স্নায়ুৰ দুৰ্বলতা সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়৷

কঁকালৰ বিষত ভোগাসকলৰ বাবে শেহতীয়া বৈজ্ঞানিক অগ্ৰগতিয়ে দিয়া আশাৰ বতৰাঃ
বয়স হোৱাৰ লগে লগে ডিস্কৰ ক্ষয়জাতীয় ৰোগত বহু সংখ্যক লোক আক্ৰান্ত হয়৷ আমেৰিকাৰ নৰ্থ কেৰলিনাৰ ডিউক ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে গবেষনা কৰি পাইছে যে কিছুমান কোষ (যেনে ষ্টেমচেল) নিৰ্দিষ্ট অঞ্চলত বেজী দি ডিস্কৰ অবক্ষয়ৰোধ কৰাৰ ওপৰিও ডিস্কত নতুন কোষ জন্ম দিয়ে৷ অধিক জানিবলৈ আলোচনীত প্ৰকাশিত লিংকত ভুমকি মাৰিব পাৰে-
http://pratt.duke.edu/…/duke-bioengineers-develop-new-appro…

সামৰণিত দুআষাৰ
- সকলোধৰণৰ ব্যায়ামে কঁকালৰ মাংসপেশীক সবল কৰি কঁকালৰ বিষ প্ৰতিৰোধত সহায় কৰে৷
- মেদবহুলতা কমাওক৷বি এম আই মতে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক৷
- শৃঙ্খলিত জীৱন অতিবাহিত কৰক৷
-ধুম্ৰপান আৰু ৰাগিয়াল দ্ৰব্য পৰিত্যাগ কৰক৷
- চিন্তামুক্ত হৈ জীৱন যাপনৰ প্ৰয়াস কৰক৷
- তীব্ৰ বিষত কামৰ সময়ত কঁকালৰ বেল্ট বান্ধিব পাৰে কিন্তু এবাৰত সাদিনৰ বেচি দিন ব্যৱহাৰ নকৰাই ভাল৷
-কঁকালৰ বিষত টান বিচনাত শোৱা ভাল৷
-কঁকালৰ বিষত হাইহিল জোতা অপকাৰী৷
- উপযুক্ত পৰিমানৰ নিদ্ৰা (দিনে ৭-৮ ঘন্টা) শৰীৰৰ বাবে অতি আৱশ্যকীয়৷
- গধুৰ বস্তু লৰচৰ কৰোতে মনত ৰাখিব নিজৰ ফালে টনাতকৈ বিপৰীত থেলাটো অধিক নিৰাপদ৷

কঁকালৰ বিষৰ ঘৰুৱা চিকিৎসাঃ
-গৰম পানীৰ বেগ আৰু বৰফৰ বেগেৰে সলনাসলনিকৈ কঁকালৰ বিষোৱা অঞ্চলত সেক দিলে বিষৰ উপশম ঘটে৷

- কেইফুটামান নহৰু ঠেতালি মিঠাতেলত উতলাওক নাইবা অলপমান কৰ্পূৰ নাৰিকল তেলৰ সৈতে উতলাওক৷ যেই কোনো এবিধ কুহুমীয়া গৰম তেলেৰে দিনে দুবাৰকৈ কঁকালত মালিশ কৰক৷ বিষ-যন্ত্ৰণাৰ ভালেখিনি উপশম ঘটিব৷
(এই প্ৰাথমিক ঘৰুৱা চিকিৎসাৰ পিছতো কঁকালৰ বিষ ৰৈ গ'লে চিকিৎসকৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰাওক৷)

লেখক দোহা, কাটাৰত বিশেষজ্ঞ চিকিৎসক ৰূপে কৰ্মৰত। লেখকৰ লেখনি সমূহ চাবৰ বাবে পৰামৰ্শৱলী পাবৰ  ৱেবচাইট http://www.drbhupensaikia.com

No comments:

Post a Comment