সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১)  দুঃসাহসিক ক্ৰীড়াৰ বাটকটীয়া অসম পৰ্ব্বতাৰোহন সন্থাই শদিয়াৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ বুকুত বাঁহৰ ভূঁৰৰ অভিযান চলাই আছে। এই অভিযানৰ মূখ্য উদ্দেশ্য ভূঁৰ অভিযানকে আদি কৰি ব্ৰহ্মপুত্ৰত বিভিন্ন দুঃসাহসিক জলক্ৰীড়াক জনপ্ৰিয় কৰি তোলা আৰু লগতে দেশী বিদেশী পৰ্যটকক আকৰ্ষন কৰা। বাঁহৰ বিভিন্ন উপযোগিতাৰ বিষয়ে পৰ্যটকক অৱগত কৰোৱাটোও অভিযানৰ আন এটি উদ্দেশ্য। অভিযানকাৰী ১৭ জনীয়া দলটোত দুগৰাকী মহিলা সদস্যও অন্তৰ্ভূক্ত আছে। বিশিষ্ট পৰ্ব্বতাৰোহী পাৰ্বতী প্ৰসাদ গৌতমে দলটোৰ নেতৃত্ব বহন কৰিছে। ভূঁৰখন দীঘলে ৫০ফুট আৰু বহলে ২০ফুট। ইয়াক তৈয়াৰ কৰোতে ১৪০দাল কাঁকো বাঁহ আৰু ১৪০দাল জাঁতি বাঁহৰ প্ৰয়োজন হৈছে। অক্টোবৰৰ ২৯তাৰিখে পুৱা ৯বজাত শদিয়াৰ ছৈখোৱাঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰা ভূঁৰখনে প্ৰায় ৬৩০ কি. মি. জলপথ অতিক্ৰম কৰি অহা ১০ নবেম্বৰত গুৱাহাটী পাবহি।

২) অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু গড়কাপ্তানি (গৃহ) বিভাগৰ যুটীয়া উদ্যোগত কলা আৰু প্ৰযুক্তিৰ অনন্য সংমিশ্ৰ্ণেৰে সাজি উলিওৱা বিশ্ব বিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ “সমাধি ক্ষেত্ৰ” বৰেণ্য শিল্পীজনাৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকীত অসম বাসীৰ বাবে উচৰ্গা কৰা হৈছে। শিল্পীজনাৰ জীৱনৰ কৰ্ম আৰু সৃষ্টিক যুগমীয়া কৰাৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত “সমন্বয় দিৱস” হিচাপে এক বিশাল মহিলা সমাৰোহৰো আয়োজন কৰে।

৩) অসমীয়া ভাষাৰ নবীন লেখক লেখিকা সকলক উদগনি যোগাবলৈ আগবঢ়োৱা “মুনীন বৰকটকী বটা” ২০১৫ বৰ্ষৰ বাবে যুটীয়াভাৱে তৰুণ লেখক-সমালোচক জ্যোতি খাটনিয়াৰ আৰু কবি প্ৰতিম বৰুৱালৈ আগবঢ়োৱা হৈছে। জ্যোতি খাটনিয়াৰে তেওৰ “ইমান সৰল নে চেগুন দুডাল” শীৰ্ষক সমালোচনাৰ পাণ্ডুলিপিটোৰ বাবে আৰু প্ৰতিম বৰুৱাই তেওৰ “আৰু নিৰৱতা” শীৰ্ষক কবিতা সংকলনটিৰ বাবে এই বটা লাভ কৰিছে।

৪) গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰত নিৰ্মাণ হব লগা ছবি “সোণাৰ বৰণ পাখিৰ” শুভ মহুৰত গৌৰিপুৰত ম্ংগল বাৰে হয়। ববী শৰ্মাৰ পৰিচালনা, জিতেন শৰ্মাৰ কাহিনী আৰু চিত্ৰনাট্যৰে এই চবি খনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, আৰতি বৰুৱা প্ৰমুখ্যে বহুতো ন-পুৰণি শিল্পীয়ে।

৫) ৰাজ্যৰ অন্যতম অগ্ৰণী উচ্ছ শিক্ষা প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শ্ৰীঘ্ৰেই “মহাত্মা গান্ধী আসন” আৰু “উদ্যোগ আসন” শীৰ্ষক দুখন প্ৰতিষ্ঠাৰ ঘোষণা কৰিছে বিশ্ববিদ্যালয়খনে। নীতি শাস্ত্ৰৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ অমূল্য অৱদানৰ স্মৃতিত প্ৰতিষ্ঠা কৰা এই আসন দুখনৰ পৰা নীতি শাস্ত্ৰৰ গৱেষণা, গৱেষক আৰু শিক্ষকৰ বাবে হ্ৰ্স্বম্যাদী পাঠ্যক্ৰম, গৱেষণাপত্ৰ, প্ৰ্ৱন্ধ প্ৰকাশ আদিৰ ব্যৱস্থা কৰা হব যাৰ প্ৰথম তিনিটা বছৰৰ ব্যয় বহন কৰিব ভাৰতীয় দাৰ্শনিক গৱেষণা পৰিষদে।

৬) ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীয়ে সুধাকণ্ঠৰ নামেৰে এটি বিশেষ 'আৰ্কাইভ' মুকলি কৰিব বুলি জানিব পৰা গৈছে। দিল্লী আৰু গুৱাহাটীৰ আৰ্কাইভত সুধাকণ্ঠৰ গান, কথিকা, ৰচনা আদি ডিজিটাইজড ৰূপত সংৰক্ষিত হৈছে আৰু এতিয়া নতুনকৈ আকাশবাণী গুৱাহাটীৰ আৰ্কাইভত সংযোজিত হব ভূপেন হাজৰিকাদেৱে ৰচনা কৰা গ্ৰন্থৰাজিও। লগতে তেখেতৰ ওপৰত ৰচিত বিভিন্ন লেখকৰ গ্ৰন্থও এই আৰ্কাইভত সংৰক্ষণ কৰা হব বুলিও জানিব পৰা গৈছে।

৭) আজি দিল্লীত প্ৰধানমন্ত্ৰীয়ে অশোক চক্ৰ খোদিত চৰকাৰী স্বৰ্ণ মুদ্ৰা মুকলি কৰিব। ৫, ১০ আৰু ২০গ্ৰাম ওজনৰ স্বৰ্ণ মুদ্ৰা এম.এম.টি.চি বিপনিৰ জৰিয়তে বিক্ৰী কৰা হব। তাৰ বিপৰীতে স্বৰ্ণ মু্দ্ৰাকৰণ আঁচনি আৰু স্বৰ্ণ সাৰ্বভৌম বণ্ড আঁচনিৰ জৰিয়তে জনতাই স্বৰ্ণ বণ্ড ক্ৰয় কৰিব পাৰিব বুলিও প্ৰকাশ কৰিছে।

৮) বিশিষ্ট শিল্পী বেনু মিশ্ৰ আৰু চম্পক বৰবৰাৰ শিল্পকৰ্মৰ এক প্ৰদৰ্শনী অহা ৬নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। ৰাজ্যিক কলা বীথিকাত আয়োজিত চাৰিদিনীয়া এই প্ৰদৰ্শনী উদ্বোধন কৰিব লোক-সংস্কৃতিৰ গৱেষক ডঃ বীৰেন্দ্ৰ নাথ দত্তই।

৯) সত্ৰীয়া সংস্কৃতিৰ গৱেষক শ্ৰীশ্ৰীআউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীলৈ অখিতল ভাৰতীয় বিদ্ব্যত পৰিষদৰ পৰা বিদ্ব্যত ভূষণ পণ্ডিতৰ বঁটা আগবঢ়োৱা হৈছে। যোৱা ১নৱেম্বৰত বাৰানসীত হোৱা এক অনুষ্ঠানত গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই বঁটা প্ৰদান কৰে।

১০)
তথ্য প্ৰযুক্তিৰ চৰম জনপ্ৰিয়তাক প্ৰত্যাহ্বান জনাই উত্তৰ-পূব গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অভাৱনীয় সহাঁৰি। আক-বাক প্ৰকাশনে প্ৰকাশ কৰা বিশিষ্ট নিবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক উৎপল বৰুৱাৰ “আলিমূৰৰ কেকুৰি”, আখৰ প্ৰকাশনে প্ৰকাশ কৰা ছাহজাহানৰ “গৰু” আৰু ইমেজ গ্ৰাফিক প্ৰকাশনে প্ৰকাশ কৰা প্ৰতিভূ দত্তৰ “ভূ-ভাৰস্ত” এতিয়ালৈকে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ ৰুপে পৰিগণিত হৈছে। এতিয়ালৈকে প্ৰায় এক কোটি টকাৰ গ্ৰ্ন্থ বিক্ৰী হৈছে। সমগ্ৰ অসমৰ পৰা গোট খোৱা গ্ৰ্ন্থপ্ৰেমীৰ ভিৰে আগন্তুক শনি আৰু ৰবিবাৰে অভিলেশ সৃষ্টি কৰাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে।
আজিৰ ভাল খবৰ যুগুতালে- কলকতাৰ পৰা ৰাতুল বেজবৰুৱাই।

1 comment:

  1. "গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অভাৱনীয় সহাঁৰি"- ইয়াত অভাৱনীয় শব্দটোয়ে ভাল খবৰ বুলি প্ৰমাণ কৰা নাই বৰঞ্চ ই এটা বেয়া খবৰলৈহে পৰিণত হ'ল।

    ReplyDelete