কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


খাদ্য প্রযুক্তিৰ পাঠ্যক্রম ড° বুলজিৎ বুঢ়াগোহাঁই
খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রমত বৈজ্ঞানিক পদ্ধতিৰে খাদ্যবস্তু প্রস্তুত , সংৰক্ষণ , গুণগত মন অটুট ৰখা আদি বিষয়ে জ্ঞান প্রদান কৰে। খাদ্য প্রযুক্তি (Food Technology) পাঠ্যক্রমক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ , পি.এইচ.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। যেনে - ফুড টেকন’লজীষ্ট , ফুড ৰিচাৰ্চ এনালিষ্ট , ফুড ইনস্পেক্টৰ , মেনেজাৰ ৰিচাৰ্ছৰ, প্রডাক্ট ডেভেলপেণ্ট, কোৱালিটি এছিউৰ মেনেজাৰ, লেবৰেটৰী ছুপাৰভাইজাৰ, ফুড প্ৰচেচিং অপাৰেটৰ , ফুড পেকেজিং মেনেজাৰ , ফুড প্রচেছিং টেকনিছিয়ান আদি। এজন সফল খাদ্য প্রযুক্তিবিদ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে -অনুসন্ধিৎসু মন, নিষ্ঠাবান, সূক্ষ্মদৰ্শী ,পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সচেতন , সাৱধানী , কষ্টসহিষ্ণুতা , সুন্দৰ নিৰীক্ষণ ক্ষমতা , দায়িত্ববোধ আদি।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ ‘তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in )’ ত খাদ্য প্রযুক্তি (Food Technology) বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা সুবিধা আছে । যেনে- B. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১০) , Integrated M. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১২) , M. Tech. in Food Engineering and Technology (আসনৰ সংখ্যা ১৮) আৰু Ph.D. in Food Processing Technology । এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেবচাইট (http://www.tezu.ernet.in/dfpt/) চাব পাৰে ।


অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - অন্ধ্ৰ বিশ্ববিদ্যালয় (http://www.andhrauniversity.edu.in/), আনন্দ কৃষি বিশ্ববিদ্যালয় (www.aau.in ), এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), এলাহাবাদ কৃষি প্রতিষ্ঠান (http://www.shiats.edu.in), কানপুৰ বিশ্ববিদ্যালয় (http://www.kanpuruniversity.org ), কেন্দ্রীয় খাদ্য প্রযুক্তি গৱেষণা প্রতিষ্ঠান, মহীশূৰ (http://www.cftri.com), কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in/), গুৰু নানক দেৱ বিশ্ববিদ্যালয় ( www.gndu.ac.in ), যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in ), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (www.bamu.net ), তামিল নাডু কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in/), দিল্লী বিশ্ববিদ্যালয় ( http://www.du.ac.in ), নাগপুৰ বিশ্ববিদ্যালয় (http://www.nagpuruniversity.org), মাদ্রাছ বিশ্ববিদ্যালয় ( www.unom.ac.in ), মণিপুৰ বিশ্ববিদ্যালয় (http://en.manipuruniv.ac.in/), মুম্বাই বিশ্ববিদ্যালয় ( www.mu.ac.in ),মহাত্মা গান্ধী বিশ্ববিদ্যালয় (http://www.mgu.ac.in), মহীশূৰ বিশ্ববিদ্যালয় ( www.uni-mysore.ac.in ), হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয় (http://www.hillagric.ac.in ) আদি ।

এই বিষয়ত অধিক জানিবলৈ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটীত সহকাৰী অধ্যাপক ৰূপে যান্ত্রিক অভিযান্ত্রিক বিভাগত কৰ্মৰত এই লেখকক যোগাযোগো কৰিব পাৰে। যোগাযোগৰ সময়ঃ প্ৰতি শনিবাৰে সন্ধিয়া ৬-৯বজালৈ, ফোন: ০৯৪৩৫১-৮৮৬৩০।

No comments:

Post a Comment