কিছু মনৰ চিন্তা ৰাইজৰ জ্ঞাতাৰ্থে লিখিবলৈ লৈছো। আমি বহু কথা নজনাকৈ আমাৰ সন্তান জন্ম তথা ডাঙৰ কৰো, অথবা জানিও বিশেষ গুৰুত্ব দিয়া নাছিলো। বিশেষকৈ সগৰ্ভা অৱস্থাত কেনেধৰণৰ চিন্তা চৰ্চা তথা পৰিবেশত থাকিব লাগে আৰু বিষেশকৈ মানসিক অৱস্থাৰ প্ৰতি মুঠেই গুৰুত্ব দিয়া নহয়। যদিও বয়োজেষ্ঠ জনে এই বিষয়ে উপদেশ দিয়ে আমি সিমান গুৰুত্ব নিদিও। তাৰ পৰিণতি যে অতি বিষম হয় মোৰ ব্যক্তিগত পৰ্য্যবেক্ষণৰ পৰা অনুভৱ কৰো।
আমি বহু সৰু ল'ৰা ছোৱালীক এক অস্বাভাৱিক ৰুপে দৌৰা -ধপৰা বা অনবৰতে আমনি কৰা দেখো,প্ৰায় বহু বয়সলৈকে একচিত্ত পঢ়াশুনা বা কোনো বিষয়তে আগ্ৰহ কৰা দেখা নাযায়। এক অস্হিৰ আচৰণ দেখা যায়। আৰু কোনো কোনৰ বাবে মনোচিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হয়। মই বহুজনৰ লগত এই বিষয়ে আলোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছো যে গৰ্ভৱতী মহিলাৰ প্ৰচণ্ড মানসিক চাপৰ বাবে এনেধৰণৰ আচৰণ সন্তানত পৰিলক্ষিত হয়।
আমি গৰ্ভৱতী অৱস্থাত দৈনন্দিন জীৱনৰ আবেগ অনুৰাগ সমুহ সচৰাচৰ অৱস্থাতকৈ যিমান সম্ভৱ নিয়ন্ত্ৰণাধীন কৰাতো অতি প্ৰয়োজন এই কথা ঘৰখনৰ প্ৰতিজন সদস্যই সহযোগ কৰাটো উচিত। কাৰণ বিভিন্ন শাৰীৰিক অস্বাভাৱিকতাৰ বাবে গৰ্ভৱতী মহিলা গৰাকী মানসিক ভাৱে দুৰ্বল হৈ পৰে, সেয়েহে স্বামীৰ ওপৰিও অন্যান্য সদস্য সকলে মানসিক তথা শাৰীৰিক সযত্ন লোৱাটো অতি প্ৰয়োজন তেহে এটি সুস্থ সৱল সন্তান সম্ভৱ। এই কথা আমি সকলোৱে জানো তথাপিও আমি গুৰুত্ব নিদিও, কিন্তু ই এক চিন্তনীয় বিষয়! এই বিষয়টোত পৰিয়ালে বিশেষকৈ পতিয়ে বিশেষ ভাৱে গুৰুত্ব দিয়া উচিত। মানসিক সাহচৰ্যই এই ক্ষেত্ৰত টনিকৰ দৰে কাম কৰে। শৰীৰত চলি থকা হৰমনৰ তাৰতম্যৰ কথালৈও লক্ষ্য ৰাখি কথাবোৰ পতিয়ে স্পৰ্শকাতৰ দৃষ্টিয়ে যত্ন লোৱা উচিত। সুন্দৰ সংসাৰ এখনলৈ সুন্দৰ ভৱিষ্যত এটিক আদৰি অনাৰ প্ৰক্ৰিয়াটোত সুন্দৰ সহযোগিতাই আৰু অনুকূল পৰিৱেশে সঁচাকৈয়ে যোগাত্মক প্ৰভাৱ পেলাব পাৰেই। আৰু কথাটো নতুনকৈ পিতৃ-মাতৃ হব খোজা নৱ-প্ৰজন্মৰো দৃষ্টিগোচৰ কৰিলো।

লেখিকা মুম্বাই নিবাসী আৰু সুখ-দুখৰ এগৰাকী নিয়মীয়া পাঠিকা।
No comments:
Post a Comment