প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


জৈৱ-প্ৰযুক্তি, ৰসায়নৰ পৃথিৱী বনাম 
জৈৱিক খাদ্যৰ হাতবাউলি
ডঃ লোচন শইকীয়া
প্ৰকৃতিৰ জীৱিত সকলো জীৱকূলৰ এটাই আন এটাৰ ওপৰত জীয়াই থকাৰ সূত্ৰেৰে নিৰ্ভৰশীল চক্ৰ । ই এক Ecological pyramid, জৈৱিক সূত্ৰেৰে গঁঠা। উদ্ভিদ থাকিলেহে মাটি জীয়াই থাকে। মাটি জীয়াই থাকে তেতিয়া, যেতিয়া উদ্ভিদৰ পৰা উপলদ্ধ হোৱা কাৰ্বনাদি অন্য মৌল মাটিলৈকে ঘূৰি আহে। গছে প্ৰাকৃতিক ভাৱে সৃষ্টিত এঙাৰ গেচখিনি বতাহৰ পৰা ব্যৱহাৰ কৰি আমাৰ বাবে প্ৰয়োজনীয় বিশুদ্ধ অম্লজান গেচ আৰু খাদ্য উপলদ্ধ কৰে। সাগৰৰ তলিৰ পৰা পৃথিবীৰ অৰ্দ্ধেক অম্লজান উৎপন্ন হয়। এই প্ৰাকৃতিক পৰিমাণৰ এঙাৰ গেচখিনি নথকা হলেই পৃথিবী কাহানিবাই বৰফৰে পোত খালেহেঁতেন। গছৰ জৈৱিকতাৰ ওপৰত সকলো ক্ষুদ্ৰকায় সুক্ষ্ম জীৱকুলো নিৰ্ভৰশীল। তৃণ নিৰ্ভৰ প্ৰাণীৰ ওপৰত সকলো মাংসাহাৰী জীৱকুল নিৰ্ভৰশীল। সকলো সৰ্বভোজী প্ৰাণী, জন্তু গছৰ ওপৰত নিৰ্ভৰশীল। এঠাইত আউল লাগিলে গোটেই তন্ত্ৰতোৱেই ব্যাহত হয় ।

নকৈ নোৱাৰি, এই প্ৰসঙ্গবোৰ বিভিন্ন সময়ত বিভিন্ন প্ৰসঙ্গত কৈ থাকোতে মাটিত থকা চকুৰে নেদেখা সুক্ষ্ম জীৱকুলক মানুহে পাহৰিয়েই পেলাইছে। মানুহৰ মনৰ ভাৱবোৰ এনেকুৱা যেন সূৰ্য্য উদয়-অস্ত হবই। পানী আকাশলৈ বাষ্পীভূতহৈ উঠি বৰষুণ হৈ নামিবই, সাগৰলৈ বৈ যাবই। সকলো যেন ধৰাবন্ধা।

অধিক উ
ৎপাদনৰ উদ্দেশ্যে কৃত্ৰিম গাঢ় বা ৰাসায়নিক সাৰ আৱিষ্কাৰ সৌ সিদিনাৰ কথাহে। নিসন্দেহে অধিক উৎপাদন সক্ষম শস্যৰ জাত একোটাই উপযুক্ত মাত্ৰাত যত্ন পালে এটা পৰ্য্যায়লৈকে বেছি উৎপাদন দিবই। কিন্তু মানুহক অধিক উৎপাদনৰ স্বাৰ্থত কিবা এটা চমু পথ লাগে।  চমু পথত ভৰি থওঁতে লাভ-লোকচানৰ বিষয়তো একমাত্ৰ ধন আৰু ভোক। অধিক উৎপাদনৰ উদ্দেশ্যে খেতি কৰোঁতে শস্যৰ লগতে বনবাতো (অপতৃণ !) গজে । বিজ্ঞানে মানুহৰ পাৰ্থিৱ পৃথিবীৰ বহু প্ৰশ্নৰ উত্তৰ বা ব্যাখ্যা দিয়াৰ ওপৰিও বহুত কামো সহজ-সাধ্যও কৰি তুলিছে। ইয়াৰ লগতে মানুহৰ মনত এটা ধাৰণাই বাঁহ লৈছে বিজ্ঞানৰ প্ৰয়োগে মানুহৰ কল্যাণহে সাধে। তেনেহলেনো কেনেকৈ পৰমাণু শক্তিৰ অপপ্ৰয়োগত হিৰোছিমা, নাগাচাকি নিমিষতে ফু: হৈ গল। এইয়াও বিজ্ঞান, অভিশাপৰ ৰূপত ।

অৰ্থনীতিৰ মূলমণ্ত্ৰৰে পৰিচালিত ৰাজনীতিৰ কুটিল গতি মানুহে এনেয়েও আগেয়ে উমান পোৱা নাই, আগলৈও গম নাপায়। পাশ্চাত্যৰ দেশবোৰে শস্যক ৰোগ, কীটৰ পৰা বচাই ৰাখিবলৈ কম খৰচী ৰসায়নিক পদাৰ্থবোৰ উলিয়াই ব্যৱসায় দ্বিতীয় বিশ্বযুদ্ধৰ পিচতেই আৰম্ভ কৰিলে। মানুহক বুজাইছে তেওঁলোকে প্ৰস্তুত কৰা কৃত্ৰিম ৰসায়ন প্ৰকৃতিৰ প্ৰতি প্ৰতিকূল নহয়। এই কৃত্ৰিম ৰসায়নবোৰ কোনোবাটো তৃণনাশক, কোনোবাটো কীটনাশক। বুজোৱা কথাবোৰৰ সত্যতা সন্দেহৰ আৱৰ্তত। সচাকৈয়ে বাৰু এইবোৰে অকল লক্ষ্য কৰি লোৱা তৃণ বা পতঙ্গকে আঘাত হানে নে ? ভিয়েটনামৰ যুদ্ধত হাবিৰ পৰা লুকাই কৰা গেৰিলা আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি আমেৰিকান সৈন্যই ২,৪-ডি (২,৪ ডাইক্লৰ ফেনক্সী এচিটিক এচিড ) ২,৪,৫ টি ((২,৪,৫ ট্ৰাইক্লৰ ফেনক্সী এচিটিক এচিড ) সমমাত্ৰাত মিহলাই (এজেন্ট অৰেন্জ) এৰোপ্লেনৰ সহায়ত গেৰিলা লুকাই থকা হাবিত ছটিয়াই নিমিষতে গছ, মানুহ সকলোকে নঙঠা কৰি মৰা বীভ
ৎস ছবিবোৰ দেখোন ইণ্টাৰনেটতে বিচাৰি পোৱা যায় । এতিয়াও ভিয়েটনামে সেই ৰসায়নিক বিষক্ৰিয়াৰ ফল ভূগি আছে। এইয়াও বিজ্ঞানৰ অভিশাপৰ উদাহৰণ। বতাহৰ কোনো দেশ, আন্তৰ্জাতিক সীমা নাই। পৃথিবীৰ এঠাইত কৰা ভাৰসাম্যহীন অবিবেচক কৰ্মৰ ফল পৃথিবীৰ সকলোৱে ভূগিব লাগিব, ভূগিছেও, ভূগিবও ।

ইমানবোৰ অপায়-অমঙ্গল হোৱাৰ পিচত ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি Genetically modified organism (GMO)। কাৰণ একেবোৰ। আমেৰিকা যুক্টৰাষ্ট্ৰৰ মাত্ৰ ছয় শতাংশ মানুহে খেতি কৰে। সৰহীয়া মাটিত খেতি কৰিবলৈ যন্ত্ৰৰ প্ৰয়োজন অতি বেছি। সেই অনুপাতে কাম কৰা মানুহো কম। এনেকুৱা শস্য সৃষ্টি কৰিব লাগে যাতে বন নিয়ণ্ত্ৰণ কৰিবলৈ তৃণনাশক দৰৱ ছটিয়ালে শস্যৰ একো নহয়, বৰং শস্যৰ মাজত গজা বন মৰি সাজি শেষ হয়। এনেকুৱা শস্য উদ্ভাৱিত প্ৰতিৰোধী গুণতো সন্দেহৰ আৱৰ্তত। এই প্ৰযুক্তি অণু-পৰমাণু পৰ্য্যায়ত কাম কৰে। বাহিৰৰ পৰা একো গম পোৱা নাযায়। গোমধান, ঘেহুঁ এই ধৰণৰ প্ৰযুক্তিৰে তৈয়াৰী। যিখন দেশত এই প্ৰযুক্তি আবিষ্কাৰ এতিয়া তাতেই ঘোৰ প্ৰতিবাদ দেখোন। কাৰণ, তেনেকুৱা GMO সৃষ্টি কৰোঁতে প্ৰকৃততে কি কৰিছে জনাব লাগে। লেবেল লগাব লাগে আৰু সেইটো এতিয়াও বাধ্যতামূলক নহয় । গতিকে খাদ্যবোৰ নিৰাপদ হয় নহয় জনাৰ উপায় কি ? সকলো GMO শস্যৰ একে সমস্যা নাই। তাৰে কিছুমান সচাঁকৈয়ে প্ৰশংসনীয়, আদৰণীয়।

খাদ্য উ
ৎপাদনৰ নিয়মানুযায়ী খাদ্যক ‘জৈৱিক খাদ্য’ৰ এটা মোহৰ লগা হৈছে। ইংৰাজীত ক'লে সহজে বুজিব Organic food । কওকচোন মোহৰ লাগেনে নালাগে ? তৰ্কৰ খাতিৰতে কওঁ জৈৱিক হওক, নহওক প্ৰভেদ কি ? শৰীৰ তণ্ত্ৰই একেটা নিয়মেৰে খাদ্য গ্ৰহণ কৰে। জৈৱিক খাদ্যসমূহ বেছি নিৰাপদ আৰু স্বাস্হ্যবৰ্দ্ধক এই উক্তিৰ সাৰ্থকতাৰ ক্ষেত্ৰত মেডিকেল প্ৰমাণ বৰ বেছি নাই। তেনেহলে জীয়াই থকাৰ সঙ্কট ঘনীভূত কৰ পৰা হৈছে? ইয়াৰ মূল কাৰণতোৱেই অজৈৱিক প্ৰক্ৰিয়াৰে জৈৱতণ্ত্ৰত কৰা আঘাত। যিটো খুউব কম মানুহৰহে চকুত পৰিছে ।

জৈৱিক খাদ্য উ
ৎপাদন প্ৰক্ৰিয়াত কৃত্ৰিম সাৰ, কৃত্ৰিম কীটনাশক, কৃত্ৰিম ৰঙৰো প্ৰবেশ নিষেধ। বংশতত্ব (জীন) সলনি কৰা প্ৰযুক্তিৰো প্ৰবেশ নিষেধ। অৰ্থাৎ বীজখিনিও GM (Genetically modified) হব নোৱাৰিব । সদ্যহতে নতুন নিয়ম মতে ইউৰোপিয়ান ইউনিয়নৰ সকলো দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, মেক্সিকো, জাপানকে ধৰি বহুত দেশত জৈৱিক খাদ্য উৎপাদন কৰি নিজৰ দেশতে বিকিবলৈ বিশেষ অনুমতি পত্ৰৰ প্ৰয়োজন। ঘৰুৱা বাৰীত জৈৱিক খাদ্য উত্পাদনৰ কথা সম্পূৰ্ণ সুকীয়া। এই ক্ষেত্ৰত নিজ নিজ দেশে কিছুমান নিয়মৰ এৰা-ধৰা কৰি লৈছে ।

শস্য উ
ৎপাদনত ব্যৱহৃত পদ্ধতিৰ ভিন্নতাৰ কাৰণে খাদ্যক সৰ্বসাধাৰণ মোহৰ লগোৱাত অসুবিধা আহি পৰে। কিন্তু সকলোৱে দাবী কৰে যে জৈৱিক খাদ্যৰ সোৱাদৰ লগত অইন পদ্ধতিৰে উৎপাদন কৰা খাদ্যৰ কোনোফালৰ পৰাই তুলনা নহয়। এই দাবীৰ তথ্য-প্ৰমাণৰ কমমাত্ৰাৰ গইনাৰে বহুজাতিক ব্যৱসায় গোষ্ঠীয়ে কোৰোনাৰে ধন চপোৱাত ব্যস্ত। বৰ্দ্ধিত জনসংখ্যাৰ বাবে প্ৰয়োজনীয় আহাৰ-খাদ্য উৎপন্ন কৰাত স্বাৱলম্বিতা আনিবৰ কাৰণে বনমৰা, কীটমৰা অজুহাতত যিবোৰ বীজ মনছেণ্টোৰ দৰে কোম্পানীয়ে নিজৰ দেশততো তুলি দিলেই, এতিয়া আমাৰ হাতত তুলি দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, সেইবোৰেই এসময়ত মানুহৰ বিনাশকৰ কাৰক হব। এইবোৰতে আমাৰ শাসক, এভাগ বিজ্ঞানীয়ে হাত উজান দিছে। যিহেতু সেই বীজবোৰ বনমৰা, কীটমৰা দৰৱ প্ৰতিৰোধী। সংৰক্ষণৰ অভাৱত আমাৰ নিজৰ বীজবোৰ হাতৰ পৰা নোহোৱা হোৱাতোৱেই নহয়, মাটিৰ জৈৱিক প্ৰক্ৰিয়াত জড়িত সুক্ষ্ম জীৱকূল, মাছ, সৰীসৃপ, মেৰুদন্ডী প্ৰাণী সকলো শেষ হৈ আহিব, আহিছেও।

জৈৱিক খেতি, জীন প্ৰযুক্তি এই দুয়োটা বিষয়ক লৈ “GMOs, Herbicides, and Public Health,” শিৰোনামৰে দুজন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিকি
ৎসক Philip J. Landrigan, M.D. আৰু Charles Benbrook, Ph.D ২০ আগষ্ট, ২০১৫ উচ্চ প্ৰশংসিত New England Journal of Medicineত পত্ৰিকাত প্ৰকাশ কৰা লিখনি এটাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যত বনমৰা দৰৱৰ অনিষ্টকাৰী প্ৰভাৱক লৈ চিন্তা ব্যক্ত কৰা হৈছে। কোৱা হৈছে বহুজাতিক কো্পানী ‘মনচেন্টো’ৱে প্ৰস্তুত কৰা গ্লাইফচেট নামৰ বননাশক দৰৱতোৰ লগত মানৱৰ কেঞ্চাৰ বেমাৰৰ এটা সম্পৰ্ক বিচাৰি পাইছে। এই ভিত্তিতেই তেখেতসকলে কৈছে যে ইয়াক নাকী লগাব লাগে, মানে লেবেল মাৰি জনাব লাগে যে কোনবিধ খাদ্য সুৰক্ষিত পদ্ধতিৰে উৎপাদিত আৰু কোনবোৰ নহয় । আমাৰ ঘটিৰাম, বাটিৰাম বজাৰ পদ্ধতিত বজাৰ কৰিবলৈ গৈ কোনো উপায় নাই এইদৰে বাচ-বিচাৰ কৰা । ইংলেন্ডৰ এই দুই সন্মানীয় বিজ্ঞানী Landrigan আৰু Benbrook য়ে Food and Drug Administration ক GMO খাদ্যক লেবেল লগাবলৈ আহ্বান জনাইছে ।

ভাৰতত এতিয়াও খোৱা শস্যত জীন প্ৰযুক্তিৰে বংশতত্ব সলনি কৰা জাতৰ খেতিয়েই নহয়, তাৰ পথাৰমূলক গবেষণাকো কৰিবলৈ অনুমতি দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। চৰকাৰে বিচাৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদেও ঠেং দাঙিয়েই আছে। মহাৰাষ্ট্ৰত কপাহ খেতিৰ তেনে এক জীন প্ৰযুক্তিৰে বংশতত্ব সলনি কৰা জাত চৰকাৰে সোমোৱালে। যিটো উদ্দেশ্যৰে কৰিছিল, সেইয়া নফলিল। মহাৰাষ্ট্ৰ হাইব্ৰীড কোম্পানী নামৰ বীজ উ
ৎপন্নকাৰী কোম্পানীয়ে মনচেণ্টোৰ পৰা আমদানী কৰা এই কপাহৰ বীজে দেখুওৱা বেয়া ফলৰ দায়িত্ব অস্বীকাৰ কৰি নিজৰ মানুহ পঠিয়াই সম্পূৰ্ণ কৌশলপূৰ্ণ কাৰণ দেখুৱাই মিছা মাতিলে। উচিত-অনুচিত দুয়োটা বিষয় এতিয়া সংবেদনশীল হৈ পৰাত ইয়াৰ তথ্য সৰবৰাহত চৰকাৰে সাৱধানতা অৱলম্বন কৰিছে। বিটি বেঙেনা সাজু হৈয়ে আছে। ২০১০ত বিটি বেঙেনা পৰীক্ষামূলক দেওনা পাৰ হওঁ হওঁতে চাৰিখন ৰাজ্যই কৃষি প্ৰাদেশিক বিষয়ৰ অন্তৰ্গত বুলি সেইটো হবলৈ নিদিলে। লগতে ভাৰতীয় কিষান সংস্হা আৰু সংযুক্ত জনমৰ্চাৰ প্ৰতিবাদৰ ঢৌৰ প্ৰকোপতহে নোৱাৰিলে। তেতিয়া চৰকাৰ বেলেগৰ, এতিয়া বেলেগৰ । ৰুদ্ধ দুৱাৰৰ ভিতৰত এই দুই প্ৰতিবাদীক মনাবলৈ চৰকাৰী কৌশল জাৰী আছে।

লক্ষ্য কৰিলে দেখা যায়, বিদেশী ৰাষ্ট্ৰই এনেকুৱা শস্যত হাত দিয়ে যিবোৰত হাত দিলে ভাৰতক সকলো ফালৰ পৰা দুৰ্ব্বল কৰিব পাৰি। ভাৰতৰ কপাহ উদ্যোগতোক কোঙা কৰিবলৈ এতিয়া লোৱা সহজ উপায়তোৱেই হল কপাহৰ ফুলত হোৱা কপাহ খোৱা পোক নিবাৰণৰ নামত ভাৰতৰ নিজৰ সঁচবোৰৰ সংৰক্ষণ আৰু সেই সঁচবোৰৰ খেতি নোহোৱা কৰি দিয়া। যিটো কৰা হৈ গৈছে । বেছি পোৱাৰ আশাত কিছুবছৰ ঠিকেই চলিব। এটা সময় আহিব যেতিয়া নিজৰ সঁচবোৰ হাতৰ পৰা পিচলি যাব তেতিয়াই বিদেশী কোম্পানীবোৰে কব আমাৰ ওপৰত যিহেতু গুটিৰ কাৰণে নিৰ্ভৰ কৰে, তাৰ লগতে কাপোৰৰ লগত সংলগ্ন শিল্প-উদ্যোগবোৰ আমাৰ মতেই ব্যৱসায়ৰ বাবে আমি সম্পূৰ্ণ নিয়ণ্ত্ৰণ কৰিব পাৰিম। এনেকুৱা উদাহৰণ হবলৈ গৈ আছে তিয়ঁহ, ভেন্দী, ধান ইত্যাদি । এই ধৰণৰ শীতল কাৰিকৰী যুদ্ধত সমান্তৰালকৈ চলিছে Intellectual Property Right (IPR)। ভাৰত চৰকাৰে কৃষি বিষয়ত যত্ন কৰিছে নিজৰখিনি বচাবলৈ। জোৰ পুৰি হাত পালেহি ।

Landrigan and Benbrook এ উল্লেখ কৰিছে যে আমেৰিকাতেই ১৯৭৪ৰ পিচত বনমৰা দৰৱৰ প্ৰতিৰোধ ক্ষমতা সম্পন্ন শস্যৰ কাৰণে বনমৰা দৰৱৰ ব্যৱহাৰৰ পৰিমাণ ০.৪ মিলিয়ন কিলোগ্ৰামৰ পৰা ২০১৪ত আহি ১১৩ মিলিয়ন কিলোগ্ৰাম চুইছেহি। পৰিণামত কিছুমান বন-জাতীয় উদ্ভিদে ২,৪-ডি বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে। এই বনমৰা দৰৱবোৰৰ বিষাক্ত গুণৰ তথ্যবোৰ ঢাকি পৰিবেশন কৰা হোৱা বাবে বনমৰা দৰৱৰ বিৰুদ্ধে যিমানেই আপত্তি নাহক, কাণেই নিদিয়ে। আনকি বিশ্ব স্বাস্হ্য সংস্হাইয়ো গ্লাইফচেটক হয়তু কেন্চাৰ সৃষ্টি কৰিব পৰা হব/নহব পাৰে শ্ৰেণীত আৰু ২,৪-ডিক সম্ভাৱনাময় শ্ৰেণীত থৈছে । এই দুই বনমৰা দ্ৰৱক লৈ সংশয় কমা নাই ।

ভাৰতীয় কিষান সংস্হা আৰু সংযুক্ত জনমৰ্চাই সোধা প্ৰশ্নকেইটাৰ উত্তৰ চৰকাৰৰ হাতত নাই । প্ৰশ্নকেইটা হল-
১। GM শস্য যদি সফলেই তেনেহলে নতুন বিটি কপাহত দুটা জীন কিয় সোমোৱা হল ?
২। ভাৰতৰ জৈৱ-বৈচিত্ৰতাক ৰক্ষাপ্ৰণালী সবল বুলি দাবী কৰা স্বত্তেও মনচেণ্টো কোম্পানীয়ে অবৈধ ভাৱে ভাৰততে GM ভেণ্ডীৰ পৰীক্ষা চলাবলৈ পালে ?
৩। ভাৰতে নিজে নিজৰ দেশতে তেনেকুৱা জীনেৰে কিয় স্বাৱলম্বী নহৈ আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ ওপৰত নিৰ্ভৰশীল ?
৪। GM শস্যবোৰে কিয় উ
ৎপাদন শক্তি নাই বঢ়োৱা ?
৫। এনেকুৱা কিবা প্ৰযুক্তি ওলাবনে যাৰ জৰিয়তে খেতিয়কে GM শস্যৰ বীজ নিজেই ৰাখিব পাৰিব আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব ?
৬। GM খাদ্যবোৰ সচাঁকৈয়ে স্বাস্হ্যৰ কাৰণে সুৰক্ষিত নে ?
৭। GM শস্যই জৈৱ-বৈচিত্ৰতা অক্ষুণ্ণ ৰাখিব পাৰিবনে ?

অসমকে ধৰি উত্তৰ-পূব ভাৰতক প্ৰাকৃতিক ভাবে জৈবিক প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰা ভঁৰাল হিচাবে গঢ় দিব পৰা হৈ আছে। চৰকাৰেও পাকে-প্ৰকাৰে উনুকিয়ায়। জৈৱিক কৃষিৰ সুফল চিৰদিনীয়া। আমি পাহৰিলে নহব যে মাটিৰ অধিকাৰ আমাৰ নহয়। মাটিক আশ্ৰয় কৰি যি জৈৱ বৈচিত্ৰতা আছে সেইয়া ৰক্ষা কৰি চলা আমাৰ প্ৰতিটো প্ৰজন্মৰ ধৰ্ম। তেহে ভবিষ্যতৰ মানৱকুল সুৰক্ষিত হব, যাৰপৰা আমি ভূমিখন্ডক ধাৰলৈ পাইছো। সূত নিদি মূলো আত্মসা
ৎ কৰা আমাৰ মনোবৃত্তিয়ে আমাৰ কৰ্মপণ্হাকেই সলাই পেলাইছে । মাটি, পানী, বায়ু আমি একোকেই প্ৰদূষিত কৰিব নালাগে। জীৱৰ প্ৰাকৃতিক পিৰামিড সদৃশ তণ্ত্ৰক বাহাল ৰাখিবলৈ এটাই মাত্ৰ উত্তৰ জৈৱিক কৃষি আৰু জৈৱিক খাদ্য।  এই বিষয়ে বিশাল সজাগতাৰ প্ৰয়োজন আছে।
লেখক অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত কৰ্মৰত

No comments:

Post a Comment