সুখ-দুখৰ বতৰাঃ ২৮নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৮নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ২৮নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ‘মহা-সদ্ভাৱনা যাত্ৰা’লৈ সঁহাৰি জনাই ৰাজ্য চৰকাৰে আয়োজন কৰা আলোচনামৰ্মে অহা ২৮ ফ্ৰেব্ৰুৱাৰীৰ ভিতকত ৰাজ্যৰ চৰকাৰী মাটিত বহু বছৰ ধৰি বাস কৰি অহা ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰা হব। অচিৰেই নতুন ভূমি আইন প্ৰৱৰ্তন, বিশেষকৈ বনাঞ্চলবাসীক বন অধিকাৰ আইন, ২০০৬ৰ অধীনত পট্টা প্ৰদান, চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক, ক্ষু্দ্ৰ চাহ খেতিয়ক আৰু ৰবৰ খেতিয়ক সকলৈলো পট্টা দিয়াৰ ব্যৱস্থা হব। লগতে গুৱাহাটীৰ ৬৪হাজাৰ পৰিয়ালক পৰ্যায়ক্ৰমে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হব বুলিও ৰাজ্য চৰকাৰে কালিৰ আলোচনাৰ অন্তত ঘোষণা কৰিছে।
২. সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ৰাজ্যৰ ৩৪৫১০গৰাকী টে’ট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকে অক্টোবৰ মাহৰ পৰা দৰমহা নোপোৱাৰ বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ বিত্ত বিভাগে। কেন্দ্ৰৰ ধনৰ অংশ ইতিমধ্যেই আহি পোৱাৰ পাছত ৰাজ্য চৰকাৰৰ নিজৰ অৰিহণাও মোকোলাই দি অহা ১ডিচেম্বৰৰ ভিতৰতে শিক্ষক সকলৰ দৰমহা মুকলি কৰি দিয়া হব বুলিও অসমৰ শিক্ষামন্ত্ৰীয়ে সুখবৰ প্ৰকাশ কৰিছে। 
 
৩. বি.আৰ. আম্বেদকাৰৰ সন্মানত সদনত আয়োজিত বিশেষ সত্ৰত ‘সংবিধানৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা’ শীৰ্ষক বিতৰ্কত কালি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। দেশক আগুৱাই যাবলৈ দিকদৰ্শন দিয়াকৈ সংবিধান আছে, এয়া এক সামাজিক দস্তাৱেজ আৰু সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকৰ লোকলৈ সম-মৰ্যদা আৰু অধিকাৰৰ সুনিশ্চিতি দিয়াটো ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য বুলিও তেখেতে উল্লেখ কৰে। লগতে সংবিধান বদলাবলৈ কৰা যিকোনো চেষ্টাই দেশৰ বাবে আত্মহত্যাৰ দৰে পদক্ষেপ হব বুলিও স্পষ্ট ভাষাৰে সদনত নিজৰ মত প্ৰকাশ কৰে। 
 
৪. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে এই বৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এটা ৰাষ্ট্ৰীয় বঁটা আৰু এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটাকৈ ফেলশ্বিপ প্ৰৱৰ্তন কৰিব। বঁটাত পাঁচ লাখ টকাৰ পুৰস্কাৰৰ লগতে দুবছৰীয়া ফেল’শ্বিপত ১২লাখকৈ টকাৰ সৈতে স্মাৰকো থাকিব। এই বঁটা আৰু ফেল’শ্বিপ অহা ১১ ডিচেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ আই.টি.এ চেণ্টাৰত হব লগা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে প্ৰদান কৰা হব। 
 
৫. ‘বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা’ শীৰ্ষক মূল বিষয়ৰ ওপৰত অসম বিজ্ঞান সমিতিৰ ৬১সংখ্যক বাৰ্ষিক কাৰিকৰী অধিৱেশনখন গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত অহা ২৩জানুৱাৰীত অনুষ্ঠিত হব। গৱেষণাপত্ৰৰ সাৰাংশ অহা ১৫ ডিচেম্বৰৰ ভিতৰত asciocglp15@gmail.com লৈ পঠাবলৈকো আয়োজকে আহ্বান জনাইছে। 
 
৬. পাঁচশৰো অধিক শিশু কবিতা ৰচনাৰে অসমীয়া ভাষা সাহিত্য চহকী কৰা সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰী দেৱলৈ অকণিৰ সাহিত্য সভাই ২০১৫বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা আগবঢ়াব বুলি ঘোষণা কৰিছে। তেখেত বৰ্তমান ষ্টীল অথৰিটি অৱ ইণ্ডিয়াৰ মুখ্যকাৰ্যালয়, কলকাতাত কৰ্মৰত বুলিও জানিব পৰা গৈছে। 
 
৭. বিশ্ব বেংকৰ প্ৰতিনিধি দলে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃগাথনি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে আৰু লগতে অচিৰেই আৰ্থিক সাহাৰ্যও আগবঢ়াব বুলিও উপাচাৰ্যক জানিবলৈ দিয়ে।বিশ্ববিদ্যালয়খনে ভাৰ্চুৱেল শ্ৰেণীকোঠাৰ সেৱাও উপলদ্ধ কৰিছে বুলিও জানিব পৰা গৈছে। 
 
৮. অহা জানুৱাৰী মাহৰ ৭-১০ তাৰিখে ধেমাজিৰ জীয়াঢলমুখত অনুষ্ঠিত হব ধেমাজি উ
সৱৰ তৃতীয়টো সংস্কৰণ। এই উপলক্ষত লাইখুঁটা স্থাপন কৰিলে উপায়ুক্তৰ উপস্থিতিত ধেমাজিৰ সুধীজনে। 
 
৯. ৰন্ধন গেছৰ বুকিং এতিয়াৰ পৰা অনলাইনো কৰিব পৰা যাব। ক্ৰেডিট কাৰ্ড, অনলাইন বেংকিং আদি সুবিধাও গ্ৰহণ কৰিবলৈ www.mylpg.in ত লগ ইন কৰিব লাগিব গ্ৰাহকে। ডিজিটেল ইণ্ডিয়া আঁচনিৰ সৈতে হাত উজান দিবলৈকে এই ব্যৱস্থা কৰা হৈছে বুলিও ভাৰতীয় তেল নিগমে প্ৰকাশ কৰিছে। এতিয়াৰ পৰা স্মাৰ্টফোনৰ জৰিয়তেও ৰন্ধন গেছৰ বুকিং সম্ভৱ হব বুলিও জানিব পৰা গৈছে। 
 
১০. ইছৰোৰ সঞ্চালক কিৰণ কুমাৰ আৰু সৰোদবাদক আমজাদ আলি খানলৈ যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে প্ৰদান কৰিছে সন্মানীয় ডক্টৰেট উপাধি। বিশ্ববিদ্যালয়খনৰ দ্বিতীয় সমাৰ্বতনতে আজি দুয়োগৰাকী মনিষীকে এই সন্মান প্ৰদান কৰা হৈছে।

No comments:

Post a Comment