পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গণতন্ত্ৰৰ বিজয়ঃ
বিহাৰে মাত মাতিলে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে
 
ডo কমল কুমাৰ তাঁতী
১৯৯২ চনত যেতিয়া লালকৃষ্ণ আদৱানিৰ নেতৃত্ত্বত ভাৰতৱৰ্ষত ‘ৰথযাত্ৰা’ৰ নামত বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘হিন্দুত্ত্ববাদী- সাম্প্ৰদায়িকতাবাদী’ ৰাজনীতিয়ে ধৰ্মনিৰপেক্ষ ভাৰতীয়সকলৰ প্ৰৱলভাৱে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া সেই অশ্বমেধৰ ঘোঁৰাৰ বাট ভেঁটি ধৰাৰ সাহস কৰিছিল বিহাৰৰ এজন নেতাই৷ তেওঁৰ নাম আছিল লালু প্ৰসাদ যাদৱ৷ আৰু বোধকৰোঁ, সেই এটা ঘটনাৰ জোৰতে দূৰ্নীতি-ভ্ৰষ্টাচাৰৰ অলেখ প্ৰমাণিত অভিযোগ থকাৰ পিছতো আজিও দেশৰ ৰাজনীতিত প্ৰাসংগিক হৈ আছে লালু প্ৰসাদ যাদৱ ৷

আজি বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দেখা গ’ল - বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘হিন্দুত্ত্ববাদী-সাম্প্ৰদায়িকতাবাদী’ ৰাজনীতিৰ বিৰুদ্ধে প্ৰবল আত্মবিশ্বাসেৰে থিয় হৈ আছে - জয়প্ৰকাশ নাৰায়ণৰ সমাজবাদী আন্দোলনৰ মাজেদি দেশৰ ৰাজনীতিলৈ অহা ‘এসময়ৰ পৰম মিত্ৰ’ আৰু পিছলৈ ‘দূৰ্ঘোৰ শত্ৰু’ত পৰিণত হোৱা, দেশৰ সামাজিক-অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ দুই বিশিষ্ট নেতা লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰ ৷

এই নিৰ্বাচনৰ পূৰ্বে দেশত দেখা গ’ল এক নজীৰবিহীন পৰিস্থিতি ৷ বিভিন্ন দিশৰ পৰা দেশৰ সংখ্যালঘূ সম্প্ৰদায়ৰ ওপৰত প্ৰৱল আক্ৰমণ আৰম্ভ হ’ল ৷ গৰুক কেন্দ্ৰ কৰি আৰম্ভ হ’ল এক কূটিল ৰাজনীতি; বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ঘটনাৰে দেশৰ ধৰ্মনিৰপেক্ষ সাধাৰণ লোকসকলৰ ওপৰত আক্ৰমণ সংঘটিত হ’ল আৰু তাৰ লগে ধৰ্মনিৰপেক্ষ দেশখনে গতি কৰিলে– ধৰ্মীয় আৰু সাম্প্ৰদায়িক মেৰুকৰণৰ দিশে৷ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদীসকলৰ প্ৰবল আক্ৰমণ চলিল - যুক্তিবাদী, গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত চিন্তাধাৰাৰ ওপৰত৷ লেখক-শিল্পী-বুদ্ধিজীৱীসকলৰ ওপৰত বিভিন্ন ‘প্ৰৰোচিত’ আৰু ‘পৰিকল্পিত’ শাৰীৰিক আৰু মানসিক আক্ৰমণ চলিল ৷

তেনে সময়তে অতি সম্প্ৰতি বিহাৰ বিধানসভাৰ নিৰ্বাচনত মোডী-শ্বাহ নেতৃত্তাধীন বিজেপি দলে প্ৰবলভাৱে মুখথেকেচা খোৱাটোৰ জৰিয়তে কেইবাটাও গুৰুত্ত্বপূৰ্ণ কথা সন্মূখলৈ আনিছে৷ বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ এই ফলাফল হৈছে দেশৰ গণতন্ত্ৰৰ এক বৃহৎ বিজয়৷ বিহাৰৰ দৰে এখন পিছপৰা ৰাজ্যৰ সৰ্বসাধাৰণ জনতাই প্ৰকৃততে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোৰৰে বিজয় ঘোষণা কৰিলে৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্ত্বত দেশত চলি থকা ‘হিন্দুত্ত্ববাদী-সাম্প্ৰদায়িকতাবাদী’ ৰাজনীতিৰ বাবে ই এক বৃহৎ পৰাজয় ৷

‘পৰিৱৰ্তনৰ ৰাজনীতি’ৰ নামত, ‘অচ্ছে দিন’ৰ সপোন দেখুৱাই নৰেন্দ্ৰ মোডীৰ নেতৃত্ত্বত এখন ‘হিন্দুত্ত্ববাদী’ চৰকাৰ এখনে দিল্লীৰ মচনদ দখল কৰাৰ কেৱল মাত্ৰ ওঠৰটা মাহৰ পিছতে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ এই ফলাফলে ইংগিত দিছে যে – দেশৰ জনগণে পুনৰ পৰিৱৰ্তন বিচাৰিছে, ‘অচ্ছে দিন’ৰ ভেল্কীবাজীৰ সলনি সাধাৰণ জনতাই বিচাৰিছে দেশৰ উন্নয়ন, সাম্প্ৰদায়িক ঐক্য-সম্প্ৰীতি আৰু শান্তিৰ পৰিৱেশ৷ সাম্প্ৰদায়িকতাবাদী ৰাজনীতিক সম্পূৰ্ণভাৱে নস্যাৎ কৰি বিহাৰৰ সাধাৰণ জনতাই এটা কথা স্পষ্টভাৱে ঘোষণা কৰি দিছে যে – দেশত এতিয়া আগৰ দৰে ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ দিন উকলিল৷ তদুপৰি দেশৰ জনগণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘হিন্দুত্ত্ববাদী ৰাজনীতি’ৰ প্ৰকৃত স্বৰূপ বুজি উঠিছে আৰু সেয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰত্যক্ষ নিৰ্দেশত পৰিচালিত হোৱা বিজেপি দলক বিহাৰ বিধানসভাৰ নিৰ্বাচনত সম্পূৰ্ণভাৱে নস্যাৎ কৰি দিলে৷

অসমৰ বাবেও বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ এই ফলাফল বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ৷ সাম্প্ৰতিক কালৰ ভাৰতৱৰ্ষত চলি থকা সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদী ৰাজনীতিৰ কিছু কিছু প্ৰভাৱ অসমতো পৰিছে৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ-নেতৃত্ত্বাধীন বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ প্ৰৰোচনাত অসমত সম্প্ৰতি আৰম্ভ হৈছে ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ মৌলবাদী কাৰ্যকলাপ আৰম্ভ হৈছে - যাৰ প্ৰভাৱ পৰিব লাগিছে প্ৰগতিশীল-গণতান্ত্ৰিক-ধৰ্মীয় সহনশীল, ধৰ্মনিৰপেক্ষ বৃহত্তৰ অসমীয়া সমাজখনৰ ওপৰত৷ তাৰ লগে লগে ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক মুনাফা লাভৰ অৰ্থে বিভিন্ন সাম্প্ৰদায়িক দল-সংগঠন আৰু ৰাজনৈতিক নেতা-বুদ্ধিজীৱীৰ পৰোক্ষ প্ৰৰোচনাত অসমীয়া সমাজৰ সীৰাই সীৰাই সুমুৱাই দিয়া হৈছে – সাম্প্ৰদায়িক মনোভাৱৰ বৰবিহ৷

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে পিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে বিপদ-সংকেত মাতি আনিছে, যিটো অসমীয়া জাতি আৰু প্ৰগতিশীল-গণতান্ত্ৰিক-ধৰ্মীয় সহনশীল, ধৰ্মনিৰপেক্ষ বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে এক শুভ-সংকেত৷ আমাৰ আশা কৰোঁ যে, প্ৰগতিশীল অসমীয়া ৰাইজে কেতিয়াও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই হিন্দুত্ত্ববাদী-সাম্প্ৰদায়িক ৰাজনীতিৰ পক্ষত থিয় নিদিব আৰু বৃহত্তৰ অসমীয়া সমাজখনে নিজৰ প্ৰগতিশীল, ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ন ৰাখিব৷

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ এই ফলাফলে আৰু এটা কথা স্পষ্ট কৰি দিলে যে, ‘ভেল্কীবাজী’ দেখুৱাই ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডীৰ ‘মোডী ঢৌ’ৰ এতিয়া আৰু কোনো চিন-মোকাম নাই; বৰং দেশৰ জনসাধাৰণে ২০০২ চনৰ গুজৰাট গণহত্যাৰ মূল অভিযুক্তজনক জবাবদিহি কৰিবলৈহে আৰম্ভ কৰি দিছে৷ বিহাৰৰ সাধাৰণ জনতাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই হিন্দুত্ত্ববাদী-সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মাত মাতি ইয়াৰ এক বৃহৎ পৰাজয় ঘোষণা কৰিছে আৰু তাৰ জৰিয়তে ভাৰতীয় গণতন্ত্ৰৰ বিজয় সাব্যস্ত কৰিছে৷ বিহাৰৰ ‘প্ৰগতিশীল-ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক’ জনগণলৈ আমি ধন্যবাদ জনালোঁ৷ _________________________________________________________________________________ (লেখক শ্বিলং-স্থিত ‘মেঘালয় প্ৰযুক্তিবিদ্যা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয়’ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক, ম’বাইল: +৯১-৭৩০৮০০৩৯৪১)

1 comment:

  1. ডিজিটেল ইণ্ডিয়াৰ ঢৌৱে খাটি খোৱা সাধাৰণ জনতাক ভাল দিনৰ সপোন দেখুৱাব কেনেকৈ ? কেৱল সুন্দৰ ভাষণেৰে সকলোৰে হৃদয় জিনাটো কঠিন৷সুন্দৰতা সকলোৰে কাম্য৷কথাটো গুৰুত্ব দিয়া উচিত৷

    ReplyDelete