চাৰিওফালে প্ৰচণ্ড বিতৰ্কৰ পৰিৱেশ। এফালে আমিৰ খান, শ্বাহৰুখ খান, নয়নতৰা ছেহগাল, অশোক বাজপেয়ী, গিৰীশ কাৰ্ণাড প্ৰমুখ্যে এচামৰ অসহিষ্ণুতাৰ বিপক্ষে মত প্ৰকাশ, আনফালে অনুপম খেৰ আদিৰ দৰে এচাম স্বনামধন্যৰ নেতৃত্বত এওঁলোকৰ বিৰুদ্ধে চ’ছিয়েল নেটৱৰ্কিং চাইটত শব্দযুদ্ধ। কোনোবাই বঁটা ঘূৰাই দিছে, কোনোবাই বঁটা ঘূৰাই দিয়াটোক জনপ্ৰিয়তা লাভ আৰু অৰ্থ উপাৰ্জনৰ আহিলা বুলি সমালোচনা কৰিছে। কোনোবাই গো-মাংসৰ দৰে “অহিন্দু” খাদ্যক বন্ধ কৰাটোক লৈ আনন্দ কৰিছে, সমৰ্থন কৰি চ’ছিয়েল নেটৱৰ্কিং চাইট বা গণ-মাধ্যমত মত প্ৰকাশ কৰিছে, কৰবাত কোনো কোনোৱে গো-মাংস গ্ৰহণ কৰাৰ বাবেই প্ৰাণ দিছে। কোনোৰ মতে গোটেই বিষয়টো ৰাজনৈতিক চক্ৰান্তৰ বাদে আন একো নহয়, কোনোৰ মতে দেশৰ পৰিৱেশত বিষবাস্প বিয়পোৱা হৈছে ৰাজনৈতিক স্বাৰ্থতে। থোৰতে ক’বলৈ হ’লে – যোৱা কিছুদিন ধৰি দেশৰ সৰ্বাধিক চৰ্চিত প্ৰসংগটো হ’ল – অসহিষ্ণুতা(শ্বীনা হত্যাকাণ্ডক বাদ দি!!)।
ভাৰতত অসহিষ্ণুতাৰ প্ৰসংগটো বাস্তৱ নে সাধুকথা সেই প্ৰসংগ আমি পিছত আলোচনা কৰিম। আমি ব্যক্তিগতভাৱে চচিয়েল মিডিয়াৰ সতে অতি ভালদৰেই অভ্যস্ত যুৱপ্ৰজন্মৰ এজন। দৈনন্দিন আমি কেবাটাও চ’ছিয়েল নেটৱৰ্কিং চাইট ব্যৱহাৰ কৰোঁ, ইণ্টাৰনেটত নানান তথ্যৰ সন্ধান কৰোঁ। সময়ে সময়ে এনে মাধ্যমবোৰৰ জৰিয়তে কিছুমান বাৰ্তা আহে – তাজমহল হেনো আগতে আছিল শিৱমন্দিৰ, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো হেনো বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰিছে, মানুহৰ দাঁতৰ গঠন বোলে তৃণভোজী প্ৰাণীৰ লগতেহে মিলে আৰু সেয়ে আমি নিৰামিষভোজী হোৱা উচিত, ইত্যাদি ইত্যাদি। লক্ষণীয় কথাটো হ’ল – ইয়াৰে অধিকাংশৰে যদি উৎস সন্ধান কৰা যায়, তাৰ কোনো সন্তোষজনক উত্তৰ পোৱাটো বাদেই, অধিকাংশ ক্ষেত্ৰতে উক্ত বাৰ্তাটো যে উৰাবাতৰি সেয়া জনা যায় তেনেই সহজে। কিন্তু এনে বাৰ্তাবোৰ স-উৎসাহে প্ৰেৰণ কৰোঁতাজনে তাৰ সত্যতা বিচাৰ কৰি সাধাৰণতে নাচায় বা ঘুৰাই সুধিলে তাৰ কোনো সদুত্তৰো দিব নোৱাৰে। এই কথাবোৰে এটা শ্ৰুতিকটু সত্যক দাঙি ধৰে আৰু সেয়া হ’ল – আমি যদিও বিজ্ঞানপ্ৰদত্ত এই মাধ্যমবোৰৰ ব্যৱহাৰত অভ্যস্ত, আমি আচলতে আমাৰ মনবোৰ বৈজ্ঞানিক চিন্তাৰ আৰু সত্য-সন্ধানী কৰি তুলিব পৰা নাই। ইণ্টাৰনেটত বাগৰি আহিছে বুলিয়েই যিয়েই যি কৈছে, যেনেকৈ কৈছে সকলোবোৰ বিশ্বাস কৰি নিজকে মুৰ্খ হ’বলৈ এৰি দিছোঁ।
কথাটো চিন্তনীয়। বিগত এপ্ৰিল মাহত “দা হিন্দু” কাকতত প্ৰকাশিত এক তথ্য মতে দেশৰ প্ৰায় ১৪৩ মিলিয়ন লোকে চ’ছিয়েল নেটৱৰ্কিং চাইট ব্যৱহাৰ কৰে আৰু ইয়াৰে অধিকাংশই মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। নকলেও হ’ব এই ১৪৩ মিলিয়ন ব্যৱহাৰকাৰীৰ অধিকাংশই যুৱপ্ৰজন্মৰ। গতিকে চ’ছিয়েল নেটৱৰ্কিং চাইটত একোটা বিষয় চৰ্চাৰ শীৰ্ষলৈ অহা মানে, এই যুৱ প্ৰজন্মৰ ব্যৱহাৰকাৰীসকলেই বিষয়টোৰ চৰ্চাত ভাগ লোৱা বুলি সম্যক ধাৰণা এটা কৰি ল’ব পৰা যায়। অৰ্থাৎ আমি ওপৰত উল্লেখ কৰা এই সকলোবোৰ বাৰ্তা বিয়পি পৰাত আমাৰ প্ৰজন্মটোৰো এক মুখ্য অৱদান আছে। এই কথাষাৰে আমি ইতিমধ্যে উল্লেখ কৰা দিশটোকে স্পষ্ট কৰে আৰু সেয়া হ’ল – ইণ্টাৰনেট-ছছিয়েল মিডিয়াত অভ্যস্ত হ’লেও আমি যুক্তিৰে এই মাধ্যমত প্ৰকাশিত তথ্যবোৰ বিশ্লেষণ কৰিব পৰাকৈ শিক্ষিত হৈ উঠা নাই! আমাৰ এই “অশিক্ষিত” অৱস্থাটোকেই এচামে নিজৰ নানা প্ৰকাৰৰ স্বাৰ্থসিদ্ধিত ব্যৱহাৰ কৰিছে আৰু আমিও আগ-পিছ একো নুগুণাকৈ তাতেই হয়ভৰ দিছোঁহক। আৰু সেইবাবেই এজন ব্যক্তিয়ে নিজকে ব্যতিব্যস্ত বা শংকিত কৰা বিষয় এটাৰ বিৰুদ্ধে মত দিয়াৰ লগে লগেই, তেওঁৰ ব্যক্তিগত-পেশাদাৰী জীৱনক নানান ধৰণেৰে টানি আনি সীমা চেৰাই গৈ গালি পৰা হৈছে, তেওঁক দেশ এৰি যাবলৈ কোৱা হৈছে, ভাবুকি দিয়া হৈছে।
দেশখনত এখন গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত চৰকাৰ আছে, তাৰ কাম-কাজক সমালোচনা কৰাৰ অধিকাৰ দেশৰ যিকোনো নাগৰিকৰ আছে, লগতে আছে প্ৰতিবাদ কৰাৰো অধিকাৰ। কোনোবাই কিবা কথাত প্ৰতিবাদ কৰিছে গণতান্ত্ৰিকভাৱে; সেই কথা এচামৰ হয়তো পছন্দ নহ’বও পাৰে বা কাৰো মনত সেয়া অযুক্তিকৰ হ’ব পাৰে। সেইবুলিয়েই উক্ত ব্যক্তিজনৰ ব্যক্তিগত জীৱনক টানি আনি অপবাদ-অপপ্ৰচাৰ চলোৱা হ’ব, নানা অশালীন কথাৰে অপমান কৰা হ’ব, তেওঁক হত্যাৰ ভাবুকি দিয়া হ’ব – সেয়া অসহিষ্ণুতা নহৈ কি? এজন খেলুৱৈয়ে খেল এখনত ভাল প্ৰদৰ্শন কৰিব পৰা নাই, এটা দল আন এটা দলৰ লগত খেলত পৰাজিত হৈছে, আমি খেলুৱৈজনৰ ঘৰ জ্বলাইছো, শিল দলিয়াইছো, ষ্টেডিয়ামত চকী ভাঙিছোঁ, সেয়া কি সহিষ্ণু মনৰ চিনাকী? কোনো এক সম্প্ৰদায়ে এক বিশেষ আহাৰ গ্ৰহণ কৰে, এক বিশেষ ৰীতি পালন কৰে; তাক আমি জোৰ কৰি বন্ধ কৰি দিছো, কৈছো- এইখিনি সময় আমাৰ বাবে পৱিত্ৰ, গতিকে তোমালোকেও আমাৰ ৰীতিক মানি নিজৰ স্বাভাৱিক আহাৰ তথা জীৱনশৈলীক সলাই পেলাব লাগিব; তাকে নকৰিলে সংশ্লিষ্ট ব্যক্তিজনক আমি হত্যা কৰিছোঁ, আক্ৰমণ কৰিছোঁ – এয়া কি তথাকথিত “ঐক্য-সংহতি-সম্প্ৰীতি-ঐতিহ্য”? সম্প্ৰীতি আৰু সহাৱস্থানত দুয়োপক্ষৰে সমান সহযোগৰ প্ৰয়োজনীয়তাৰ যিটো মূল নীতি সেইটোৱেইতো আমি অস্বীকাৰ কৰিছোঁ! আৰু দুঃখজনকভাৱে আমাৰ এই নতুন প্ৰজন্মটোৰেই এচামে, যাক আমি আধুনিকতাৰ বাৰ্তাবাহী আৰু দেশৰ ভৱিষ্যতৰূপে গণ্য কৰোঁ, তেওঁলোকেই এই কামটোত হাত উজান দিছে।হাতৰ মুঠিত ম’বাইল-লেপটপ-কম্পিউটাৰ আছে, ইণ্টাৰনেট আছে, ছছিয়েল মাধ্যমত মত প্ৰকাশৰ সুযোগ আছে, গতিকে এৰি দিয়া শব্দৰ বিষ। দুনাই ভাৱি চোৱাৰ প্ৰয়োজন নাই সেই শব্দই আনৰ স্বাধীনতাক অপঘাত কৰিছে নে নাই!এয়া অসহিষ্ণুতা নহয় নে? খুৱ স্পষ্টভাষাত ছ’ছিয়েল মাধ্যমে আমালৈ আনি দিয়া সকলো সুযোগ আমি গ্ৰহণ কৰিছোঁ বিষোদগাৰ প্ৰকাশত আৰু তাৰ পাছতো কৈ আছো – ভাৰত সহিষ্ণু দেশ!
আমি প্ৰত্যেকেই একো একোজন শিক্ষিত ব্যক্তি, আধুনিক জীৱন যাত্ৰাৰ সতে চিনাকি ব্যক্তি। আমাৰ হাতত তথ্য আহৰণৰ সুযোগ আছে অফুৰন্ত, গতিকে সেই তথ্যক জ্ঞান আৰু প্ৰজ্ঞালৈ পৰিৱৰ্তন কৰিব নোৱাৰাটো আমাৰ বাবেই দুঃখজনক আৰু লজ্জ্বাজনক কথা। আমি নিজকে আধুনিক বুলি কওঁ, কিন্তু এজন মানুহে প্ৰকাশ কৰা অভিমতটোক বিশ্লেষণ কৰোঁতে তেওঁৰ উপাধি, তেওঁৰ ধৰ্মক নিলগাই থব নোৱাৰো আজিও।এতিয়াও আমাৰ প্ৰযুক্তি-অভ্যস্ত মনবোৰৰ একোণত সেই প্ৰাচীন কুসংস্কাৰৰ এলান্ধুখিনি লাগিয়েই আছে, যি সময়-সুবিধা-উচটনি পালেই নানাৰুপত মূৰ দাঙি উঠে। আৰু সেইবাবেই আজিৰ তাৰিখত আমি সামগ্ৰিকভাৱে যুক্তিনিৰ্ভৰশীল আৰু প্ৰকৃতাৰ্থত আধুনিক হৈ উঠাৰ প্ৰয়োজন সৰ্বাধিক।কোনোধৰণৰ ঢৌৱে যাতে আমাৰ চিন্তা আৰু বিশ্লেষণশক্তিক উটুৱাই নি, সমাজত বিষাক্ত চিন্তা বিয়পাব নোৱাৰে, সেই কথাত গুৰুত্ব আৰোপ কৰাৰ দায়িত্বও আমাৰেই। এই কথাখিনি অনুধাৱন কৰিব পাৰিলেহে আমাৰ মাজত অসহিষ্ণুতাই শিপাব নোৱাৰিব কোনোদিনেই; ধৰ্ম-খাদ্য-জাতি-লিংগ-সংস্কৃতি একোৰে নামত ঘৃণা বিয়পিব নোৱাৰিব, ৰাজনীতি নহ’ব। আৰু আমাৰ এই অসহিষ্ণুতাক আলম কৰি ব্যৱসায়ো নহ’ব!

No comments:
Post a Comment