সুখ-দুখৰ বতৰাঃ ১০নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১০নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১০নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি আৰু কাইলৈ দুদিনীয়াকৈ পালিত হব কালী পূজা আৰু দীপাৱলী। অশুভ শক্তিৰ নাশ আৰু সমাজক পোহৰৰ আলোকেৰে আলোকিত কৰাৰ কামনাৰে পালিত এই উৎসৱত অসমীয়াৰ সুখ-দুখৰ পৰিয়ালৰ ফালৰ পৰাও যাচিছো শুভ ও সুৰক্ষিত দীপান্বিতাৰ বাবে আন্তৰিক শুভেচ্ছা।

২. বিশিষ্ট শিল্পী, শিক্ষাবিদ, সাহিত্যিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ সভানেত্ৰী ডঃ লক্ষ্যহীৰা দাসক কালি যোৰহাট জিলা পুথিভঁৰালত অনুষ্ঠিত সদৌ অসম উন্নয়ন পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰৱৰ্তিত ‘গণশিল্পী বঁটা’ প্ৰদান কৰে।

৩. অসমৰ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে ঋণ প্ৰদান কৰিব। অসম সহ ছট্টিশগড়, মধ্যপ্ৰেদশ, উৰিষ্য আৰু পশ্চিম বংগক ২৭৩মিলিয়ন ডলাৰ ঋণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বেংকটোৱে চুক্তি স্বাক্ষৰ কৰিছে। এই ধন ২০১৭চনৰ ভিতৰতে কামত খটুৱাব লাগিব বুলিও জানিব পৰা গৈছে। ইউ.পি.এ চৰকাৰৰ দিনতে হোৱা ৮০০কোটিৰ ঋণৰে এয়া তৃতীয় কিস্তি বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি থকা দেশৰ বিভিন্ন প্ৰান্তৰ আন্তঃগাঁথনিমূলক প্ৰকল্পবোৰ পৰ্যালোচনা কৰি অগ্ৰগতিৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে। তেখেতে এই সভাতে উত্তৰ-পূৱৰ কেন্দ্ৰীয় প্ৰকল্প সমূহৰ কাম ক্ষীপ্ৰ কৰিবলৈকো নিৰ্দেশ জাৰি কৰা বুলিও সুখবৰ পোৱা গৈছে।

৫. নলবাৰীৰ দাহুদীত বৰ্ণাঢ্য কাৰ্যসূচীৰে লোকসংগীতৰ শব্দৰে ৰজনজনাই অনুষ্ঠিত হৈছে সপ্তাহজোৰা কাৰ্যসূচীৰে সংগীত নাটক একাদেমি বঁটাপ্ৰাপক মোহন ভাইৰা সাংস্কৃতিক সমাৰোহ। দাহুদি গাঁও উন্নয়ন সমিতিয়ে শ্ৰীশ্ৰী শ্যামা পূজাৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখিয়ে এই আয়োজন কৰিছে।

৬. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামৰূপত আয়োজন কৰা শ্বহীদ বিপুল মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ সফল সামৰণি। শ্ৰেষ্ঠ নাট ৰূপে বিবেচিত হয় শোণিতপুৰৰ জামুগুৰিহাটৰ কলাজ নাট্যগোষ্ঠীৰ নাটক ‘ৰজা-ৰাণী আহিছে, অলং দলং খেলিছে’ নামৰ নাটখনিয়ে। শ্ৰেষ্ঠ অভিনেতা কলাজৰে তৰুণ শইকীয়া, পৰিচালক ৰনেল হুছেইন, শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে বোকাখাতৰ অংকিতা কাশ্যপে।

৭. কীটনাশক মুক্ত চাহ উৎপাদনৰে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ বাগিচা থকা কৃষক সকললৈ সুখবৰ কঢ়িয়াই আনিছে সঞ্জীৱ গগৈৰ সঞ্জীৱ টী ইণ্ড্ৰাষ্টিয়ে। ১২টা চাহ খেতিয়ক গোটৰ সহযোগত এই উদ্যোগটোৱে কীটনাশকমুক্ত চাহ উৎপাদন কৰি চাহৰ গুণগত মান পৰীক্ষা কৰা সংস্থাৰ পৰাও মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে।

৮. সাংবাদিক ৰবীন ভূঞাৰ গ্ৰন্থ ‘বুথ মেথেমেটিচিয়াল লক্ষেশ্বৰ বৰঠাকুৰঃ এক বিৰল ব্যতিক্ৰম’ৰ মেঘনা চৌধুৰীয়ে কৰা ইংৰাজী অনুবাদ গ্ৰন্থখন পৰহি গুৱাহাটীত উন্মোচিত হয়।

৯. কালচাৰেল টেলেণ্ট চাৰ্ছ-২০১৫ৰ অধীনত অসমত পুতলা নাচৰ শিল্পী-নিৰ্মাতা বিনীতা দেৱীৰ প্ৰশিক্ষণ আৰু তত্ত্বাৱধানত চাংসাৰি বালিকা বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মনোমতী বড়োৱে লাভ কৰিছে ৰাষ্ট্ৰীয় জলপানি বঁটা। মনোমতী পুতলা নাচৰ অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পীও।

১০. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শীঘ্ৰেই প্ৰতিষ্ঠা হব ‘মহাত্মা গান্ধী আসন’ আৰু 'উদ্যোগ আসন'। ভাৰতীয় দাৰ্শনিক গৱেষণা পৰিষদে প্ৰথম তিনিবছৰৰ বাবে মহাত্মা গান্ধী আসনৰ বাবে পুঁজিৰ যোগান ধৰিব। আনহাতে বিনাটি অৰ্গেনিক লিমিটিডে ৰসায়ন বিজ্ঞান, উদ্যোগ আসনৰ বাবে সহযোগিতা আগবঢ়াব।

No comments:

Post a Comment