সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত পাৰ্থজিত বৰুৱাৰ ‘দি ধেমাজি ট্ৰেজেডিঃ এন আনডিফাইণ্ড চেপ্টাৰ’ শীৰ্ষক তথ্যচিত্ৰখনে তথ্যচিত্ৰ শাখাত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৬০খনৰো অধিক বিদেশী ছবিৰ লগতে মুঠ তিনিশখন ছবিয়ে অংশ লৈছিল মহোসৱখনিত।

২. ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত সংগীত পৰিচালক তথা তথ্যচিত্ৰ নিৰ্মাতা প্ৰয়াত শ্বেৰ চৌধুৰীৰ সোঁৱৰণত প্ৰতিবছৰে সূৰ্য আৰু ভৱানী বুকচে আয়োজন কৰি আহিছে বাৰ্ষিক বক্তৃতানুষ্ঠানৰ। এই বৰ্ষত অহা ৮নৱেম্বৰৰ সন্ধিয়া ৬বজাত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এই বক্তৃতা প্ৰদান কৰিব ডঃ বীৰেন্দ্ৰ নাথ দত্তই। লোককলাৰ গৱেষক গৰাকীয়ে ‘সমাজ, সংস্কৃতি, কলা আৰু কলাকাৰঃ আন্তঃসম্পৰ্কৰ সূত্ৰ ধৰি কিছু মুকলি চিন্তা’ বিষয়ত প্ৰদান কৰিব এই বক্তৃতা।

৩. শিৱসাগৰ গ্ৰন্থ উসৱৰ মজিয়াৰ পৰা সংবাদ শীৰ্ষত স্থান লাভ কৰিছে শিৱসাগৰৰ কোঁৱৰপুৰৰ কৈজান গাঁৱৰ নবীন বুঢ়াগোঁহাইয়ে। ত্ৰিশ বছৰীয়া জীৱনকালতে তিনিখন সম্পাদনা গ্ৰন্থ সহ মুঠ ২০খন কিতাপ লিখি উলিওৱাৰ কৃৰ্তিত্ব লভিছে এই যুৱকজনে। ২০১৩চনৰ পৰা কুঁহিপাত প্ৰকাশন নামৰ প্ৰকাশন সংস্থাটো গঢ় দি তেওঁ শিৱসাগৰৰ বিশিষ্ট ব্যক্তিসকলৰ ২১খনকৈ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে।

৪. যোৰহাট জিলাৰ এগৰাকী সমাজসংগঠক, উদ্যমী, প্ৰৱন্ধকাৰ, কবি প্ৰণৱ কুমাৰ গগৈয়ে কৰ্মৰাজিৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলশ্বিপ বঁটা। তেখেতে পাছচমুৱা গাঁৱৰ দীপজ্যোতি সংঘ আৰু পুথিভঁৰাল, নেহৰু বিদ্যাপীঠ আৰু নকছাৰী কলেজৰ প্ৰতিষ্ঠাপক হিচাবেও সামাজিক ভূমিকা গ্ৰহণ কৰি আহিছে।

৫. দুলীয়াজানৰ অন্যতম সামাজিক-সাংস্কৃতিক গোষ্ঠী পথাৰৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চুটি ছবি ‘স্মাইল’য়ে গুৱাহাটী অনুষ্ঠিত হৈ যোৱা চুটি ছবি মহোসৱত দ্বিতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। ৰাজ্যিক চলচ্চিত্ৰ মহোসৱতো ছবিখনে শ্ৰেষ্ঠ চুটি ছবি আৰু পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। লগতে অহা ১৬-১৯ডিচেম্বৰলৈ পথাৰ আয়োজনতে দুলীয়াজান ক্লাৱৰ প্ৰেক্ষাগৃহত দশম বাৰ্ষিক ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহখনো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

৬. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় কবি নিবেদন দাস পাটোৱাৰীৰ ‘ঐহিক’ নামৰ কাব্য গ্ৰন্থখনি উন্মোচিত হয়। উত্তৰ-পূৱ গ্ৰন্থমেলা প্ৰাংগনত উন্মোচিত হয় বিশিষ্ট লেখক ডঃ এ এম ৰহমানৰ গ্ৰন্থ ‘দ্বীপৰ বিলৰ গধূলি’ আৰু ‘দিছপুৰত গাভৰু’ৰ পঞ্চম সংস্কৰণ।

৭. মৰিগাঁৱৰ মৈৰাবাৰী অঞ্চলত যোগদান কৰা আৰক্ষী বিষয়া যতীন চন্দ্ৰ বৰাই সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নৈকাষৰীয়া অঞ্চলটোত ড্ৰাগছ, অবৈধ সুৰা, তীৰ খেল, জুৱাৰ ঘাটি আদিত নাকী লগাবলৈ সক্ষম হোৱা বুলিও বাতৰি কাকতে সুখবৰ প্ৰকাশ কৰিছে।

৮. ভাৰতক ক’লা ধনৰ তথ্য লাভ কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইছ এছ বি চি বেংকৰ ‘হুইচেলব্লৱাৰ’ হাৰ্ভে ফালচিয়ানি।

৯. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে ১৯৮৪চনৰ শিখ গণহত্যাত ক্ষতিগ্ৰস্ত ১৫০০ পৰিয়াললৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণৰ চেক বিতৰণ কৰে। আৰু ১৫০০ পৰিয়ালৰ কাগজ-পাতি পৰীক্ষণৰ কাম চলি আছে আৰু সেই সকলকো একেই পৰিমানৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হব। এই সাম্প্ৰদায়িক ঘটনাৰাজিৰ বাবে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ বিধান হোৱা হ’লে দেশক সাম্প্ৰদায়িক শক্তি সমূহে শিক্ষা পালেহেতেন বুলিও মুখ্যমন্ত্ৰীজনে অভিমত প্ৰকাশ কৰে।

১০. ৰাষ্ট্ৰীয় উদ্যোগ আৰু বাণিজ্য সংস্থা ফিকিয়ে মেঘালয় চৰকাৰৰ সহযোগত অহা ১৬নৱেম্বৰত দ্বিতীয় বাৰৰ বাবে উত্তৰ-পূৱ সংযোগী সন্মিলনৰ আয়োজন কৰিছে। দেশৰ নীতি নিৰ্ধাৰক সকল, বিশেষজ্ঞ, চৰকাৰ. উদ্যোগী, ব্যৱসায়ী সকলক একেখন মঞ্চত উপনীত কৰোৱাৰ বাবে লোৱা এই আয়োজনলৈ প্ৰতিবেশী ৰাষ্ট্ৰ সমূহৰ প্ৰতিনিধিয়েও অংশ লব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment