লাচিত দিৱস
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত প্রত্যেক বছৰৰ ২৪ নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। ই এটা ভাল কথা। লাচিত বৰফুকনে দেখুৱাই যোৱা আদৰ্শক হৃদয়ঙ্গম কৰি আমাৰ ব্যক্তিগত জীৱনতো তাৰ সুপ্রয়োগ কৰিলেহে তেখেতৰ প্রতি প্রকৃত শ্রদ্ধা আৰু সন্মান প্রদর্শন কৰা হ’ব । এইখিনিতে একাষাৰ উল্লেখ কৰিব বিছাৰিছোঁ যে লাচিত দিৱসৰ আয়োজক সকলৰো কিছু সংখ্যকে লাচিত বৰফুকনৰ বিষয়ে ভালকৈ নাজানে। লাচিত দিৱস আয়োজন কৰাৰ নামত কোনো ধৰণৰ ৰাজনীতি নকৰি লাচিত বৰফুকনৰ আদৰ্শক হৃদয়ঙ্গম কৰি অনুষ্ঠানটি আগবঢ়াই নিলেহে বীৰজনাৰ প্রতি উচিত সন্মান প্রদান কৰা হ'ব।
No comments:
Post a Comment