১. লখিমপুৰৰ মৈত্ৰী আশ্ৰমক দীৰ্ঘদিন নেতৃত্ব দিয়া বিশিষ্ট সমাজকৰ্মী লক্ষী ফুকনলৈ আগবঢ়োৱা হৈছে ২০১৫বৰ্ষৰ অলমপ্ৰভা দাস সৰ্বোদয় বঁটা। অমলপ্ৰভা দাসৰ ১০৪ সংখ্যক জন্মদিৱস উদযাপন সমিতিয়ে আগবঢ়োৱা এই বঁটা অহা ১২নৱেম্বৰত অসমৰ ৰাজ্যপালে এক অনুষ্ঠানত প্ৰদান কৰিব।
২. যোৱা ১ ছেপ্তেম্বৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য দুটকাকৈ হ্ৰাস পোৱাৰ পাছত কালি পুনৰ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য লিটাৰ ৫০পইচাকৈ হ্ৰাস কৰা হৈছে। ডিজেলৰ দামৰ কোনো পৰিবৰ্তন হোৱা নাই।
৩. দেশৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনত দিল্লীৰ ৰাজপথত কালি ‘ৰান ফৰ ইউনিটী’ৰ ফ্লেগ-অফ কৰে প্ৰধানমন্ত্ৰীয়ে। অচিৰেই তেখেতৰ আদৰ্শৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ অভিযান আৰম্ভ কৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে। কংগ্ৰেছ দলেও দেশৰ কালি বিভিন্ন স্থানত লৌহপুৰুষজনৰ জন্মজয়ন্তী পালন কৰে।
৪. উত্তৰ-পূৱ গ্ৰন্থমেলাত কালি উন্মোচিত হয় প্ৰতিভূ দত্তৰ ৰসাল গ্ৰন্থ ‘ভূ-ভাৰস্ত’ আৰু এলি আহমেদৰ সম্পাদনাৰে জীৱনীগ্ৰন্থ ‘ওৰণি’ৰ। গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় সত্যেন তালুকদাৰৰ ‘দস্তাবেজঃ কৃষ্ণনগৰ’। গ্ৰন্থমেলাত ডঃ অমলেন্দু গুহ, ডঃ মহম্মদ তাহে, অধ্যাপক কৃষ্ণ কুমাৰ বৰা আৰু কবি অজিত বৰুৱাৰ জীৱন-কৃতিৰ আলোচনাৰে এখনি শ্ৰদ্ধাৰ্ঘ সভাও অনুষ্ঠিত হয়।
৫. কম ঘনত্বত সৰ্বাধিক গঁড়ৰ বিচৰণভূমি মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ কালি পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। বনমন্ত্ৰী এটোৱা মুণ্ডাই অংশ লোৱা উদ্বোধনীৰে জীপ-ছাফাৰী আৰু হাতী-ছাফাৰী সেৱাৰো শুভাৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি কৰা হব।
৬. মুম্বাইত অনুষ্ঠিত হৈ থকা জিঅ’ মামি মুম্বাই ফিল্ম ফেষ্টিফেলত প্ৰদৰ্শিত হৈছে দুগৰাকীকৈ অসমীয়া ছবি নিৰ্মাতাৰ ছবি। মঞ্জু বৰা পৰিচালিত ‘দাও হুনদুনি মেথাই’ আৰু ৰীমা বৰাৰ ‘বকুল’য়ে দৰ্শক, সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
৭. সুৰ-সন্ধানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী জয়ন্ত হাজৰিকাৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। বিশিষ্ট শিল্পী জগদীশ বৰুৱাক প্ৰদান কৰা হয় বৰ্ষটোৰ জয়ন্ত হাজৰিকা সংগীত বঁটা।
৮. ইম্ফলত অনুষ্ঠিত উত্তৰ-পূৱ মাণ্ডলিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ অস্মিতা চলিহাই ছোৱালী আৰু মহিলাৰ ছিংগলছত জয়ী হৈ দ্বি-মুকুট অৰ্জন কৰে।
৯. সামাজিক সমস্যাক লৈ নিৰ্মিত চুটি ছবিৰ এখনি মহোতসৱ গুৱাহাটীত লায়ন্স ক্লাৱৰ যুৱ শাখাৰ দ্বাৰা আয়োজিত হৈছে। নৱ-প্ৰজন্মৰ উদীয়মান চিনেমা নিৰ্মাতা সকললৈ এনে পদক্ষেপে প্ৰেৰণা যোগাব বুলিও সুধীজনে মন্তব্য প্ৰকাশ কৰিছে।
১০. সত্ৰীয়া নৃত্যৰ প্ৰতি নৱ-প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰোৱাৰ আশা লৈ মধ্য মাজুলী কমলাবাৰী সত্ৰই প্ৰৱৰ্তন কৰা ‘চন্দ্ৰহাস গোস্বামী বঁটা’ প্ৰথম বছৰৰ বাবে ধুবুৰীৰ বিদ্যাপাৰা ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সৃষ্টিশিল্পা পাটোৱাৰী আৰু গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী কৃষ্ণাৰাণী কোঁৱৰলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সত্ৰীয়া নৃত্য বিষয়ত দুয়োগৰাকীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল।

No comments:
Post a Comment