সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়া জাতিৰ বহল সংজ্ঞা, 
অসম আন্দোলন ইত্যাদি.....
 প্রিয়ঙ্কু নাৰায়ন বৰুৱা 

বিভিন্ন সময়ত বহুজনে অসমীয়া কোন/খাটি অসমীয়া, উজনি-নামনি আদি ক্ষুদ্র চিন্তা সম্ভূত প্রক্ষেপনেৰে অসমৰ জাতীয় জীৱন ঠেক ইছ্যু ভিত্তিক চর্চাৰে কলুষিত কৰি আহিছে।এনেবোৰ ক্ষুদ্র চিন্তা আৰু আহঁ ফলা ৰাজনীতিৰ কৱলত পৰি সোলোক ঢোলোক সম্প্রতি বৰ অসমৰ এনাজৰী। থলুৱা কোন কোন কৰি থাকোতেই ভূপতিত খিলঞ্জীয়া ঐক্য? জনগোষ্ঠীয় ভাষা-সাংস্কৃতিক বিনিময়ৰ ক্ষেত্রত সচেতন সকলৰ পথ নির্দেশ অথলে যোৱাৰ উপক্রম হ’ল।সকলো স্তৰৰ অসমীয়াই যদি স্ব নৃ-গোষ্ঠীয় পৰিচয়ৰ মাজতে সীমাবদ্ধ হৈ পৰে তেন্তে কোন হ’ব অসমৰ অসমীয়া......কাক লৈ বাচি থাকিব অসম? স্বাভাৱিকতেই ভাই ভাই সংঘাতত নামি ধর্ম,ভাষা, জাত-কুল, উজনি-নামনি, জনগোষ্ঠীয়-অজনগোষ্ঠীয় কৰি থাকোতেই অসম হৈ পৰিব [পৰিছে?] অবৈধ বিদেশীৰ চৰণীয়া পথাৰ।

মূলত: অতি আবেগজনিত সংবেদনা,উগ্র জ্যাতাভিমান, ইতিহাসৰ অপবাখ্যা আৰু বৌদ্ধিক চাতুৰিজনিত ভুল পথ নির্দেশ,ৰাজনৈতিক অৰিয়াঅৰিৰ কেবাতৰপীয়া ভৰ সহিব নোৱাৰি বর্তমান অস্তিত্ব সংকটত অসমৰ সামাজিক-ৰাজনৈতিক ঐক্য। বৌদ্ধিক ষড়যন্ত্র, ৰাজনৈতিক অভিসন্ধি, চুকত বহি বুকুত কামোৰা সকলৰ নিত্য নতুন সমীকৰণে ঘনে সলনি কৰে ৰাষ্ট্র যন্ত্রৰ চৰিত্র।

পৰীক্ষাগাৰৰ গিণিপিগত পৰিণত হৈছে সাধাৰণ মানুহ। মুদ্রাস্ফীতি,মূ ল্যবৃদ্ধিৰ কলাজ্বৰে মহামাৰীৰ ৰূপ ধৰে। হাঁহাকাৰত ছটফটাই শিক্ষিত নিবনুৱা।চমৎকাৰী ঘোষণাৰে চমক দিয়ে প্রতি নতুন চৰকাৰে। কোনোৱে বৰাক-ব্রহ্মপুত্রৰ বিভেদ বিচাৰে, আন কোনোৱে আকৌ উজনি-নামনিৰ ৰাজনীতি কৰে। অসমত যেন অস্বাস্থ্যকৰ পৰিৱেশ। ক’ত পাষাণেৰে ভৰি পৰিল তাইৰ চৌপাশ.....জাক জাক ৰঘূমলাই চুঁহি চুঁহি নষ্ট কৰিলে তাইৰ দেহ সুষমা..আপোন পুত্রহঁতৰ খোৱা কামোৰা ভাই-ভাই তেজপিয়া! মাতৃৰ লাঞ্চনাৰ উমান সিহঁতে নাপায়? মাতৃ ভোগ লিষ্পাও জাগে নেকি তাহাঁতৰ? ধিক্- কদর্য? আঞ্চলিকতাবাদৰ নামতো চলিল প্রহসন। অসম আন্দোলন সর্ন্দভত কিছু ইতিহাস সমৃদ্ধ তথ্যৰ উদ্ধৃতি ক’ব বিচাৰিছো যে হয়, বিদেশী সমস্যা,অর্থনৈতিক স্থবিৰতাৰ পৰিৱর্তন বিচাৰি ৰাজপথলৈ ওলাই অহা ছাত্র সমাজৰ এই আন্দোলন অসমীয়া মানুহৰ পৰিৱর্তনকামী মানসিকতাৰ ফলশ্রুতিত আন এক স্বাধীনতাকামী গণতান্ত্রিক সংগ্রাম বুলি অসমবাসীৰ দ্বাৰা স্ব-স্বীকৃত হ’ল। 

“Moreover, it had significant social implications too in addition to the political, constitutional and economic impacts. The main demands of this movement were to stop (1) the illegal immigration of foreign nationals to Assam from the neighbouring countries- Bangladesh and Nepal (2) their participation in the electoral process (3) deportation of all foreigners living illegally in Assam and (4) enable the people of Assam to protect their distinct identity. The historic Assam movement was the consequence of long feeling of insecurity of Assamese people about the demographic structure in the state due to “silent invasion” by foreigners who were mostly from erstwhile East Pakistan which is now known as Bangladesh. Some political parties were also alleged to use these foreigners as their vote banks.” 

তথ্যৰ খাতিৰত কিছু ইংৰাজী উদ্ধৃতি দিয়া হ’ল- 
“The death of Hiralal Patowari, the sitting member of Mongoldoi Parliamentary Constituency prepared the ground for a bye-election where it was found that an alarming figure of 45,000 foreigners got infiltrated into the voter’s list. This was considered as the immediate reason of it and accordingly a movement was started demanding the three D’s including detection, deletion and deportation of foreigners from the land of Assam with student youth as the vanguard and All Assam Gana Sangram Parishad, the other supporting wing of the movement comprising elite section of Asomiya middle class which made it a massive movement. Within a few period of time, AASU played a major part in bringing the support base of a large number of mass organizations. The movement involved various shades of people comprising the greater Asomiya nationality. But what do we mean by Asomiya nationality? To quote Hussain,[ M.Hussain.(1993). 

The Assam Movement. New Delhi: Manak Publications, pp.6-7.] “By Asomiya nationality we mean the historically evolved and Distinct community of people commonly speaking Asomiya language having a composite Asomiya culture, certain specific commonness in psychological make-up having a common geographical area and economic zone- The Brahmaputra Valley. The Brahmaputra valley is their traditional homeland.” Though Hussain gives us a description of Asomiya nationality, however, controversies exist regarding the meaning of it and also the people who come under the umbrella of this nationality. Be that as it might be, we find that to give a broader base to the movement, the Students’ Union called meetings of all organizations which were in active support of the demands. 

It involved the organizations like All Assam Gana Sangram Parishad (AAGSP), the Asom Sahitya Sobha (the Literary Organisation of Assam), Assam Tribal Sangh, two regional political parties like Asom Jatiyatabadi Dal (AJD) and Purbanchaliya Loko Parishad (PLP) and few other student organizations including Asom Jatiyatabadi Yuva Chatra Parishad and Asom Yuvak Samaj. Significantly, AASU led this movement in a democratic manner. It implicated the programmes like rally, Satyagraha, picketing and Bandh calls which asked for greater participation of people from various sections. For eg. the rally of students in Gauhati on November 6, 1979, week-long Satyagraha ending on November 17, 1979, programme of picketing in front of the state government offices were participated by the all segments of the society including Sikhs, Rajasthanis, Biharis etc. It was also found that after the announcement of the Lok Sobha election, the movement geared up under the leadership of AASU and AAGSP demanding the amendment of the voter’s list. Very soon it became able to take the shape of a spontaneous mass rise of all sects of people irrespective of race, language and religion. It was also successful in stalling the elections in twelve out of the fourteen parliamentary constituencies of Assam. The election was held without the proper amendment of the voter’s list and accordingly, AASU opposed the election. This massive popular movement led by youth which became successful in postponing the poll in twelve out of the fourteen parliamentary constituencies can be considered as a strong consequence of youth activism on democratic governance in Assam. It also reflects youth activism as a prominent feature of democratic politics of Assam. The student organization which claims to be a non-political organization grew in strength as the authentic voice of Assam. This led it to a position in which it alone became able to safeguard the aspirations of the people of Assam. With all election-oriented calculations and policies, the political parties slowly began to lose their hold over the common people and AASU with its exemplary conduct of leaders, dedicated cadres and the discipline of its rank and file became able to garner support from the masses while retaining its unique character as non-party forum.” 

কিন্তু পৰৱর্তী সময়ত অসম আন্দোলনে একাংশ ছাত্রক বিশ্ববিদ্যালয়ৰ পৰা দিছপুৰৰ পথ দেখুৱাই দিয়াৰ বাহিৰে কি সুফল দিলে? ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীত কৰণ নহ’ল আজিকোপতি, কিয়? সামাজিক-অর্থনৈতিক সমস্যা-শোষন কমিল নে বাঢ়িল বিচাৰ কৰিব সুধীজনে নিশ্চয়কৈ। আঁহ ফলা ৰাজনীতিৰ ফলত কেবাটুকুৰা হোৱা অসমত ঐক্য প্রতিষ্ঠাৰ দোহাঁই দি আত্ম প্রতাৰনা কৰাতকৈ আত্ম সমালোচনাহে বৰ দৰকাৰ।আমি অসম আন্দোলনৰ বিষয়ে পঢ়িছো,শুনিছো কিন্তু প্রত্যক্ষদর্শী নহয়।কিন্তু পূর্ণ অভিজ্ঞ সেই নেতাসকলক এতিয়া দেখিছো নহয়?এই সকলেই নে আঞ্চলিকতাবাদৰ ধবজা বহনকাৰী? 

“ It may be stated here that in such socio-political movements the youth participated as activists and supporters. M.Flemming and R.Karpantsch of point out that youth have always played a major role in mass movements, but very occasionally do we come across real youth movements, i.e. movements which recruit the vast number of their followers and leaders from among the younger generation, and demand selective goods intended for youth segments.”


বহু বিচ্ছিন্নতাকামী মানসিকতাৰ কৱলত অসম পৰা অসম মূলুকত বৰঅসমৰ সম্প্রিতী আজি এক কৰুণ ইতিহাস,নিদাৰুণ সত্য যদিওবা!কেবা টুকুৰা হোৱা অসমত অসম সাহিত্য সভা আছে,আছু আছে,অ:ভা:উ:সা: কে ধৰি ক’ত কিমান জাতীয় অনুষ্ঠান আছে অথচ ভাষিক,সাংস্কৃতিক বিনিময় আৰু সুস্থ বিতৰণৰ পৰিবেশ এটা গঢ় লৈ নুঠিল। বির্তকৰ সূচনা হৈছে অসমীয়াৰ সংজ্ঞাক লৈ!

এই সমূহ বিতর্কৰ উর্দ্ধত অসমৰ শেহতীয়া পটভূমিত বহু জন বৰেণ্য সমাজ বিজ্ঞানীৰ সূত্রৰ আধাৰত আমাৰ দৃষ্টিত.............. বহল অর্থত অসমীয়া জাতিৰ সংজ্ঞা: “যিসকল ব্যক্তি বা জনগোটে কেবা পুৰুষ ধৰি অথবা বহু বহু বছৰ ধৰি অসমৰ ভূখণ্ডত বাস কৰি আহিছে আৰু জন্ম সূত্রে, বিবাহ সূত্রে,কর্ম সূত্রে অসম ভূমিৰ সান্নিধ্য প্রাপ্ত[নির্দিষ্ট ভিত্তি বর্ষ[১৯৭১] অথবা তাৰো পূর্বে অন্য বিভিন্ন ভূ খণ্ডৰ পৰা প্রৱেশকৃত [প্রৱজনকাৰী] সকলকো ধৰি] যিসকলে কেৱল ভাষিক দৃষ্টিকোণেৰে নহয়...ভাষা,সাহিত্য,সংস্কৃতি,সমাজ,ৰাজনীতি আৰু অর্থনীতিৰ লগতে ভৌগলিক দিশতো অসমৰ মাটি,পানী,বায়ুৰ সংস্পর্শত স্ব কৃষ্টি,স্ব ৰীতি-নীতিৰ গঠনমূলক বিনিময় আৰু বিতৰণ সহ অসমৰ সমাজ- সংস্কৃতি-ভাষা,আচাৰ,ব্যৱহাৰৰ সুসংহত চর্চাৰে অসমৰ সমাজ জীৱনৰ ঐতিহাসিক ভেঁটি সহ সুগভীৰ সামাজিক-সাংস্কৃতিক বুনিয়াদ ৰচনাত অৰিহণাৰ জৰিয়তে মিশ্রিত অসমীয়া সংস্কৃতিৰ প্রতি শ্রদ্ধাসহ নিজকে অসমতে লীন নিয়াই অসমৰ জাতীয় জীৱন সুগঠিত কৰাত বৰঙনি যোগাইছে সেই সকল ব্যক্তি আৰু তেওঁলোকৰ সতি-সন্ততিক লৈয়ে গঠিত হৈছে বৃহৎ অসমীয়া জাতি।।”
 ................................................................
 বি.দ্র.:ইয়াত নাগৰিক পঞ্জী ভিত্তি বর্ষ শেষ সীমা ৰেখা ১৯৭১ ধৰা হৈছে,পৰিৱর্তিত সময়ত যদি সেয়া সংশ্লিষ্ট পক্ষৰে চৰকাৰৰ আলোচনামর্মে ১৯৫১ বা ১৯৬৬ হয় অসমীয়া জাতিৰ সংজ্ঞাত সেই সালসলনি সন্নিৱিষ্ট কৰিব পৰা যাব নিশ্চয়কৈ।

No comments:

Post a Comment